হাস্যৰসিক বেজবৰুৱা
ঊনবিংশ শতিকাৰ প্ৰথম ভাগত বংগদেশত জাতীয় চেতনাৰ
স্ফুৰণ ঘটিছিল৷ তেনে সময়তে লক্ষ্মীনাথ বেজবৰুৱা আৰু তেখেতৰ সতীৰ্থসকল উপস্থিত হৈছিল
গৈ বংগত৷ বংগৰ সময় তেতিয়া সংঘাত-সমন্বয়ৰ সময়৷ এফালে গঢ় লৈছে বিভিন্ন প্ৰকাৰ জনগোষ্ঠীসমূহে৷
জন্ম হৈছে বিভিন্ন প্ৰকাৰৰ চিন্তা-ভাবনা, ধ্যান-ধাৰণাৰ৷ আনফালে পাশ্চাত্য সাহিত্য-শিল্প-সংস্কৃতি-দৰ্শন৷
ইউৰোপীয় সাহিত্য আৰু বংগীয় নৱজাগৰণৰ তেনে এক সন্ধিক্ষণতে বংগত উপস্থিত হৈও বেজবৰুৱা
আৰু তেখেতৰ সংগীসকলে সঠিক কৰ্মক্ষেত্ৰ বাচি উলিয়াই সঠিকভাৱেই নিজৰ পথত ভৰি দিছিল৷ সেয়ে
তেখেতৰ চিন্তাধাৰাত তিনি ঘাই সুঁতিৰ প্ৰভাৱ স্পষ্টকৈ পৰিলক্ষিত হয়৷ ঐতিহ্যৰ পৰা ভাববাদী
দৃষ্টিভংগী, পশ্চিমৰ পৰা পোৱা মানবিকবাদী দৃষ্টিভংগী আৰু স্বদেশপ্ৰেম৷ এই সকলোবোৰ দিশেই
সফল অভিব্যক্তি লভিছিল বেজবৰুৱাৰ ব্যক্তিত্বত৷ যাৰ ফলত তেখেতক যুগৰ প্ৰতিনিধি বুলি
ক’ব পাৰি৷ সংস্কাৰমুক্ততা, উদাৰতা
আৰু গভীৰ মানবিক দৃষ্টিভংগী …এই তিনিটা গুণে বেজবৰুৱাৰ
ব্যক্তিত্বক আধুনিক কৰি ৰাখিছে৷
ঐতিহ্য, আধুনিকতা আৰু দেশপ্ৰেমৰ প্ৰভাৱত লক্ষ্মীনাথ
বেজবৰুৱাই সেই সময়টোলৈ চাই ক’বলৈ গ’লে প্ৰৱাসত থাকিও অসমীয়া ভাষা,
সাহিত্য আৰু জাতীয় জীৱনৰ মংগলৰ অৰ্থে হাতত কলম তুলি লৈছিল৷ তেখেতৰ লিখনিত দুই প্ৰকাৰৰ
চৰিত্ৰ দৃষ্টিগোচৰ হয়৷ জাতিটোক নকৈ গঢ়িবৰ বাবে সবল, সৃষ্টিশীল ভূমিকা আৰু জাতীয় জীৱনৰ
দোষ-ক্রটি গুচাবৰ বাবে সমালোচকৰ চৰিত্ৰ৷ সমালোচনাত্মক দৃষ্টিভংগীৰে সামাজিক দুখ-দুৰ্বলতাৰ
প্ৰতি সৰ্তকীকৰণৰ নিমিত্তে তেখেতে ‘কৃপাবৰ বৰুৱা’ (পিছলৈ বৰবৰুৱা)ৰ হাতত কাপ তুলি দিছিল৷ জোনাকী, উষা,
বাঁহী, আৱাহন, অসম বন্তি, মিলন, ন-জোন আদি আলোচনীসমূহত প্ৰকাশ পাইছিল তেখেতৰ প্ৰবন্ধসমূহ৷
অনুকৰণীয় ভাব, শুদ্ধ ভাষা আৰু হাস্যৰস বেজবৰুৱাৰ
সাহিত্যৰ উপাদান আছিল৷ তেখেতৰ হাঁহি, কৌতুক আৰু ব্যংগৰ ভাষা আছিল নিটোল আৰু সুপৰিকল্পিত৷
তেখেতে ভাষাৰ মৰ্যাদা আৰু শালীনতা ৰক্ষা কৰি চলিছিল৷ তেখেতৰ ভাষা, জতুৱা ঠাঁচ আজিও
সমানে সক্রিয় হৈ আছে৷ অন্যহাতে, বেজবৰুৱাৰ হাস্যৰসৰ মাজত লুকাই আছিল গভীৰ দুখবোধ৷ এই
দুখবোধৰ উৎস তেখেতৰ জাতি আৰু সমাজ জীৱন৷ অন্তৰত দুখবোধ থাকিলেও হাঁহিৰ সৃষ্টিযে হ’ব পাৰে, বেজবৰুৱাই তাৰে আৰ্হি
দেখুৱাই থৈ গ’ল৷
ৰসৰাজগৰাকীয়ে সৃষ্টি কৰা হাস্য-ব্যংগাত্মক চৰিত্ৰ
‘কৃপাবৰ বৰবৰুৱা’ বিশ্ব-সাহিত্যৰ কমিক চৰিত্ৰসমূহৰ
ভিতৰত এটা লেখত ল’বলগীয়া চৰিত্ৰ৷ কৃপাবৰ বৰবৰুৱাৰ
সমগোত্ৰীয় চৰিত্ৰ অসমীয়া সাহিত্যত দ্বিতীয় এটা নাই৷ ভাৰতীয় সাহিত্যতো এই চৰিত্ৰ বিৰল
আৰু অতুলনীয়৷ বেজবৰুৱাৰ ‘কৃপাবৰ বৰবৰুৱা’ একপ্ৰকাৰ অসমীয়াৰ জাতীয় বহুৱাৰ
চৰিত্ৰ৷ বহুৱাই সদায় সমাজৰ মূলসুঁতিৰ পৰা আঁতৰি গৈ ৰস সৃষ্টি কৰি ভাল পায়৷ তাচ্ছিল্য
কৰা যেন লাগিলেও বহুৱাই কৰা তাচ্ছিল্যই ব্যাপক অৰ্থ কঢ়িয়াই আনে৷ বেজবৰুৱাৰ ‘কৃপাবৰ বৰবৰুৱা’ৰ যোগেদি জাতীয় জীৱনৰ দুখ-ত্ৰুটি,
অসামঞ্জস্য-বিসংগতি ইত্যাদি পৰিষ্কাৰকৈ দাঙি
ধৰা হৈছে৷
‘কৃপাবৰ বৰবৰুৱা’ক ভেটি কৰিয়ে বেজবৰুৱাই হাস্যৰসৰ সৃষ্টি কৰিছিল৷
তেখেতৰ হাস্যৰস সৃষ্টিৰ কৌশল আছিল পৃথিৱীৰ শ্ৰেষ্ঠ হাস্যৰসিকসকলৰ দৰে একে৷ সেয়ে তেখেতক
গ্ৰীক কমেডিয়ে শ্ৰেষ্ঠ ৰূপ পোৱা এৰিষ্টফেনিছ, বিশ্ববিখ্যাত ব্যংগাত্মক লিখক ‘গালিভাৰ্ছ ট্ৰেভেল্চ’ৰ ৰচক জনাথন ছুইফ্ট আদিৰ শাৰীত
ধৰিব পাৰি৷ ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’, ‘কৃপাবৰ বৰুৱাৰ ওভতনি’, ‘বৰবৰুৱাৰ বুলনি’, ‘বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি’ (প্ৰথম আৰু দ্বিতীয় খণ্ড), ‘বৰবৰুৱাৰ চিন্তাৰ শিলগুটি’, ‘বৰবৰুৱাৰ সাহিত্যিৰ ৰহস্য’, ‘কৃপাবৰ বৰুৱাৰ সামৰণি’ ইত্যাদিবোৰ বেজবৰুৱাৰ হাস্যৰসাত্মক
পুথি৷ ইয়াৰে ‘কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা’ত কৃপাবৰৰ শ্ৰেষ্ঠ ৰূপ ফুটি উঠিছে৷
এইবিলাকৰ বাহিৰেও বেজবৰুৱাই হাস্যৰসিক কবিতা (পেৰডি), কমিক, ড্ৰামা, চুটিগল্প, প্ৰহসন
আদিৰ সৃষ্টি কৰি থৈ গৈছে৷ বেণুধৰ শৰ্মাৰ মতে, ‘সমাজিক’ বেজবৰুৱাৰ শ্ৰেষ্ঠ খুহুটীয়া ৰচনা৷ ভণ্ডামি, স্ত্ৰী-স্বাধীনতা,
বৃদ্ধ-বিবাহ, অন্ধ-বিশ্বাস, অন্ধ-অনুকৰণ, সাংবাদিকতা ইত্যাদি সামাজিক-ৰাজনৈতিক সমস্যাৰাজিক
বিষয়-বস্তু হিচাপে লৈ বেজবৰুৱাই ৰচনা কৰা কৃপাবৰী সাহিত্যই আজিও বিমল হাস্যৰ খোৰাক
যোগায়৷
বৈজ্ঞানিক আৰু আধুনিক মনৰ অধিকাৰী আছিল লক্ষ্মীনাথ
বেজবৰুৱা৷ এটা সংস্কাৰমুক্ত মন লৈ তেখেতে পৰিৱৰ্তনৰ অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস
কৰিছিল হাস্যৰসৰ মাজেদি৷ অসমীয়া সমাজৰ স্খলনবোৰ, জাতিৰ ভণ্ডামিবোৰ হাস্যৰসৰ মাজেদি
ফুটাই তুলি তীব্ৰ কটাক্ষৰে অসমীয়া জাতিক, তদানীন্তন সমাজক সমালোচনা কৰাৰ লগতে উপলুঙা
কৰিছিল৷ সেয়া আছিল তেখেতৰ সমাজ সংস্কাৰৰ কৌশল৷ অসমীয়া জাতিক ৰোগমুক্ত কৰি সুস্থ-সবল
কৰি গঢ়ি তোলাই তেখেতৰ ৰচনাসম্ভাৰৰ মূল উদ্দেশ্য আছিল৷ সমালোচনাৰে তেখেতে অসমীয়া জাতিক
বেত্ৰাঘাত কৰিলেও সেয়া অসমীয়াৰ প্ৰাপ্য বোলাই যুগুত৷
বেজবৰুৱাৰ দৃষ্টিৰ সামগ্ৰিকতাই সমগ্ৰ অসমখনকে সামৰি
লৈছিল৷ অসমৰ মানুহ, অসমৰ প্ৰকৃতি, অসমৰ ভূগোল-বুৰঞ্জী আদি সৰ্বদিশতে তেখেতে সূক্ষ্মভাৱে
পৰ্যবেক্ষণ কৰিছিল৷ দেশ বা জাতিৰ স্বাৰ্থত কেতিয়াবা ব্যক্তিক, কেতিয়াবা জাতিক ইতিকিং
কৰিলেও সাধাৰণ মানুহৰ প্ৰতি বেজবৰুৱাৰ আছিল অকৃত্ৰিম ভালপোৱা৷ সাধাৰণ মানুহক তেখেতে
বিদ্ৰুপ কৰা নাছিল৷ বৰঞ্চ নগৰীয়া অল্পশিক্ষিত, নতুন স্বল্পশিক্ষিত মানুহ; নাগৰিক জীৱনৰ
ভণ্ডামি আৰু পুৰণি কু-সংস্কাৰৰ মাজত নিমজ্জিত মানুহবোৰহে তেখেতৰ আক্রমণৰ লক্ষ্য আছিল৷
অসমৰ মানুহৰ মংগল কামনা, দুখ-দুৰ্দশা-দুৰ্বলতা দূৰ কৰাৰ আকাংক্ষা লিখনিৰ জৰিয়তে তেখেতে
প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে উনুকিয়াই থৈ গৈছে৷ বেজবৰুৱাক নজনাকৈ অসমৰ মানুহৰ ভিতৰ-বাহিৰ
ভালকৈ জানিব পৰাটো সম্ভৱপৰ নহয়৷ অসমীয়া সাহিত্যৰ এইগৰাকী মহাৰথীৰ যোগেদি অসমৰ জাতীয়
জীৱনৰ নিশ্বাস অনুভৱ কৰিব পাৰি৷ ঊনবিংশ শতিকাৰ বেজবৰুৱা সেয়েহে অনাগত দিনবোৰতো সমানেই
প্ৰাসংগিক হৈ থাকিব৷
(ৰচনা : ৮এপ্ৰিল, ১৯৯৭খ্ৰীষ্টাব্দ)
No comments:
Post a Comment