বন্ধুত্ব, আনন্দ, ট্ৰেকিং আৰু এডভেন্সাৰেৰে পূৰ্ণ
দিনলিপিৰ দুখিলা পাত…
৷৷২ ৷৷ ১৭জুলাই ২০১৪, বৃহস্পতিবাৰ
শেষনিশা পাতলীয়াকৈ বৰষুণ পৰিছিল৷ অলপ অলপ ঠাণ্ডাও
লাগিছিল৷ গৃহস্থই শিতানত হেঁপাহেৰে যতনাই থোৱা কম্বলখন এপাকত গাত লৈ লওঁ বুলি ভাবিছিলোঁ
যদিও লোৱা নহ’ল৷ কাষৰ খিৰিকীৰে পোহৰ হোৱা যেন
দেখি শয্যা ত্যাগ কৰি উঠি আহিলোঁ৷ তেতিয়া সময় পুৱা চাৰে চাৰি৷ বাহিৰ ওলাই গৈ ৰাতিপুৱাৰ
কাম-কাজবোৰ সম্পূৰ্ণ কৰি পেলালোঁ৷ তাৰ পিছত পানী কেইঢোকমান পেটত পেলাই আগফালৰ দৰজাখন
খুলি আলিবাটত খোজ কাঢ়োলৈ বুলি ওলালোঁ৷
বতৰটো শীতল আছিল৷ অলপ দূৰ আগ বাঢ়িছিলোঁ৷ তেনেকুৱাতে
আচম্বিতে হাবিৰ দিশত শুনা পালোঁ.. হুককু হুককু হুককু হুককু চিঞৰ৷ ততালিকে মনলৈ উত্তেজনা
এটা আহি গ’ল৷ আঃহা! সোনকালে ওলাব লাগিব৷
সিহঁত থাকোঁতেই আমিও পাবগৈ লাগিব৷ কোনো কাৰণতে মিছ কৰিব নোৱাৰি৷ গতিকে খৰধৰ কৰাই ভাল
হ’ব৷
খবৰটো জনাওঁগৈ বুলি ভিতৰলৈ আহি দেখিলোঁ, প্ৰশান্তই
পাকঘৰৰ মজিয়াত বহি লৈ ৰুটি বেলা আৰম্ভ কৰিছে৷ বিস্কুত-চাহ খায়েই বিদায় ল’ম বুলি মনে মনে ভাবি আছিলোঁ৷
ৰুটি খাবলৈ হ’লে দেৰি হ’ব বুলি সজোৰে যুক্তি প্ৰদৰ্শনো কৰিলোঁ৷
পিছে গৃহস্থই নেৰেহে নেৰে৷ বোলে, ৰুটি খাইহে যাব লাগিব৷ নহ’লে বাটত ভোক লাগিব৷ ভাত খাওঁতে
ক’ত কিমান সময় হয়, ঠিক নাই৷ মনতে
তেতিয়া অন্য যুক্তি এটা বিচাৰি পালোঁ... হওক হওক, মনোবাঞ্ছা পূৰ্ণ হওক তেওঁৰ৷ আৰু ৰ’ব নোৱাৰি কৈও পেলালোঁ... ‘অকব’ত ফুটবলৰ কাহিনী পঢ়ি উৎফুল্লিত
হৈ ডিফু ওলাইছিলগৈ নহয়৷ ঘৰলৈকো নিমন্ত্ৰণ জনাই আহিছিল৷ বাপ্পেকে দি দিলোঁ কুইক ৰিটাৰ্ণ
ভিজিট৷ এতিয়া পাইছে মজাটো? ৰুটি বেলি থাকিবলগীয়া হৈছে পুৱাই পুৱাই৷ ঠিক পানিচমেণ্ট
মিলিছে দেই কালিৰে পৰা৷ খৰিৰ জুই, এল.পি.জি. সব একাকাৰ হৈ গৈছে৷ কি দৰকাৰ পৰিছিল বাৰু ইমান উৎসাহ দেখুৱাই ডিফুলৈ যাবলৈ? নগ’লেনো কি মহাভাৰতখন অশুদ্ধ হ’লহেঁতেন?’ প্ৰশান্তই একো নামাতিলে৷ কেৱল
হাঁহিলে৷ স্বামীলৈ চাই ‘একো নাই দাদা, হৈ যাব’ বুলি ৰীতায়ো হাঁহিৰেই পৰিৱেশটো
আৰু অধিক উপভোগ্য কৰি পেলালে৷
কম সময়ৰ ভিতৰতে আমাৰ বাবে পুৱাৰ খাদ্য ৰে’ডী হৈ টেবুলত স্থান পালে৷ প্ৰশান্তৰ
ৰন্ধন পাৰ্গতালিত মই আকৌ এবাৰ তবধ মানিলোঁ৷ ৰন্ধা-বঢ়া, ধোৱা-পখলা কামত মানুহটো এক্সপাৰ্ট৷
এলাহ মুঠেই নাই৷ আমি ভৱিষ্যতে আহিলেও বা ‘অকব’ৰ অন্য সদস্যৰো কেতিয়াবা আগমন ঘটিলে অন্ততঃ এইটো বিষয়ত অকণোৱেই চিন্তা
কৰিবলগীয়া নাই৷ গেৰাণ্টি দি থ’লোঁ এতিয়াই৷ পৰিয়ালটোৰ সৰলতা আৰু নিভাঁজ আতিথ্যয়ো আমাক মুগ্ধ কৰিছে৷
গতিকে আমাৰ মাননীয় সদস্যসকলে সময়-সুবিধা-সুযোগ বুজি সেইফালে পাক মৰাৰ কথা ভাবি চাব
পাৰে৷ প্ৰকৃতি আৰু মানুহ, উভয়কে ভাল লাগিবই লাগিব৷
লাহেকৈ আমাৰ বিদায়ৰ ক্ষণ আহি পালে৷ বৰা-বৰানীয়ে
প্ৰথমে মোক ভিতৰলৈ মাতিলে৷ বেৰৰ কাষত কঠ এখন পৰা আছে৷ মই তাত বহিব লাগে৷ দেখিলোঁ, ৰীতাৰ
হাতত শৰাই এখন৷ তাতে কাপোৰৰ ঠোঙা এটা৷ তাৰ ওপৰতে তামোল এখন৷ বুজি পালোঁ, কি হ'বলৈ গৈ আছে৷
মই ইতিমধ্যে কাপোৰ-কানি পিন্ধি ফিটফাট৷ জোতাযোৰৰো ফিটাৰ গাঁঠি মাৰিলোঁৱেই৷ তাকে দেখি ৰীতাই
সংকোচ ভাবেৰে ক’লে, ‘জোতা পিন্ধিলেই নেকি দাদাই?’ ময়ো ভাল অজুহাত এটা পাই গ’লোঁ৷ ‘এইবোৰ ফৰ্মেলিটি, সেৱা-সৎকাৰ
বাদ দিয়া; কি দিয়া থিয়ৈ থিয়ৈ দিয়া৷ সোনকালে হাবি পাবগৈ লাগে৷ তোমালোকলৈ শুভেচ্ছা, মৰম
সদায় থাকিব৷’ এইবুলি তাইৰ হাতৰ পৰা হাঁহি
মাৰি তামোলখন আৰু ঠোঙাটো ল’লোঁ৷ বৰা পৰিয়ালৰ মৰমখিনি বেগটোত
ভৰোৱাৰ মুহূৰ্ততে আন্তৰিকতাৰে ৰীতাক সকীয়াই দিলোঁ, ‘তোমাৰ দেহাটো আগতে ঠিক কৰা দেই৷ ডিফুলৈ এপাক
মাৰিবা৷’ সঞ্জুৱেও মোৰ কায়দাকে অনুসৰণ
কৰিলে৷
আগলৈ পুনৰ দেখা হোৱাৰ প্ৰতিশ্ৰুতিৰে ঘৰৰ সকলোকে
মাত-বোল লগাই আমি বাহিৰ ওলালোঁ৷ তেতিয়া পুৱা ছয় বাজি ত্ৰিশ মিনিট৷ মনটো গধুৰ গধুৰ লাগিল৷
দূৰৰ পৰাই মধুপুৰখনলৈ এবাৰ দৃষ্টি নিক্ষেপ কৰিলোঁ৷ প্ৰশান্তই এঘৰৰ পৰা চাইকেল এখন ল’লে৷ এতিয়া আমাৰ লগত যাওঁতে ঠেলি
ঠেলি যাব, অকলে ঘূৰি আহোঁতে চলাই আহিব৷
খোজ আগুৱাই গৈ থাকোঁতে ভাবিলোঁ… প্ৰশান্ত, বিশ্বজিতহঁতে নিজৰ
চৌহদতে অসমীয়া পৰম্পৰাগত গৃহ সাজি পৰম্পৰাগত আহাৰৰ ব্যৱস্থাৰে হোম-ষ্টে’ গঢ়ি তুলিব পাৰে দেখোন৷ আধুনিক
পৰ্যটনৰ ই এটা আকৰ্ষণীয় আৰু জনপ্ৰিয় শিতান৷ পাংচাও পাচ ৱিণ্টাৰ ফেষ্টিভেললৈ যাওঁতে আমি ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ নামপঙৰ নংকি বস্তিত হোম ষ্টে’ কৰিছিলোঁ টাংছা জনগোষ্ঠীৰ পৰম্পৰাগত চাংঘৰত৷ খাইছিলোঁ
তেওঁলোকৰ ট্ৰেডিশ্যনেল ফুড৷ তাৰে অভিজ্ঞতাৰ ভিত্তিত কিছু কথা প্ৰশান্তক ক’লোঁ৷ আনহাতে এবাৰ মাজুলী ফেষ্টিভেললৈ
যাওঁতে দেখিছিলোঁ, কিদৰে বিদেশী পৰ্যটকবিলাকে চাইকেল মাৰি নদীদ্বীপটোৰ দিহিঙে-দিপাঙে ঘূৰি
ফুৰে৷ তাকে চাই তেওঁলোকেও কেইখনমান চাইকেলৰ ব্যৱস্থা ৰাখিব পাৰে৷ ফিছাৰী খান্দি মাছ
পুহিব পাৰে, তাৰ পাৰে পাৰে নেমুটেঙা ৰুব পাৰে, বগা চন্দনৰ পুলিও লগাব পাৰে৷ গিবন অভয়াৰণ্যলৈ
অহা টুৰিষ্টৰ গাইড হিচাপেও আত্মনিয়োগ কৰিব পাৰে, তথ্য-কেন্দ্ৰ গঢ়ি তুলিব পাৰে, উন্নত
থকা-খোৱাৰ ব্যৱস্থাৰ নিশ্চিতিৰে কাজিৰঙা অভয়াৰণ্যৰ সৈতে সংযোগ সাধন কৰি পৰ্যটকৰ আগমন
ইয়াতো বৃদ্ধি কৰিব পাৰে৷ এনেকুৱা অনেক কাম আছে যিবিলাকে অভয়াৰণ্যখনৰ প্ৰচাৰ আৰু জনপ্ৰিয়তাৰ
লগতে নিজৰ আৰু সামূহিকভাৱে অঞ্চলটোৰ উন্নয়ন সাধিব বুলি আশা কৰা যায়৷ মোৰ মনৰ এই কথাবোৰ
প্ৰশান্তৰ আগত বাটে বাটে কৈ কৈ আহিলোঁ৷
সোনকালেই আমি জনপদ এৰি বৰ্ষাৰণ্যত প্ৰৱেশ কৰিলোঁ৷
দলৌ, বজাল, জাতি আদিৰ উপৰি কেইটামান নাম নজনা প্ৰজাতিৰো বাঁহ আৰু বেত চকুত পৰিল৷ হুককু
হুককু শব্দটোৱেও একে সময়তে কাণত খুন্দিয়ালেহি৷ সেই শব্দ উৎসাহেৰে অনুসৰণ কৰি কোনো কোনো
স্থানত ৰ’লোঁ৷ দূৰলৈ ডিঙি মেলি মেলি চালোঁ৷
ক’ৰবাত ডাল-পাত লৰোৱা দেখোঁ নেকি
বুলি গছৰ ফাঁকেৰে নিৰীক্ষণ কৰিলোঁ৷ পিছে সফল নহ’লোঁ৷
এবাৰ প্ৰশান্তই জংঘলৰ মাজৰ চাৰিআলি এটাত চাইকেলখন
একাষৰীয়াকৈ থ’লে৷ আমি লংপেণ্ট পকাই মোজাৰ ভিতৰত
ভৰালোঁ৷ তাৰ পাছত তেওঁৰ নিৰ্দেশক্রমে সোঁহাতে সোমাই গ’লোঁ তিনিওটা৷ আগলৈ গৈ লাহে লাহে
পথটো নোহোৱা হৈ পৰিল৷ গছ-বন মহতিয়াই যোৱা হাতীৰ খোজহে দেখা পোৱা গ’ল৷ সেই খোজ পুৱাৰ ভাগৰ বুলি নিজৰ
অভিজ্ঞতাৰ ভিত্তিত প্ৰশান্তই নিশ্চিত কৰিলে৷ হাতীপটিৰে কিছুদূৰ আগুৱালোঁ৷ হলৌ বান্দৰকেইটাও
শব্দহীন হৈ পৰিল৷ বিফল মনোৰথেৰে আগৰ ঠাই পালোঁহি৷ পুনৰ চিধা ৰাস্তা ল’লোঁ৷ এটা সময়ত ৰে’ল লাইনৰ দাঁতিত থকা বিট অফিচৰ
ওচৰ পালোঁ৷ গে’টৰ কাষৰ জামু এজোপালৈ ফৰ্মূতিয়াই
সৰুৱা ফলকেইটামান হাতত লৈ অফিচ চৌহদত প্ৰৱেশ কৰিলোঁ৷
বিট অফিচৰ দাঁতিতে আছে এটা গিবন কনজাৰ্ভেচন চেণ্টাৰ৷
স্বেচ্ছাসেৱী সংগঠন আৰণ্যকৰ তত্ত্বাৱধানত গিবন সম্পৰ্কীয় অধ্যয়ন চলে ইয়াত৷ আনহাতে মোৰ
চিনাকি, প্ৰকৃতিপ্ৰেমী সংগঠন নেচাৰ্চ বেকনৰ সদস্যা হেমাঞ্জলিহঁতো গিবনলৈ গৈ থাকে৷ কেম্প
কৰে, গছ-গছনি আৰু জীৱ-জন্তুৰ সংৰক্ষণৰ কথা চিন্তা কৰে, সজাগতা বৃদ্ধিৰ বাবে মানুহৰ
মাজত প্ৰচাৰ চলায়৷ তেনেবোৰ খবৰ মই মাজে মাজে পাই থাকোঁ৷
অভয়াৰণ্যখনৰ দায়িত্বত থকা ফৰেষ্টাৰ কলিতা আৰু বৰাৰ
সৈতে চিনাকি হ’লোঁ৷ আমাৰ মাজত বহুপৰ ধৰি বিভিন্ন কথা-বতৰা
চলিল৷ গিবন অভয়াৰণ্যৰ বিষয়ে যোৰহাট ফৰেষ্ট ডিভিজনে প্ৰকাশ কৰা ফ'ল্ডাৰ এখন পঢ়িবলৈ দিলে৷ আমি হাবিৰ মাজত সোমোৱাৰ ইচ্ছা প্ৰকাশ কৰিলোঁ৷ দৰাচলতে দৰ্শনাৰ্থীৰ বাবে নিৰ্ধাৰিত
সময় হৈছে গ্ৰীষ্মকালি জুন মাহৰ পৰা চেপ্তেম্বৰ আৰু শীতকালি ডিচেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী
মাহ পৰ্যন্ত৷ বাটে পোৱালি মেলাৰ দিনত ঘূৰা-ফুৰা কৰাটো সুবিধাজনক৷ সঘনাই হৈ থকা বৰষুণৰ
ফলত এতিয়া হাবি-জংঘল বৰ বেছি হৈ পৰাত ইচ্ছামতে যেনি-তেনি সোমাই যোৱাত অসুবিধা৷ জোকৰ
উপদ্ৰৱো বেছি৷ তথাপি সেইবোৰলৈ আমাৰ কেৰেপ নাই৷ কথাৰ লগে লগে নিয়মৰ কামখিনি সঞ্জুৱেই
কৰি অঁতালে৷ তেনেকুৱাতে আমাৰ সৈতে যাবৰ বাবে বনৰক্ষী এজন হাজিৰ হ’লহি৷ বেগকেইটা বিট অফিচতে একাষৰীয়াকৈ
থৈ চাৰিও বাহিৰ ওলালোঁ৷
একেবাৰে আগত দেবেশ্বৰ বৰা৷ ফৰেষ্ট গাৰ্ড৷ পিন্ধনত
খাকী৷ হাতত দুইনলীয়া বন্দুক, কঁকালত কাৰ্ট্ৰিজ বে’ল্ট৷ তেওঁৰ পিছে পিছে সঞ্জু বৰা৷ ‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ফ’কাচ এন.ই.ৰো কাৰবি আংলঙৰ সংবাদদাতা৷
হাতত ভিডিঅ’ কেমেৰা৷ ভয়-ভীত বুলিবলৈ নাই৷
তেওঁৰ পিছে পিছে প্ৰশান্ত কুমাৰ বৰা৷ ‘অকব’ৰ সদস্য৷ গিবনৰ গাতে লাগি থকা মধুপুৰৰ সন্তান৷ হাতত একো নাই৷ নিজৰ
এলেকা বুলি ভয়-সংশয়ো নাই৷ মনত কিন্তু প্ৰবল উৎকণ্ঠা... দেখা পামনে, দেখুৱাব পাৰিমনে
ছাজিদদাহঁতক অভয়াৰণ্যখনৰ মুখ্য আকৰ্ষণ হলৌ বান্দৰকেইটা? শাৰীটোৰ একেবাৰে পিছৰজন মই৷
ডাঠ হাবিৰ হাতীপটিয়েদি পদব্ৰজে আমি আগুৱাইছোঁ আৰু আগুৱাইছোঁ... হুককু হুককু মাতষাৰ অনুসৰণ
কৰি৷
বনৰক্ষীৰ নিৰ্দেশক্রমে এসময়ত মূল পথটো এৰি দিলোঁ৷
লুংলুঙীয়া বাট এটাৰে অকাই-পকাই গৈ আছোঁ আগলৈ অহা লতা, গছৰ আগ, মকৰা জাল মহতিয়ায়৷ পিছে নেদেখোঁহে
নেদেখোঁ৷ প্ৰশান্তৰ চিন্তা বাঢ়ি গৈ আছে৷ আমাৰো দুদোল্যমান অৱস্থা৷ পামনে নাপাম? এসময়ত
ৰে’লৰ আলিটো চকুৰ আগত ওলাল৷ আগতেই কৈ অহা হৈছে, এই ৰে’লপথটোৱে অভয়াৰণ্যখনক দুভাগ কৰিছে৷
কেইজনমান বনুৱাই পথছোৱাৰ মেৰামতিৰ কাম কৰি আছিল৷ তেওঁলোকক চেৰাই কিছু আগুৱাই ওচৰতে
শুনা পালোঁ হলৌৰ অবিৰাম কণ্ঠস্বৰ৷ আৰু চাবলৈ নাই৷ বন্দুকধাৰীক আগত ৰাখি হাবি ফালি সোমাই
গ’লোঁ৷ কাৰণ ৰাস্তা বুলিবলৈ সেইফালে
একো নাছিল৷ কাঁইটীয়া উদ্ভিদে বাট ভেটি ধৰিলেও ভেটিব নোৱাৰিলে মনৰ উদ্যমক৷ আৰু অলপ দূৰ
যাওঁতেই চকুৰ আগত ভাহি উঠিল অবিশ্বাস্য এক দৃশ্য৷ গছৰ ওপৰত ডাল-পাতৰ জোকাৰণি৷ তাতে
মাক-দেউতাক, পো-জীৰে গিবনৰ সম্পূৰ্ণ এটা পৰিয়াল৷ মতাটো ক’লা, মাইকীজনী মুগা বৰণৰ৷ প্ৰাপ্ত
তথ্যমতে অভয়াৰণ্যখনত সম্প্ৰতি ২৬টা এনে পৰিয়াল আছে৷ সংখ্যা হিচাপে ১০৫টা প্ৰাণী৷ মানুহৰ
দৰে পৰিয়াল গঠন কৰি বাস কৰাটো এই প্ৰাণীবিধৰ এটা বৈশিষ্ট্য৷ হোলোং গছ ইহঁতৰ প্ৰিয় বিচৰণথলী৷
আমাৰ চকুৰ আগতে সিহঁতে ওখ গছৰ ইজোপাৰ পৰা সিজোপালৈ জঁপিয়াই অহা-যোৱা কৰিছে৷ তেনেকৈ
জঁপিওৱাৰ দৃশ্যটো আছিল সবাতোকৈ আকৰ্ষণীয়, দিনটোৰ শ্ৰেষ্ঠতম মুহূৰ্ত৷ সুযোগ বুজি সেয়া
যিমানখিনি পাৰি কেমেৰাত বন্দী কৰা হ’ল৷ জংঘলৰ মাজত, ডাল-পাতৰ ফাঁকেৰে বেছ কিছু সময় আমি পৰিয়ালটোক
নীৰৱে পৰ্যবেক্ষণ কৰিলোঁ৷ লাহে লাহে সিহঁত নীৰৱ হ’ল৷ দূৰলৈ আঁতৰি গ’ল৷ আমিও হাবিৰ পৰা ওলাই পুনৰ
ৰে’ল পথত উঠিলোঁ৷ তাৰ পিছত লাইনে
লাইনে দুপিয়াই দুপিয়াই বিট অফিচলৈ খোজ ল’লোঁ৷ এটা সফল যাত্ৰা৷ প্ৰশান্তৰ মুখাবয়বত সন্তুষ্টিৰ ৰেশ
ফুটি উঠিল৷ সুখী যেন দেখা গ’ল তেওঁক৷
একেৰাহে অনেক পৰ খোজ কঢ়াৰ অন্তত বিট অফিচ পাই ভাবিলোঁ,
অলপ জিৰাই লোৱা যাওক৷ তাৰ পিছত দ্বিতীয় খেপ৷ এই বুলি সোঁভৰিৰ জোতাপাত খুলিছোঁহে মাত্ৰ,
তেজে তুমৰলি দি থকা মোজাপাত দেখিয়ে বুজি উঠিলোঁ, তেজপিয়াই তাৰ ওপৰেৰেই দংশিলে৷ জোতাপাত
ঠেকাৰি দিলত পূৰঠ জোক এটা জোতাৰ ভিতৰৰ পৰা থপকৈ সৰি পৰিল৷ তেজ খাই একেবাৰে পেটুৱা৷
তাৰ আগতে বাহিৰফালে জোতাত বগাই থকা কেইটামানক দেখা পাই মাটিলৈ নমাইছিলোঁ৷ সিহঁতে আক্রমণ
কৰিবলৈ নাপালে যেনিবা৷ এইটোৱে কিন্তু হেঁপাহ পলুৱাই তেজ পিলে৷ দমকল মাৰি পানীৰে ঠাইখিনি ধুলোঁ৷
ফটা কাগজ জাপি তেজ বন্ধ কৰাৰ চেষ্টা চলালোঁ৷ পিছে বৃথা হ’ল৷ গিবনৰ নামত তেজ অকণমান দিলোঁ
আৰু বুলি ভাবি লৈ সেইফালে নোচোৱা হ’লোঁ৷
বিট অফিচত চাহ একোকাপেৰে কৰ্মচাৰীসকলে আমাক আদৰ-সাদৰ
কৰিলে৷ দৰ্শনাৰ্থী হিচাপে পদাৰ্পণ কৰা আমালৈ অভয়াৰণ্যখনৰ সন্দৰ্ভত লিখিতভাৱে আগ বঢ়োৱা
প্ৰশ্নাৱলীৰ উত্তৰ লিখি দিব লগা হ’ল৷ সেই কামত মনোনিৱেশ কৰি থাকোঁতেই টোপাটোপে তেজ পৰিবলৈ
ল’লে সোঁভৰিৰ পৰা৷ অফিচৰ ফ্ল’ৰ ৰঙা! কি কৰা যায়? ঘূৰি যাবও
লাগে সোনকালে৷ নহ’লেবা মৰিয়নিত নামনিমুৱা জনশতাব্দী
ধৰিব নোৱাৰিম৷ অলপ পৰ ট্ৰিটমেণ্টত লাগিলোঁ যদিও প্ৰস্থানৰ সময় চমু চাপি অহাত তেজৰ সৈতেই
তেনেকৈয়ে পুনৰ মোজা-জোতা সুমুৱাই পেলালোঁ, যি হয় হৈ থাওক বুলি৷
বন বিভাগৰ কৰ্মচাৰী কলিতা, বৰা, ফুকন আদিৰ লগতে
আমাৰ মিত্ৰ প্ৰশান্ত কুমাৰ বৰাৰ পৰা গেটৰ মুখতে বিদায় মাগিলোঁ৷ এৰিবৰ পৰত বেয়াও লাগিল৷
এটা সময়ত তেওঁলোক নেদেখা হৈ পৰিল৷ তাৰ পিছতে সঞ্জু আৰু মোৰ আৰম্ভ হ’ল অন্য এক শিহৰণকাৰী পদযাত্ৰা৷
তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰি দুয়ো মেলেঙৰ পৰা ৰে’ল লাইনেৰেই চিধাকৈ পোনাই দিলোঁ
নকছাৰীলৈ৷ সেই বাটছোৱাতযে বাঘ আৰু হাতী ওলায়, পিছতহে জানিবলৈ পালোঁ৷ ভাগ্য সুপ্ৰসন্ন
থকাত যেনিবা অক্ষত ৰূপতে নিৰাপদ স্থান পালোঁগৈ৷ পিছে অঘটন ঘটিল অইন এটাহে৷ খৰকৈ খোজ
লওঁতে ৰে’ল লাইনৰ শিলৰ খুন্দাত মোৰ বাওঁপাত
জোতাই মুখ মেলি দিলে৷ আৰু এসময়ত সম্পূৰ্ণ দুফাল! ষ্টেছনটো পাবলৈ তেতিয়াও এক ফাৰ্লংমানেই
বাকী৷ কি কৰা যায়? জোতা-মোজা উভয়কে সুন্দৰকৈ লাইনৰ দাঁতিত সজাই থ’লোঁ৷ বিকল্প হিচাপে বেগৰ পৰা
হাৱাই চেণ্ডেলযোৰ উলিয়াই পিন্ধি ল’লোঁ৷ তাৰ পিছত সেইহাললৈ চিৰবিদায় আৰু সন্মুখলৈ আগুৱান৷
ইফালে ঘামত তিতি-বুৰি কাপোৰসাজৰো অৱস্থা তথৈবচ৷ ষ্টেছন তিনিআলিৰ দোকানত কিবাকিবি কিনিব
লগা আছিল৷ তাতে বহি থকা মোৰ পৰিচিত পাঠান মূলৰ ডেকা আজাদে বহুপৰ ধৰি মোৰ ফালে চাই চাই
এপাকত সুধি পেলালে... ‘অমুক বাইৰ তমুক নহয়জানো?’ মই বোলোঁ, ‘হওঁতোন৷ চিনি পোৱাত অসুবিধা হৈছে
ন? অলপ বেলেগ লাগিছে চাগৈ?’ সি ক’লে, ‘অঁ, মই ধৰিবই পৰা নাছিলোঁ৷ ক”ৰ পৰা ওলালেহি, ইমান দিনৰ মূৰত?’ উত্তৰত তাকো চৰ্টকাটত কথাবোৰ
জনাব লগা হ’ল, গিবনৰ পৰা আৰম্ভ কৰি অলপ আগতে
এৰি অহা জোতাযোৰলৈকে৷
অট’ৰিক্সা এখন ভাৰা কৰি সঞ্জু আৰু মই গ’লোঁগৈ আগলৈ থকা মোৰ শহুৰবাৰীলৈ৷ তিনিআলিৰ
ৰে’ল ক্রছিঙৰ পৰা কাকজান বাগানৰ
দিশত ২কিল’মিটাৰৰ বেছিয়ে হ’ব৷ নাগাদেৰা, মছজিদৰ কাষৰ ঘৰটোৱেই৷ যাওঁতে বাওঁহাতে৷ সোঁহাতে গিবন ৰিজৰ্ট পাৰ হৈ গ'লোঁ৷ তাতে ভাতমুঠি মোকলোৱাৰ কথা৷
জীয়েকে ফোন কৰি ব্যৱস্থা কৰোৱাইছে যদিও মনে মনে খোকোজাও লাগিছে৷ বছৰদিয়েকৰ মূৰত ধুমকেতুৰ
দৰে হঠাৎ এই আগমন! যি কি নহওক, পথছোৱা কিন্তু আগতকৈ উন্নত পাইছোঁ দেই৷ বিয়াৰ সময়ত কঁকালৰ
বিষ উঠি যোৱা সেই গৰ্তবহুল ৰাস্তাটোৰ কথা কৈ কৈ মোৰ শুভাকাংক্ষী তথা বৰযাত্ৰী পৱিত্ৰদা
(সঞ্জুৰ ককায়েক)ই এতিয়াও প্ৰায়ে কথা শুনায়ে থাকে, ‘ক’তযে ছোৱালী বিচাৰি পালাগৈ!’ বুলি৷ এতিয়া অন্ততঃ ভায়েক সঞ্জুৱে
সেইপাত বাণ কাটিব পাৰিব৷ সি যি কি নহওক, শহুৰৰ ঘৰৰ সন্মুখত অট’ৰিক্সাৰ পৰা দুয়ো নামিলোঁ৷ হাৱাই
চেণ্ডেল চুপচাপ খুলি বাহিৰত একাষে সতকাই কাৰো চকুত নপৰাকৈ থৈ শহুৰৰ গৃহত গুৰুগম্ভীৰ
ভাবমূৰ্তিৰে প্ৰৱেশ কৰিলোঁ৷ ঘৰৰ পৰা নিয়া তামোলকেইখন শাহুৰ হাতত দিলোঁ৷ জোঁৱাইৰ ৰূপ
দেখি অবাঞ্ছিত প্ৰশ্ন উত্থাপিত হোৱাৰ আগতেই প্ৰসংগ তৰিলোঁ নিকটৱৰ্তী গিবন অভয়াৰণ্যৰ৷
সঞ্জুৰ হেণ্ডিকেমটো আগুৰি লৈ শহুৰ-শাহু বহি গ’ল অলপ আগতে তুলি অনা গিবনৰ আকৰ্ষণীয় ভিডিঅ’ চাবলৈ৷ আমাৰ হাতত সময় বৰ কম৷
হাত-মুখ ধুই, গৰমা-গৰমে ভাতকেইটা পেটত পেলাই ল’লোঁ৷ দুয়োটাৰে অতিপাত ভোক লাগিছিল৷ জোঁৱাইৰ লগত হঠাতে
গৈ ওলোৱা আলহী ল’ৰাটোৱে বৰ তৃপ্তিৰে ভাতমুঠি খালত
শাহু আনন্দিত হ’ল৷ শহুৰ-শাহু উভয়কে ঈদৰ সেৱা
জনাই ডিফুমুৱা উভতনি যাত্ৰা আৰম্ভ কৰি দিলোঁ৷
ঘৰৰ অট’ৰিক্সাই দেবেৰাপাৰ চাৰিআলিত থ’লেহি৷ তাত প্ৰিণ্টিং মেছিন পৰিদৰ্শনৰ
কাম এটা আছিল৷ থাওকতে সেয়া সমাপ্ত কৰি টাটা মেজিকেৰে চিধাই মৰিয়নি৷ তাৰ পিছত নামনিমুৱা
জনশতাব্দীৰ টিকট কাটি ঘণ্টাদিয়েকৰ পিছতে ডিফু৷ কাৰবি আংলং বন্ধ চলি থকা হেতুকে ষ্টেছনৰ
পৰা আকৌ খোজ কাঢ়ি কাঢ়ি ঘৰ৷
হিচাপ কৰি দেখিলোঁ, বন্ধুত্ব, আনন্দ, ট্ৰেকিং,
এডভেন্সাৰৰ নামত দুদিনত আমি কমেও ২০কিল’মিটাৰ খোজ কাঢ়িলোঁ৷ জোকৰ কামোৰ খালোঁ, জোতা ফালিলোঁ৷ বিনিময়ত
কিন্তু বহুত কিবাকিবি পালোঁ যাক ভাষাৰে বৰ্ণনা কৰা অসম্ভৱ৷ জীৱনৰ বাটত সেইবোৰ সদায়ে
বিমল আনন্দৰ অমলিন উৎস হৈ থাকিব৷
মই ভাবি পাওঁ যে ‘অকব’ৰ ৱালত প’ষ্ট কৰা কেইটামান লেখা, তাকে
লৈ ‘অকব’ৰ এজন সদস্যৰ মনত জন্মা বিশেষ
কৌতূহল আৰু পত্নীকো অকলশৰে এৰি ডিফুলৈ ঘটা তেওঁৰ আগমনে আৰণ্যক প্ৰকৃতিৰ বুকুলৈ আমাৰ
এই যাত্ৰাটো সম্ভৱ কৰি তুলিলে৷ তাৰ বাবে শ্ৰী প্ৰশান্ত কুমাৰ বৰাক নিশ্চয়কৈ আজীৱন মনত
ৰাখিব লাগিব৷
আৰু ৰীতা, একেবাৰে শেষত তোমাকো ধন্যবাদ৷
No comments:
Post a Comment