দিন তিনি ৷৷ খণ্ড ১১
গেবু-নানাৰ তিনিজনীকৈ ছোৱালী, এটা ল’ৰা৷ সিহঁতে আল’ত হোষ্টেলত থাকি পঢ়া-শুনা কৰি
আছে৷ আছুতীয়া সাক্ষাৎকাৰত অনুচ্ছ স্বৰত নানাই মোক ক’লে… ‘ল’ৰা-ছোৱালীৰ বাবে বহুত খৰচ লাগে চাৰ৷ আমি
এনেকৈয়ে কষ্ট কৰি জীৱন আৰু জীৱিকাৰ সংগ্ৰাম এখন চলাই আছোঁ চাৰ৷' অৰুণাচলী জনগোষ্ঠীবিলাকৰ
মাজত দেখা যায়, মাতৃ-জাতি তুলনামূলকভাৱে অধিক কৰ্মঠ৷ মই য’লৈকে গৈছোঁ ত’তেই এইটো লক্ষ্য কৰিছোঁ৷ ইয়াতো
একেই দেখিছোঁ৷ মাতৃ-জাতিয়ে গুৰিব’ঠা ধৰা সমাজ এখন সুন্দৰভাৱে পৰিচালিত হয় বুলি মোৰ বিশ্বাস৷ ইফালে নানাই কথাইপতি মোক ‘চাৰ চাৰ’ বুলি সম্বোধন কৰাটো মই মন কৰি আছোঁ৷ কথাটো মোৰ সমূলি ভাল লগা নাই৷ মইনো কিহৰ চাৰডাল? একোবত কৈয়েই পেলালোঁ… ‘মোক আপুনি চাৰ নক’ব দেই৷ মোৰ নাম আব্দুছ ছাজিদ৷ ছাজিদ ক'লেও হ'ব৷ নাম ক'বলৈ বেয়া পালে ভাই নহ’লে ককাই যি মন যায় মাতিব৷ বাৰু কওকচোন, আপোনালোকৰ দোৱানত এই দুটা শব্দক কি বুলি কয়?’ অভাবনীয় বাক্যকেইটা শুনি তাইৰ খকামকা লাগিল৷ ইয়াৰ পাছৰ পৰা
অৱশ্যে ‘ভাইয়া’, মাজে মাজে ‘দাদা’ বুলিবলৈ ল’লে৷ সম্পৰ্কটোও যেন সাময়িকৰ পৰিৱৰ্তে অধিক অন্তৰংগ হ'বলৈ ল'লে! হ'ম ষ্টে' কৰিছোঁ যেতিয়া আমি এতিয়া একেখন ঘৰৰে সদস্য হৈ পৰিছোঁ৷ বাহিৰে-ভিতৰে বাধাহীন বিচৰণ৷
বিভিন্ন কথাৰে আমাৰ আলোচনাথলী ৰসাল হৈ উঠিছে৷ মেন্-চু-খাৰ
পৰা আৰম্ভ কৰি পৃথিৱীৰ বিভিন্ন ঠাইৰ বিষয়ে ওলাইছে৷ মূল প্ৰসংগ অৱশ্যে টুৰিজিম্৷ ইফালে
ইংকিয়ঙৰ দলটোৱে মুকলি আকাশৰ তলত ধৰা জুইকুৰাৰ চৌপাশে বহি উদাত্ত কণ্ঠে ডক্টৰ ভূপেন হাজৰিকাৰ গীত জুৰিছে৷ 'মানুহে মানুহৰ বাবে', 'বুকু হম হম কৰে', 'চিয়াঙৰে গালং' ইত্যাদি ইত্যাদি৷ আমি ইয়াৰ পৰাই শুনা পাই আছোঁ৷ ৰৈ থাকিব নোৱাৰি খিৰিকী এখন মেলি বহিঃ পৰিস্থিতি চালোঁগৈও এবাৰ৷ 'চিয়াঙৰে গালং লোহিতৰে খামতি' শুনিলেই মোৰ মন কমোৱা তুলা হৈ উৰে অৰুণাচলৰ শিখৰে শিখৰে৷ ভূপেন হাজৰিকাৰ কালজয়ী গীতেৰে পৰিৱেশটো এতিয়া অনন্য ধৰণে উপভোগ্য হৈ উঠিছে৷ সঁচা অৰ্থত স্ফূৰ্তি কৰিব জনা মানুহে এনেকৈয়ে জীৱনৰ
আপুৰুগীয়া সময়বোৰ সজীৱ আৰু আনন্দমধুৰ কৰি তোলে; সুযোগ পালেই নিজৰ হৃদয় সুখবাষ্পৰে ফুলাই
লয়, আনকো সুখী কৰে৷ অসন্তুষ্টি, অভিযোগ, অৰ্থহীন সমালোচনা আদিৰ পৰা তেওঁলোক শতযোজন নিলগত৷ চিন্তাধাৰা সদায়েই যোগাত্মক আৰু আশাবাদী৷ ভাল লাগে বাটে-পথে পোৱা এনেকুৱা দুঃসাহসী ভ্ৰমণকাৰী মানুহবোৰ৷
আমি পাকঘৰত জুইৰ গুৰিত বহি থাকোঁতেই বিদেশী লোক
এজনৰ আগমন ঘটিল৷ ‘নানা, নানা’ বুলি চিঞৰি গেবু-পত্নীৰ আগত তেওঁ
ডিনাৰ খোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে৷ ঠাণ্ডা লাগি মানুহজনৰ মাতটো তেনেই বহি গৈছে৷ সেয়েহে জোৰ দিবলগীয়া হৈছে৷ নানাই তেওঁৰ বাবে খাদ্য সজালে৷ আমাৰ দুই-একক তেওঁক সংগ দিবলৈকো আৱেদন জনালে৷ কেইজনমানে গৃহস্থনীৰ অনুৰোধ ৰক্ষা কৰিলেগৈ৷ মই পৰৱৰ্তী খেপলৈ ৰ'লোঁ৷ ডাইনিং
টেবুলত একান্তমনে নিশাৰ আহাৰ সমাপ্ত কৰি মানুহজন মোৰ কাষতে চোফাত হেলান দি বহিল৷
প্ৰথমে দৃষ্টি বিনিময়৷ সামান্য হাঁহি, হেণ্ডশ্বেক
আৰু তাৰ পাছত পৰিচয় বিনিময় ঘটিল আমাৰ মাজত৷ মই মোৰ ভিজিটিং কাৰ্ড এখন সসন্মানে তেওঁলৈ আগুৱাই
দিলোঁ৷ হাইপাৱাৰ চশমাখনৰ মাজেৰে খুব মনোযোগেৰে চালে মানুহজনে৷ সুধিবলগীয়াখিনি সুধিলে মৃদু স্বৰত৷ তেওঁৰ কাৰ্ড নাই৷ কোনো কথা নাই৷ শৰীৰৰ ভাষাৰ পৰা সমস্যাটো মুহূৰ্ততে বুজি পায়ে
লগত থকা পকেট নোটবুকখন আৰু কলমটো তুৰন্তে তেওঁলৈ আগ বঢ়াই দিলোঁ৷ তেওঁ নিজৰ নাম-ঠিকনা,
ফোন নম্বৰ, ই-মেইল এড্ৰেছ্ লিখিলে৷ আখৰ পঢ়ি গম পালোঁ যে তেওঁৰ নাম Zarko Vodinelio, ক্রৱেচিয়াৰ
নাগৰিক, অৱসৰপ্ৰাপ্ত সাংবাদিক৷ বৰ্তমান লণ্ডনত থাকে৷ বয়স ৬১ বছৰ বুলি গৰ্বেৰে জনালে৷ মোকো প্ৰশ্ন কৰিলে, 'কিমান হ'ল?' আল'ৰ পৰা কালি তেওঁ টাটা ছুম'ত আহিছে৷ মই সুধিলোঁ, 'ভাড়া কিমান ল'লে?' '৪৫০ টকা ল'লে৷' মই ঠিকেই আছে বোলাত মূৰ দুপিওৱাৰ লগতে হাঁহিলে৷ সন্তুষ্টিৰ হাঁহি এয়া৷ ভাৰতৰ বিভিন্ন প্ৰান্তত কি বিদেশী, কি দেশী যিকোনো পৰ্যটককে ঠগাৰ কাৰবাৰ কিছুমান চলে এচাম প্ৰবঞ্চকৰ দ্বাৰা৷ অনেকৰে জীৱনত তেনেকুৱা তিতা অভিজ্ঞতা নথকা নহয়৷ এইফালে তদনুৰূপ প্ৰেকটিচ নাই বুলি মােৰ দৃঢ়বিশ্বাস আছিল৷ সেই বিশ্বাস সঁচা প্ৰমাণিত হোৱাত তেওঁৰ লগতে ময়ো হাঁহিলোঁ৷ উৎসাহ আৰু সন্তুষ্টিৰ হাঁহি৷
Zarkoই ইয়াত খুব ঠাণ্ডা পাইছে৷ মেন্-চু-খাৰ অচিনাকি শীতে মানুহজনৰ শব্দযন্ত্ৰ তেনেই নিশকতীয়া কৰি পেলাইছে৷ তৎসত্ত্বেও ভ্ৰমণকাৰীৰ পাৰস্পৰিক মিলনৰ উৎসাহতে তেনেকৈয়ে কিছু কথা পতা হ’ল৷ স্বদেশৰ নামটো ক্ৰৱেচিয়া বোলাৰ লগে লগেই সেই দেশৰ সৰ্বকালৰ শ্ৰেষ্ঠ ষ্ট্ৰাইকাৰ ডেভৰ শ্বুকাৰ আৰু বৰ্তমান এফ.চি. বাৰ্চিলোনাৰ মিডফিল্ডাৰ আইভান ৰাকিটিকৰ চেহেৰা মোৰ মনলৈ উৰি আহিছিল৷ দবা খেলা ব'ৰ্ডৰ ঘৰবোৰৰ অনুৰূপ সাজোনৰ ৰঙা-বগা জাৰ্চী জাতীয় দলৰ৷ কিন্তু কথা বেছি পাতিলে কষ্ট পাব বুলি ফুটবলৰ প্ৰসংগ মন থাকিলেও একো নুলিয়ালোঁ৷ ঠাণ্ডা পানী নাখাবলৈ সকীয়ালোঁ তেওঁক৷ নিজৰ যত্ন ল’বলৈও ক’লোঁ৷ আৰু ক’লোঁ… ‘কিবা সমস্যা হ’লে তৎক্ষণাৎ যাতে জনায়৷ লুক-ঢাক কৰিব নালাগে৷ নহ’লে হিতে বিপৰীত হ’ব পাৰে৷ মোৰ ৰূম নম্বৰ ২০১৷' কথা শুনি মৰম লগাকৈ হাঁহিলে তেওঁ৷ মোৰ গাত খামুচি ধৰি কৃতজ্ঞতাও প্ৰকাশ কৰিলে৷ তাৰ পাছত নানাক খুজি গৰম পানী এগিলাচ লৈ পুৱা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় মাগিলে৷ দৰজামুখ পাওঁতে সোঁহাতখন ওপৰলৈ দাঙি ক'লে, 'গুড নাইট৷' ভাল লাগিল পূব ইউৰোপৰ সমুদ্ৰ তীৰৰ বৰ্ষীয়ান ক্ৰ'ৱেটছজনক৷ এই বয়সতো ঘূৰি ফুৰিছে! বিদেশৰাষ্ট্ৰ ভাৰতবৰ্ষ আহি পাইছে৷ তাৰো আকৌ তেনেই এমূৰীয়া অৰুণাচল প্ৰদেশ, এইহেন ঘোঁকটৰ মেন্-চু-খা পালেহি৷ তাকো অকলে অকলে! কিহৰ তাড়নাত? কেনেকৈ পাৰে এই মানুহবোৰে? চিন্তা কৰি ৰ'লোঁ৷
মেন্-চু-খাই, জি.টি.এল. হ'মষ্টে'ই ইয়াত থিতাপি লোৱা মানুহবোৰক যেন এক ধ্যান, এক প্ৰাণ, এক সৌন্দৰ্য ভাবনাৰে আপোন কৰি তুলিছে! পৰ্যটন আৰু পৰ্যটকৰ বিশেষত্ব এইবোৰেই৷ এসময়ত আমি ৰৈ যোৱা কেইজনে নিশাৰ আহাৰ খালোঁ৷ ভাত, দাইল, ভাজি, শাক সিদ্ধ, পাপৰ, আচাৰ আদিৰে আয়োজনটো বেচ সুন্দৰ হৈছিল৷ মই এনেয়েও কম খোৱা মানুহ৷ প্ৰয়োজনতকৈ অকণো বেছি অাহাৰ নাখাই, শাৰীৰিক আৰু মানসিকভাৱে সকলো সময়তে সক্ৰিয় হৈ থকাটোকে বিচাৰোঁ৷ ডাক্তৰ আৰু দৰৱৰ লগত মিতিৰালি নাই৷ খাদ্য খোৱাৰ পাছত আকৌ কিছুপৰ বহিলোঁ৷ দিনটোৰ ভাগৰক নিয়ন্ত্ৰণাধীন কৰিব নোৱাৰি সংগীসৱ এজন-দুজনকৈ বিছনালৈ গ'ল৷ কাম-কাজ সামৰি গেবু, নানা, ৰূপা, চাংগেও বহিল৷ মোৰ নিৰামিষাহাৰী চৰিত্ৰটো এইবাৰ ইহঁতৰ কৌতূহলৰ বিষয় হৈ পৰিল৷ তেনেই ঘৰুৱা আন্তৰিকতাৰে অনেকপৰ কথা চোবোৱাৰ অন্তত গা-হাত সেকি, এসময়ত আড্ডা সামৰি ময়ো নিজৰ কোঠাত সোমালোঁহি৷

শোৱা ঠাইডোখৰ ঠিক-ঠাক কৰি আছোঁ৷ অনুভৱ হ’ল, মেন্-চু-খাত সফলতাৰে পদাৰ্পণ
কৰাৰ সুবাদত দেহ-মন-আত্মা আটাইবোৰ দেখোন অতিমাত্ৰা আনন্দৰে পৰিপূৰ্ণ হৈ পৰিছে! তাক্চিঙৰ
পৰা আহি থাকোঁতে ট্ৰেইনতে জয়ন্তদাই ঘোষণা কৰি দিছিল… ‘জুলাইত ঝুক’ ভেলী, নৱেম্বৰত মেন্-চু-খা’৷ ভবামতেই জুলাইত মণিপুৰ-নগালেণ্ড
সীমান্তৰ ঝুক’ ভেলী পালোঁগৈ৷ নৱেম্বৰত আজি
এয়া অৰুণাচলৰ মেন্-চু-খাত, ভাৰত-চীন আন্তৰ্জাতিক সীমাৰেখাৰ সমীপত উপস্থিত হৈছোঁ৷ আশা কৰামতেই
ভালে ভালে আহি পালোঁ৷ স্বৰ্গীয় সুষমাৰে আৱৰা মেন্-চু-খাৰ শীতল কোলাত সোঁশৰীৰে আশ্ৰয়প্ৰাৰ্থী
হৈ আছোঁ এতিয়া৷ ঠিকনা জি.টি.এল. হ'মষ্টে'৷
বেৰৰ কাষলৈ ঠাই দখল কৰি দীপকদা আগতেই শুই পৰিছে৷
কুমাৰী প্ৰকৃতিৰ নয়নাভিৰাম ৰূপে মোহাৱিষ্ট কৰাৰ উপৰি একা-বেঁকা পাৰ্বত্য পথে ভীষণ ভাগৰুৱা
কৰি পেলাইছে চাগৈ৷ ডাঠ তোছকৰ ওপৰত হালধীয়া শ্লীপিং বে’গ! তাৰ মাজত সোমাই থকা দীৰ্ঘকায়াৰ মানুহজনৰ মূৰটো পিছফালৰ পৰা দেখি হাঁহি উঠি গ'ল মোৰ৷ মৃদুসুৰীয়া
নাসিকা-সংগীতো আৰম্ভ হৈ গৈছে৷ তাকে কেন্দ্ৰ কৰি ক্ষন্তেকৰ বাবে চিন্তাতেই পৰিলোঁ৷ দেখিছোঁ এইবিধে সতকাই লগ নেৰিছে মোক৷ খনমাৰ Dovipie Innত সেই ৰাতি সুবীৰ, ঝুক' ভেলীৰ ভি.আই.পি. গে'ষ্ট হাউচত সুবীৰ-অৰুণদা একেলগে৷ যোৱা নিশা আল'ত অৰূপদা আৰু প্ৰদীপদা যুটীয়াভাৱে৷ এতিয়া দীপকদাও! সংগী যিয়েই নহওক, সকলোৰে দেখোন মিউজিক চিষ্টেম চালু হৈ যায় বিছনাত গা এৰি দিয়াৰ পাছতে! দৰৱ নোহোৱা বেমাৰ৷ দীপকদাৰ ফালে চালোঁ এবাৰ৷ তেওঁ মুঠেই ক'ব নোৱাৰে৷ সি যি কি নহওক, শুবতো লাগিবই ময়ো৷ ঊলৰ টুপীটোৰে কাণ দুখন ভালকৈ ঢাকি ল’লোঁ৷ গায়ে-মূৰে জাপি লোৱা দুখনকৈ
ধুনীয়া আৰু নোমাল কম্বলৰ উমত সুখৰ টোপনিত সোনকালেই বুৰ গ’লোঁগৈ৷
No comments:
Post a Comment