Wednesday, 18 October 2017

দিন দুই ৷৷ খণ্ড 


চিপুৰ দলং এৰিয়ে দণ্ডায়মান অৱস্থাত থকা পকী তোৰণ এখনে আমাক আল চহৰলৈ আক্ষৰিকভাৱে আদৰিলে৷ বগা গেটখনৰ ওপৰত লিখা আছে ALBE ALAKA৷ পাৰ হৈ ঘূৰি চাওঁতে দেখিলোঁ, সেইফালে আছে AABE TOLAKA৷ নিশ্চয়কৈ গাল শব্দ৷ অৰ্থ গম নাপাওঁ৷ স্বাগতম আৰু শুভযাত্ৰাই হব লাগিব বুলি অনুমান হৈছে৷ ঘৰলৈ উভতি যোৱাৰ পাছত য়িগু ন্যৰাকক লগ ধৰি সুধিব লাগিব৷ সদ্যহতে শব্দকেইটা বহীত টুকি লোৱাই ভাল৷ গে'টৰ তলেৰে অগ্ৰসৰ হ'ল আমাৰ গাড়ী৷ নতুন কৌতূহল এসোপাৰ নাগপাশত বন্দী হৈ পৰিলোঁ৷

বিয়লি ৩.৩০ বাজিছে৷ আমি আল টাউনৰ মাজ-মজিয়াত উপস্থিত হৈছোঁ৷ গাড়ী দুখনে চিধাই আৱৰ্ত ভৱনলৈ চেকুৰ লৈছে৷ দুয়োজন চালকেই ৰাস্তা চিনি পায়৷ চাৰ্কিট হাউচটো ওখ ঠাইত অৱস্থিত৷ সন্মুখত থিয় হলে তললৈ চিয়মখন আৰু ৰাস্তাটোৰ সৈতে চহৰৰ চুক এটা ধুনীয়াকৈ দেখি থাকি৷ বৃহৎ গোলাইৰ গছ-গছনি কিছুমান চৌহদটোত বছৰ বছৰ ধৰি আছে৷ পুৰণি গছকেইজোপাই কথা ক'ব পৰা হ'লে আল'ৰ ইতিহাস গাই শুনালেহেঁতেন৷

শতিকাজুৰি আদিসকলে এইটো এলেকাত বসবাস কৰি আহিছে৷ তেওঁলোক আললৈ অহাৰ পূৰ্বে এই ভূমিখণ্ডত দিবু-মাৰাং জনগোষ্ঠীৰ লোকে বসতি কৰিছিল৷ ঐতিহাসিক তথ্য অনুসৰি দিবু-মাৰাং আৰু য়িৰাং লোকসকলৰ মাজত ডাঙৰ যুদ্ধ হৈছিল৷ যুঁজত বহুতো লোকৰ নিধন হৈছিল৷ তাৰ পাছৰ সময়ছোৱাত কাষৰীয়া অঞ্চলৰ পৰা আদি জনগোষ্ঠীৰ লোকসকলৰ ইয়ালৈ প্ৰব্ৰজন ঘটে৷ অৰুণাচলৰ এই অংশটো তিব্বতৰ অংগ আছিল বুলিও কোৱা হয়৷ চীনে অৰুণাচলখন তেওঁলোকৰ বুলি অহৰ্নিশে দাবী কৰি অহাৰ ভিত্তিও বোধহয় এইবোৰেই৷ ইতিহাসে কয়, ১৭ শতিকাত অঞ্চলটো আহোম ৰজাৰ শাসনাধীন আছিল৷ ১৮ শতিকাত ব্ৰিটিছে অধিগ্ৰহণ কৰে আৰু নিজৰ শাসন চলাবলৈ লয়৷ ব্ৰিটিছৰাজৰ কালছোৱাতে ১৮২৬ চনৰ পৰা ১৯৬১ চন পৰ্যন্ত এলেকাসমূহ এংল-বাৰ্মিজ যুদ্ধৰ সন্মুখীন হৈছিল৷ যুদ্ধৰ পাছত সম্পূৰ্ণৰূপে ব্ৰিটিছৰ অধীনস্থ হৈ পৰিলেও ইয়াত বসতি কৰা জনগোষ্ঠীসমূহৰ অগ্ৰগতিত মনোযোগ সমূলি দিয়া নহ'ল৷ ভাৰতৰ স্বাধীনতাৰ পৰৱৰ্তী কালতহে আলত উন্নয়নৰ বাট মুকলি হয়, জনজাতীয় লোকসকলৰ শিক্ষা আৰু অৰ্থনৈতিক বিকাশত গুৰুত্ব আৰোপ কৰা হয়৷ তেতিয়াৰে পৰাই আদি লোকসকলে সমাজ, সংস্কৃতি, সাহিত্য, ধৰ্ম, ৰাজনীতি আদি সকলো ক্ষেত্ৰতে কাৰ্যকুশলতা প্ৰদৰ্শন কৰি আহিছে৷ চৰকাৰী কাম-কাজ যথোপযুক্তভাৱে সম্পন্ন কৰি পৰৱৰ্তী সময়ত আলক আধুনিক নগৰৰ ৰূপ দান কৰাত ব্ৰতী হৈছে৷

সোধ-পোছ কৰি আমি গম পালোঁ যে সম্প্ৰতি কোঠা এটাহে মাত্ৰ পোৱা যাব৷ থাকোঁতে অলপ আগলৈকে প্ৰায়বোৰ ৰূমেই খালী আছিল৷ কিন্তু হঠাতে কিবা কাৰ্যসূচী কল্পে চৰকাৰী মানুহৰ আবিৰ্ভাৱ ঘটাত এতিয়া আনক সমূলি দিব পৰা নাযাব৷ এনেস্থলত কোনো ধৰণৰ দাবী বা কাবৌ-কোকালি মুঠেও অৰ্থহীন৷ অৰুণাচলত এইটো তেনেই সাধাৰণ কথা৷ আমিও হঠাতেই আহি ওলোৱা আলহী৷ আগতীয়া বুকিং নাই৷ গতিকে কৰ্তৃপক্ষ নিৰুপায়৷ খৰতকীয়াকৈ চিন্তা-চৰ্চা চলিল, উচিত বিকল্প কি হ'ব পাৰে?

মধ্য অৰুণাচলৰ এখন ডাঙৰ চহৰ আল৷ গালসকলৰ উপৰি আদি জনগোষ্ঠীৰ মিন্যং, বৰি, বকাৰ অধ্যুষিত এলেকা৷ এখন পাহাৰীয়া স্বাস্থ্যকৰ ঠাই৷ ভাত, মাছ, মাংস, সেউজীয়া পাচলি ইয়াৰ মানুহৰ দৈনন্দিনৰ খাদ্য৷ চাউলৰ পৰা প্ৰস্তুত কৰা আপং তেওঁলোকৰ পৰম্পৰাগত পানীয়৷ বাঁহ-বেতৰ উপৰি কাষ্ঠশিল্প, হস্তশিল্প, এম্‌ব্ৰয়ডেৰি, স্থানীয় গহনাজাতীয় সামগ্ৰী ইয়াত উপলব্ধ৷ বজাৰ-হাট, শিক্ষানুষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান আদি আছে৷

আৱৰ্ত ভৱনৰ কোঠাটো এৰি নিদি প্ৰত্যেকেই একোবাৰ সোমাই চালোঁগৈ৷ পুৰণা হৈছে যদিও ভাল৷ ভাবি-চিন্তি চালক দুজনকে কোঠাটোত ৰখাৰ সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে লোৱা হল৷ আমাৰ বাবে হোটেল বিচৰা যাওক৷ অৰূপদা আৰু প্ৰদীপদা খৰখেদাকৈ তললৈ নামি গলেই৷ অচিনাকি চহৰ হ'লেও উৎসাহ তামাম৷ দুয়ো কেনিবা ৰূম চাব৷ ওপৰৰ পৰা দেখি থকা চিয়ম নৈখনৰ পাৰত সজা সুদৃশ্য টুৰিষ্ট লজ্‌টোৱেও মনোযোগ আকৰ্ষণ কৰি আছিল৷ এবাৰ ভাবিলোঁ, সদলবলে তালৈকে গুচি যোৱা হওক নহলে৷ প্ৰসংগটো উলিয়াবলৈহে পালোঁ, চাৰ্কিট হাউচৰ তদাৰককাৰীয়ে হকা-বাধা দিলে৷ ক'লে, 'তাত থকা-খোৱাৰ একো বন্দৱস্ত এতিয়াও হৈ উঠা নাই৷ গতিকে মিছাতে যাব নালাগে৷ অসুবিধাহে পাব৷ তাতোকৈ টাউনত হোটেল বিচৰাই মংগল৷' য়িগু ন্যৰাকক ফোনত পাই গ'লোঁ৷ জনালোঁ যে আমি তেওঁৰ গৃহ-চহৰত৷ উত্তৰত কলে, 'কিবা অসুবিধাৰ সন্মুখীন হলে মোক জনাব৷ মই আল' আহি পালোঁ৷ এতিয়া গাঁৱৰ ঘৰত আছোঁ৷' কথা পাতি গম পালোঁ যে তেওঁলোকৰ টাৱাং বাইক ৰাইডিং কাৰ্যসূচী বাতিল হৈছে৷ আমি বাটত পাই অহা ন্যৰাক তেওঁৰে পুৰণি গাঁও৷

ৱেষ্ট চিয়াং জিলাৰ সদৰ ঠাই আলৰ পুৰণি নামটো আছিল আলং৷ থলুৱা নিবাসী বহুতৰে মুখত এলং বুলি উচ্চাৰণ শুনা যায়৷ স্থানীয় দোৱানত আল’ শব্দটোৰ অৰ্থ হ'লগৈ নিমখ৷ ৰাজধানী ইটানগৰৰ পৰা জোনাই, পাচিঘাট, পাংগিন হৈ আললৈ পথ দূৰত্ব ৩৬৫ কিলমিটাৰ৷ আনহাতে চিলাপথাৰ, লিকাবালি, বাছাৰ হৈ ৩০৩ কিলমিটাৰ৷ ক'ৰবাত ২৯৭ বুলিও পাইছোঁ৷ ৰামকৃষ্ণ আশ্ৰম, পাতুম ব্ৰীজ, বাগ্‌ৰা গাঁও, দাৰ্‌কা গাঁও, দঞি-পল মন্দিৰ, সুমথিৰা উদ্যান ইত্যাদিবোৰ আলৰ চাবলগীয়া স্থান৷ চিয়মৰ ওপৰত বেতেৰে নিৰ্মিত ৭০ মিটাৰ দৈৰ্ঘৰ ওলোমা দলং আছে৷ দুঃসাহসিক ক্রীড়াপ্ৰেমীৰ কাৰণে অৰুণাচলৰ ভিতৰতে এইখন এখন লেখত লবলগীয়া ঠাই৷ এংলিং, ৰাফ্‌টিং, ট্ৰেকিং, হাইকিং আদি অনায়াসে এই অঞ্চলত কৰিব পৰা যায়৷ প্ৰতি বছৰে জানুৱাৰী মাহত তিনি-চাৰিদিনীয়াকৈ চিয়মৰ বালিচৰত আয়োজন কৰা হয় য়মগ ৰিভাৰ ফেষ্টিভেল৷ পৰ্যটন, থলুৱা সংস্কৃতি আৰু পৰম্পৰা, হস্ততাঁত আৰু শিল্পৰ বিকাশ সাধনেই এই উৎসৱটিৰ লক্ষ্য আৰু উদ্দেশ্য৷ ইয়াৰ পৰা ২৫ কিলমিটাৰ দূৰত্বত আছে কাম্‌কি জলবিদ্যুৎ প্ৰকল্পৰ নদীবান্ধ৷ অৰুণাচল প্ৰদেশক ভাৰতৰ পাৱাৰ হাউচ বুলি কোৱা হয়৷ শেহতীয়াভাৱে নৰ্থ ইষ্টাৰ্ণ ইলেক্‌ট্ৰিক পাৱাৰ কৰ্পৰেছন্‌, চমুকৈ নেপকই ৬০০ আৰু ১১০ মেগাৱাট শক্তিসম্পন্ন দুটা নতুন প্ৰকল্প মুকলি কৰা বুলি বাতৰি কাকতত পঢ়িছোঁ৷ আনহাতে, মেঠোন আৰু জাৰ্চি গাইৰ ক্রছ্‌ ব্ৰিডিং ফাৰ্মো কাম্‌কিতেই আছে৷ সাগৰৰ পৰা আলৰ উচ্চতা ২৯৫ মিটাৰ৷ চাৰ্কিট হাউচৰ সন্মুখত পায়চাৰি কৰি থাকোঁতে এঠাইত এইবুলি লিখি থোৱা দেখা পালোঁ


No comments:

Post a Comment