Friday, 27 October 2017

দিন তিনি (২৭.১১.২০১৬, দেওবাৰ) ৷৷ খণ্ড ১

পুৱা ঠিক সময়তে সাৰ পালোঁ৷ প্ৰাতঃকৰ্ম অঁটায়ে প্ৰাতঃভ্ৰমণলৈ ওলাবলৈ খদমদম লাগিল৷ প্ৰদীপদাই সাজোন-কাচোন চলালেই৷ সিফালে অৰূপদাৰ চকুৰ পতা মেল খুৱাই নাই৷ কেতিয়া সাৰ পাব, কেতিয়া হাত-মুখ ধুব, কেতিয়া ওলাব? সিমানলৈ ৰৈ থকাৰ ধৈৰ্য নাই৷ ঘড়ীৰ কাঁটা আগুৱাই গৈ আছে৷ যাত্ৰাসংগী বাকী চাৰিৰো কোনে ক'ত কি কৰি আছে নাজানো৷ নিদ্ৰাদেৱীৰ বাহুবন্ধনৰ পৰা হয়তো মুক্তি লভাই নাই৷ থাকক তেনেকৈয়ে৷ সময় নষ্ট নকৰি হোটেলৰ বাজ হৈ সন্মুখৰ পথত ভৰি দিলোঁহি প্ৰদীপদা আৰু মই৷

পাহাৰে ঘেৰি আছে আমাক৷ চিয়মৰ মৃদু বতাহে ৰিমঝিম শীতলতা বোৱাই আনিছে৷ এনেকুৱা পূৰ্বানুমান এটা কৰিয়েই ট্ৰেক চুট আৰু টুপী পিন্ধি ওলাইছিলোঁ৷ প্ৰদীপদাক কলোঁ, আলক স্পৰ্শ কৰি বৈ যোৱা নৈখনৰ পাৰলৈ যাওঁ বলক৷ পুৱাই পুৱাই মজা লাগিব৷ আচ্ছা বলা৷ দুটা শব্দৰেই যোগাত্মক মনোভাব জনাই দিলে তেওঁ৷ ৰাস্তা চিনি-জানি নাপাওঁ৷ সুধিবলৈও কাক সুধিম? চকুৰে মনিব পৰালৈকে নৰ-মনিচৰ সঁচ নাই৷ অনুমান আৰু কালি বিয়লি সেইবাটে অহাৰ অভিজ্ঞতাকে সাৰোগত কৰি পদচালনা আৰম্ভ কৰি দিলোঁ৷ ১০ মিনিটমানতে পাই গলোঁ আলৰ এইটো প্ৰান্তৰ প্ৰৱেশ-প্ৰস্থান তোৰণখন৷ AABE TOLAKA৷ সিপিঠিত ALBE ALAKA৷ অৰ্থ দুটা এতিয়ালৈকে নজনাতে আছে৷

চিপুৰ দলংখনৰ দুয়োটা ফাললৈ মনোযোগেৰে চাই পঠিয়ালোঁ৷ বৈ আছে সৰু নৈখন৷ বাওঁহাতে বাঁহনিৰ মাজেৰে জলপ্ৰপাতৰ দৰে পানী পৰি আছে৷ ক'ৰ পৰাবা আহিছে, গম নাপাওঁ৷ দলং পাৰ হৈয়ে বাওঁফালে উঠি যোৱাটোৱে আল'-চিলাপথাৰ ৰ'ড৷ সোঁৱে মেন্‌-চু-খালৈ৷ মেন্‌-চু-খাগামী ৰাস্তাটো মিহি আৰু বহল৷ খোজ পেলাই ভাল লাগিছে৷ দলঙৰ পৰা ১০০ মিটাৰমান আগত বাওঁহাতে গৰাৰ ওপৰত ক্ৰিচেনথেমাম ফুল কেইজোপামান৷ থোপা-থোপে ফুলি পুৱাৰ শুভ-সম্ভাষণহে যেন জনাইছে আমাক! বৰ ভাল লাগিছে দেখি৷ আৰু আগুৱালোঁ৷ পালোঁহি পি. আই. কলনী৷ কোন বাটে যাওঁ এতিয়া? আকৌ আন্দাজ লগাইছোঁ৷ সোঁহাতে নামি গলোঁ টুৰিষ্ট লজৰ ফালে৷ কালি চাৰ্কিট হাউচৰ পৰা দেখা পাইছিলোঁ, নদীখনৰ পাৰত অৱস্থিত পৰ্যটক নিবাসটো৷

অলপদূৰ যাওঁতেই অদূৰত নৈয়ে স্বৰূপ দেখুৱালে৷ পাৰটো এইখিনিত পকী কৰি ৰখা হৈছে৷ খট্‌খটিয়ে পানী চুই আছে৷ সিপাৰে বালিচৰো দেখিছোঁ৷ জলৰাশিৰ প্ৰস্থ বৰ কম নহয়৷ মোৰ হাতেৰে সৰ্বশক্তি প্ৰয়োগ কৰিলেও কিজানি শিলগুটি এটা দলিয়াই সিপাৰত পেলাব নোৱাৰিম৷ পাক মাৰি চহৰৰ দিশে আগ বাঢ়ি অহা নৈখন অন্য এটা কেঁকুৰিৰে নামনি অভিমুখে গৈছেগৈ, চিয়াঙক ধিয়াই৷ মনত আছে, যোৱা নৱেম্বৰত তাক্‌চিঙলৈ যাওঁতে বাটত চিয়ুম নামৰ ঠাই এডোখৰ পাইছিলোঁ৷ একে নামৰ সোৱণশিৰিৰ উপনৈ এখনো দেখিছিলোঁ, পৰ্বতৰ টিঙৰ পৰা৷ এইখন পিছে চিয়ুম নহয়, চিয়ম৷ উচ্চসোঁতত বোলা হয় য়মগ; মেন্‌-চু-খাৰ ফালৰ পৰা বৈ আহিছে৷ দুই-আঢ়ৈ ঘণ্টামানৰ পাছত আমি সেইদিশেই পৰৱৰ্তী যাত্ৰা আৰম্ভ কৰিম৷ মেপত চালে মেন্‌-চু-খাৰ পৰা চিয়ম, নাচ্ছো আদিৰ বতাহী দূৰত্ব বৰ বেছি নহয় যেনেই লাগে৷ আলকে ধৰি এই ঠাইবোৰৰ নিকটৱৰ্তী বিমানঘাটি হৈছে অসমৰ ডিব্ৰুগড়ৰ লীলাবাৰী৷


১৯৬২ চনৰ চীনা যুদ্ধৰ সময়ত মেন্‌-চু-খাত থকা কিছুমান তিব্বতীয় ভগনীয়া আলৰ ফালে পলাই আহিছিল বুলি আগতে ক'ৰবাত পঢ়িবলৈ পাইছিলোঁ৷ কিছুমানক চীনা সৈন্যই আদ্‌বাটতে ধৰি তিব্বতলৈ ঘূৰাই নিছিল হেনো৷ তাৰ মাজৰে কিছুমান আহি আহি আল ওলাইছিলহি৷ আল বজাৰৰ কাষত এই নৈখনৰ পাৰতে মানুহবোৰে শিৱিৰ পাতি বাস কৰিছিল৷ ৰিফিউজি কেম্প মেন্‌-চু-খাতো আছে৷


৬ বাজিবৰ হৈছে৷ খুলি ৰখা অৱস্থাত লোৰ গে'ট এখন মুখৰ আগত ওলাল৷ বীৰদৰ্পে সেইফালে সোমাই গলোঁ প্ৰদীপদাৰ সৈতে৷ টুৰিজিম্‌ কম্‌প্লেক্সটোৰ সন্মুখত অৱস্থানৰত হৈ কেউফালে লক্ষ্য কৰিব ধৰিছোঁ৷ ফ্লেট্‌সদৃশ নিৰ্মাণ কাৰ্য৷ প্ৰতিটোৱেই দুমহলীয়া৷ ঘৰ কেইবাটাও৷ সৰ্বত্ৰ বগা ৰং দি থৈছে৷ সন্মুখৰ ভৱনকেইটা নতুন৷ কালি আৱৰ্ত ভৱনত কোৱা কথাষাৰ ঠিকেই৷ থকা-মেলা আৰম্ভ হোৱাই নাই৷ গৃহসজ্জা ভাল লাগিল৷ পিছফালে থকাকেইটা কেইবছৰমানৰ আগতে সজা৷ সেইবোৰো আৰ.চি.চি. বিল্ডিং৷ ভৱিষ্যতে ব্যস্ততাপূৰ্ণ আৰু মুখৰ হৈ উঠিব নৈপৰীয়া এই শান্ত-সমাহিত স্থান৷ বাৰাণ্ডাত বহি পৰ্যটকে উপভোগ কৰিব পাৰিব আল'ৰ নৈসৰ্গিক সৌন্দৰ্য


No comments:

Post a Comment