Wednesday, 18 October 2017

দিন দুই ৷৷ খণ্ড 

অলপ আগত চেক্‌ পষ্ট এটা দেখা গৈছে৷ এইখিনি লিকাবালিৰ পৰা অলপ ওপৰত৷ দূৰত্বও আনুমানিক ৩ কিলমিটাৰমানেই হব৷ জয়ন্তদা আৰু দীপকদাৰ জৰিয়তে গুৱাহাটীৰ কাৰ্যালয়ত প্ৰস্তুত হৈ অহা আমাৰ ইনাৰ লাইন পাৰ্মিটবোৰ প্ৰত্যেকে হাতে হাতে উলিয়াই লৈছোঁ, যাতে অযথা সময় নষ্ট নহয়৷ আধা ঘণ্টাও হোৱা নাই, চাহ খাই চিলাপথাৰ এৰাৰ আগে আগেহে সেয়া নিজৰ নিজৰ হাতত পৰিছে৷ লক্ষ্যস্থান মেন্‌-চু-খালৈ আহ-যাহৰ বাবে ২৬ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰ পৰ্যন্ত আমাক সময়সীমা বান্ধি দিয়া হৈছে৷ ডেপুটি ৰেছিডেণ্ট কমিছনাৰৰ মোহৰ আৰু স্বাক্ষৰ থকা, ফটোযুক্ত অৰুণাচল প্ৰদেশ টুৰিষ্ট কাৰ্ডত যাৱতীয় তথ্যখিনিৰ স্পষ্ট উল্লেখ আছে৷ গতিকে প্ৰৱেশ কিম্বা ঘূৰা-ঘূৰিত একো বাধা নোপোৱাটোৱে আশা কৰিছোঁ৷

পূৰ্বৰ ভ্ৰমণবোৰলৈকো যদি উভতি চাওঁ, কেতিয়াও, কতো, কোনো ধৰণৰ সমস্যাৰ সন্মুখীন আজিলৈকে হোৱা নাই৷ সিয়েই অন্যতম কাৰণ নেকি, বাৰে বাৰে টানি আনে অৰুণাচলে, সসন্মানে গে'ট খুলি দিয়ে ইয়াৰ ৰহস্যময় আৱৰ্তলৈ বুলি! অৰুণাচল মানেই হিমালয়ৰ পাদদেশৰ সুদৃশ্য কুমাৰী প্ৰকৃতি৷ ধৰ্ম বোলা বস্তুটোৰ প্ৰতি নামমাত্ৰও আকৰ্ষণ অনুভৱ নকৰা বা টান নথকা আমাৰ দৰে সৰলমনা, বিধৰ্মী(!) মানুহবোৰৰ বাবে প্ৰকৃতিয়েই ঈশ্বৰ৷ চিঞৰি চিঞৰি সেয়ে ক'বৰ মন যায়, প্ৰথম 'অৰুণ কিৰণ শ্যামল দেশ'এই নহয়, ঈশ্বৰৰ প্ৰদেশ এইখন অৰুণাচল৷ অৰুণাচলৰ প্ৰকৃতিত অৱগাহন কৰি ঈশ্বৰৰ সাক্ষাৎ আৰু আশীৰ্বাদহে যেন পাওঁ! ধুৰুপ যে মেন্‌-চু-খাতো সেইটো হ'বই হ'ব৷

ভাবনাত মাজে মাজে হেৰাই যাওঁ৷ আকৌ ঘূৰি আহোঁ বাস্তৱলৈ৷ নিয়মমাফিক যথাস্থানত গাড়ীৰ গতি ধীৰ কৰি পেলালে পুলিন গগৈয়ে৷ আগলৈ চালোঁ৷ কৰ্তব্যৰত আৰক্ষী৷ বিশেষ সোধ-পোছ নকৰি সম্ভ্ৰমেৰে যাবলৈ দিলে৷ একোৱেই নাচালে আমাৰ! সেউজ সংকেত পাই গগৈৰ ভৰিখনো ব্ৰেকৰ পৰা এক্সেলাৰেটৰলৈ আপোনা-আপুনি গুচি গল৷ ঠেক ৰাস্তাটোৰে আই.এল.পি. তালাচী চকী পাৰ হলোঁ৷ বাটটো পাহাৰৰ গভীৰতালৈ সোমাই গৈছে৷ ওপৰলৈও উঠিব ধৰিলে৷ লিকাবালি গেটেৰে অৰুণাচলত প্ৰৱেশ কৰাৰ লগে লগে মিঠা শিহৰণ এটা সৰ্বশৰীৰতে মোৰ জাগি উঠিল৷ চুবুৰীয়া ৰাজ্যখনলৈ আহিলেই এনে ধৰণৰ অনুভূতি জাগে৷ এই আকৰ্ষণ, এনে পুলকে বুজাব নোৱাৰা ধৰণে দেহ-মন মতলীয়া কৰি তোলে৷ আগৰে পৰাই অৰুণাচল প্ৰদেশ মোৰ সবাতোকৈ পছন্দৰ ভ্ৰমণথলী৷ ইবাৰৰ পাছত সিবাৰ আহিও হেঁপাহ নপলায়৷ অৰুণাচলে যাক এবাৰ লম্ভিছে তাক সতকাই নেৰে বুলি কথা এষাৰেই আছে৷ তাতে এইবাৰ প্ৰকৃতিসুন্দৰী, বহুকথিত Heaven on earth মেন্‌-চু-খালৈ গৈ আছোঁ৷ ভাবিলেই উত্তেজনা কেইবাগুণে বাঢ়ি যায়৷ ৱে'ষ্ট চিয়াঙৰ মন হৰি নিয়াকৈ ধুনীয়া ঠাই মেন্‌-চু-খাক উদ্দেশ্য কৰি পৰ্যটন মহলত এনেকৈ কোৱা হয়... Heaven is myth, Men-chu-kha is real!

লিকাবালিক অস্থায়ী মুখ্যালয় হিচাপে লৈ অৰুণাচল প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ ২১তম জিলা লৱাৰ চিয়াং গঠনৰ বিষয়ে চিন্তা-চৰ্চা চলাই আছে৷ যোৱা ৭ ফেব্ৰুৱাৰী তাৰিখে ষ্টেট্‌ কেবিনেটত এই বিষয়ে আলোচনা হৈছে৷ ইষ্ট চিয়াং আৰু ৱেষ্ট চিয়াঙৰ অংশবিশেষ সামৰি গঠন হবলগীয়া নতুন জিলাখনৰ স্থায়ী সদৰ হব গাৰু নামৰ ঠাইখন৷ আমি বাটত পাই যাম সেই ঠাই৷ অৰুণাচল প্ৰদেশ (জিলা পুনৰ্গঠন) (কাৰ্যকৰীকৰণ) বিধেয়ক, ২০১৩ অনুসৰি বিগত ২০১৩ চনৰ মাৰ্চ মাহতে ৰাজ্যখনত চাৰিখন নতুন জিলা ক্রমে নাম্‌চাই, ক্রা দাদি, লৱাৰ চিয়াং আৰু লেপাৰাদা গঠনৰ বিধেয়কত অনুমোদন জনোৱা হৈছিল অৰুণাচল এছেম্‌ব্লিত৷

২০১৬ চনৰ পৰিসংখ্যানুযায়ী অৰুণাচল প্ৰদেশৰ জিলাৰ সংখ্যা ২০খন৷ টাৱাং, ইষ্ট কামেং, ৱেষ্ট কামেং, পাপুম পাৰে, কুৰুং কুমেই, ক্রা দাদি, লৱাৰ সোৱণশিৰি, আপাৰ সোৱণশিৰি, ৱেষ্ট চিয়াং, ইষ্ট চিয়াং, চেণ্ট্ৰেল চিয়াং, আপাৰ চিয়াং, লৱাৰ দিবাং ভেলী, আপাৰ দিবাং ভেলী, আঞ্জাৱ, লোহিত, নাম্‌চাই, চাংলাং, টিৰাপ আৰু লংডিং৷ আনহাতে আগন্তুক দিনত বৰ্তমানৰ চাংলাং জিলাৰ অংশবিশেষেৰে ৰিমা, পাপুম পাৰেৰ পৰা ইটানগৰ আৰু চাগালি; কুৰুং কুমেই, ক্রা দাদি আৰু আপাৰ সোৱণশিৰিৰ পৰা একাংশকৈ কাটি নৰ্থ সোৱণশিৰি; আঞ্জাৱ আৰু লোহিত জিলাৰ অংশদিয়েক লগ লগাই হায়ুলিয়াং নামে নতুন জিলা গঠনৰো প্ৰস্তাৱ আছে৷ মনে মনে হিচাপ কৰিছোঁ কোন কেইখন জিলা মোৰ চুবলৈ এতিয়াও বাকী আছে৷ এনেকৈ হ'লেচোন অৰুণাচলতে এটা জীৱন কাল যাবগৈ৷ উত্তৰ-পূৰ্বাঞ্চল কেতিয়া শেষ কৰিম? সেয়ে নহ'লে আমাৰ নিজৰ এই অঞ্চলবোৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা আৰু গুৰুত্ব উপলব্ধি কৰিম কেনেকৈ?

ভাবনাত মাজে মাজে আকৌ হেৰাই যাওঁ৷ গে'ট পাৰ হৈ বলেৰ'খন চলি আছে আগলৈ৷ ৰাস্তা ভাল নহয়৷ আলকতৰা বুলিবলৈ নাই৷ কেৱল ধূলি৷ ১৯৮০ চনৰ ১ জুন তাৰিখে পূৰ্বৰ চিয়াং জিলাখনক প্ৰশাসনীয় সুবিধাৰ্থে দুভাগ কৰি ইষ্ট চিয়াং আৰু ৱেষ্ট চিয়াং সৃষ্টি কৰা হৈছিল৷ ৱেষ্ট চিয়াঙৰ কথা ওলালেই ত ৰিবা, গেগং আপাং, মজি ৰিবা, মজে ৰিবা, মগে দজে আদি ব্যক্তিবিশেষৰ নাম মনলৈ আহে৷ একেদৰে, ইষ্ট চিয়াং বুলিলে আহে দায়িং ইৰিং, লুম্মেৰ দাই ইত্যাদি গুণীসৱৰ কথা৷ ৱেষ্ট চিয়াং জিলাত সোমায়ে অন্য এটা মনোযোগ আকৰ্ষণকাৰী তথ্যও মনত ভাহিছে৷ এই জিলাৰ অন্তৰ্গত দীপা নামৰ গাঁও এখনতে ১৯৪৭ চনৰ ১৫ আগষ্টত অৰুণাচল (তেতিয়া নেফা)ৰ ভিতৰতেই পোনপ্ৰথমে ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰা হৈছিল৷

অৰুণাচলৰ জিলাবিলাকৰ ভৌগোলিক গঠন বৰ আমোদজনক৷ এফালৰ পৰা চাবলৈ গ'লে পিছে আউল লগাও৷ ক'ৰ পৰা কাটি ক'ত যোগ কৰি কেতিয়া কোন জিলাৰ জন্ম দিয়ে ঠিক নাই৷ আকৌ কাটে, ক'ৰবাত জোৰা দিয়ে, আকৌ নতুন জিলা, এনেকুৱা৷ ১৯৮৯ চনত ৱেষ্ট চিয়াং জিলাৰ কিছু অংশ কাটি ইষ্ট চিয়াঙৰ সৈতে সংলগ্ন কৰা হৈছিল৷ ১৯৯৯ চনত সেই অংশটো আপাৰ চিয়াং জিলাত সংযোজন কৰা হয়৷ আমি এতিয়া সোমাই পৰা ৱেষ্ট চিয়াং জিলাখনৰ মাটিকালি ৮,৩২৫ বৰ্গ কিলমিটাৰ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি জনসংখ্যা আছিল ১,১২,২৭২৷ জনবসতিৰ ঘনত্ব আছিল প্ৰতি বৰ্গ কিলমিটাৰত ১৩৷ সাক্ষৰতাৰ হাৰ ৬৭.৬২৷ জিলাখনৰ উত্তৰ দিশে চীন দেশ, পূবে ইষ্ট চিয়াং আৰু আপাৰ চিয়াং জিলা, পশ্চিমে আপাৰ সোৱণশিৰি আৰু লৱাৰ সোৱণশিৰি জিলা৷ দক্ষিণ দিশত অসম৷ জিলাখনৰ সদৰ ঠাই আল৷ আগতে আলং নহ'লে এলং বুলিছিল৷ গাল, মিন্যং, বৰি, বকাৰ, পাইলেবু, ৰামো, মেম্বা, খাম্বা আদি অৰুণাচলী জনগোষ্ঠীয় লোকৰ বাসভূমি এই ভূখণ্ড৷ ইয়াৰ ভিতৰত মেম্বা আৰু খাম্বাসকল তিব্বতীয় বৌদ্ধধৰ্মী লোক৷ আদি জনজাতীয় লোকসকলৰ সৰহভাগ দঞি-পলৰ উপাসক৷ একাংশ খ্ৰিষ্টান৷ এই জিলাৰ জলবায়ু মধ্যমীয়া স্তৰৰ আৰু আৰামদায়ক৷ বিভিন্ন প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ ইয়াৰ বনাঞ্চলত পোৱা যায়৷ মিচিমি তাকিন, স্ন লিঅপাৰ্ড, ৰেড পাণ্ডা, মাস্ক ডিয়েৰ, ব্লাইথ্‌ছ ট্ৰেগোপান, ফ্লায়িং স্কুইৰেল আদি তাৰ ভিতৰত উল্লেখযোগ্য৷ কানে বন্যপ্ৰাণী অভয়াৰণ্য, মালিনী থান, আকাশীগংগা আদি ৱেষ্ট চিয়াং জিলাৰ উল্লেখনীয় পৰ্যটন স্থল৷ মেক্‌মোহন লাইনৰ কাষে কাষে অৰুণাচলৰ বিজয় নগৰৰ পৰা মাগো-থিংবুলৈ সাজিবলগীয়া প্ৰস্তাৱিত অৰুণাচল প্ৰদেশ ফ্ৰণ্টিয়াৰ হাইৱে এই জিলাৰ মাজেৰে পাৰ হৈ যোৱাৰ কথা৷

আগৰ ভৌগোলিক তথ্য অনুসৰি ৱেষ্ট চিয়াং জিলাৰ মহকুমা আছিল ৭টা৷ লিকাবালি, বাছাৰ, আল, দাৰাক, ৰুম্‌গং, কায়িং আৰু মেন্‌-চু-খা৷ জিলাখনৰ অন্তৰ্গত বিধান সভা সমষ্টিও আছিল ৭টা৷ লিকাবালি, বাছাৰ, আল ৱেষ্ট, আল ইষ্ট, লিৰম্‌বা, ৰুম্‌গং আৰু মেন্‌-চু-খা৷ ইয়াৰে প্ৰথম ৬টা অৰুণাচল ৱেষ্ট লোকসভা সমষ্টিৰ অন্তৰ্গত আছিল৷ ২০১৫ চনৰ ২৭ নৱেম্বৰত ৰুম্‌গং আৰু কায়িং নৱগঠিত চেণ্ট্ৰেল চিয়াং জিলাৰ মানচিত্ৰত অন্তৰ্ভুক্ত হৈছে৷ আমি যাব বিচৰা মেন্‌-চু-খা এলেকাটো অৰুণাচল ইষ্ট লোকসভা সমষ্টিত৷ পাচাং দৰ্‌জি চোনা হৈছে বৰ্তমানৰ এম.এল.এ.৷

অৰুণাচল-ভাবনাত তেনেই ডুব গৈ আছিলোঁ৷ হঠাতে চেতনা ঘূৰি আহিল আৰু আই.এল.পি.খন সামৰি লগত থকা আংগামী মোনাখনত সুমুৱালোঁ৷ পানী কেইঢোকমান পি লৈ সন্মুখলৈ চালোঁ৷ তাৰ পাছত কেমেৰাৰ অফ্‌-অন্‌ বুটামটোত সোঁহাতৰ তৰ্জনী আঙুলি স্থিৰ ৰাখি গৈ থাকিব ধৰিলোঁ বাহিৰলৈ ধ্যান দি৷ আগত যে শ্বাসৰুদ্ধকৰ দৃশ্য কিছুমান লেথাৰি নিছিগাকৈ ৰৈ থাকিব, অভিজ্ঞতাৰ ভিত্তিত সেয়া মই খুব ভালকৈ জানো৷


No comments:

Post a Comment