Monday, 2 October 2017

৪.. অজান-আদিম অৰণ্যৰ মাজে মাজে

আমাৰ পথ প্ৰদৰ্শক দীপমইনা দুৱৰা, ৰাজীৱ আৰু মই এইটো ঢালেৰে ঝুক টপৰ পৰা নামিবলৈ আৰম্ভ কৰাৰ পাছৰে পৰাই দলটোৰ আটাইতকৈ শেষত আছোঁ৷ তাকো আকৌ একেবাৰে অন্তিমত আছোঁ মই৷ Leading from behind! লাহে লাহে, খোজ গণি গণি আগ বঢ়া ৰাজীৱৰ কাৰণে ঘনে ঘনে থমকিবলগীয়া হৈছে৷ কঠিনসাধ্য ট্ৰেকিঙত সফলতা লভিবলৈ শাৰীৰিকভাৱে বিশেষ প্ৰকাৰে সক্ষম হোৱাটো বাঞ্ছনীয়৷ তাকে গুণাগঁথা কৰি থাকোঁতে মনত পৰিল ফৰাচী ঔপন্যাসিকা-অভিনেত্ৰী Sidonie Gabrielle Coletteৰ বাক্য এষাৰ৷ প্ৰকৃত ভ্ৰমণকাৰী সেইগৰাকীহে যি খোজ কাঢ়ি ভ্ৰমণ কৰে আৰু মাজে মাজে বহি কিছু সময় জিৰণি লয়৷

ভাগৰ পলুৱাবলৈ এবাৰ খটখটিত থিয় দঙা দি থাকোঁতে জন্মসূত্ৰে ছুইডিছ, পিছলৈ থাইলেণ্ড নিবাসী সাহসী সাংবাদিক-লেখক Bertil Lintnerৰ প্ৰসংগ ওলাল, ৰাজীৱৰ মুখে৷ ৰাজীৱে তেওঁক লগ পাইছে৷ মুহূৰ্ততে যেন বাকী কাণ চাৰিখন অধিক সজাগ হৈ পৰিল! অভিজ্ঞতাৰ জীয়া জীয়া কথাবিলাক শুনিবলৈ আটাইতকৈ ভাল পাওঁ৷ ৰাজীৱেও ধুনীয়াকৈ কলে৷ কথনভংগী আকৰ্ষণীয়৷ পৰৱৰ্তী বিৰতিত প্ৰসংগ গুচি গল ফিজিক্স, কেমেষ্ট্ৰি আদি বিষয়বোৰৰ মাজলৈ৷ আইনষ্টাইনৰ E=mc2ক কেন্দ্ৰ কৰি মনোজ্ঞ আলোচনা চলিল অটব্য বৰ্ষাৰণ্যৰ নীৰৱতা ভেদ কৰি৷ আনন্দ লাগিছে যে কলেজীয়া ছাত্ৰাৱস্থাত আমি তিনিওজনেই বিজ্ঞানৰ সোৱাদ লৈছিলোঁ৷ এতিয়া বেলেগ বেলেগ জগতত৷ কৰ্মক্ষেত্ৰ যাৰ যি নহওক কিয়, প্ৰাণৰ হেঁপাহ এক৷ তৰণি নোহোৱা দৈনন্দিনৰ মাজতে খনমা আৰু ঝুক ভেলীয়ে এইকেইদিন দলবদ্ধ হোৱাৰ সুযোগকণ আনি দিছে, এড্‌ভেন্‌চাৰ ট্ৰেকিং-কেম্পিঙৰ অচিলাৰে৷ এয়াও কিবা এক ভাগ্যহে বুলিব লাগিব৷ আনহাতে, নিৰ্দিষ্ট ঠাইলৈ নিজে নোযোৱাকৈ তথ্য-প্ৰযুক্তিৰ জৰিয়তে দৰ্শন লভা বাস্তৱতুল্য পৰ্যটনৰ সমৰ্থক আমি এজনো নহওঁ৷ সেয়ে সুযোগ আহোঁতেই দৌৰ মাৰিছোঁ ঝুক' ভেলীলৈ, খনমালৈ৷

পাছৰ ষ্টপেজত ওলাল ক্ষেত্ৰভিত্তিক অভিজ্ঞতাৰে ৰাজীৱে লেখা পৰেশ বৰুৱাৰ সন্ধানত কিতাপখন, তাত সন্নিৱিষ্ট তথ্যসমৃদ্ধ আৰু ভাবোদ্দীপক বৰ্ণনা সম্বন্ধে৷ দীপমইনা আৰু মই উভয়ে দুবাৰকৈ পঢ়িছোঁ ৰাজীৱৰ শ্বাসৰুদ্ধকাৰী বৃত্তান্ত৷ এতিয়া আমাৰ দুজনৰ মাজত আছে লেখক স্বয়ং৷ ৪৩ দিনীয়া ৰোমাঞ্চকৰ পদযাত্ৰাটোক লৈ দীপমইনাৰ সৈতে প্ৰশ্নোত্তৰ চলিব লাগিছে ঘনে ঘনে ৰৈ, মুখামুখিকৈ অৱস্থানৰত হৈ, নগা পাহাৰৰে এইটো প্ৰান্তৰ শেলুৱৈ জংঘলত৷ কথা গভীৰ, কণ্ঠ গহীন, খোজ ধীৰ৷ ৪ বছৰৰ পূৰ্বৰ সেই অজ্ঞাত গমনত কেপ্টেইন নিপেন দাসৰূপী ৰাজীৱ নিজেই সংবাদ শিৰোনাম হৈ পৰিছিল৷ ঢেৰ কথা পাতিছোঁ তেওঁৰ লগত, আমাৰ পূৰ্বৰ যাত্ৰাত৷ দীপমইনাই এইবাৰ প্ৰথম লগ পাইছে৷ সেয়েহে অনুসন্ধিৎসা তুংগত৷ পিছফালে মই নীৰৱ শ্ৰোতা৷ ৰৈছোঁ, শুনিছোঁ আৰু দূৰণিৰ ফটো তুলিছোঁ৷

ঘণ্টাৰ পাছত ঘণ্টা ধৰি নামি আছোঁ৷ শেষ যেন নহবই এই শৈল-সোপানৰ! 'আংগামী মানুহবোৰ কম নহয় দেই৷ কম কষ্ট স্বীকাৰ কৰি শিল কাটি পাৰি এই বাটটো বান্ধিছেনে! ভাবিবলৈকে টান৷ নামি থাকিয়েই ভোক লাগি গৈছে৷ উঠা হলেযে কি হলহেঁতেন!' বাকী দুজনৰ আগত ভোক লাগিছে বুলি কবলৈহে পালোঁ, অনুভূতি আৰু মতামত হুবহু মিলি গল৷ লগতহে একোটো নাই খাবলৈ৷ মোৰ বেগত এটা মাত্ৰ Bun আছে৷ আহিবৰ সময়ত ৰূমতে পাই কিয়নো এৰি থৈ যাব লাগে বুলিয়ে বেগত ভৰাই লৈছিলোঁ৷ চিন্তা কৰিলোঁ, তাকে উলিওৱা যাওক৷ এঠাইত ৰৈ হেঁপাহেৰে ৰাক্‌চেক্‌টোৰ গাঁঠি খুলিছোঁ৷ বান্দৰে পিঠা ভগোৱা গল্পটোলৈ আকৌ এবাৰ মনত পৰিল৷ ৱালঙলৈ যাওঁতে হেলমেট টপৰ পৰা নামি আহি লোহিতৰ হট্‌ স্প্ৰিঙত গা ধুই উঠি মোৰ লগত থকা এখন মাত্ৰ শুকান ৰুটিকে অৰুণদা, অনিলদা, সঞ্জু আৰু মই ভগাই খাইছিলোঁ, পানীয়ে কোবাই থকা মস্ত শিল এটাৰ ওপৰত বহি৷ এতিয়া এটা Bun তিনিভাগ কৰিব লাগিল দীপমইনা, ৰাজীৱ আৰু মোৰ মাজত৷ বৰ্ষাৰণ্যত এয়াই বৰভোজ৷ লগত পানী কেইঢোকমান৷ তাৰ পাছত চক্‌লেটৰ টুকুৰা৷ ভোক নপলায় বুলি প্ৰত্যেকেই জানো৷ জীৱনৰ গুপুত, নিৰ্ভেজাল আনন্দ এইবোৰ৷ কাচিৎহে কিবাকৈ ঘটে, কপালত থাকিলে৷ অলপ ৰৈ পুনৰ অৱৰোহণ৷

গছৰ পাতত সৰি পৰা বৰষুণৰ সৰ্‌-সৰ্‌ ধ্বনিৰ বাদে অন্য শব্দ নাই৷ নিৰ্জন আৰু ওপৰ-তল নেদেখা প্ৰাচীন অৰণ্য৷ তাৰ মাজত শিলৰ ষ্টেপ কেৱল ষ্টেপ৷ ইমান সৰ্পিলো নহয়৷ কিন্তু কিমান হ'ব পাৰে তাক আন্দাজ কৰিব নোৱাৰি৷ শেলুৱৈ ওলমি থকা গছ-গছনিবোৰলৈ চাই পৰিৱেশটো কিবা ভৌতিক ভৌতিক লাগি গৈছে৷ ইয়াত বাট হেৰালে হ'লেই আৰু! এই পৰ্যন্ত অন্য মানুহ-দুনুহো এটাও লগ পোৱা নাই৷ কেৱল আমাৰ দলৰ সদস্যসকলহে ভাগে ভাগে গৈ আছে৷ পৰ্টাৰবিলাক চাগৈ অনেক দূৰ পালেগৈ৷ সিহঁতৰ খৰ খোজত যোৱাৰ অভ্যাস৷ অৰুণাচলী প'ৰ্টাৰে আকৌ নিজকে নিজে কয় ৰকেট বুলি৷ 'হামলোগ ৰকেট হ্যায় ৰকেট৷' সিহঁতৰযে কি ডায়লগ! খোজবিলাকো তেনেকুৱা আৰু শক্তিশালীও৷ নগা প'ৰ্টাৰো শক্তিশালী৷ পিছে নিমাতে গৈ থাকে৷

অৰুণদা আৰু জয়ন্তদা আমাতকৈ কেইমিটাৰমান আগত৷ ওচৰা-উচৰিকৈ কথা পাতি পাতি নামি আছে৷ ঢেঁকীয়াজাতীয় উদ্ভিদ আৰু অন্য গছ-গছনিবোৰৰ ফাঁকেৰে মাজে মাজে ৰিণি ৰিণি দৃষ্টিগোচৰ হয়৷ আকৌ নেদেখা হয়৷ এবাৰ হঠাতে জয়ন্তদাৰ ৱাকিং ষ্টিকডালৰ কিবা বিজুতিয়ে ঘটিল নেকি, তেনেকুৱা যেন বোধ হল মোৰ৷ ওপৰত ৰৈ মনোযোগেৰে লক্ষ্য কৰি আছোঁ, তেওঁ সেইডালৰ লগত যুদ্ধ চলাই আছে৷ ভাল হল নেকি জানো, খোজ আগুৱাব ধৰিলে৷ আমিও নামিব ধৰিলোঁ, খুপি খুপি৷

মোৰ দৰে অৰুণদাৰ হাততো লাখুটি-চাখুটি নাই৷ প্ৰকৃতিব্যাকুল ভ্ৰমণ অনুৰাগীজনৰ কান্ধত কাৰবি মোনা৷ তাৰ ভিতৰত পানীৰ বটল এটা৷ ভাগৰ অনুভৱ কৰিলে ৰয়৷ পানী এঢোক খায়৷ তাৰ পাছতে জয়ন্তদাক হাতৰ টিপতে কিবা এটা দিয়ে৷ চিন্তা কৰিছোঁ, কি হব পাৰে সেয়া? চক্‌লেট চাগৈ৷ কালি উঠাতকৈ আজি নামি আৰাম পাইছে যেন লাগিছে দুয়োকে৷ কিন্তু একে লেথাৰিয়ে নামি নামি আঁঠুৰ ঘিলাযে এসময়ত বিষাই যাব, গম হয়তো পোৱাই নাই৷ বাকীসকলতো আগতেই নিৰুদ্দেশ৷ নামিবলৈ পাই বৰ মজা পাইছে৷ উঠাৰ সমান ভাগৰুৱা হৈ পৰা নাইতো, সেয়ে ট্ৰেকটোত কাকো ৰৈ-বহি থকা অৱস্থাত দেখা নাই৷ ভৰি চলি আছে৷ মোৰহে নেকি, খোজবোৰ মাজে মাজে আখজা আখজা লাগিছে৷ ভাল কথা এইটোৱেই যে ৰাজীৱৰ ধীৰ পদচালনাই সোনকালেই প্ৰকৃতিস্থ হোৱাত মোক সহায় কৰিছে৷ একে লেথাৰিয়ে নামোঁতে সন্মুখীন হোৱা এনে অসুবিধাৰ বাবেই চাগৈ, কোনোবাই কয়, পৰ্বতত উঠিবলৈ ভাল, নামিবলৈহে বেয়া৷



No comments:

Post a Comment