৩.. ঝুক'ৰ শীৰ্ষত উঠিলোঁ
আমাক ডিমাপুৰলৈ নিবৰ বাবে দুখন টাটা ছুম’ সিটো মূৰে যথাস্থানত ৰৈ থাকিব৷
গাড়ী দুখন ক’হিমা চহৰৰ পৰা মাতি পঠাবৰ বাবে
ফোন কৰিবলৈ পুৱাতে মোৰ চে'লফোনটো খুজি লৈ কেভিচৰ
সৈতে দীপমইনা দুৱৰা গজং গজংকৈ এইফালেই ওলাই আহিছিল৷ পৰ্বতৰ ওপৰৰ কোনোবা এক অৱস্থানত বি.এছ.এন.এল.ৰ নে’টৱৰ্ক পোৱা যায়৷ প’ৰ্টাৰবোৰে ভালকৈ জানে৷ উভতি
গৈ ফোনটো দিওঁতে সোধাত ড্ৰাইভাৰৰ সৈতে যোগাযোগ হোৱা বুলি ক’লে৷ সময় হিচাপ কৰি তেওঁলোক গাড়ী লৈ পাদদেশত হাজিৰ হ’বহি৷ গতিকে এই বিষয়ত চিন্তাৰ মুঠেই প্ৰয়োজন নাই৷
১১.৩৫৷ ৰাজীৱৰ পাছে পাছে বগাই বগাই ঝুক’ টপ পালোঁহি৷ এই এলেকাৰ বতাহ সম্পৰ্কে গাইডে ই-মেইলত
আগতেই উল্লেখ কৰিছিল৷ শীৰ্ষত থিয় হৈ এতিয়া অনুভৱ কৰিছোঁ, বতাহৰ সোঁত কিমান প্ৰচণ্ড
হ’ব পাৰে৷ যেন হেলিকপ্টাৰহে ঘূৰি আছে মূৰৰ ওপৰত! বৰষুণৰ
কণিকাবোৰ উৰুৱাই লৈ আহিছে৷ গালে-মুখে কোবাইছে৷ অবিশ্বাস্য বাতাবৰণ৷ ইফালে-সিফালে চাওঁতে কেইফুটমানৰ পৰা আৰু একো দেখা পোৱা নাই৷ পিঠিত ৰাক্চেক্টো আছে বাবেহে থিৰেৰে থকাটো মোৰ পক্ষে
সম্ভৱ হৈছে৷ অন্যথা টেঁটেৰা দেহাটো চকুৰ পচাৰতে উৰুৱাই নি সৌফালে একলেখীয়া কৰি পেলালেগৈহেঁতেন
কিজানি৷ এইটো কাৰণতে ইয়াত ৰৈ ধেমালি কৰি থকা নৰমনিচ এটাও দেখিবলৈ নাই৷ আমাৰ দলৰতো কোনো নায়েই৷
অকলশৰীয়াকৈ এই মুহূৰ্তত কেৱল মই আছোঁ৷ সাংঘাতিক এটা চেলেঞ্জ লৈ অলপ সময় থিয় দি
চাইছোঁ, কিনো হয়৷ সাৱধানতা, সজাগতা, সতৰ্কতা প্ৰথম তথা শেষ চৰ্ত৷ তাৰ জোৰতে এনেবোৰ কাণ্ড কৰি কিবা এটা মজা লাগে৷ পাছত আনক ক'ব পাৰি৷ এয়াই এড্ভেন্চাৰ৷ অন্যথা সৰল কাহিনী মাত্ৰ৷
ছাৰ এডমাণ্ড হিলাৰীয়ে এভাৰেষ্টত ক্ৰছ এডাল পুতি
থৈ আহিছিল হেনো৷ ফু দৰ্জীয়ে বুদ্ধৰ মূৰ্তি এটা এৰি থৈ আহিছিল৷ এয়া এভাৰেষ্ট নহয়৷ মোৰ
হাততো ইয়াত থৈ যাবলৈ তেনেকুৱা একোটো নাই৷ ট্ৰেকাৰ্ছ কেম্পত কালি দেখা বেনাৰখনত লিখা আছিল... ‘Don’t leave anything
behind.’ এনেতে ঝুক'ৰ শীৰ্ষস্থলত পৰি থকা শিল এটাত চকু পৰিল আৰু 'লৈছোঁ দেই' বুলি থিতাতে বুটলি ল'লোঁ৷ আদিপুৰুষ আদমে হেনো স্বৰ্গৰ পৰা চিন হিচাপে শিল এটাই আনিছিল, অনুমতিসাপেক্ষে৷ আৰু ময়ো চাগৈ প্ৰকৃতি-মাতৃক জনাই এইটো ঘৰলৈ লৈ গ'লে ভূস্বৰ্গ বুলি অভিহিত ঝুক'ৰ একো ক্ষতি নহ'ব৷ আনহাতে, আদমৰ দৰে উপাসনাথলীত প্ৰতিষ্ঠা কৰাৰ কোনো অভিপ্ৰায় নাই মোৰ৷ ইয়ালৈ অহাৰ স্মৃতিচিহ্ন
হ’ব এইটো৷ এনেকুৱা কেইবাটাও শিল মোৰ গোট খাইছে৷ সিবোৰৰ দৰে এই শিলটোৰ ওপৰতো লিখা থাকিব আজিৰ তাৰিখ আৰু স্থান৷ সামান্য যেন লগা শিলটোৱে ভৱিষ্যতৰ দিনবোৰত সোঁৱৰাই থাকিব, মই যে Heaven on earthলৈ আহিছিলোঁ৷ ৰোমন্থন কৰোৱাই থাকিব, আমি যে আলোড়নকাৰী ঝুক’ ভেলীৰ সান্নিধ্য পাইছিলোঁ৷ পদচালনা আৰু দুঃসাহসিক যাত্ৰাৰ প্ৰতি উৎসাহ যোগাই যাব অনাগত দিনবোৰত৷ খোপনি আৰু বতাহৰ গতিটোলৈ সংগোপনে লক্ষ্য ৰাখি নাতিবৃহৎ শিলটো ততালিকে ৰাক্চেক্ৰ নে’টখনত আবদ্ধ কৰি পেলালোঁ৷ অধিক সময় ৰোৱাটো বিপদজনক৷
পলে পলে এতিয়া মন্ত্ৰ মতাৰ অনুৰূপ মাথো এটা বাক্যৰে উচ্চাৰণ... How green is my valley! বেছি দূৰলৈ দেখা নাযায়৷ কিন্তু যিখিনিলৈকে মনিব পাৰিছোঁ, সেউজীয়াৰ
বাহিৰে অন্য নাই৷ আচৰিত মানিবলগীয়া ধৰণে সেউজীয়াৰ সমাৱেশ! ফৰকাল বতৰত এই সেউজ শিখৰৰ চৌদিশৰ ৰূপসুষমা চাবলৈ যি দেখিছোঁ আকৌ এবাৰ নাহিলেই নহ’ব৷ ইয়াকে লৈ আগলৈ মনটোৱে কুটকুটাই থাকিব৷ ভৰি দুখন দাং খাই থাকিব৷ নিশ্চিতভাৱে৷
প্ৰকাণ্ড শিল এটাৰ ফাঁকেৰে ট্ৰেকটো তললৈ নামি গৈছে৷ ৰৈ থকাখিনিৰ পৰা সমূলি দেখা নাযায় সিফালে কি আছে৷ শিলটোৰ গাত যেনি-তেনি অগণন নামে শোভা কৰিছে৷ বুজিলোঁ, এয়া ঝুক' ভেলী ভ্ৰমণকাৰীৰ গৰ্বিত প্ৰকাশ৷ অৰুণদা আগে-ভাগে গুচি গ'ল৷ নহ'লে সুধিব পাৰিলোঁহেঁতেন, 'আমাৰো নামকেইটা লিখোঁ নেকি দাদা' বুলি৷ অৰুণদাই হাঁহিলেহেঁতেন, নালাগে বুলি ক'লেহেঁতেন৷ শিলটোৰ পৰা দৃষ্টি নমাই আনিলোঁ৷ দাঁতিত সিঁচৰতি হৈ পৰি থকা সৌবোৰ কি? চিপ্চৰ পেকেট, মৰ্টনৰ বাকলি, বিস্কুট-চকলেটৰ পেকেট ইত্যাদি ইত্যাদি৷ এয়াহে দেখি অকণো ভাল লগা নাই৷ কোনোবা ভ্ৰমণকাৰীৰে অবিবেচক কাম হ'ব৷ খং উঠিল পেটে পেটে৷
বতাহৰ পৰা থাউনি নাপাই অৰুণদা, জয়ন্তদাহঁত অথনিয়ে নিৰাপদ স্থানলৈ নামি গ’ল৷ নামিবলৈ লৈ খোজৰ হিচাপ মিলাব পৰা নাই ৰাজীৱে৷ এবাৰ বহিছে, এবাৰ উঠিছে৷ চোঁচৰি যাবলগীয়াত পৰিছে৷ কাৰবাৰটো দেখি মোৰ হাঁহি উঠিছে৷ হাতত থকা ছাতিটো জপাই আগুৱাই দিছে দীপমইনাই, 'এইটোতে খামোচ মাৰি লওক' বুলি৷ দুয়োৰে গতি-বিধি নিৰীক্ষণ কৰিব পৰাকৈ সেইখিনিতে ওপৰত ৰৈ আছোঁ৷ শেষবাৰলৈ বিহংগম দৃষ্টি ঘূৰাই ঝুক’ ভেলীক গধুৰ মনে বিদায় নমস্কাৰ জনালোঁ আৰু ফাঁকটোৰে সাৱধানে অৱৰোহণ আৰম্ভ কৰি দিলোঁ৷ ইমানপৰে বগাই উঠি অহাৰ পাছত এতিয়া নমা কাম৷ ষ্টেপবিলাকত ঠায়ে ঠায়ে পানী জমা হৈ আছে৷ এইডোখৰত বাটটো কিছু অাখজা৷ সেয়েহে ৰাজীৱৰ সময় লাগিল৷ আচলতে এয়াহে অৱৰোহণৰ আৰম্ভণি৷

পাহাৰৰ গাত খাজ কটা, শিখৰ দেখা নোপোৱা পিছল বাট
এটাৰে কালি উঠি আহিছিলোঁ, ট্ৰেকিং পইণ্টৰ পৰা ৱাটাৰ পইণ্টলৈ৷ শিলাময় ট্ৰেক এটাৰে কেইবা কিল'মিটাৰ একেৰাহে নামি গৈ থাকিব লাগিব এতিয়া৷ ওলোটাকৈ ভাবি চালোঁ৷ এইটো ট্ৰেকেৰে ঝাখামাৰ ফালৰ পৰা উঠি আহিলে এইখিনি পোৱাৰ লগে লগে দেখা যাব অন্য এখন পৃথিৱী৷ ঠিক যেন গাঁতৰ পৰা ওলোৱাৰ সদৃশ কাৰবাৰ৷ সেয়ে নিজকে এতিয়া গাঁতত সোমাবলৈ উদ্যত হোৱা যেন লাগিছে৷ ইয়াত ৰৈ তললৈ চাই দেখিছোঁ, অটব্য অৰণ্য৷ ৰেইন ফৰেষ্টৰ আৰম্ভণি৷ ৱাটাৰ পইণ্টত এক দৃশ্যপট, ইয়াত এক দৃশ্যপট৷
মোৰ আগত ৰাজীৱ৷ ৰাজীৱৰ আগত দীপমইনা৷ ধীৰে ধীৰে৷
ৰ’দ সৰকিব নোৱাৰা জংঘলৰ মাজেৰে
এটা এটাকৈ খটখটি সাৱধানে নামি অভিযাত্ৰীসকল যাব ধৰিছে৷ বৰষুণ টোপ টোপ৷ শিলত ভৰি কেনেবাকৈ
পিছলিলে কঁকাল যাব৷ নাৰ্ছিং হ'ম পায় মানে আধ্যাই পৰিবগৈ! সেয়েহে ভাল গ্ৰীপ থকা জোতাৰ দৰকাৰ৷ আদিম অৰণ্যত পৰুৱাই পালেও কি
হ’ব ঠিকনা নাই৷ গতিকে পদে পদে মনঃসংযোগ ৰক্ষা কৰি চলাটো অতি প্ৰয়োজন৷ জয়ন্তদা, অৰুণদা আগত গৈ আছে৷ অৰূপদা, মাধৱদা, চেলেং, প্ৰবীণ, সুবীৰহঁতৰ টিকনিকে দেখিবলৈ নাই৷ আৰু প'ৰ্টাৰহঁত? কিমান আগ বাঢ়িল বাৰু? নামিবলৈ পাই কোনেও কালৈকো বাট চোৱাই নাই৷ ঘপাঘপ যাব ধৰিছে৷ যেন এতিয়াই পাহাৰতলি পাই যাব! নমাত কষ্ট কম৷ গতিকে আৰাম পাইছে নিশ্চয়৷
ঝুক’
ভেলীলৈ আহিবলৈ হ’লে
আগতে ট্ৰেকাৰ্ছে পোনতে ভিশ্বেমা গাঁৱলৈ আহিছিল৷ উপত্যকাত উপস্থিত হ’বলৈ দুদিন লাগি গৈছিল৷ ১৭ কিল’মিটাৰ দীঘল পাৰ্বত্য পথত ৫-৬
ঘণ্টা খোজ কঢ়াৰ অন্তত বাটত ৰাতিটো কটাই দ্বিতীয় দিনাহে ওলাইছিলগৈ ঝুক’ ভেলী৷ ঝাখামাৰ পথটো হোৱাৰ
ফলত দূৰত্ব ১৫ কিল’মিটাৰ
হৈ পৰিল৷ ভিশ্বেমা হৈ অহা-যোৱা
কৰা পথটো দীঘলীয়া৷ পাহাৰ বগাবলগীয়া এলেকা এইটো পথটোতকৈ তুলনামূলকভাৱে কম হ'লেও সেউজীয়াৰ মাজে মাজে অকাই-পকাই খোজ কঢ়াৰ পৰিমাণ বেছি৷ তাৰ তুলনাত এইটো হেনো শ্বৰ্টকাট৷ আহোঁতে সিটো বাটৰ সোৱাদ ল'লোঁ৷ এতিয়া এইটো বাটৰ পাম৷ অজান অৰণ্য এখনত সোমাবলৈ উদ্যত হওঁতেই কৌতূহল এসোপামানে মনটো আৱৰি পেলালে৷
No comments:
Post a Comment