.১০. পাই গ’লোঁ স্বপ্নৰ পথৰ সন্ধান
কেবিন্যু আংগামীৰ নিৰ্দেশত ট্ৰেকিং পইণ্টত আমি গাড়ীৰ পৰা নামি দিলোঁ৷ কোন কেতিয়াবাৰে পৰা ব্যাকুল কৰি ৰখা ভূভাগৰ এই পালোঁ প্ৰথম স্পৰ্শ৷ ঝুক' ভেলীৰ মিঠা সুবাস এটাই আমাক যেন এতিয়াই মুহি পেলালে! জংঘলৰ মাজত নতুন পৰিৱেশটোত থিয় দিয়াৰ লগে লগে বুজাব নোৱাৰা শিহৰণ কিছুমানে প্ৰতিজনৰে মুখমণ্ডলৰ বৰণ তৎক্ষণাৎ সলনি কৰি পেলোৱাটো আলেঙে আলেঙে লক্ষ্য কৰিছোঁ৷ সহজেই ধৰিব পাৰিছোঁ, উষ্ণতা তলতকৈ কেই ডিগ্ৰীমান কম৷ হাত-ভৰিবোৰ অকণমান পোনাই-মেলি লোৱা হ'ল৷ এটা ৱাৰ্ম-আপ্ৰ দৰকাৰ৷ তাৰ পাছত ড্ৰাইভাৰ আৰু প'ৰ্টাৰৰ সহযোগত ধৰাধৰিকৈ গাড়ী দুখনৰ কেৰিয়াৰত বান্ধি অনা টোপালা-টাপলিবোৰ নমাই একাষৰীয়া কৰা হ’ল৷ কামটোৱে গাটোত অকণমান হ'লেও গৰম উঠাব বুলি ভাবি হাত দিছিলোঁ৷ পিছে ক'তা? ৰৈ ৰৈ ঠাইখিনিৰ আলেখলেখ চোৱাতহে ধ্যান বেছি হ'ল৷ শিলাময় নিজৰা এটা ওপৰৰ পৰা নামি আহিছে৷ নিৰ্মল, স্বচ্ছ পানী৷ খল্ খল্ শব্দৰ ধ্বনি-প্ৰতিধ্বনি৷ ইয়াৰ বাদে কেওফালে নীৰৱ৷ নীৰৱতাৰ ভক্ত মানুহৰ বাবে এইখন এখন আদৰ্শ ঠাই বুলি শুনিছিলোঁ৷ নীৰৱতাৰ সৌন্দৰ্য বিচাৰিয়ে আহিছোঁ আমি৷ আৰম্ভণিতেই কিবা এটা ভাল লাগি গ'ল৷ আগলৈ ভালকৈ চাওঁতে দেখিলোঁ, ক’লা পি.ভি.চি. পাইপ এডাল আছে৷ সেইডালেৰে ওপৰৰ পৰা পানী বোৱাই অনা হৈছে৷ কিমান ওপৰৰ পৰা? নাজানো৷ কিন্তু জানিব লাগিব৷ চকু-কাণ, মন-মগজু চব খোলা ৰাখিব লাগিব প্ৰতিটো মুহূৰ্ততে৷ কেমেৰাতো ধৰি ৰাখিব পাৰিব লাগিব প্ৰতিখন দৰকাৰী ছবি৷
আৰু বৰ বেছি ৫ বা ৬ মিনিট৷ দীপমইনা, কেভিচ, থমাচহঁত আহিয়েই পোৱা নাই৷ মাৰ্টিনে ট্ৰেইলটো আঙুলিয়াই দিবলৈহে পালে, যেন আমি পাই গ'লোঁ স্বপ্নৰ পথৰ সন্ধান! কোনে আৰু ৰৈ থাকে? মিহি মিহিকৈ সৰি থকা বৰষুণজাক মূৰত লৈয়ে যাবলৈ ওলালোঁ৷ যেন কঠিন মেচ এখন খেলিবলৈ ড্ৰেচিং ৰূমত ষ্টাৰ প্লে’য়াৰসকলহে সাজু হৈছে! ৰাইজৰ কুচকাৱাজ দেখি তেনেকুৱা যেনেই লাগি গ'ল৷ আটায়ে অৱগতও যে খনমা-ঝুক' এড্ভেন্চাৰ ট্ৰিপটোৰ ফাইনেল খেলাখনৰ কিক্ অফ্ হ’ব দৰাচলতে এতিয়াহে৷ সুবীৰ আৰু প্ৰবীণে ছাতি মেলি লৈছে৷ জুৰিটোৰ দাঁতিতে ৰৈ কিবা কথা পাতিছে৷ মাজে মাজে কাপোৰ, টুপী আদি ঠিক-ঠাক কৰিছে৷ অৰূপদাকে ধৰি কেইজনমানে ৰেইন কোট পিন্ধি আছে৷ মোৰ ৰেইন কোট নথকা নহয়৷ ৰাক্চেকৰ ভিতৰত সোমাই আছে৷ উলিয়াম জানো? ওপৰলৈ মূৰ তুলি বৰষুণৰ কণিকাবোৰ লক্ষ্য কৰিলোঁ৷ হাতৰ তলুৱাত পৰিবলৈ দিও চালোঁ৷ লাগোতে ঠাণ্ডা অকণমানো নলগা নহয়৷ তথাপি, ‘এহ, পাৰিম যা’ বুলি নুলিয়ালোঁ৷ ৰিস্ক লৈ ল'লোঁ৷ অথনি দীপমইনাই অৰুণদাক কি কৈছিল? 'সেইটোৱেইতো এড্ভেন্চাৰ৷' এতিয়া নিজকে নিজেও এইবুলিয়ে প্ৰবোধ দিলোঁ৷ অৰুণদাৰ প্ৰাৰ্থনাই চাগৈ বৰষুণজাক কমাই আনিলে৷ ক্ষীণকৈ পৰি আছে যদিও বৰষুণ নহয়, এয়া পুষ্প-বৃষ্টি হিচাপে ধৰিছোঁ৷ পুষ্প উপত্যকাৰ পুষ্প-বৃষ্টি৷ পদযাত্ৰাৰ আৰম্ভণিতে৷ যি নাপায়, সিহে পস্তায়৷ আৰু যি পায়, সি আশীৰ্বাদৰূপে ল'ব লাগে৷ তাতোকৈ বেছি ভবাৰ প্ৰয়োজনেই নাই৷ গৈ থাকিব লাগে৷ গতিয়েহে আনি দিয়ে স্বপ্নৰ ঝুক' ভেলী৷
নিজৰ বস্তু নিজে কঢ়িয়াম৷ অভ্যাস আৰু স্থিৰ সিদ্ধান্ত এটা আগৰে পৰাই লোৱা আছে৷ মালবাহক থাকিলেও কাকো মোৰ ভাগৰ বোজা ববলৈ দি কষ্ট খুউৱাত নাই৷ পৰ্বতত এক কেজি ওজন বঢ়া মানেই অভিশাপ৷ ইফালে মোৰ বেক্পেক্টো আটাইতকৈ গধুৰ বুলি ইতিপূৰ্বে দুবাৰকৈ প্ৰমাণিত হৈছে৷ হ'লেও হওক, নেৰোঁ৷ নিব পাৰিবই লাগিব৷ পানী কেইঢোকমান গিলিলোঁ আৰু ৰাক্চেক্টো তুলি ল’লোঁ পিঠিত৷ প্লাষ্টিকৰ ঠোঙাত ঘৰৰ পৰাই সুমুৱাই নিয়া মস্ত শ্লিপিং বে’গটো৷ সেইটো এহাতে লৈছোঁ৷ ডিঙিত কেমেৰা৷ মূৰত টুপী৷ বাকীসকলৰ বস্তুবোৰ তাতেই দুজন প'ৰ্টাৰৰ জিম্মাত ৰাখি দিয়া হ’ল৷ তৃতীয়টো দল ইফালে আহি পোৱাই নাই৷ কেতিয়া পাইহি তাৰো পাত্তা নাই৷ কাৰণ আমি ইয়াত থকা সময়খিনিত গাড়ীখন নোলালহি৷ ফচিল চাগৈ৷ কোনোবা কোনোবাই পানীৰ বটল, কেমেৰা আদি ভৰোৱা পাতল বে’গ একোটাহঁত লগত লৈছে৷ অৰুণদাৰ আকৌ বে’গ হ'লগৈ তিনিটা৷ কাৰবি জাম্বৰং এটাও আছে৷ কেমেৰাৰ ষ্টেণ্ডো আছে৷ তাৰে দুটা এৰি থৈ এটা মাৰ্টিনৰ পিঠিত লাদি দিয়া হ’ল৷ লগত নিয়া ডাঙৰ পলিথিন এখন সি পাছফালে পেলাই ডিঙিত গাঁঠি দি লৈছে বৰষুণৰ পৰা বাচিবলৈ৷ আৰু এক নগা টেক্নিক৷ ভাল লাগিছে বুদ্ধিটো৷ পানী চোলাতকৈ বেছি কাৰ্যকৰী যেনহে লাগিছে৷ থাকোঁতে পলিথিন এখন মোৰ লগতো আছে৷ গুৱাহাটী ৰে'লৱে ষ্টেচনৰ প্লে'টফৰ্মত বাগৰিবলৈ ২০ টকা দি এদিন কিনা হৈছিল৷ কামত আহিব বুলি লৈ আহিছোঁ৷ আইডিয়াটো পালোঁ যেতিয়া দৰকাৰ হ'লে উলিয়াম৷ এতিয়া থাওকচোন৷
এজন এজনকৈ জুৰিটো অতিক্ৰম কৰি ঝুক' ভেলীলৈ ট্ৰেকিং আৰম্ভ হৈয়ে গ’ল আমাৰ৷ মাধৱদাই দীঘলীয়াকৈ হুইছেল বজাই দিলে৷ ভাল হৈছে যে তেওঁ এটা হুইছেল আনিবলৈ পাহৰা নাই৷ নগা পাহাৰত ৰজনজনাই গ'ল সেই শব্দ৷ পাৰ ভঙা উৎসাহে সকলোকে চুই গৈছে৷ তাৰ প্ৰকাশ মাত-কথাত বাৰুকৈয়ে ফুটি উঠিছে৷ আচল গাইড ক’ৰবাতে থাকিল! উৎসাহে স্থবিৰতাক চেৰ পেলালে৷ ১০ বাজি ৪০ মিনিট৷ সময়টো মোৰ পকেট নোটবুকত টুকি থ'লোঁ৷ আমূল ডেইৰী মিল্কৰ সৰু টুকুৰা এটা মুখত লৈ ময়ো মিছিলটোক অনুসৰণ কৰিবলৈ শাৰীৰিক, মানসিক, আৱেগিক, সৰ্বতোপ্ৰকাৰে সাজু হ'লোঁ৷ অগা-পিছাকৈ একেলগে যাত্ৰা কৰাটো নিয়ম৷
এজন এজনকৈ জুৰিটো অতিক্ৰম কৰি ঝুক' ভেলীলৈ ট্ৰেকিং আৰম্ভ হৈয়ে গ’ল আমাৰ৷ মাধৱদাই দীঘলীয়াকৈ হুইছেল বজাই দিলে৷ ভাল হৈছে যে তেওঁ এটা হুইছেল আনিবলৈ পাহৰা নাই৷ নগা পাহাৰত ৰজনজনাই গ'ল সেই শব্দ৷ পাৰ ভঙা উৎসাহে সকলোকে চুই গৈছে৷ তাৰ প্ৰকাশ মাত-কথাত বাৰুকৈয়ে ফুটি উঠিছে৷ আচল গাইড ক’ৰবাতে থাকিল! উৎসাহে স্থবিৰতাক চেৰ পেলালে৷ ১০ বাজি ৪০ মিনিট৷ সময়টো মোৰ পকেট নোটবুকত টুকি থ'লোঁ৷ আমূল ডেইৰী মিল্কৰ সৰু টুকুৰা এটা মুখত লৈ ময়ো মিছিলটোক অনুসৰণ কৰিবলৈ শাৰীৰিক, মানসিক, আৱেগিক, সৰ্বতোপ্ৰকাৰে সাজু হ'লোঁ৷ অগা-পিছাকৈ একেলগে যাত্ৰা কৰাটো নিয়ম৷
ইফালে সিফালে চাই ধীৰে ধীৰে ১৫ মিনিটমান৷ পাক এটা ঘূৰোঁতেই সন্মুখত ওলাল Way to Dzükou -SASU বুলি সেউজীয়াত বগা বৰফলা আখৰেৰে লিখি দিশৰ নিৰ্দেশনা দি থোৱা এখন চাইনব’ৰ্ড৷ SASU মানে চাউদাৰ্ণ আংগামী ষ্টুটেণ্টচ ইউনিয়নেই বুজাইছে হ'বলা৷ পাছফালে জংঘলৰ মাজত টিনপাতৰ ঘৰ এটা৷ কাঠৰ দৰজা এখন আছে যদিও বন্ধ৷ গাড়ীৰ নম্বৰ প্লে’ট এখন (NL01G-6170) গজাল মাৰি দৰজাত লগাই থৈছে৷ এইটো আকৌ কি কথা? দেখি হাঁহি উঠি গ'ল৷ বগা ৰঙেৰে ইংৰাজীত কিবাকিবি লিখাও আছে দৰজাখনত৷ ওপৰৰ লেখাখিনিৰ ভিতৰত Longmisa Village শব্দ দুটাৰ বাহিৰে বাকী একো নুবুজিলোঁ৷ তলৰখিনিত পঢ়িলোঁ... Its URSG. It's mine. Pliz donot damage anything. Founders can't get food. কিনো কৈছে, কাক কৈছে, ঘৰটোৰ ভিতৰতবা আছে কি, নাজানো৷ উৎসুকতা থাকিলেও গৱেষণাৰ নামত বেছি সময় ব্যয় কৰিব নোৱাৰি৷ সংগীসকল উৎসাহী গতিৰে সোঁহাতে পকাই ধাৱমান হৈছে৷ এনেকুৱা ভাব, যেন সন্মুখৰ ষ্টেপকেইটা উঠিলেই পাই যাব স্বপ্নৰ ঝুক' ভেলী! ফটো তোলাৰ হেঁপাহত মইহে পাছ পৰি ৰ'লোঁ৷ অচিন জংঘলত অকলশৰীয়া হৈ পৰাটো ভাল কথা নহয়৷ আশংকাটো মনলৈ অহাৰ লগে লগে ঘৰটো এৰি থৈ গতি মোৰ বৃদ্ধি কৰিবলগীয়া হ'ল৷ খোজৰ লগে লগে ট্ৰেকটোৰ ধাৰাবাহিক ফটো তুলি যাবলৈ হ'লে নেৰিলোঁ৷
এইখিনিৰ পৰা হাইকিং আৰম্ভ হৈছে৷ সন্মুখৰ ৰেহ-ৰূপ দেখিয়েই বুজি গ'লোঁ যে একেৰাহে উঠিয়েই থাকিব লাগিব৷ বৰষুণ পৰি পিছল হৈ থকা এটা লুংলুঙীয়া বাট৷ মাজে মাজে শিলৰ ষ্টেপ কিছুমান৷ গছৰ শিপাৰ খটখটিও পাইছোঁ৷ ৰেইন ফৰেষ্ট এলেকা৷ তাৰ মাজেৰে আগুৱাইছোঁ আমি৷ মনত অনামী পুলক জাগিছে৷ শীতলতা অনুভৱ হৈছে৷ জংঘলত মৰা উকিটো নিজে নিজেই ওঁঠলৈ আহি গৈছে৷ প্ৰতিধ্বনিত হৈ আকৌ যেন ওঁঠলৈকে ঘূৰি আহিছে৷ খোজ
দিওঁতে শেলুৱৈত যাতে পিছল নাখাওঁ তাৰ বাবে সতৰ্ক হৈ চলিছোঁ৷ ''সাৱধান দেই, বাট পিছল৷'' আনকো চিঞৰি চিঞৰি সাৱধান-বাণী শুনাইছোঁ৷ দুকাষৰ গছ-গছনিবোৰৰ পৰা ওলমি
আছে শেলাইজাতীয় উদ্ভিদ৷ শেলাই হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি উদ্ভিদ৷ বৰ্ষাৰণ্যৰ মাজত লাহেকৈ আমাৰ সন্মুখত আহি পৰিছে আগতকৈ আৰু অকণমান থিয় বাট৷ ইউ টাৰ্ণ কিছুমানো আছে৷ উঠিয়ে পাক লৈ আকৌ উঠে ট্ৰেকটো৷ বেছি দূৰলৈকে দেখাও নাযায়৷ এইটোক moderate level trekking route বুলি গণ্য কৰা হয়৷ মানে সহজ জাতৰ নহয়৷
আমাৰ মুঠ ১৬জনীয়া দলটোৰ ১০জনে এতিয়া নাগালেণ্ড-মণিপুৰ সীমান্তৰ
Mount Teyozwü বগাই আছোঁ৷ আগৰ
মানুহবোৰৰ মনত ভয় আছিল বন্য জীৱ-জন্তুলৈ৷ আমাৰ দেখোন কাৰো তেনেকুৱা ভয় নাই লগা৷ আনন্দহে
লাগিছে সকলোৰে৷ শাৰী পাতি খুপি খুপি গৈ আছে দলটো৷ চিঞৰ-বাখৰেৰে মাজে মাজে খলক লগাইছে৷ জন্তুৰ মাত উলিয়াইছে কোনোবাই৷ পদে পদে জাগিছে নতুন কৌতূহল৷ পৰ্বতৰ সিপাৰে আছে কি? অলপ জানো, সৰহ
নাজানো৷ সেয়েহে চাক্ষুস সত্যৰ সন্ধানত এটা দুৰ্গম আৰু কষ্টকৰ আৰোহণ-যাত্ৰা চলিছে সদলবলে৷ লাহে লাহে ইজন সিজনৰ মুখৰ পৰা বাজ হ'বলৈ আৰম্ভ কৰিছে উঃ, আঃ শব্দবোৰ৷ খেলাখন গহীন হৈ গৈ আছে৷
অৰুণদা ক'ত? বাঃ ইমান আগুৱাব পাৰিছেনে? ভাল কথা দেখোন! ভাবিছিলোঁহে মাত্ৰ৷ সন্মুখত মাৰ্টিন আৰু অৰুণদাক ৰৈ থকা দেখা পালোঁ৷ তেওঁ আকৌ মই ক’ত থাকি গ’লোঁ বুলিহে বোলে চিন্তা কৰি আছিল৷ ভৰি দুখন অৱশ হৈছে বুলি ক'লে৷ মিলেনিয়াম ছানৰাইজ স্পট বুলি জনাজাত অৰুণাচল প্ৰদেশৰ ডঙলৈ
ট্ৰেকিং-হাইকিং কৰাৰ সময়ত মই অৰুণদাৰ লগে লগে আছিলোঁ৷ সঞ্জু আগত, পেটেল পাছত আছিল৷ ভাগৰত ভাগি পৰা সত্ত্বেও কথাৰ ছলনাৰেই ডেৰ ঘণ্টাত ডেষ্টিনেশ্বন
পোৱাই দিছিলোঁ৷ সেয়ে এতিয়াও মোক তেওঁৰ কাষত থকাটো বিচাৰে৷ মই জানো যে সহজৰ পৰা মধ্যমীয়া এই ট্ৰেকটোত প্ৰয়োজন হোৱা ফিটনেচ বুলিবলৈ ১০০ শতাংশই শাৰীৰিক-মানসিক-আৱেগিক কথা৷ তাকে মানি এটা গতিত একাদিক্ৰমে উঠি থাকিলেই হ'ল৷ ভাগৰ লাগিলে মাজে মাজে জিৰালেই হ'ল৷ শীৰ্ষ কেতিয়া
পামগৈ নাজানো৷ অৰুণদা ভাগৰত ঘনে ঘনে দিশহাৰা হৈ পৰে৷ ঠায়ে ঠায়ে ৰৈ যায়৷ দম ঘূৰাই অনাবলৈ পাথৰত বহুৱাওঁ, অ'.আৰ.এছ. খুৱাওঁ, চকলেটৰ টুকুৰা মুখত দিওঁ৷ নিজেও লওঁ৷ এইবোৰ কৰোঁতে কৰোঁতে আমি তিনিও পাছ পৰি গ'লোঁ৷ বাকীবোৰ আগ বাঢ়ি থাকিল৷
আকাশখন আজি ডাৱৰীয়া৷ ফৰকাল বতৰতো এনেহেন পুৰণি,
ঘন আৰু ওখ-ডাঙৰ গছবোৰৰ কাৰণে সূৰ্যটো ওলালেওযে সহজে দেখা নাযাব সেইটো বুজিব পাৰি৷ পিছল, খলা-বমা ট্ৰেকটোৰ মই ফটো তুলি গৈছোঁ৷ হাত আৰু কাণত ঠাণ্ডা লাগিছে৷ একেৰাহে ৫০-৬০ ডিগ্ৰী কৌণিকভাৱে আৰোহণ কৰাৰ ফলত অন্তৰ্বাস পৰ্যন্ত দেহা ঘামি গৈছে ঠিকেই৷ অথচ
বিশ্ৰাম কৰোঁ বুলি কিছু সময় অৱস্থানৰত হ’লেই শীতে আক্রমণ কৰেহি৷ গণি গণি ১০ খোজ৷ বৰ বেছি ১২ খোজ৷
ৰ’বই লগা হয়৷ হাওঁফাওঁৰ গতি খৰ
হৈ পৰে৷ দীঘল দীঘলকৈ উশাহ টানি লাহে লাহে স্বাভাৱিক কৰি ল'বলগীয়া হয় শ্বসন যন্ত্ৰ৷ বুকুখনৰ উঠা-নমাটো নৰ্মেল নহয়েই, আকৌ কথা ওলায়, 'পৱিত্ৰদাক ইয়ালৈ আনিব লাগে৷ কিবা বোলেনে আৰ্টেৰী তিনিডাল ব্লক হৈ থকাৰ কথা কৈ থাকে নহয়৷ চব খোল খাই যাব৷ হৃদয়ৰ বেমাৰ পলাই ফাট মাৰিব ইয়াত এনেকৈ কেইখোজমান পেলালে৷ ডাক্তৰ, দৰবৰ প্ৰয়োজন নাই৷ উশাহ আৰু নিশাহেই দৰব৷' এইবোৰকে কৈ হাঁহো অলপ৷ কিছু শক্তি ঘূৰাই পোৱা যেন লাগে৷ শ্বাস-প্ৰশ্বাসবোৰ ইমান ক্লিয়েৰ হৈ পৰিছে ইয়াত! হেঁপাহ পলুৱাই অক্সিজেন লৈ লওঁ৷ তাৰ
পাছত আকৌ ওপৰমুৱাকৈ খোজ৷ শেষেই নহ'ব যেন বাটটো! এনেহে লাগে যেন never ending game এখনহে চলিব ধৰিছে৷ মনলৈ আহে Robert Frostৰ কবিতাৰ শাৰী… The woods are lovely, dark
and deep. But I have promises to keep, and miles to go before I sleep. সৰহপৰ ৰৈ নাথাকি
আকৌ আগ বাঢ়োঁ৷ যিমানেই আগুৱাইছোঁ সিমানেই দেখোন আগতকৈ বেছিহে থিয়! হ'লেও এৰাত নাই আজি৷ পাবই লাগিব সপোনৰ ঝুক' ভেলী৷
No comments:
Post a Comment