২০. অৱশেষত ওলালহি গাইড, প'ৰ্টাৰ
কম্বলখন গাত লৈ অৰুণদায়ো
অধীৰ অপেক্ষাত ৰ’বলগীয়া হৈছে, প’ৰ্টাৰকেইজন আহি নোপোৱালৈকে৷ তেওঁক দেখিও দুখ লাগিল মোৰ৷ হিচাপ ভুল
কৰাত ৰূমমেটৰ দৰকাৰী বে’গটো নাহিল৷ সলাবলৈ এতিয়া কাপোৰ নাই৷ মই ইপিনে পৰিষ্কাৰ গৰম
কাপোৰ, উইণ্ড চিটাৰ, কাণলৈকে ঢকা টুপী আদি বেচকৈ পিন্ধি টপতৈয়াৰ৷ যেন গাঁও ফুৰিবলৈহে ওলাইছোঁ! এই গাঁৱত অৱশ্যে ঘৰ বুলিবলৈ ৰে'ষ্ট হাউচৰ দুটা ডৰ্মিটৰী আৰু গে'ষ্ট হাউচৰ আলহীঘৰ তিনিটা৷ বচ, ইমানেই৷ বাকী যেনিয়েই চকু যায় তেনিয়েই সেউজীয়া, কিন্তু ঘৰ-বাৰী নাই৷ গাঁও বুলিবলৈ নাই৷ কিয় নাই তাৰো স্পষ্ট কাৰণ আছে৷
পাছফালৰ চোতালখনৰ
পৰা অথনি আমি অহা ট্ৰেকটো ধুনীয়াকৈ দেখা পায়৷ দীপমইনাহঁত সেইফালেদিয়েই আহিব৷ অৰুণদা ওলাই
আহিছে৷ হাতত 65x zoom কেমেৰাটো৷ এঠাইত স্থিৰ হ’ল৷ লেন্সখন দেখিছোঁ কেমেৰাৰ বডীৰ পৰা বাহিৰ হৈ গৈ আছে, গৈ আছে, গৈয়ে আছে৷ এল চি ডি মনিটৰত
সন্ধানী শেনদৃষ্টি৷ অদূৰত থকা পাহাৰবোৰৰ শৰীৰত জিলিকি থকা সৰ্পিল ৰেখাডালত এফালৰ পৰা আৰম্ভ কৰি অনুসন্ধান চলাই গৈছে দীপমইনাহঁতক দেখা
পায় নেকি বুলি৷ আৰ্মীৰ চাৰ্চ অ’পাৰেচনহে যেনিবা! বহুত সময় ধৰি বিফল৷ চাই চাই চকু বিষাই গৈছে৷ চিন্তাও সিমানেই বাঢ়িছে৷ ৫ মিনিট গ'ল, নাই৷ বেলেগ মানুহক দেখা গৈছে, আমাৰকেইজন অন্তৰ্ধান৷ সেই মানুহবোৰো এবাৰ ওলায়, অলপ পাছত আকৌ লুকায়, আকৌ ওলায় কিছু বিৰতিৰ মূৰত৷ আৰু ১০ মিনিট গ'ল, নাই৷ আমাৰ মানুহবোৰ নাই৷ কেইটামান মুহূৰ্তৰ পাছতে হঠাতে এবাৰ
লেন্সত ধৰা পৰিল চিনাকি চেহেৰা এটা৷ দীপমইনা দুৱৰা৷ হয়, তেৱেঁই হয়৷
‘‘আহি আছে, ঐ আহি আছে৷’’
ঘোষণাটো ৰাষ্ট্ৰ হোৱাৰ লগে লগে কেউফালে থৌকি-বাথৌ লাগি গ'ল৷ অৰুণদাৰ গাত গা লগাই ময়ো
জুপি চালোঁ৷ ৬জনীয়া দলটোৱে এঠাইত বহি জিৰাই আছে৷ অলপ পাছত থিয় হ'ল৷ খোজ দিব আৰম্ভ কৰিলে৷
অতিৰিক্ত ওজন কঢ়িয়াই কঢ়িয়াই লেবেজান হৈছে৷ গতি দেখিয়ে গম পাইছোঁ৷ একেবাৰে ধীৰ পদযাত্ৰাৰে আহি আছে দীপমইনা, হৰেন, প’ৰ্টাৰ
৪জন৷ বেচেৰাহঁতক দেখিয়ে বেয়া লাগি গ’ল৷ মাৰ্টিনক এইফালৰ পৰা দৌৰাই
পঠিয়াই দিয়া হ’ল যাতে সি কিছু বোজা বহন কৰি তেওঁলোকক সকাহ দিব পাৰে৷ এইটো ঠিক যে সি সোনকালে পাবগৈ নোৱাৰে৷ কাৰণ কোনো শ্বৰ্টকাট নাই৷ ৰে’ষ্ট হাউচলৈ অথনি সোমোৱা পথটোলৈকে গৈ তাৰ পৰা সোঁহাতে ঘূৰি যাব লাগিব৷ আমি এইফালৰ পৰা লক্ষ্য কৰি আছোঁ৷ ভালেকেইমিনিটৰ পাছত মাৰ্টিনক ট্ৰেকটোত দেখা গ’ল৷
খৰখেদাকৈ সি গৈ আছে৷ দৌৰি দৌৰি গৈ আছে সি৷ আৰু অলপ সময়৷ দলটোক লগ পালে৷ ক্ষন্তেকৰ
বাবে কিবাকিবি কথা হ'ল৷ বোজা কেইটামান ধৰাই দিছে তাক৷ অলপ সময়ৰ বিৰতি৷ এইমুৱা যাত্ৰা৷
মাৰ্টিন সকলোৰে আগত৷ আহি আছে ইয়ালৈ৷ লাহে লাহে খালী চকুৰে দেখা পোৱা, চিনিব পৰা হৈ পৰিল আটাইকেইটা৷ অৰুণদাই কেমেৰাটো সামৰিলে৷ মুখত হাঁহি, স্বস্তিৰ নিশ্বাস৷
দীৰ্ঘ প্ৰতীক্ষাৰ মূৰকত প্ৰায় ৪.৩০ বজাত অন্তিম
দলটো ভি.আই.পি. গে'ষ্ট হাউচ পালেহি৷ আমি ৰে'ষ্ট কেম্প পাওঁতে বাজিছিল ২.৩০৷ দুঘণ্টাৰ হেৰফেৰ৷ যিটো দল থাকিব লাগিছিল একেবাৰে আগত,
থাকিল একেবাৰে পাছত৷ পথ প্ৰদৰ্শক পাছ পৰিল৷ গধুৰ বোজা কঢ়িয়াই থকা-সৰকা হৈ আহিছে ডেকাসকল৷ মুখমণ্ডল দেখিয়ে ধৰিব পাৰিছােঁ৷ সোমাই অহাৰ লগে লগে উপৰ্যুপৰি প্ৰশ্ন৷ ‘‘কিয় ইমান দেৰি হ’ল? ক'ত দেৰি হ'ল?’’
উত্তৰত ক’লে যে মাৰুতি ভানখন ট্ৰেকিং পইণ্ট
নাপালেহিয়ে৷ ৰাস্তাটোত থকা বোকাপানীত ফচি গ'ল৷
আঃ! মই ভাবি থকাটোৱেই হ’ল৷
পৰ্বতত গাড়ী নিৰ্বাচন বৰ ডাঙৰ কথা৷ খনমাত ৰাতিপুৱা ঠিকেই সন্দেহ কৰিছিলোঁ৷ দীপমইনাৰ কথাৰ পৰা বুজিলোঁ যে বোকাত লাগি
তেওঁলোকৰ অনেক সময় নষ্ট হ’ল৷ ভানখন তাতে এৰি বস্তুবোৰ ভাগে ভাগে কঢ়িয়াবলৈ ল’লে৷
উঠি আহি যেনে-তেনে এটা সময়ত ট্ৰেকিং পইণ্ট পালেহি৷ তেতিয়া দিনৰ ১২ বাজে৷ মোৰ নোটবুকত ৰেকৰ্ডটো চালোঁ৷ আমি তেতিয়া Mount Teyozwü শিখৰৰ Water Pointত৷ বগাব পৰাৰ উলাহত শিশু-ধেমালি কৰি আছোঁ৷ একেটা পৰ্বতৰে আমি ওপৰত, তেওঁলোক তলত৷ কোনেও কাকো দেখাও নাপায়, মাতিলেও নুশুনে৷ মাধৱদাই যিমান জোৰেৰে হুইছেল নবজাওক কিয়, মিছা কথা৷
ট্ৰেকিং পইণ্টত গাড়ী এৰাৰ সময়ত আমি দুজন ভাৰবাহকক বয়-বস্তুসোপাৰ ৰখীয়া পাতি থৈ আহিছিলোঁ৷ তাত প'ৰ্টাৰ বাঢ়িল যদিও মানুহ অনুপাতে বস্তুৰ সংখ্যা কম নহ'ল৷ ইফালে মাৰ্টিন গুচি আহিল আমাৰ লগত৷ খাদ্য সামগ্ৰী, টেণ্ট, শ্লীপিং বে'গ, ৰাক্চেক আদিৰে সৈতে অ’ভাৰল’ডেড
হৈ পৰিল প্ৰতিজনেই৷ হ'লেও চেলেঞ্জ এৰি দিয়া ভকত নহয় এজনো৷ লাহে লাহে আহি থাকি এয়া এইমাত্ৰ ঘৰ সোমাইছেহি৷ ইমানখিনি কষ্টৰ পাছতো উদ্যম নেহেৰোৱা দীপমইনাই হাঁহি হাঁহি ৰসিকতা কৰিলে,
‘‘গাইড গুচি ময়ো আজি আপোনালোকৰ প’ৰ্টাৰ হৈ গ’লোঁ৷
সেইটো বাৰু কোনো কথা নাই৷ ফটোগ্ৰাফাৰ হৰেনো প’ৰ্টাৰ হৈ গ’ল
আজি!’’ আটায়ে খুব হাঁহিলোঁ৷ দীপমইনাৰ পিঠিত লাহেকৈ ঢকা এটাও দিলোঁ৷ অনিশ্চয়তা আৰু দুৰ্ভাবনাৰ অন্ত পৰিল৷ শক্তিশালী মানুহকেইটালৈ আলেঙে আলেঙে চাই আছোঁ৷ পৰ্বতত আচলতে এনেকুৱা মানুহৰহে কাম৷ লেহুকাৰ কাম নাই৷
No comments:
Post a Comment