Saturday, 9 September 2017

.৮. ঝাখামা-ভিশ্বেমা

৯.৩০ বজাত আমি ঝাখামা পালোঁ৷ ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ বুকুতো আছে এইখন ঝাখামা গাঁৱৰ নাম৷ ক'হিমাতো আছেই৷
তোমাৰ হয়তো ঘনে পৰিছে মনত
ল'ৰালিৰ কথা সেয়া ঝাখামা গাঁৱৰ,
ৰঙা নীলা পাখি পিন্ধি পখিলাৰ দৰে
নাচি ফুৰা কত মিঠা উৎসৱৰ৷

মই ক'হিমাৰে আধুনিকা ডালিমী...

কিছামাৰ পৰা ইয়ালৈ ৮ কিলমিটাৰ দূৰ৷ ৰাজধানীৰ পৰা ২০ কিলমিটাৰ হব৷ ১৯৫০ চনৰ ১১ ডিচেম্বৰত ঝাখামা গাঁৱৰ ভাইচৰ আংগামীক মাত্ৰ এটা ভোটৰ ব্যৱধানত পৰাভূত কৰি আমৃত্যু এন.এন.চি.ৰ সভাপতিৰ বাঘজৰী নিজৰ হাতত তুলি লৈছিল এ. জেদ. ফিজোৱে৷ ৰেংগুনৰ পৰা উভতি অহা ফিজোক সংগঠনটোৰ নেতা পাতিছিল টি. চাখ্ৰেই৷ ফিজো সভাপতি, চাখ্ৰে' সম্পাদক৷ এন.এন.চি.ৰ নেতৃত্ব লাভ কৰি দুৰ্ধৰ্ষ হৈ উঠিছিল ফিজো৷ এয়াই সেই ঐতিহাসিক ঝাখামা৷ নাগালেণ্ডৰ পট পৰিৱৰ্তনৰ প্ৰকৃত থলী৷ সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা ১,৭৫০ মিটাৰ৷

১৯৮৫ চনত ঝাখামাত চেইণ্ট জোচেফ্‌চ কলেজ স্থাপন কৰা হৈছিল৷ এঠাইত পঢ়িবলৈ পাইছিলোঁ যে ঝাখামা গাঁৱৰ সিমূৰৰ খেতিপথাৰবোৰ হেনো দেখাত সাইলাখ ভাৰতৰ মানচিত্ৰখনৰ দৰেই লাগে৷ এতিয়া বাটৰ পৰা ক'ত দেখা পাওঁ? ডাৱৰেও বিধি-পথালি দি আছে৷ সেইবোৰ চাবলৈ হ'লে ঝাখামাত থাকি ল'ব লাগিব৷ দ্বিতীয় মহাসমৰৰ সময়ত নেতাজী সুভাষ চন্দ্ৰ বসু নেতৃত্বাধীন ইণ্ডিয়ান নেছনেল আৰ্মীৰ সমৰ্থনপুষ্ট বহুতো জাপানী সেনাই ঝাখামাৰ আশে-পাশে কেম্প কৰি আছিল৷ আমাৰ বাবে নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ঝুক ভেলীৰ পৰা ঘূৰোঁতে যিটো ট্ৰেকেৰে আমি নামি আহিম সেইটো ইয়াতে ৰাষ্ট্ৰীয় ঘাইপথত সংযোগ হ'ব৷ টাৰ্নিং এটা ঘূৰোঁতে সোঁহাতলৈ কাঁড় চিন অঁকা চাইনব'ৰ্ড দেখিলোঁ৷ মনটো ভাল লাগিল, আমি গন্তব্যস্থলৰ ওচৰ চাপি আহিছোঁ৷

আৰু উঠি-নামি আগুৱাই আহি উপস্থিত হলোঁ ভিশ্বেমাত৷ ঝাখামাৰ পৰা ইয়াৰ ব্যৱধান ৫ কিলমিটাৰ মাত্ৰ৷ কহিমাৰ ২২ কিলমিটাৰ দক্ষিণ দিশত, সমুদ্ৰপিঠিৰ পৰা ১,৬৩১ মিটাৰ ওখত আছে এই পাৰ্বত্য অঞ্চলটো৷ শীৰ্ষ উচ্চতাত শীতকালি কেতিয়াবা হেনো বৰফো পৰে৷ দ্বিতীয় মহাযুদ্ধৰ ইতিহাসবিজড়িত ঠাই এইবোৰ৷ সেই সময়ত কহিমা, কিগ্‌ৱেমা আদিৰ পৰা ইয়ালৈ ধাৰাবাহিক গোলাবৰ্ষণ চলিছিল৷ ভালেমান জখম হৈছিল আৰু ভালেমান মানুহ মৰিছিল৷ জাপানী বাহিনীয়ে বাহৰ পতাৰ পৰিণতিত ১৯৪৪ চনৰ ১০ জুনত সন্মিলিত বাহিনীৰ পৰা নিৰ্দেশ আহিছিল গাঁও খালী কৰাৰ৷ পিছদিনাখনেই জনশূন্য হৈ পৰিছিল ভিশ্বেমা৷ ১৪ তাৰিখে চলিছিল বোমাবৰ্ষণ৷ ভিশ্বেমা অধিকাৰ কৰি লৈছিল সন্মিলিত বাহিনীয়ে৷

২০১১ চনৰ পিয়লমতে ১,৩৬৯টা খ্ৰিষ্টধৰ্মী পৰিয়ালৰ ৭,৪১৭ লোকসংখ্যাৰে ভিশ্বেমা ৰাজ্যখনৰ দ্বিতীয় বৃহৎ গাঁও৷ শিক্ষাৰ ক্ষেত্ৰত আগ বঢ়া এই ঠাইখন কহিমা জিলাৰ ঝাখামা মহকুমাৰ অন্তৰ্গত আৰু নাগালেণ্ড বিধান সভাৰ চাউদাৰ্ণ আংগামী-২ সমষ্টিত পৰে৷ ভিশ্বেমাৰ উত্তৰে ঝাখামা, দক্ষিণে খুঝামা, পূবে কিডিমা৷ ইয়াৰ পশ্চিমেই আছে আমাৰ আগন্তুক লক্ষ্যস্থান, দীৰ্ঘদিনীয়া কৌতূহলৰ কেন্দ্ৰবিন্দু ঝুক ভেলী, Valley of the flowers of the north-east বুলি যি জনাজাত হৈছে৷ আশা কৰোঁ আমিও ফুল দেখিবলৈ পাম৷ ফুল আৰু ডাৱৰ নিশ্চয়কৈ উপভোগ্য, মোৰ বাবে পদযাত্ৰাটো বেছি গুৰুত্বপূৰ্ণ৷ বগাব আৰু খোজ কাঢ়িব পাৰিলেহে বাকী ক'ত কি আছে সেয়া দেখা যাব৷ আত্মবিশ্বাস ৰাখিছোঁ আৰু আশা কৰিছোঁ ঝুক' ভেলীয়ে নিৰাশ নকৰিব৷

নাগালেণ্ডৰ চতুৰ্থজন মুখ্য মন্ত্ৰী আছিল ভিজল আংগামী৷ তেওঁ এইখন ভিশ্বেমাৰে মানুহ আছিল৷ মোৰ ৰেংমা বন্ধু আগাৰ পৰিবাৰো ভিশ্বেমা গাঁৱৰে৷ বিবাহ-সূত্ৰে এতিয়া ডিফুৰ বাসিন্দা৷ কথা প্ৰসংগত এদিন তাই নিজমুখে কৈছিল৷ নতুন চিনাকি সেই আংগামী মহিলাগৰাকীৰ পৈত্ৰিক ঘৰটো কোনফালেবা? নাজানো৷ হলেও কথাটো হঠাতে কিবাকৈ মনত খেলালে৷ দম্পতীহালৰ মুখ দুখন পলকৰ বাবে মোৰ মানস-পটত উজলিও উঠিল৷ আগাৰ মতে ভিশ্বেমাৰ মানুহ ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক ধনী৷

বৰষুণ পৰি আছে৷ আগত এটা কেঁকুৰি দেখা গৈছে৷ এইখিনি ওখ৷ সিফাললৈ দেখা নাই পোৱা৷ সোঁপাৰে সামান্য দোকান-পোহাৰ দুখনমান৷ আমাৰ ড্ৰাইভাৰ কেবিন্যুৱে ব্যস্ততাৰে এবাৰ আগলৈ চাইছে, এবাৰ হাউলি ৰিয়েৰ ভিউ মিৰৰখনলৈ চাইছে৷ মুহূৰ্তৰ ব্যৱধানতে ঘপকৈ কাটি ছুমখন সোঁহাতলৈ সুমুৱাই লৈ গল৷ ইমানপৰে মসৃণ ৰাষ্ট্ৰীয় পথেৰে আহি আছিলোঁ৷ এতিয়া শিলগুটি দিয়া গাঁৱলীয়া ৰাস্তাৰে সোমালোঁ৷ ঘট্‌ ঘট্‌ শব্দ আৰু জোকাৰণি তুলি গাড়ীখন চলিব ধৰিলে৷ সময়টো চালোঁ৷ ১০ বাজিছে৷ কেমেৰাটো সাজু কৰি ৰাখিছোঁ৷ নতুন উৎকণ্ঠা আৰম্ভ হৈ গৈছে৷


No comments:

Post a Comment