Wednesday, 20 September 2017

১৯. বোজা কঢ়িয়াব নোৱাৰাৰ মজা

সন্মুখৰটো এৰি সোঁৱে-বাঁৱে থকা ঘৰ দুটাতে ৰূম খালী আছে৷ তিনিটা পালোঁ আমি৷ এটাত তিনিজনকৈ থাকিব লাগিব৷ ৰূম অনুপাতে সদস্যৰ ভাগ-বতোৱাৰা হৈ গ'ল ততালিকে৷ বাঁওহাতৰ দীঘলীয়া ঘৰটোৰ প্ৰথম কোঠাটোত কোনো নাই বুলিলত চিধাই সোমাই দিলোঁ৷ ঘড়ীত ৩ বাজি ৫০ মিনিট৷ কাঠৰ দৰজাখন ঠেলি দিলত দেখা গল, ভিতৰত তিনিজন মানুহ শুব পৰাকৈ কাঠেৰে তৈয়াৰী চাং এখন৷ ১২ বৰ্গফুটমানৰ কোঠালি৷ কোঠাৰ সৈতে সংলগ্ন পায়খানা আৰু গা ধুব পৰা ঠাই৷ ভি.আই.পি. ৰূম৷ সি যি কি নহওক, অচিনাকি যদিও পৰিৱেশ, নিৰ্জনতা আৰু গৃহসজ্জা দেখি এনেকুৱা ভাব হ'ল, মজা লাগিব ইয়াত থাকি৷ ইয়াৰ পৰা অদূৰৰ পৰ্বতীয়া সৌন্দৰ্য চাই চাই আপোন পাহৰা হ'ব পাৰিম৷

''ইয়াত টেৰণ, সুবীৰ আৰু ছাজিদ একেলগে থাকিব লাগিব৷" জ্যেষ্ঠজনৰ ঘোষণাটো কৰ্ণপটহত পৰা মাত্ৰক প্ৰতিক্ৰিয়া এটাই হ'ল৷ আকৌ সুবীৰ! কালি ৰাতি খনমাৰ Dovipie Innত টেঙা বাৰুকৈয়ে লগাই থৈছে সি, আকৌ আজি একেলগে পৰিছে! শেষ৷ ভাগৰুৱা নিশাটোৰ টোপনিখিনি তাৰ নামতে জলাঞ্জলি দিব লাগিব তাৰমানে৷ খৰতকীয়াভাৱে উপায় চিন্তা কৰিলোঁ যদিও লাভ নহ'ল৷ বেমাৰটোৰ বিষয়ে জনাজনি হৈ যোৱাৰ পাছত সংগী সলাব নোৱাৰা হ’লোঁ৷ কোনেও গ্ৰহণ নকৰে সুবীৰক৷ কাৰণ একেটাই৷ ৰাতি শোওঁতে তাৰ নাক বাজে৷ এনেস্থলত বিকল্প কি? ভাবি থলোঁ, সময় আহক, কিবা এক বুদ্ধি পাঙিব লাগিব৷ ''ঠিক আছে, আমি তিনিও ইয়াত সোমালোঁ বাৰু৷ বাকীসকল কোন কত কেনি?'' চালোঁগৈ৷ কেইহাতমান আঁতৰতে, সোঁহাতে অৱস্থিত ঘৰটোত থিতাপি লৈছে আন ৬জনে৷ এটা কোঠাত ৰাজীৱ, অৰূপদা আৰু জয়ন্তদা৷ আন এটাত চেলেং, প্ৰবীণ আৰু মাধৱদাৰ প্ৰৱেশ৷ গোটেইকেইটা ৰূমৰে অভ্যন্তৰীণ সজ্জা একেই৷

অলপ পাছতে নগা লৰা দুজন আহিল৷ কম্বল আৰু মেট্‌ দি গল প্ৰত্যেককে৷ লগে লগে নোট কৰিও ললে৷ আমাৰ প্ৰায়বিলাকেই যোগাভ্যাস কৰা মেট্‌ আনিছে৷ মই অনা নাই৷ ক'ৰবাত দৰকাৰ হ'লে পাৰি ল'ম বুলি ৰে'ল ষ্টেচনত কিনা পলিথিন এখনহে আছে৷ গতিকে ভালেই পালোঁ৷ তলফালৰ পৰা আহিব পৰা শীতৰ আক্ৰমণত কিবা অকণমান ৰক্ষা পাম বুলি নহয়, অন্ধকাৰ হোৱাৰ পাছৰে পৰা তক্তাৰ ওপৰত পেলাই থবলগীয়া পিঠিখনে অলপ হ'লেও সকাহ পাব বুলিয়ে হাত পাতি ল'লোঁ৷ আন্ধাৰৰ পাছত ইয়াত কৰিবলৈ কাম নোহোৱা হৈ পৰিব৷ লাং খাই পৰি থাকিব লাগিব৷ ৰাতিটো হৈ পৰিব দীঘলীয়া৷

কোঠাটোৰ বেৰ, আনকি চিলিঙতো, বিভিন্ন সময়ত পূৰ্বতে ইয়াত থাকি যোৱা বিভিন্নজন টুৰিষ্টৰ নামেই নাম৷ ৰঙা, ক'লা, বগা৷ পদাৰ্পণৰ তাৰিখ আৰু নিজৰ মৰমৰ জেগাখনৰ নামো এই বুৰঞ্জীত সন্নিৱিষ্ট কৰি গৈছে৷ চিনাকি কাৰোবাৰ নাম পাওঁ নেকি খুব চকু ফুৰালোঁ৷ নাই, নোলাল৷ ওপৰৰ অসুবিধাজনক জেগাতো কেনেকৈনো উঠি নিজৰ নামষাৰ যুগমীয়া কৰি থৈ গ'ল তাকে ভাবি আছোঁ৷ ঝুক' ভেলীৰ ইতিহাসত এই সুযোগতে পৈত্ৰিক নামকেইটা খোদিত কৰিবলৈ আমি আকৌ ৰঙেই নানিলোঁ নহয়!

আওভাও চাই হোৱাৰ পাছত প্ৰথমে খুলিলোঁ ৰাক্‌চেকটো৷ বৰষুণৰ পানীয়ে কাপোৰ কেইটামান অকণ অকণ তিয়ালেচোন৷ কিছু কাপোৰ পলিথিনৰ বেগত ভৰাই থোৱা আছিল৷ সেইবাবে সেইখিনি বাচিল যেনিবা৷ শ্লীপিং বেগটোৰ প্ৰতিও সন্দেহ হ'ল৷ মেলি চালোঁ৷ ভৰিৰ ফালে অকণমান সেমেকা যেন লাগিল৷ সোপাকে দাঙি নি বাহিৰৰ ফেন্সিঙত এটা এটাকৈ মেলি দিলোঁগৈ৷ বৰষুণ এতিয়া নাই৷ ৰ'দো নাই অৱশ্যে৷ যিহেতু বে'গবোৰ হাতত পৰাহি নাই গতিকে অন্য কাৰো কাপোৰ মেলিবলৈ নাই৷ অলপ আগলৈকে নীৰৱ হৈ থকা ঘৰকেইটা আমাৰ আগমন আৰু অহা-যোৱাত মুখৰিত হৈ উঠিছে৷ প্ৰথমবাৰলৈ পোৱা ঝুক' ভেলীৰ অচিনাকি অথচ আকাংক্ষিত পৰ্যাৱৰণ৷ বেয়া লগা নাই৷

কাষতে আন দুটা কোঠা৷ গৰাকী আছেনে নাই জনা নাযায়৷ সিফালেনো কি আছে চাওঁচোন বুলি বাৰাণ্ডাৰে সেই দুটাৰ আগেদি পাৰ হৈ গলোঁ৷ তলা মৰা৷ খালী নহয়, গৰাকী থকা যেন লাগিল৷ কৰবাত ভ্ৰমি ফুৰিছে নিশ্চয়৷ ইয়াত খোজ কঢ়া আৰু টলৌ টলৌকৈ ঘূৰি ফুৰাই কাম৷ শুই থকাৰ কাম নাই৷ তৃতীয় কোঠাটোৰ সিফালে পাইপ এডালেৰে অনৰ্গল পানী পৰি আছে৷ কৰ পৰা আহিছে নাজানো৷ জোতাৰ বোকাবোৰ তাতে ঘঁহি ঘঁহি আঁতৰালোঁ৷ মোজাযোৰ ধুলোঁ৷ পেণ্টৰ আঁঠুৰ তলছোৱা ধুই দিলোঁ৷ কোন কালে শুকাব ক'ব নোৱাৰোঁ৷ চাফা নকৰিও থাকিব নোৱাৰি৷ হাত-মুখো ভালকৈ ধুলোঁ৷ পানী খুব ঠাণ্ডা, কিন্তু পৰিষ্কাৰ৷ ঝুক জুৰিৰ পানীও হেনো পৰিষ্কাৰ, ফট্‌ফটীয়া৷ পোনে পোনে পি খাব পাৰি৷ ঔষধি গুণসম্পন্ন বুলি কয়৷


এতিয়া কি কৰা উচিত? মেট্‌খন পাৰি শ্লীপিং বেগটো তাৰ ওপৰত ৰাখিলোঁ৷ এয়াৰ পিল এটাও আছে মোৰ৷ বস্তুবোৰ থান-থিত লগাই শ্লীপিং বেগৰ ভিতৰত এনেয়ে কেইমিনিটমান সোমাই থাকি হাত-ভৰিবোৰ পোনাইছোঁ৷ অৰুণদা আৰু সুবীৰ বিচনাৰ ওপৰত বহি আছে৷ ভোকতে বিস্কুট চোবাই চোবাই মোৰ কাণ্ড-কাৰখানা লক্ষ্য কৰি আছে৷ সুবীৰে কিবা-কিবি ডায়লগো শুনাই আছে৷ আনৰ ব্যৱস্থাপনা ইতিমধ্যে সুকলমে হৈ যোৱা দেখি লগত বয়-বস্তু নথকা লোকৰ বিড়ম্বনা জাগিবই৷ যি কয় কৈ থাওক৷ নুশুনাৰ ভাও জুৰি পৰি আছোঁ৷ এনেকৈ থাকি ভাল লগাও নাই অৱশ্যে৷ শুই থাকিবলৈতো ইয়ালৈ অহা নাই আমি৷ মনটো অস্থিৰ হৈ উঠিল ঘূৰি ফুৰিবলৈ৷

জাঁপ মাৰি উঠিলোঁ আৰু কেমেৰাটো লৈ মুক্তাংগন পালোঁহি৷ পাছফালৰ পৰা দেখা পোৱা দৃশ্যবোৰ নয়নাভিৰাম৷ পোহৰ কম যদিও স্নেপ লোৱাত লাগি গলোঁ৷ তাৰ মাজে-মধ্যে বাহিৰত মেলি থোৱা কাপোৰকেইটাও লুটিয়াই-পুটিয়াই দিছোঁ৷ বাকীসকলৰ টালি-টোপোলা অহাই নাই৷ সময় গৈ আছে মানে উচপিচনি, খেচখেচনি বাঢ়িছে৷ স্বাভাৱিক কথা৷ জেকা কাপোৰত অনেক সময় থাকিলে কেনে লাগে জনা আছে৷ কেইবাজনৰো অৱস্থা কাহিল হৈ পৰাটো দৃষ্টিগোচৰ হৈছে৷ অলপ আগেয়ে সলাই লোৱা গৰম কাপোৰসাজত তেওঁলোকৰ ওচৰলৈ যাবলৈ মনটো কিবাকিবিখন লাগিছে, তথাপি ৰূমে ৰূমে সোমাই ৰাইজৰ দুৰৱস্থাৰ বুজ ললোঁগৈ৷

জুপুকা মাৰি আছে অৰূপদাই৷ মাত-কথাও সেমেকা ধৰণৰ৷ অনৱৰতে তাল-ফাল লগাই থকা মানুহটোৰ নিস্তেজ, নিৰুত্তাপ অৱস্থা! কাহিনী জানো যদিও জোকাবলৈকে কৈছোঁ, ‘‘কি কৰি আছে দাদা? ড্ৰেছ-পাতি সলাই লওক আকৌ৷ অথনিৰ পৰা এইবোৰকে পিন্ধি আছেযে! খোলক, খোলক৷ ঠাণ্ডা সোমাব দেই৷ মইতো সলালোঁ ভাই৷’’ কৰ পৰা সলায়? বেগ অহাই নাই৷ নিজৰ ৰাক্‌চেক্‌ নিজে নকঢ়িয়াই বাটত এৰি থৈ অহাৰ মজাটো পাইছে বাপ্পেকে৷ কম্বলকে মেৰিয়াই লৈছে প্ৰবীণ, চেলেংহঁতে৷ দেখি বেয়াও লাগিছে৷ উপায়নো দিম কি? আপোন হাত জগন্নাথ বুলি জানেই সকলোৱে৷


No comments:

Post a Comment