Friday, 22 September 2017

২১. ঝুক ভেলীত এটি বিয়লি

খনমাত পুৱাই সেই ব্ৰেকফাষ্ট খোৱা৷ এতিয়ালৈ পেটত পৰা নাই এগৰাহো ভাত৷ ভোকত প্ৰাণবায়ু উৰি যাওঁ উৰি যাওঁ৷ মালভাৰী ডেকাহঁতে আহি পায়েই খৰখেদাকৈ খৰি গোটালে৷ চোতালত বহি লৈ এটাই গা-গছৰ মস্ত মস্ত খণ্ডবোৰ টুকুৰা-টুকুৰ কৰি আছে৷ আচৰিত মানিলোঁ নগা দা চালনাৰ কায়দা-কুশলতা দেখি৷ চালিখনৰ একেবাৰে সিমূৰে এটাই ঠাই চাফা কৰিছে৷ কম সময়ৰ ভিতৰতে তাত জুই একুৰা জ্বলি উঠিল৷ জিৰণি বুলিবলৈ কোনেও ক'বলৈ গ'লে এক মিনিটো লোৱা নাই৷ নিজৰ নিজৰ ভাগে ঘপাঘপ কামত ধৰি ললে সিহঁতে৷ যন্ত্ৰহে যেন! এনে লাগিল, কোনে কি কৰিব সকলোখিনি যেন বাটতে ঠিক-ঠাক হৈ আহিছে! মাত-কথাও সীমিত৷ খৰি ফলাই খৰি ফালিছে, পানী ধৰাই পানী ধৰিছে৷ যুদ্ধকালীন ক্ষীপ্ৰতা৷ আচৰিত হলোঁ কেউটাৰে ষ্টেমিনা দেখি৷ মই আকৌ ভাগৰ লাগি অহা বুলিহে ভাবিছিলোঁ! মোৰ মনৰ গোপন ভাবনা ভুল বুলি প্ৰতিপন্ন হবলৈ মাত্ৰ কেইটামান মিনিটহে লাগিল৷

আন্ধাৰৰ সৈতে যেন এখন প্ৰতিযোগিতাহে চলিছে! টমাছ আৰু মাৰ্টিনে মিলি খোৱা-বস্তুবোৰ উলিয়ালে, থান-থিত লগালে৷ আমাৰ ৰূমতে তক্তাপোচৰ তলত সযতনে ৰখা হল৷ আমি এতিয়া কি খাব বিচাৰোঁ, চাহ খাম নে ভাত খাম, আবেলিৰ টিফিন কৰিব নে পোনে পোনে ডিনাৰৰ ব্যৱস্থা কৰিব সুধিলে৷ ভোক লাগিলেও ফুট-গধূলিতে ভাত খাব কোনে? নগা লোকে পাৰিলেও আমাৰযে অভ্যাস নাই৷ বিকল্প কি হ'ব পাৰে? খৰতকীয়া চিন্তা-চৰ্চাৰ মূৰকত পানী উতলাৰ লগে লগে সকলোকে একোকাপকৈ চাহ নহয়, Micco দিলে, শৰীৰলৈ শক্তি আৰু উষ্ণতা ততালিকে ঘূৰি আহক বুলি৷ সিদ্ধ কৰি অনা কণীও দিলে৷ কণী নাখাওঁ হেতুকে মোক দিলে বিস্কুট৷ মোৰ ৰাক্‌চেক্‌টোত নিজাববীয়া ফুড চাপ্লিমেণ্ট আছিলেই৷ চলি গ'ল৷

অৰুণদাই অকলশৰে মুকলি আকাশৰ তলত পায়চাৰি কৰাত ধৰিছে৷ অলপ আগতে কেয়াৰটেকাৰে তেওঁক দি যোৱা কম্বলখনকে মেৰিয়াই লৈছে৷ কাণ ঢাক খাই পৰা টুপী৷ আংগামী নগা যেন নালাগিলেও গুলপীয়া কম্বলখনেৰে বেয়া দেখা নাই তেওঁক৷ ৰঙীন আৰু কবিতা কবিতা লগা পৰিৱেশ এটা৷ সমাধিৰ কবিৰ  হৃদয়ৰ আঁৰতো হয়তো এতিয়া ভাবৰ বুৰবুৰণি, শব্দৰ খল্‌খলনি উঠিছে৷ ঝুক উপত্যকাৰ পৰিৱেশ নিজ চকুৰে দেখাৰ পাছত মুখত হয়তো বাজি উঠিছে এটা গান, অথবা কবিতাৰ পংক্তি৷ ইয়াৰ পৰা ঘূৰি গৈ তেওঁযে বাতৰি কাকতৰ দেওবৰীয়া পৰিপূৰিকাত ধাৰাবাহিক কাহিনী এটা লিখিব পূৰ্বৰ ভ্ৰমণ অভিজ্ঞতাৰে সেইটো মই বুকুত হাত থৈ কব পাৰোঁ৷ তাৰ লগতে এইবাৰ ঝুক ভেলীক লৈ কবিতা এটা লিখিবলৈকো কুটুৰিম৷ ভাববিহ্বল হৈ থকা মানুহজনক সম্প্ৰতি আমনি দিয়াৰ অকণো ইচ্ছা নকৰিলোঁ মই৷ অইন এফালে গুচি গলোঁ, হাতত কেমেৰাটো লৈ, অকলেই৷ কম সময়ৰ ভিতৰতে ইফালে সিফালে ভ্ৰমি পৰিৱেশ আৰু প্ৰকৃতি যি পাৰোঁ লক্ষ্য কৰাৰ মন৷ কোনোবাই কিবা কৰিব, কিবা কব বুলি ইয়াত ভাবিবলগীয়া একো নাই৷ অকলে অকলে ঘূৰি ফুৰিব পাৰি৷ Safe and secured place বোলা হয় যাক৷

গছ এজোপাত চাইনবৰ্ড এখন লগোৱা দেখিলোঁ৷ লিখা আছে, Lets work together for a safe earth৷ বাঁহজাতীয় উদ্ভিদৰ মাজে মাজে বগা, হালধীয়া, ৰঙা, নীলা ফুলবোৰ কম-বেছি পৰিমাণে চকুত পৰিছে৷ এফালে কলা বৰণৰ মৰি যোৱা গছ এগালমান৷ কাষতে সেউজীয়া গছ-গছনি এডৰা৷ কোনোবাফালে ডাঙৰ গছ বুলিবলৈ মুঠেই নাই৷ বাঁহজাতীয় চাপৰ গছবিধৰেই আগ্ৰাসন৷ দূৰৰ পৰা চালে ঘাঁহ বুলি বিভ্ৰান্ত হোৱা যায়৷ কিন্তু নহয়৷ বাঁহহে সেইবোৰ৷ মনলৈ আহে, একেটা স্থানতে ইমান বিভিন্নতা, ইমান বিচিত্ৰতা! কেনেকৈ?

এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ ফুল ফুলাৰ বতৰলৈ চাই ঝুক' উপত্যকাটোক valley of flowers বোলা যায়৷ কিন্তু ঘনকৈ গজি উঠা বাঁহ প্ৰজাতি (Sinarundinaria rolloana)টোৱে সৰ্বত্ৰ আৱৰি থকাত অন্য গছ-বিৰিখহীন টিলাবোৰ আৰু পৰ্বতৰ ঢালবোৰ, যিবোৰক দূৰৰ পৰা দেখাত সেউজীয়া মুকলি ঘাঁহনি যেন লাগে, তালৈ চাই উপত্যকাটোক valley of bamboo বোলাহে যুগুতচোন! ফুলতকৈ দিনক দিনে বাঁহৰ উৎপাত বাঢ়ি আহিছে ইয়াত৷ তাৰ অন্তৰালত গম্ভীৰ কাৰকো নথকা নহয়৷

অতিথিশালাৰ একাষে হৰেন, প্ৰবীণ, চেলেংহঁত ফটো তোলা, দৃশ্য চোৱা আৰু কথা-বতৰাত ব্যস্ত৷ ময়ো ভাগ লওঁ বুলি চাপিলোঁ৷ ভি.আই.পি. অালহীঘৰৰ পাছফালে থিয় হৈছোঁ আমি৷ এইটো টিলাৰ পৰা ভেলীটোৰ লগতে ট্ৰেকাৰ্ছ কেম্পৰ ফালৰখিনিও সুন্দৰভাৱে দেখা গৈ আছে, তাৰ পাছফালৰ পৰ্বতবোৰৰ সৈতে৷ আৰু অকণমান আগ বাঢ়ি  চালোঁগৈ৷ পোহৰ কমি কমি আহিছে৷ ঠাণ্ডাৰ মাত্ৰাটো ক্রমাৎ বাঢ়ি আহিছে৷

ৰৈ থাকোঁতেই দিনান্তৰ শেষত দূৰ দিগন্তত বেলি মাৰ গল৷ ঝুক ভেলীলৈও অন্ধকাৰ নামি আহিল৷ উপত্যকাৰ বুকুৰ পৰা এটা দিনে মেলানি মাগিলে৷ তেতিয়াও আমি ৰৈয়ে থাকিলোঁ চাৰিওফাল লক্ষ্য কৰি, আন্ধাৰে আমাকো সম্পূৰ্ণৰূপে গ্ৰাস কৰক বুলি৷ পাৰাস্তম্ভ ঘনাই নামিবলৈ ল'লে৷ শেষ পৰ্যন্ত ৰলোঁ আৰু চালোঁ পৰ্বত আৰু উপত্যকাৰ দৃশ্যপট৷ এতিয়া আৰু একো নেদেখি৷ তলত কি ঘটিছে, ওপৰলৈ কি আছে জনাৰ উপায় নাই৷ খলাবমাবোৰ অান্ধাৰে যেন লৈ গ'ল! ফৰিংফুটা জোনাকত এই দৃশ্যৰাজি চাবলৈ কিমানযে ভাল লাগিব চাগৈ! কেতিয়াবা হ'বনে সেই দেখা? কোঠালৈ খোজ লওঁতে নিজকে নিজে সুধি থাকিলোঁ৷

বাহিৰত ছলাৰ লাইট এটা আছে৷ আন্ধাৰ হোৱাৰ সময়তে জ্বলি উঠিছে৷ ঠাইডোখৰ পোহৰাই তুলিলে৷ হলেও পোহৰখিনি পৰ্যাপ্ত নহয়৷ ডাৱৰীয়া বতৰত বেটাৰীৰ চাৰ্জ কিমান থাকিব, কিমান সময়লৈ সেইটো জ্বলি ৰব, সন্দেহ আছে৷ এসময়ত কোঠাত সোমালোঁহি৷ লৰা এজনে সুবীৰৰ হাতত মমবাতি এডাল দি গল৷ তাকে জ্বলাই সুবীৰ, অৰুণদা আৰু মই বহিছোঁ৷ ভৌতিক গল্পৰ দৰে লাগিছে পৰিৱেশটো৷ সিফালে ৰান্ধনি ডেকাহঁতৰ কুৰুং কাৰাং৷ টৰ্চ লাইটটো উলিয়াই পকেটত ৰাখিছোঁ৷ অলপ সময় কোঠাৰ ভিতৰত থাকিলোঁ৷ কি কৰোঁ এতিয়া? আমনি লাগিল৷ ডেকাকেইটাইনো কি কৰি আছে চাওঁচোন বুলি জুইৰ কাষত বহিলোঁহি৷


No comments:

Post a Comment