.১১. ট্ৰেকিং পইণ্টৰ পৰা ৱাটাৰ পইণ্টলৈ
মনস্তত্ত্ববিদসকলৰ মতে সুখ হ'ল এটা অভিজ্ঞতাভিত্তিক
অনুভৱ৷ তাকে পাবলৈকে ঝুক' ভেলীলৈ আমি পাহাৰ বগাই আছোঁ৷ কষ্টৰ পাছত আনন্দৰ অভিজ্ঞতা লোৱাৰ অদম্য বাসনা৷ মনলৈ আহিছে সৰুফুটীয়া আৰু ক্ষীণ-মীন
শৰীৰৰ ফিজোৰ কথা৷ তেওঁৰ সতীৰ্থসকলৰ কথা৷ কিমান দুৰ্বিষহযে আছিল সেই দিন আৰু সেই মানুহবোৰৰ পদযাত্ৰা!
কম শক্তিধৰ হ’ব লাগিবনে তেতিয়াৰ মানুহবোৰ? তাৰ তুলনাত আমিতো একোৱেই নহওঁ৷ সাধাৰণ উদাহৰণ এটা, কঢ়িয়াব নোৱাৰোঁ বুলিয়ে নিজৰ বয়-বস্তু সোপাকে পাহাৰতলীত এৰি থৈ অহা নাই জানো? হঠাৎ প্ৰয়োজন হ'লে কি হ'ব? কোনোবাই যদি উঠাই নিয়ে? তেতিয়া? বাটতে এবাৰ লগ পাই সুবীৰক এনেকৈ জুখি চালোঁ৷ সুবীৰে একো নামাতিলে৷ বেঁকা হাঁহি এটা মাৰিলে মাত্ৰ৷ ভালদৰে হাঁহিবলৈও যেন শক্তি নাইকিয়া হৈ পৰিছে!
সোৱণশিৰিপৰীয়া ট্ৰেকিংটোৰ কথাও মনলৈ আনিলোঁ৷
থলুৱা লোকে থলুৱা সা-সৰঞ্জামেৰে যেনে-তেনে সজা ওলোমা দলঙেৰে জীৱটো হাতৰ মুঠিত লৈ তীব্ৰবেগী সোৱণশিৰি নৈখন পাৰ হৈ সিপাৰৰ
ওখ আৰু থিয় পৰ্বতটো বগাইযে আমি মূধচ পাইছিলোঁগৈ, কম কঠিন, দুৰূহ আৰু কষ্টসাধ্য আছিলনে সেইটো? ১০জনীয়া দলটোৰ ৪জন এইবাৰো আহিছোঁ৷ অভিজ্ঞতাই সাহস আৰু বল দিয়ে৷ এতিয়াও উঠি আছোঁ৷ শীৰ্ষ পাইহে এৰিম৷ একেটাই অংক ইয়াতো৷ খুব বেছি ১০ খোজ, অতি বেছি ১২ খোজ৷ তাৰ ওপৰত নিদিয়াই ভাল৷ তাৰ পাছতে
ৰ’বই লাগে৷ দম ঘূৰাই অনাৰ তয়াময়া
ৰণ চলে৷ পৰ্বতৰ ওচৰত হাৰি নগৈ অলপমান ৰৈ আকৌ কৰা হয় আৰোহণ৷ সেয়াই পৰ্বতাৰোহণ৷ কষ্টৰ পাছত আনন্দ লাভৰ অদ্ভুত চখ এইটো৷ সোৱণশিৰিখন এইফালে নাই বাৰু৷ নহ'লে আৰু জমিলেহেঁতেন৷ দুশাৰী পৰ্বতৰ খাজত নৈ একোখন থকাৰ বাবেই অৰুণাচলক মই বেছি ভাল পাওঁ৷ সৰহ নম্বৰ দিওঁ৷ লোহিত, চিয়াং, দিবাং, সোৱণশিৰিক পাহৰাটো মস্কিলেই৷ ইয়াতো কল্পনা কৰোঁ তেনেকুৱা একোখন৷ কিন্তু নাই৷ প্ৰকৃতিয়ে এইটো খণ্ডত সেইটো হ'বলৈ দিয়া নাই৷ তেনেস্থলত নৈ-পৰ্বতে মোক লৈ যায় অৰুণাচললৈ৷ এইবাৰ উপত্যকাই টানি আনিলে ইয়ালৈ৷ চাই লওঁ ঝুক' ভেলী৷ আকৌ যাম অৰুণাচললৈ৷ এইবাৰ কিন্তু নিৰ্বাচনটো অন্য ধৰণৰ হ'ব লাগিব৷ মোহনীয়া নৈ, পৰ্বত আৰু উপত্যকা৷ তিনিওটা একেলগে বিৰাজমান হ'ব য'ত, তালৈ যাম৷ সন্ধান পাই গৈছোঁ ইতিমধ্যে৷ জয়ন্তদাই সেই সন্ধান দিছে, সোৱণশিৰি যাত্ৰা-সমাপ্তিত৷
ভাল লগা বহুত কথাই ভাবি আহিছোঁ বাটে বাটে৷ ঘৰ পাহৰিলোঁ, কাম-বন চব পাহৰিলোঁ৷ আৰণ্যক অনুভূতি বুকুত লৈ, ইফালে সিফালে নগা পৰ্বতৰ অভ্যন্তৰভাগ চাই চাই একে লেথাৰিয়ে উঠি আছোঁ৷ এঘণ্টাৰো ওপৰেই হ'ল৷ বিপৰীতফালৰ পৰা অহা কাকো লগ পোৱা নাই যে সুধিম, আৰু কিমান বাকী বুলি৷ এবাৰ ফোঁপনি ভালকৈ মাৰ যোৱাই নাই, হঠাতে অৰুণদাই প্ৰশ্ন কৰিলে… ‘‘আৰু কিমান বাকী?’’ তেওঁ যেন আৰু নোৱাৰিব যাবলৈ৷ কাষত থকা মাৰ্টিন নামৰ প'ৰ্টাৰজনে কয়… ‘‘আৰু যাবলে' আছে ছাৰ৷’’ মই দাদাক বুজাওঁ… ‘‘কিমান বাকী আছে সুধি নাথাকিব৷ এয়া মহাভাৰতৰ স্বৰ্গাৰোহণ পৰ্ব বুলি ধৰি লওকনা৷ মানসিক শক্তি অটুট ৰাখক৷ বেছি ওপৰলৈকে নাচাব৷ দুই-তিনিটা ষ্টেপতহে চকু ৰাখক৷ টুপীটোৰে বাকীবোৰ আঁৰ কৰি লওক৷ পানীবোৰ বেছিকৈ পি নাথাকিব৷ এইটুকুৰা চকলেট, জিভাৰ তলত লওক আৰু লাহে লাহে উঠি থাকক৷ মই আপোনাৰ লগত আছোঁতো৷ Hardship for the summit is just some few steps more. বচ, ১০ মিনিট৷ পাই যাম শীৰ্ষ৷’’ এনেকৈয়ে দাদাক পজিটিভলি মটিভেট কৰাৰ নিৰন্তৰ চেষ্টা চলাই গৈছোঁ৷ হেঁপাহটো তীব্ৰতৰ কৰি ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ৷ একমাত্ৰ হেঁপাহেই আমাক এনেকৈ দিহিঙে-দিপাঙে লৈ ফুৰায়৷
ক'ৰনো ১০ মিনিট? নিজেও নাজানো, আৰু কিমান যাব লাগিব৷ বাকীসকল কোনখিনি পালেগৈ, তাকো জনাৰ উপায় নাই৷ ম’বাইল ফোনৰতো একো কামেই নাই, কিবা এটাযে সুধিম৷ এফালৰ পৰা চাবলৈ গ'লে ভালেই হৈছে৷ ৰুমালো য'ত পেলাই দিবৰ মন যাব, ত'ত আৰু কিহৰ ফোন-ধেমালি? ৰুমালৰ আগতে কিজানি সেইটোহে দলিয়াই দিব কোনোবাই৷ মোৰ কাম নাইকিয়া হেণ্ডছেটটো প্লাষ্টিকেৰে ভালকৈ মেৰিয়াই ৰাক্চেকৰ তলত পেলাই থৈছোঁ৷ সময় জানিবলগীয়া হ'লে অৰূপদাক সোধোঁ৷ তেওঁ ঘড়ী পিন্ধি আহিছে৷ ইফালে অৰুণদাৰ লগত থকা কাৰবি মোনাটো আৰু কেমেৰাটো তেওঁৰ বাবে এতিয়া ভালুকৰ সাঙী হৈ পৰিছে৷ কি দৰকাৰ আছিল, ইমান গধুৰ কেমেৰাটো ভাৰ ববলৈ? পাহাৰত সদায় হিচাপ কৰিহে বস্তু আনিব লাগে৷ তেওঁ মোৰ দৰে ফটো তোলাও নাই৷ অথনি তলতে দুই-এটা শ্বট লোৱা দেখিছিলোঁ৷ তাৰ পাছৰ পৰা দেখিছোঁ, এনেয়ে ওলোমাই লৈ ফুৰিছে৷ অৱশেষত সেইকেইটা সম্পদ মাৰ্টিনকে জাপি দিয়া হ'ল৷ বেচেৰাই একো আপত্তি নদৰ্শালে৷ সিহঁতৰযে জীৱিকাটোৱেই হৈছে আনৰ বস্তু কঢ়িওৱা! অ'ভাৰ ল'ডেড হৈও বাট দেখুৱাই সি গৈ থাকিল আগে আগে৷ তাৰ পাছত অৰুণদা, তেওঁৰ পাছত মই৷ ধীৰে ধীৰে, খুপি খুপি৷
'If you find hard to go to Dzükou then it will be too hard for you to go to heaven.' এই পৰ্বতত প্ৰচলিত আমোদজনক বাক্য এষাৰ৷ মানে, স্বৰ্গযাত্ৰাতকৈও কঠিন ঝুক'ৰ যাত্ৰা! এইটো যাত্ৰা সফল কৰিব পাৰিলে স্বৰ্গলৈ অনায়াসে যাব পৰা যাব৷ কথাটো জনাৰ পাছত তাকে সাৰোগত কৰি মনত সাহস আৰু ভৰিলৈ শক্তি সঞ্চালন হ'ব ধৰিলে৷ গতি আপোনা-আপুনি আহি গৈছে৷ ডাৱৰ আৰু আকাশ চুবলৈকে যেন আমি এঢাপ এঢাপকৈ উঠি আছোঁ, ওপৰলৈ, ক্ৰমে আৰু ওপৰলৈ! ৰাজীৱ আমাতকৈও পাছ পৰিল৷ জয়ন্তদাৰো খোজ লেহেমীয়া হৈছে৷ মাধৱদাই মাজে মাজে হুইছেলটো বজায়৷ দূৰৰ পৰা বতাহত ভাহি অহা কৰ্কশ অথচ স্বাভিমানী শব্দটো কাণত পৰে৷ আগৰকেইজন কিমানখিনি উঠিছেগৈ অনুমান এটা কৰোঁ৷ জংঘলত হুইছেল বৰ কামৰ বস্তু৷ আছিলে এটা, মই আকৌ নানিলোঁ৷ দম হেৰাব ধৰা এনে উলম্ব পথত সেইটো বজাই বজাই আনক ইংগিত দি থকাটোও পিছে সহজ নহ'ব৷ মাধৱদাই পাৰিছে৷ দেখা মনত পৰে, স্কুল-কলেজত থাকোঁতে এন.চি.চি.ৰ আগশাৰীৰ কেডেট আছিল তেওঁ৷ স্ফূৰ্তিবাজ মানুহ৷ বয়সত ডাঙৰ হ'লেও যাত্ৰাটোত আটাইৰে লগত মিলি গৈছে৷

১২ বাজিবলৈ ১০ মিনিট বাকী৷ ঠায়ে ঠায়ে পানী জমি থকা, শান্ত, সেমেকা, সন্মুখত ওলাই থকা ট্ৰেক্টোৰ বাঁওহাতে
বিশেষ গছ এজোপা দেখােন! Rhododendron বুলি লিখি গছজোপাত ফলক এখন
লগাই থোৱা আছে৷ সেয়েহে চিনি পালোঁ৷ নহ'লে নিৰ্ঘাত নিচিনো৷ ৰঙা ৰঙা ফুল ফুলি জলমলাই থকা গছত এতিয়া ফুল বুলিবলৈ নাই৷ চুবুৰীয়া দেশ নেপালৰো ৰাষ্ট্ৰীয় পুষ্প এইবিধ৷ Lali Gurash বুলি কয় তাত৷ এইডালেই নেকি আমাৰ ৰঙিয়াল ফুল? অসমীয়াত প্ৰকৃততে এইজোপাক কি বোলে? শ্ৰীমন্ত শংকৰ গুৰুৰ
গৃহত দেখা ৰঙিয়াল ফুল, যি নেকি শ্ৰীকণ্ঠ মাধৱদেৱৰ ‘নামঘোষা’ সৃষ্টিৰ অসাধাৰণ পটভূমি আছিল, এইজোপাই নেকি বাৰু? ‘নিষ্কাম সাধনাৰ প্ৰতীক’ বুলি মেদিনী চৌধুৰীয়ে 'বণ্ডুকাবেহাৰ'ত উল্লেখ কৰা ৰঙিয়াল ফুলবিধেই ৰোডোডেনড্ৰন নেকি? মই নাজানো৷ গছজোপা দেখা পাই কিয় জানো, জানিবৰ মন গ’ল৷ কাষত কোনো উদ্ভিদবিদো নাই যে ভেদ ভাঙি দিব৷
পৃথিৱীৰ সবাতোকৈ ওখ ৰোডোডেনড্ৰনজোপা জাপ্ফু শিখৰত আছে৷ ২০০৭ চনত সিয়ে উজলাইছিল গিনিজ বুক্ অফ্ ৱৰ্ল্ড ৰেকৰ্ডছত নাগালেণ্ডৰ নাম৷ উচ্চতা ৩০.৭৯ মিটাৰ, বেধ ২.৪১ মিটাৰ৷ জাপ্ফুৰ পাছফালেই ঝুক' ভেলীৰ অৱস্থান৷ হাবিতলীয়া লুংলুঙীয়া বাট যদিও বন্য জীৱ-জন্তু এটাও এতিয়ালৈ নাই পোৱা৷ এলেকাটো Snow Leopard, Asiatic Black Bear, Musk Deer, Flying Squirrel, Thar, Brown Bear, Red Fox, Blue Sheep আদি বিৰল আৰু লুপ্তপ্ৰায় প্ৰজাতিৰ প্ৰাণীৰ বাসভূমি বুলি কোৱা হয়৷ একো নোলোৱাত ট্ৰেকটো নিৰাপদ যেনেই লাগিছে৷ তথাপি এয়াই শেষ কথা বুলি নাভাবি সাৱধানে গৈ থকাটো ভাল৷ ইফালে আত্মৰক্ষাৰ অৰ্থে আমাৰ সদস্যবৃন্দৰ কাৰ লগত কি অস্ত্ৰ আছে নাজানো, মোৰ হ'লে একো নাই৷ নাই যি নাই, কিহবাই খেদা মাৰি আহিলে টঙনিয়াবলৈ ৱাকিং ষ্টিক এডালো নাই৷ অহিংস ট্ৰেকাৰ! কথাটো ওলালত ফোঁপনিৰ মাজতো হাঁহিবলগীয়া হ'ল৷
এঠাইত ট্ৰেকটো অকণমান বহল হ'ল৷ অৰুণদা বহিল৷ গাড়ীত আহোঁতে অথনি কিনা Apple Flavourৰ অ'.আৰ.এছ. খালে৷ চৌদিশলৈ মন কৰিলোঁ৷ শেলুৱৈ ওলমি থকা গছবোৰে ঘেৰি আছে আমাক৷ ওপৰৰ পৰাই দেখা পাইছোঁ, জয়ন্তদা উঠি আহি আছে৷ কেইখোজমান দিয়ে, আকৌ ৰয়৷ ঘৰৰ পৰা লৈ অহা দেউতাকৰ দীঘল লাখুটিডালৰ সৈতে ৰাজীৱ তেওঁতকৈও পাছত৷ ৰাজীৱ এতিয়া একেবাৰে শেষত পৰিল৷ নিজৰ গতিত উঠি আছে৷ মাজে মাজে লাখুটিডালত ভৰ দি হাতৰ ওপৰতে কপালখন থয়৷ চিন্তা কৰে চাগৈ, আৰু কিমান বাকী? আমি বহি থাকোঁতেই ওপৰফালৰ পৰা চাৰিজন ডেকা আহি পালে৷ ভাগৰত লেবেজান হৈ পৰা আমাৰ দেহা আৰু শুকান মুখবোৰলৈ এপলক চালে৷ সোধ-পোছত জনা গ'ল যে কেউজনেই অসমৰ৷ ক'লে, ''খুব ধুনীয়া ঠাই৷ আমি এৰাতি থাকি আহিলোঁ৷ যাওক, ভাল পাব৷ অকণমান কষ্ট হ'বই আৰু৷ গৈ পালে সকলো পাহৰি যাব৷'' এনেকুৱা বাক্য শুনিলে উদ্যম ঘূৰাই পোৱা যেন লাগে৷
আৰু ১০টা মিনিট৷ ট্ৰেকটো ভেদ কৰি সৰু নলা এটাৰে পানী বৈ গৈছে৷ সেয়ে মিহিকৈ শব্দ এটা সৃষ্টি হৈ আছে৷ পাৰ হ'বৰ বাবে ওপৰত গছৰ ডাল কিছুমানেৰে সাঁকো সাজি থোৱা হৈছে৷ পোনে পোনে দেখা পাইছোঁ মুকলি আকাশখন৷ ঘন, গভীৰ জংঘলৰ শেষত আকাশখন এতিয়াহে ভালকৈ ওলাইছে৷ লগতে আৰ.চি.চি. শ্বে'ড এখনৰ ওপৰভাগো৷ গেৰুৱাৰঙী পতাকা এখন উৰি আছে ছাদৰ ওপৰত৷ গেৰুৱা ৰঙে ত্যাগ আৰু সাহস বুজায়৷ ইয়ালৈ আহিবৰ বাবে সঁচাকৈয়ে এই দুটা বস্তু লাগিব৷ প্ৰত্যাহ্বান স্বীকাৰ কৰিবই লাগিব৷ তেহে ঝুক' ভেলীৰ সৌন্দৰ্য দেখা পোৱাটো সম্ভৱ৷ ছাদখনৰ ওপৰত তিনিফালে ৰেলিং দিয়া আছে৷ সোঁকাষে ৪খন চাইনব'ৰ্ড৷ সেউজীয়াত বগা আখৰ৷ সাঁকোত ভৰি দিয়ে দেখিলোঁ, পাইপ এডাল নমাই নিয়া হৈছে, তললৈ৷ সেই মূৰটোৰ অন্ত ক'ত ক'ব নোৱাৰোঁ৷ অথনি ট্ৰেকিং পইণ্টত দেখাডালেই নেকি? ক'ব নোৱাৰি৷ কিন্তু এইটো ক'ব পাৰিছোঁ যে আমি শিখৰ এটাত উপস্থিত হৈছোঁহি৷ ভবাৰ লগে লগে মানসিক বলৰ মাত্ৰাটো চৰি গ'ল৷ গপগপাই উঠি গ'লোঁ বাকীখিনি৷
সাঁকাে এৰিয়ে বহল পাথৰ এটা৷ ওপৰৰ কিছু অংশ সমান৷ তলৰ পৰা উঠি অহা ট্ৰেইলটোৰ বাওঁহাতে বগা ৰঙৰ বনৰীয়া ফুল এডৰা৷ অন্যফালেও দেখা পাইছোঁ৷ ঘাঁহৰ মাজে মাজে হালধীয়া বুটা বছা ফুল এগালমানো দৃষ্টিগোচৰ হ’ল৷ ফুলৰ উপত্যকা আৰম্ভণি হোৱাৰ আগজাননী ইয়েই দি দিলে আমাক৷ স্ফূৰ্তি লাগিল৷ আনহাতে খঙো উঠিল৷ খঙৰ কাৰণ অ’ত-ত’ত প্লাষ্টিকৰ বটল, চিপ্চৰ পেকেট, ডিচপ’জেবল প্লেট আদি পৰি থকা দৃষ্টিগোচৰ হৈছে৷ সেইবোৰে ঠাইখিনি অপৰিষ্কাৰ তথা দৃষ্টিকটু কৰিছে৷ অঘাইটং আৰু নিয়ম নমনা কোনোবা ট্ৰেকাৰ্ছৰে কাম হ'ব৷ স্বভাৱ ভাল নহ'লে ভাৰত পৰিষ্কাৰ ক'ত হ'ব? যিমান বকি থাকিলেও মিছা৷ মুকলিত কেইবাডালো ক'লা, বগা সৰু সৰু পাইপ৷ বিশৃংখলিতভাৱে পাক খাই পৰি আছে৷ যেনি-তেনি দেখা পাইপবোৰেৰে ক’ৰ পানী, ক’লৈ যায় গম পোৱা নগ'ল৷ এডাল পাইপেৰে কিন্তু পানী অনৰ্গল পৰি আছে৷ খাব পাৰি, বটলত সুমুৱাই ল’বও পাৰি৷ সেয়েহে চাগৈ Water Point বোলা হয় এইটুকুৰাক৷ আনহাতে কাৰোবাৰ ট্ৰেভেলগত পঢ়িবলৈ পাইছিলোঁ, ওপৰৰ এইখিনিৰ নাম Khelkesa বুলি৷ এতিয়া সোঁশৰীৰে উপস্থিত হ'লোঁহি যদিও ক'তো তেনেকুৱা একো উল্লেখ কিন্তু দেখা পোৱা নাই৷ ট্ৰেকটোৰ আনটো পাৰে, পানী পৰি থকা পাইপডালৰ ঠিক বিপৰীতে জাবৰ-জোঁথৰ পেলাবলৈ ব্যৱহাৰ কৰা wheelbarrow এখন৷ এইখন ইয়ালৈ দাঙি অনাটো মুখৰ কথানে বাৰু? এতিয়া পৰিত্যক্ত অৱস্থাত থকা জাবৰ পেলোৱা বাহনখনৰ ওপৰতো বগা ফুলে শোভা কৰিছে৷ পাইপডালৰ পৰা নিৰ্গত পানীবোৰত মই হাত লগাই চালোঁ৷ উঃ ঠাণ্ডা! একাঁজলি লৈ মুখখন তিয়াবৰ বৰ মন গ'ল৷ চেঁচা স্পৰ্শটোৱে বেলেগ এটা অনুভূতি সঞ্চাৰ কৰিলে৷
পৃথিৱীৰ সবাতোকৈ ওখ ৰোডোডেনড্ৰনজোপা জাপ্ফু শিখৰত আছে৷ ২০০৭ চনত সিয়ে উজলাইছিল গিনিজ বুক্ অফ্ ৱৰ্ল্ড ৰেকৰ্ডছত নাগালেণ্ডৰ নাম৷ উচ্চতা ৩০.৭৯ মিটাৰ, বেধ ২.৪১ মিটাৰ৷ জাপ্ফুৰ পাছফালেই ঝুক' ভেলীৰ অৱস্থান৷ হাবিতলীয়া লুংলুঙীয়া বাট যদিও বন্য জীৱ-জন্তু এটাও এতিয়ালৈ নাই পোৱা৷ এলেকাটো Snow Leopard, Asiatic Black Bear, Musk Deer, Flying Squirrel, Thar, Brown Bear, Red Fox, Blue Sheep আদি বিৰল আৰু লুপ্তপ্ৰায় প্ৰজাতিৰ প্ৰাণীৰ বাসভূমি বুলি কোৱা হয়৷ একো নোলোৱাত ট্ৰেকটো নিৰাপদ যেনেই লাগিছে৷ তথাপি এয়াই শেষ কথা বুলি নাভাবি সাৱধানে গৈ থকাটো ভাল৷ ইফালে আত্মৰক্ষাৰ অৰ্থে আমাৰ সদস্যবৃন্দৰ কাৰ লগত কি অস্ত্ৰ আছে নাজানো, মোৰ হ'লে একো নাই৷ নাই যি নাই, কিহবাই খেদা মাৰি আহিলে টঙনিয়াবলৈ ৱাকিং ষ্টিক এডালো নাই৷ অহিংস ট্ৰেকাৰ! কথাটো ওলালত ফোঁপনিৰ মাজতো হাঁহিবলগীয়া হ'ল৷
এঠাইত ট্ৰেকটো অকণমান বহল হ'ল৷ অৰুণদা বহিল৷ গাড়ীত আহোঁতে অথনি কিনা Apple Flavourৰ অ'.আৰ.এছ. খালে৷ চৌদিশলৈ মন কৰিলোঁ৷ শেলুৱৈ ওলমি থকা গছবোৰে ঘেৰি আছে আমাক৷ ওপৰৰ পৰাই দেখা পাইছোঁ, জয়ন্তদা উঠি আহি আছে৷ কেইখোজমান দিয়ে, আকৌ ৰয়৷ ঘৰৰ পৰা লৈ অহা দেউতাকৰ দীঘল লাখুটিডালৰ সৈতে ৰাজীৱ তেওঁতকৈও পাছত৷ ৰাজীৱ এতিয়া একেবাৰে শেষত পৰিল৷ নিজৰ গতিত উঠি আছে৷ মাজে মাজে লাখুটিডালত ভৰ দি হাতৰ ওপৰতে কপালখন থয়৷ চিন্তা কৰে চাগৈ, আৰু কিমান বাকী? আমি বহি থাকোঁতেই ওপৰফালৰ পৰা চাৰিজন ডেকা আহি পালে৷ ভাগৰত লেবেজান হৈ পৰা আমাৰ দেহা আৰু শুকান মুখবোৰলৈ এপলক চালে৷ সোধ-পোছত জনা গ'ল যে কেউজনেই অসমৰ৷ ক'লে, ''খুব ধুনীয়া ঠাই৷ আমি এৰাতি থাকি আহিলোঁ৷ যাওক, ভাল পাব৷ অকণমান কষ্ট হ'বই আৰু৷ গৈ পালে সকলো পাহৰি যাব৷'' এনেকুৱা বাক্য শুনিলে উদ্যম ঘূৰাই পোৱা যেন লাগে৷
সাঁকাে এৰিয়ে বহল পাথৰ এটা৷ ওপৰৰ কিছু অংশ সমান৷ তলৰ পৰা উঠি অহা ট্ৰেইলটোৰ বাওঁহাতে বগা ৰঙৰ বনৰীয়া ফুল এডৰা৷ অন্যফালেও দেখা পাইছোঁ৷ ঘাঁহৰ মাজে মাজে হালধীয়া বুটা বছা ফুল এগালমানো দৃষ্টিগোচৰ হ’ল৷ ফুলৰ উপত্যকা আৰম্ভণি হোৱাৰ আগজাননী ইয়েই দি দিলে আমাক৷ স্ফূৰ্তি লাগিল৷ আনহাতে খঙো উঠিল৷ খঙৰ কাৰণ অ’ত-ত’ত প্লাষ্টিকৰ বটল, চিপ্চৰ পেকেট, ডিচপ’জেবল প্লেট আদি পৰি থকা দৃষ্টিগোচৰ হৈছে৷ সেইবোৰে ঠাইখিনি অপৰিষ্কাৰ তথা দৃষ্টিকটু কৰিছে৷ অঘাইটং আৰু নিয়ম নমনা কোনোবা ট্ৰেকাৰ্ছৰে কাম হ'ব৷ স্বভাৱ ভাল নহ'লে ভাৰত পৰিষ্কাৰ ক'ত হ'ব? যিমান বকি থাকিলেও মিছা৷ মুকলিত কেইবাডালো ক'লা, বগা সৰু সৰু পাইপ৷ বিশৃংখলিতভাৱে পাক খাই পৰি আছে৷ যেনি-তেনি দেখা পাইপবোৰেৰে ক’ৰ পানী, ক’লৈ যায় গম পোৱা নগ'ল৷ এডাল পাইপেৰে কিন্তু পানী অনৰ্গল পৰি আছে৷ খাব পাৰি, বটলত সুমুৱাই ল’বও পাৰি৷ সেয়েহে চাগৈ Water Point বোলা হয় এইটুকুৰাক৷ আনহাতে কাৰোবাৰ ট্ৰেভেলগত পঢ়িবলৈ পাইছিলোঁ, ওপৰৰ এইখিনিৰ নাম Khelkesa বুলি৷ এতিয়া সোঁশৰীৰে উপস্থিত হ'লোঁহি যদিও ক'তো তেনেকুৱা একো উল্লেখ কিন্তু দেখা পোৱা নাই৷ ট্ৰেকটোৰ আনটো পাৰে, পানী পৰি থকা পাইপডালৰ ঠিক বিপৰীতে জাবৰ-জোঁথৰ পেলাবলৈ ব্যৱহাৰ কৰা wheelbarrow এখন৷ এইখন ইয়ালৈ দাঙি অনাটো মুখৰ কথানে বাৰু? এতিয়া পৰিত্যক্ত অৱস্থাত থকা জাবৰ পেলোৱা বাহনখনৰ ওপৰতো বগা ফুলে শোভা কৰিছে৷ পাইপডালৰ পৰা নিৰ্গত পানীবোৰত মই হাত লগাই চালোঁ৷ উঃ ঠাণ্ডা! একাঁজলি লৈ মুখখন তিয়াবৰ বৰ মন গ'ল৷ চেঁচা স্পৰ্শটোৱে বেলেগ এটা অনুভূতি সঞ্চাৰ কৰিলে৷
No comments:
Post a Comment