২৫. বনজুই ... ঝুক’ ভেলীৰ বিভীষিকা
ৱাটাৰ পইণ্টেৰে উঠি ঝুক’ উপত্যকালৈ খোজ দি থাকোঁতে মুকলি ট্ৰেকটোৰ কাষত দেখা ক’লা ৰঙৰ গছ-গছনি কিছুমানক লৈ উৎসুকতাৰ অন্ত নাছিল৷ অলপ সময়ৰ আগলৈকে সোমাই আছিলোঁ বৰ্ষাৰণ্যত৷ ঘপকৈ বেলেগ এটা পৰিৱেশ৷ বনজুইৰ ফলত তেনেকুৱা অৱস্থা হোৱা বুলি জনাৰ পাছত স্বাভাৱিকতে মনলৈ অহা প্ৰশ্নটো আছিল, ঠাণ্ডা জেগাত বনজুই কিহৰ! বিশ্বাস কৰিবলৈকে টান৷ সি যি কি নহওক, সন্মুখত যি দেখিছিলোঁ সেয়া আছিল সত্য৷ এতিয়া এইখিনিত উপস্থিত হৈ সেই সত্যৰ স্বৰূপ ভালদৰে উপলব্ধি কৰিব পাৰিছোঁ৷ এই সংক্ৰান্তত অতীতৰ বুৰঞ্জী নিমাত যদিও বিগত কেইটামান বছৰৰ দিনপঞ্জীয়ে আমাক কিছু কথা জানিবলৈ দিয়ে৷ ঘটনাৰ কাৰক বনজুই৷ সৌন্দৰ্যময় ঝুক' ভেলীৰ বাবে বছৰি এক বিভীষিকাস্বৰূপ হৈ পৰিছে এই বনজুয়েই হয়৷ বিশেষভাৱে, ২০০৬ চনৰ পৰা অঞ্চলটোলৈ আগমন ঘটা পৰ্যটকৰ সংখ্যা বাঢ়ি অহাৰ লগে লগে বনাগ্নিও বাৰ্ষিক ৰূপত সংঘটিত হ'ব ধৰিছে হেনো!
২০০৬ চনত মণিপুৰৰ সেনাপতি জিলাৰ Mount Tempüত বনজুইৰ সূত্ৰপাত হৈছিল৷ Mount Tempüৰ পৰা ঝুক' উপত্যকালৈ দূৰত্ব ৫ কিল'মিটাৰৰ কম নহ'ব৷ সপ্তাহজুৰি লাগি থকা জুইকুৰাই পৰ্বতটোৰ সমস্ত গছ-গছনি পুৰি ছাই কৰি পেলাইছিল৷ ভাগ্যক্ৰমে যেনিবা সেইবাৰ জুইৰ শিখা ঝুক' ভেলী নাপালেহি৷ ২০০৬, ২০০৭ আৰু ২০০৮ত ৭০ বৰ্গ কিল'মিটাৰ এলেকাৰ উদ্ভিদ বনাগ্নিয়ে দাহ কৰে৷
২০০৬ চনত মণিপুৰৰ সেনাপতি জিলাৰ Mount Tempüত বনজুইৰ সূত্ৰপাত হৈছিল৷ Mount Tempüৰ পৰা ঝুক' উপত্যকালৈ দূৰত্ব ৫ কিল'মিটাৰৰ কম নহ'ব৷ সপ্তাহজুৰি লাগি থকা জুইকুৰাই পৰ্বতটোৰ সমস্ত গছ-গছনি পুৰি ছাই কৰি পেলাইছিল৷ ভাগ্যক্ৰমে যেনিবা সেইবাৰ জুইৰ শিখা ঝুক' ভেলী নাপালেহি৷ ২০০৬, ২০০৭ আৰু ২০০৮ত ৭০ বৰ্গ কিল'মিটাৰ এলেকাৰ উদ্ভিদ বনাগ্নিয়ে দাহ কৰে৷
২০০৯ চনৰ ১৬ ফেব্ৰুৱাৰীত Mount Tempüত পুনৰ বনজুই দেখা যায়৷ প্ৰায় ৬০ হেক্টৰ ভূমিত থকা গছ-গছনি সেইবাৰ ছাৰখাৰ হৈ গৈছিল৷ Kezol forestত আৰম্ভ হোৱা জুই বতাহৰ কোবত বিয়পি পৰিছিল আমি উপস্থিত হোৱা এই ঠাইটুকুৰা পৰ্যন্ত৷ আমাৰ কাষৰে-পাজৰে এতিয়া দেখি থকা সৌ ক'লা মৰা সৰু-বৰ গছবোৰ তাৰেই ধ্বংসাৱশেষ৷ অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ্যৰ বিস্তৰ ক্ষতি সাধন কৰিছিল সেইবাৰৰ অগ্নিয়ে৷
তাৰ পাছত ২০১০ চন৷ সেইটো বৰ্ষৰ জানুৱাৰী মাহত ৬ দিন ধৰি বনজুই বিয়পিছিল৷ ১৫ বৰ্গ কিল’মিটাৰ জুৰি গছ-বিৰিখ ভষ্ম হৈ গৈছিল৷ কোনোবা দৰ্শনাৰ্থীয়ে পেলনীয়া বস্তু জ্বলাইছিল আৰু তাৰ পৰাই জুই বিয়পি পৰে বুলি খবৰ ওলাইছিল৷ ট্ৰেগোপান, বনৌষধি আৰু সুগন্ধিকে ধৰি বিৰল প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী অগ্নিত ধ্বংসপ্ৰাপ্ত হৈছিল সেইবাৰ৷ গাঁওবাসীয়ে অশেষ কষ্টেৰে নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছিল৷ কেইবাখনো গাঁৱৰ পৰা উঠি অহা প্ৰায় ৮০জন স্বেচ্ছাসেৱকে কোনো বিশেষ অত্যাধুনিক আহিলা-পাতি নোহোৱাকৈয়ে বন বিভাগ, আৰক্ষী, গৃহৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আদিৰ সহায়ত বুদ্ধি খটুৱাই জুই কমাবলৈ সমৰ্থ হৈছিল৷ ঘটনাস্থলীৰ পৰা বতাহত উৰি অহা কুকুহা ৪ দিন ধৰি পৰি আছিল ক’হিমা চহৰৰ ওপৰত৷
২০১৪ৰ জানুৱাৰীৰ শেষভাগত নাগালেণ্ডৰ দ্বিতীয়টো উচ্চ শৃংগ Mt. Japfüত বনজুই জ্বলে৷ সেইবাৰো এচাম কাণ্ডজ্ঞানহীন ট্ৰেকাৰ্ছৰ পৰাই নগা পাহাৰৰ বনাঞ্চল ছাৰখাৰ হৈছিল বুলি তদন্তত প্ৰকাশ পাইছিল৷ জুইৰ কবলত পৰি জৈৱ-বিচিত্ৰতাৰে পূৰ্ণ পৰ্বতটোৰ বৃহৎ এলেকা উকা হৈ পৰিছিল৷ প্ৰায় ৮ দিন ধৰি জ্বলি থকা বনজুই নুমুৱাবলৈ প্ৰয়োজন হৈছিল ৫০০ স্বেচ্ছাসেৱক, অগ্নিকৰ্মীৰ লগতে দুখনকৈ হেলিকপ্টাৰ৷ ভাৰতীয় বায়ুসেনাই firefighting equipmentৰে সজ্জিত MI 17 V5 helicopter নিয়োগ কৰিছিল৷ ডিমাপুৰৰ পদুমপুখুৰীৰ পৰা একোবাৰত কঢ়িয়াই অনা ২.৫০ টন পানী ৩ কিল’মিটাৰ ওপৰৰ পৰা ঘণ্টাত ৪৫ কিল’মিটাৰ বেগত ঢালিহে কথমপি জুই নুমুওৱা হৈছিল৷
২০১৫ চনৰ মাৰ্চ মাহৰ মাজভাগত ঝুক’ৰ দক্ষিণাঞ্চলত লগা বনজুই ভিশ্বেমা গাঁৱৰ সীমা পৰ্যন্ত আহি পাইছিল৷ প্ৰায় ৮ বৰ্গ কিল’মিটাৰ এলেকা জাহ গৈছিল সেইবাৰৰ জুইত৷ দায়িত্বজ্ঞান নথকা কোনোবা ট্ৰেকাৰ্ছে অমনোযোগিতাৰে এৰি থৈ যোৱা জুইৰ অঙঠাৰ পৰা সেইবাৰৰ খাণ্ডৱ দাহ সংঘটিত হোৱা বুলি অনুসন্ধানত ওলাইছিল৷ ৰডোডেন্দ্ৰনৰ কেইবাটাও প্ৰজাতিকে ধৰি বাঁহ আৰু অন্যান্য গছ-গছনি ভষ্ম হৈ গৈছিল৷ পৰ্বতত জুই দেখি ভিশ্বেমা, ঝাখামা, কিগ্ৱেমা, খুঝামা, ফিছামা আদি চুবুৰীয়া গাঁওসমূহৰ পৰা প্ৰায় ৮০জন স্বেচ্ছাসেৱক উপত্যকাটোলৈ উঠি আহে৷ পৰিস্থিতি অধ্যয়নৰ অৰ্থে ইউ.বি. পুলিচ আৰু বন বিভাগৰ লোকৰ সৈতে ১৪১ আৰ.বি.ৰ এটা প্লাটুনো যায়৷ State Disaster Management Authority (NSDMA)এ পাছত জনোৱা মতে, মানৱ শক্তি বঢ়াবলৈ ইষ্টাৰ্ণ এয়াৰ কামাণ্ডে IAF chopper নিয়োগ কৰিছিল যদিও কাৰিকৰী কাৰণত সাময়িকভাৱে বন্ধ কৰি দিয়া হয়৷ পিছদিনা ঝাখামা আৰু খুঝামাৰ ফালৰ পৰা ২০০জন লোক উঠিছিল, জুই নুমুৱাবৰ উদ্দেশ্যে৷
পৰ্বতত লগা বনজুই চুবুৰীয়া গাঁওবাসীৰ কাৰণে এক মূৰৰ কামোৰণি হৈ দেখা দি আহিছে৷ তেওঁলোকৰ সহযোগিতা অবিহনে বনাগ্নি নিয়ন্ত্ৰণ কৰাটোও অসম্ভৱ৷ নাগালেণ্ডৰ সমান্তৰাল চৰকাৰৰ তৰফৰ পৰা এই ক্ষতিক জাতীয় ক্ষতি বুলি অভিহিত কৰা হৈছে৷ এয়া দুৰ্ঘটনাজনিত নহয়, ইচ্ছাকৃত বুলি কোৱাৰ লগতে দোষীক কৰায়ত্ত কৰাৰ পক্ষে চুবুৰীয়া গাঁওবাসীক পদক্ষেপ ল'বলৈ আহ্বান জনোৱা হৈছে৷ আনহাতে গৱেষকৰ ভাষাত, The main cause of the fires is the thick growth of native dwarf bamboo in the valley and open spaces in the hills that gets burnt easily during the dry season. বনজুইৰ ফলত দেখা দিয়া আটাইতকৈ চিন্তনীয় দিশটো হৈছে অগ্নিয়ে গছ-গছনিবোৰ দহন কৰাৰ ফলত পুনৰ উদ্ভিদ গজি নুঠা পৰ্যন্ত উপত্যকাটোত প্ৰাকৃতিকভাৱে বৈ থকা পানীৰ পৰিমাণ হ্ৰাস পায়৷ ইয়ে অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা বুলি গৱেষণাই নিশ্চিত কৰিছে৷ দ্বিতীয়তে ঝুক' ভেলীত ফুলা বনৰীয়া ফুল, লেণ্ড অৰ্কিডসমূহৰ গুটি, আলু আদিৰ সহজে দহন ঘটাত সেইবোৰৰ সংখ্যা তাকৰ হৈ আহিছে৷
পৰ্বতত লগা বনজুই চুবুৰীয়া গাঁওবাসীৰ কাৰণে এক মূৰৰ কামোৰণি হৈ দেখা দি আহিছে৷ তেওঁলোকৰ সহযোগিতা অবিহনে বনাগ্নি নিয়ন্ত্ৰণ কৰাটোও অসম্ভৱ৷ নাগালেণ্ডৰ সমান্তৰাল চৰকাৰৰ তৰফৰ পৰা এই ক্ষতিক জাতীয় ক্ষতি বুলি অভিহিত কৰা হৈছে৷ এয়া দুৰ্ঘটনাজনিত নহয়, ইচ্ছাকৃত বুলি কোৱাৰ লগতে দোষীক কৰায়ত্ত কৰাৰ পক্ষে চুবুৰীয়া গাঁওবাসীক পদক্ষেপ ল'বলৈ আহ্বান জনোৱা হৈছে৷ আনহাতে গৱেষকৰ ভাষাত,
ৰে'ষ্ট হাউচৰ পৰা আমি অথনি প্ৰথমেই দেখা হেলিপেডটো নাগালেণ্ড-মণিপুৰৰ সীমা সমস্যাজনিত পৰ্যবেক্ষণ কাৰ্যৰ বাদে বনজুই নিয়ন্ত্ৰণৰ কাৰণতে ব্যৱহৃত হয় চাগৈ৷ সুপৰিকল্পিত ইক'-টুৰিজিম এই সমস্যাবোৰৰ এটা সমাধান-সূত্ৰ হ'ব পাৰে৷ তালৈকে চাই ইয়ালৈ অহা প্ৰতিগৰাকী দৰ্শনাৰ্থী, ট্ৰেকাৰ্ছৰ ক্ষেত্ৰতে ট্ৰেকিং পইণ্টতে কিছুমান কঠোৰ নীতি-নিয়ম বান্ধি দি্য়াটো সময়ৰ আহ্বান হৈ পৰিছে৷ সেইটো বাটেৰে আমি উঠি অহাৰ পাছত এই পৰ্যন্ত ইয়াত তেনেকুৱা একো ব্যৱস্থা বলৱৎ হোৱা পৰিলক্ষিত হোৱা নাই৷
No comments:
Post a Comment