Sunday, 17 September 2017

১৫. ৰিণিকি ৰিণিকি দেখোঁ গাঁও এখনি...

এবাৰ পাক এটা ঘূৰোঁতে এঠাইৰ পৰা দূৰত একেলগে থকা ঘৰ কেইটামান দেখা গ'ল৷ ''সৌৱা, সেয়া ৰে'ষ্ট হাউচ, ঝুক' ভেলীৰ আশ্ৰয় গৃহ৷ ট্ৰেকাৰ্ছ কেম্প বা বে'ছ কেম্প বুলিও কয়৷ ইণ্টাৰনে'টত চাওঁতে দেখিছিলোঁ৷ এতিয়া দৃষ্টিত ধৰা দিছে৷'' ওপৰৰ পৰা নামি অহা ট্ৰেক এটা লগ লাগিল৷ তাৰ মানে আমি ঝুক' টপৰ নামনি অংশৰে গৈ আছোঁ৷ এইটো ট্ৰেকৰ শেষ প্ৰান্তলৈ বেছি নাই৷ তাৰ সিপাৰেই আচল দৃশ্যটোৱে আমাৰ বাবে ৰৈ আছে৷ বুজি পাইছোঁ যে চকু আৰু মনেৰে ওচৰ যেন লাগিলেও দূৰত্ব এতিয়াও কিছু নথকা নহয়৷ পাহাৰত ঘূৰি ফুৰোঁতে ৰিণিকি ৰিণিকি দেখা গাঁও এখনৰ দৰেই অনুভৱ হৈছে ঘৰকেইটা দেখি৷

ট্ৰেকটোত পাথৰ এটা বৰ বেয়াকৈ আছে৷ তাৰ ওপৰেদি যাব লাগে৷ ভৰি পিছলিলে গ'ল৷ সৰি সৌ তলত পৰিবগৈ লাগিব৷ অৰুণদালৈ চিন্তাই লাগিল৷ লগত মাৰ্টিন আছে বাৰু৷ আগলৈ মন দিলোঁ আৰু পাৰ হ'লোঁ৷ জংঘলৰ মাজত দুজন ডেকা৷ পোনে পোনে চাই থকা নাই যদিও এনে লাগিল, আলেঙে আলেঙে যেন আমাকেই লক্ষ্য কৰি আছে৷ এৰি অহাৰ পাছত অৰূপদাই মুখ খুলিলে, ''সেই দুটা এন.এছ.চি.এন.ৰ কেডাৰ আছিল, ধৰিব নোৱাৰিলা?'' নাজানো কোন ক'ৰ কি হয়৷ বিপদসংকুল স্থানত থকা শিলচটা আৰু দুই কেডাৰ, দলৰ অান আন সদস্যসকলৰ মাজত এই দুয়োটা বিষয় পাছলৈকো আলোচনাৰ কেন্দ্ৰবিন্দু হৈ ৰ'ল৷ অকলে অকলে আহি আছোঁ যদিও কাৰো পৰাই এতিয়ালৈ আমাৰ নামমাত্ৰও বিঘিনি ঘটা নাই৷ মাজে মাজে পিছলৈ ঘূৰি চাওঁ৷ এৰি থৈ অহা দৃশ্যবোৰ মনৰ পেড়াত সুমুৱাই লওঁ৷

বিয়লি ২ বাজি ৩০ মিনিট গল৷ সন্মোহনী অদৃশ্য শক্তিয়ে টানি লৈ গৈ আছে নাগালেণ্ডৰ দক্ষিণ-পশ্চিমলৈ৷ অকণমান নামি আহিছোঁ৷ বোকা-পানী এখিনি পাৰ হলোঁ৷ অন্য স্থানৰ পৰা আগতে অহা পৰ্যটক এমখাও পালোঁ৷ প্ৰতিজনৰে চকুৱে-মুখে বুজাব নোৱাৰা বিধৰ আনন্দৰ ভাব৷ অলপ পাছতে বল্ডাৰ পাৰি সাজি দিয়া বাট এটা৷ ওপৰমুৱাকৈ টিলা এটালৈ ক্ৰমান্বয়ে উঠি গৈছে৷ মুখৰ আগত তিনিডাল সাধাৰণ কাঠেৰে নিৰ্মিত তোৰণ এখন৷ তাৰ তলেদি যাব লাগে৷ ঠিক সোঁমাজতে তক্তা এডোখৰ৷ তক্তাচটাত লিখা আছেPlucking of flowers dry or fresh will be fine Rs. 500/-৷ পুষ্প উপত্যকাত পুষ্পৰ অভাৱ নাই৷ হলেও ছিঙা বা নষ্ট কৰাৰ ক্ষেত্ৰতো দেখিছোঁ সাৱধান-বাণী! এক হিচাপে ভালেই কৰিছে৷ কিছুমান মানুহ স্বভাৱতে বৰ নষ্টকাৰী৷ যতে-ততে যিহকে-তিহকে ধ্বংস কৰে৷ তেনে মানসিকতাৰ মানুহক চিধা কৰিবলৈ এনেকুৱা ব্যৱস্থা নাৰাখিলেই নহয়৷ তেনেবোৰ অপকৰ্ম ট্ৰেকাৰ্ছৰ স্বভাৱৰ ভিতৰত নপৰে৷

মূল উপত্যকালৈ এইফালেই যাব লাগে৷ বাটটোৰ কাষত ফুল গছ কেইজোপামান৷ ফুল ফুলি আছে৷ সন্মুখত সেউজ ঘাঁহনি৷ শাৰী শাৰীকৈ অনেক তম্বু তৰিব পাৰি৷ কিন্তু মাজে মাজে বোকা হৈ পৰিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে ঝুক্' ভেলী অন্যতম শ্ৰেষ্ঠ ট্ৰেকিং-কেম্পিং স্পট৷ প্ৰকৃতিপ্ৰমীৰ বাবে সঁচাই আদৰ্শ ঠাই৷ উপস্থিত হওঁতেই এনেকুৱা ভাব হ'ল৷ প্ৰথম দৃষ্টিতেই ভাল লাগি গৈছে পৰিৱেশটো৷ ধুনীয়া ঠাই এটুকুৰালৈ আহিলোঁ৷ সেউজীয়া উথলি উঠিছে আমাৰ দেহ-মনতো৷

প্ৰায় ডেৰ ঘণ্টা আগতে ট্ৰেকৰ পৰা দেখা পোৱা দীঘলীয়া আকাৰৰ দুটা ঘৰ এতিয়া আমাৰ সোঁহাতে৷ মাজত মুকলি জিৰণী চৰা৷ ঝুক ভেলী ৰেষ্ট হাউচ এয়া৷ নাগালেণ্ড চৰকাৰৰ পৰ্যটন বিভাগে নিৰ্মাণ কৰা চৰাইঘৰ৷ চাউদাৰ্ণ আংগামী য়ুথ অৰ্গেনাইজেচনৰ দ্বাৰা পৰিচালিত৷ প্ৰতি সোমবাৰে কেয়াৰটেকাৰ সলনি হয়৷ চৌহদত ছলাৰ লাইট আছে৷ উঠি আহিয়ে পোৱা ঘৰ দুটাত বহুত মানুহ একেলগে থাকিব পাৰে৷ অৰ্থাৎ ডৰ্মিটৰী৷ জনেপতি ৫০ টকা প্ৰতিদিনে৷ মাজত পাকঘৰ৷ প্ৰস্ৰাৱগাৰ আৰু পায়খানা বেলেগে৷ ঝুক ভেলী চাবলৈ অহা লোকেৰে গিজগিজাই থকা দেখিলোঁ৷ পুৱা আমি খনমাৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ অলপ পাছতে আমাৰ ছুম'খনৰ ড্ৰাইভাৰ কেবিন্যু আংগামীয়ে ঠিকেই কৈছিল, 'ঝুক' ভেলীত এতিয়া বজাৰ লাগি থাকিব' বুলি৷ কথাটো হয়৷ কিছুমান গৈছেগৈ অৱশ্যে৷ বাটত পাই আহিছোঁ আমি৷ অহা আহিব, যোৱা যাব৷ এনেকৈয়ে অহা-যোৱা চলি থাকে ইয়ালৈ৷

ৰে'ষ্ট হাউচত ভাত পোৱা যায়৷ প্ৰতি প্লেটত ২০০ টকাকৈ৷ অন্য কিবাকিবি খোৱা-বস্তুও পায়৷ এম.আৰ.পি.তকৈ দুগুণ দাম৷ হ'বই৷ অনেক তলৰ কিগৱেমা গাঁৱৰ অয়েতো, অাভিহঁতে কমখন মৰণপণ কষ্ট কৰি উঠাই আনিবলগীয়া হয়নে সেইবোৰ? আমাৰকেইজনে দেখোন নিজৰ অতি দৰকাৰী ৰাক্‌চেকটোহঁতকে বলে নোৱাৰি তলত এৰি আহিল! এনেয়ে নকয়, 'ৰুমাল পেলাই দিবৰ মন যাব' বুলি৷ অথনি পাৰ হৈ অহা ৰেইন ফৰেষ্ট এলেকা আৰু বাটৰ ফোঁপনিবোৰলৈ মনত পৰি গ'ল আকৌ এবাৰ৷ ঝাখামাৰ ট্ৰেইলটো চমু বুলি কোৱা হয় যদিও সিও মুখৰ কথা নহয়৷ মুঠতে ঘামৰ দামটো চাবলৈ গ'লে কমেইহে হৈছে৷ ধনৰে ৰিজাব নোৱাৰি৷

জিৰণী চৰাৰ সন্মুখতে দলটো একগোট হ'লোঁ৷ বেৰ নাইকিয়া, মুকলি৷ তক্তাত বহাৰ ব্যৱস্থা৷ ৰাক্‌চেক্‌ আৰু শ্লীপিং বেগটো নমাই থওঁতে খোজ আৰু ভাগৰ সমাপ্তিৰ হুমুনিয়াহ এটা নিজে নিজেই ওলাই আহিল৷ কাপোৰ আৰু জোতাত বোকা লাগি অৱস্থা নাই৷ তিতা দেহাটোৱে বতাহ পাই ঠাণ্ডাত থৰ থৰ কৰে কঁপিব লাগিছে৷ ওচৰতে পাইপেৰে ওলাই থকা পানীত অচিনাকি লৰা-ছোৱালী কিছুমানে হাত-ভৰি ধুইছে৷ দেখিয়ে কেনেবাখন লাগিল৷ মোৰ হাত দুখনচোন বৰফশীতল হৈ পৰিছে! কি কৰা যায়? হাতে হাতে ঘঁহিছোঁ৷ জঁপিয়াজঁপি কৰিছোঁ৷ বেগৰ পৰা গামোচা উলিয়াই ডিঙি-মূৰ মচিও ললোঁ৷ ঠাণ্ডা নপলায়হে নপলায়৷ কেৱল মোৰেই নহয়, আনৰো একে হৈছে৷ তুলনামূলকভাৱে ইয়াত ঠাণ্ডা বেছি৷ ঝাখামা বা ভিশ্বেমাতকৈ ১০ ডিগ্ৰীমানৰ পাৰ্থক্য এটা সদায়ে থাকে৷ কোনো আগজাননী নিদিয়াকৈ বতৰ সলনি হয়, বৰষুণ হয়, বতাহ বলে, শীতৰ মাত্ৰা বাঢ়ে৷

কোঁচ-মোচ খাই বহি থাকোঁতে উপায় এটা চিন্তা কৰি পালে মাধৱদাই৷ ঠাণ্ডাৰ পৰা ৰেহাই পাবলৈ গৰম চাহ খাব লাগিব৷ পোৱা যাব চাগৈ৷ কেয়াৰটেকাৰক মাতি সকলোৰে বাবে অৰ্ডাৰ দিয়া হল৷ মনত পৰিল ১৯৯২ চনৰ ঘটনা এটা৷ অৰুণাচলৰ বমডিলাত এনেকুৱা অভিজ্ঞতা এটা হৈছিল মোৰ৷ তাকো মাজনিশা৷ যাম টাৱাং! তেজপুৰৰ পৰা আহিবলগীয়া নৈশ বাছৰ কাৰণে ৰাস্তাত খাপ পাতি আছোঁ৷ একে ঠাইত থিৰেৰে থাকিব নোৱাৰা পৰিস্থিতি৷ পথৰ ওপৰতে এবাৰ ইফালে যাওঁ, এবাৰ সিফালে যাওঁ৷ হ'লেও গা গৰম নহয়৷ অক্টোবৰ সোমাবলৈ কেইটামান দিন আছেই৷ অথচ শীতৰ আক্ৰমণ ইমানেই প্ৰচণ্ড! বেজীৰ দৰে বিন্ধে৷ জোতা-মোজাৰ ভিতৰত সোমাই থকা আঙুলিকেইটা আছেনে নাই গম নাপাওঁ৷ কোনো সংবেদনেই নাই৷ পিছদিনা টাৱাং চাৰ্কিট হাউচত জোতা খুলি চাওঁতে দেখোঁ যে ঠাণ্ডাত ঢেলা হৈ পৰিছে ভৰিৰ আঙুলি ১০টা৷ ৰান্ধনীশালত সেকি সেকি কোনো ৰকম জীয়াই তুলিলোঁ৷ ইয়াতো হাতৰ আঙুলি অৱশ৷ নাকৰ আগটো, কাণৰ লতি দুটা অতিপাত ঠাণ্ডা৷ একে পৰ্যায় পোৱাহি যেনেই লাগিল৷ এনেকৈ চাই থাকিলে নহব৷ এতিয়াই কিবা এটা কৰিব লাগিল৷ 

জুই একুৰা পোৱা হলে! এই ধোঁৱাবোৰ কৰ পৰা আহিছে? অনুসন্ধান কৰি গৈ সহজেই ৰান্ধনী ঘৰটো বিচাৰি উলিয়ালোঁ৷ এজন এজনকৈ আমাৰ কেইবাজনো থূপ খালেহি সৰু পাকঘৰটোৰ ভিতৰত৷ তাৰ মানে কেৱল মোকেই নহয়, ঝুক'ৰ ঠাণ্ডাই আনকো কাবু কৰিছে৷ আমাৰ ফালে জুলাই মাহৰ গৰম, ইয়াত পুহমহীয়া জাৰে ঠেঁটুৱৈ লগাইছে৷ ব্লৱাৰ এটাৰ হেণ্ডেল ঘূৰাই ঘূৰাই লৰা এটাই চৌকাত জুই ধৰিবৰ আপ্ৰাণ চেষ্টা চলাইছে৷ নাই, পৰা নাই৷ তাৰ কাষতে বহি ললোঁ৷ ছলি খৰি ময়ো জাপিছোঁ৷ লাহে লাহে জুইকুৰা উঠিল৷ চৌকাৰ ওপৰত কেইবাখনো হাত৷ হাতৰ হেতাওপৰা৷ ভিতৰৰ কাপোৰ ঘামত তিতা, ওপৰৰ কাপোৰ বৰষুণত তিতা৷ জোতা-মোজা চব তিতা৷ অকল মোৰেই নহয়, আটাইৰে একে দুৰৱস্থা৷ আৰম্ভণিতে ৰেইন কোটটো নিপিন্ধি পস্তাইছোঁ এতিয়া৷

বিস্কুট দুখনেৰে চাহকাপ খাই গাটো অকণমান টঙালোঁ যদিও ঠাণ্ডাই বেগেতে লগ নেৰিলে৷ বৰষুণৰ টোপালবোৰ থামিল যদিও বতাহ এচাটি মাৰি আছে৷ মই মোৰ ৰাক্‌চেক্‌ লগত লৈ আহিছোঁ৷ ৰাক্‌চেকত শুকান কাপোৰ আছে৷ হলে কি হব? থকাৰ ব্যৱস্থাটো নোহোৱা পৰ্যন্ত অপেক্ষা কৰিব লাগিব৷ ক'ত বা থকা হয় আকৌ! আন কাৰো বেগো নাই, প্ৰয়োজনীয় কাপোৰো নাই যে সলাই ল'ব৷ পৰ্টাৰে আনিলেহে সেইটো সম্ভৱ হব৷ তাকে লৈ সংগীসকলে হায় হায় কৰি আছে৷ বাটলৈ ঘনে ঘনে চকু মাৰিছে৷ দীপমইনা দুৱৰা আৰু মালবাহককেইজন নহালৈকে এনেকৈয়ে খপি জেকি থাকিব লাগিব৷ গতিকে বাকীসকলৰ চিন্তা মোতকৈ এখোপ চৰাহে৷

ঠাণ্ডাত কঁপি থকাৰ পৰা মুক্তি পাবলৈকে অভ্যাস থকাসকলে কৰ পৰা জানো বিড়ি এমুঠা যোগাৰ কৰি উধাই-মুধাই হুপিবলৈ লৈছে৷ আউ, অৰুণদায়োচোন হুপিছে! তেওঁক মই কেতিয়াও বিড়ি-চিগাৰেট টনা দেখা নাই৷ এতিয়া টান দিছে আৰু খুক্‌ খুক্‌ কাহিছে৷ অৱস্থাটো দেখিয়েই হাঁহি উঠিছে মোৰ৷ প্ৰচণ্ড শীতৰ পৰা জীউটো ৰক্ষা কৰিবলৈ অকস্মাতে এনে প্ৰচেষ্টাৰ বশৱৰ্তী হ'বলগীয়া হৈছে৷ উপায় নাই৷ ঘৰত চাগৈ এতিয়া কাৰেণ্টটো গল যদি আমাৰ মাহঁতে গৰমত বিচনি ঘূৰাই তত্‌ পোৱা নাই৷ সিফালে মাহৰ গৰম জুলাই৷ আৰু আমি ইয়াত ঠাণ্ডাত কঁপিছোঁ থৰথৰাই৷ এফালে গ্ৰীষ্ম, এফালে শীত৷ আকাশী দূৰত্ব কিমাননো হব? ৮৫ কিল'মিটাৰ? তাতে উষ্ণতাৰ এনে তাৰতম্য! এয়াই বিশেষত্ব ঝুক' ভেলীৰ৷



No comments:

Post a Comment