.৯. Mount Teyozwüত
আৰোহণ
ক’হিমা-ইম্ফল হাইৱে’ৰ সমান্তৰালভাৱে ৰাস্তাটো ওপৰলৈ উঠিছে৷ অলপ দূৰলৈকে পোন৷ এঢলীয়া পথটোৰ ওপৰত সৃষ্টি হোৱা লোৰেদি বৰষুণৰ পানীৰ ঢল নামনি অভিমুখে বৈ আহি আছে৷ সন্মুখত এটা কেঁকুৰি৷ তাৰ সিফালে কি আছে বাৰু? উৎসুকতাৰ মাত্ৰাটো তুংগত থাকিলেও এতিয়াই জনাৰ উপায় নাই৷ গৈহে আছোঁ৷ জানিম অলপ পাছতে৷ সদ্যহতে এইখিনিত সোঁহাতে একাদিক্ৰমে তিনিখন চাইনব’ৰ্ড চকুত পৰিছে৷ অচিনাকি ঠাইত সদায় চাইনব’ৰ্ড পঢ়ি লোৱাটো পৰ্যটকৰ কৰ্তব্য৷ প্ৰথমখনত আংগামী ছাত্ৰ সংগঠনৰ ফালৰ পৰা Welcome to Dzükou Valley বুলি আমাৰ দৰে ঝুক’ উপত্যকালৈ আগমনকাৰীসৱক স্বাগতম জনোৱা হৈছে৷ লগতে Please take note বুলি জানিবলগীয়া কথাকেইষাৰমানো উল্লেখ কৰি থোৱা আছে৷ প্ৰকৃতিৰ মন মতলীয়া কৰা সৌন্দৰ্য উপভোগ কৰিবলৈ অহা ট্ৰেকাৰ্ছ, টুৰিষ্ট, ভিজিটৰ্চসকল কি কি কৰাৰ পৰা বিৰত থাকিব লাগিব আৰু তেনে কৰিলে কেনে প্ৰকাৰৰ শাস্তি হ’ব পাৰে, তাৰেই জাননী৷ পাৰ হৈ অহা দ্বিতীয়খন ব’ৰ্ডত মাত্ৰ Hope Garden বুলি দুটা শব্দ লিখি সন্মুখলৈ কাঁড় এডাল মৰাহে দেখিলোঁ৷ ভিশ্বেমা গাঁওখনৰ পৰা ওপৰত, ঝুক’ ভেলীৰ পথত উদ্যানখন আছে৷ তাত বিবিধ গছ-গছনি আছে৷ অঞ্চলটোৰ জলবায়ু চেঁচা প্ৰকৃতিৰ৷
এইটো বছৰৰে জানুৱাৰী মাহত উদ্ভিদবিদ ডক্টৰ এ. এ. মাও আৰু ডক্টৰ ৰাজীৱ গগৈৰ দ্বাৰা লিখিত 'Flora of Dzükou Valley' নামৰ গ্ৰন্থ এখন প্ৰকাশ পাইছিল Botanical Survey of India, Eastern Regional Centre, Shillongৰ দ্বাৰা৷ গ্ৰন্থখনৰ মতে Dzükou Valley has got 333 species belonging to 236 genera and 119 families consisting of pteridophytes, gymnosperms, dicotyledons and monocotyledons. জীৱবিদ্যাৰ অধ্যয়নকাৰীসকলৰ বাবে বৃহত্তৰ এলেকাটোত অনেক ৰহস্য আৰু সম্ভাৱনা এতিয়াও সুপ্ত হৈ আছে৷ প্ৰকৃতিপ্ৰেমী ফটোগ্ৰাফাৰসকলৰ বাবেও ভূস্বৰ্গ৷ আমাৰ সৈতে অহা হীৰেনৰ অন্তৰৰ উদ্দেশ্য আৰু আকৰ্ষণৰ কাৰণ একমাত্ৰ সেইটোৱে৷ ঝুক' ভেলীত মাজে মাজে ফটোগ্ৰাফীৰ আউটড'ৰ ৱৰ্কশ্বপ অনুষ্ঠিত হোৱাৰ বাতৰি পোৱা যায়৷ শুনি আচৰিত লাগে৷ গৱেষক ছাত্ৰ-ছাত্ৰীও অনেক আহে তালৈ৷ আমাৰ দৰে সাধাৰণ ট্ৰেকাৰটো ক'বই নালাগে৷ হ'লেও কিন্তু বহুতে এতিয়াও ঝুক' ভেলীৰ বিষয়ে নাজানে৷ সময় আগুৱাৰ লগে লগে জানিব নিশ্চয়৷ আগ্ৰহ, উৎসুকতা আৰু প্ৰয়োজনেই আচল কথা৷
বাটত পোৱা তৃতীয়খন ফলকহে দুৰ্ভাগ্যবশতঃ ধৰিব পৰা নগ’ল৷ তাকে লৈ মনটো কোঁচ খালে৷ নামি যোৱাৰতো কোনো সুযোগেই নাই৷ মাত-কথা বন্ধ কৰি কেবিন্যুৱে এক্সেলাৰেটৰত একেৰাহে আৰু একধ্যানে হেঁচা প্ৰয়োগ কৰি গৈছে৷ ‘ড্ৰাইভাৰ চাহাব, এক বাৰ ষ্টপ কৰিবিত' বুলিওনো কওঁ কেনেকৈ? তেওঁ সুধিব, ‘কি নিমিত্তে?’ পানী পৰি পিছল হৈ থকা বাটটোত বৰ কষ্টেৰে উঠাবলগীয়া হৈছে গাড়ীখন৷ কৌতূহল ৰৈ গ’লেও ব্যাঘাত জন্মোৱাৰ পৰা বিৰত থাকিলোঁ৷ ভাব-ভংগীৰ পৰা এটা কথাই বুজি পালোঁ যে ধ্যান আৰু জ্ঞান দুয়োটাই জৰুৰী, এনে ভিতৰুৱা আৰু অসুচল অৱস্থানলৈ পৰ্যটকক কঢ়িয়াবৰ সময়ত৷ একো নকৈ খিৰিকীৰে মই বিপৰীতফালে চোৱাত ধৰিলোঁ৷ আমাৰ বাওঁহাতে ঘন সেউজীয়াখিনিৰ আঁতৰৰ সমস্ত দৃশ্যপট এই মুহূৰ্তত ডাৱৰৰ আঁৰত৷
ঝুক’ ভেলীলৈ সোমোৱা মূল পথটো দৰাচলতে ভিশ্বেমাৰ পৰাই, অৰ্থাৎ এইটোৱেই৷ দীপমইনাৰ সহযোগত আমি ঠিকে-ঠাকে এইখিনি আহি পাইছোঁ৷ তেওঁৰ গাড়ীখনহে পাছ পৰি ৰ’ল৷ কিমান পাছ পৰিল জনাৰ উপায় নাই৷ সিখন ছুম’ অৱশ্যে আমাৰ সৈতে নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি উঠি আহি আছে৷ মাজে মাজে পাছলৈ ঘূৰি মন কৰি আহিছোঁ মই৷ বৰষুণৰ টোপালকো ভেঙুচালি কৰি ইচ্ছা হ'লেই খিৰিকীৰে কেমেৰা বাহিৰ কৰিছোঁ, ঘপকৈ শ্বাটাৰ টিপিছোঁ, আকৌ সুমুৱাইছোঁ৷ লুক এণ্ড শ্বুট৷ জানো যে হীৰেনহঁতৰ দৰে নহৈ মোৰ ফটোগ্ৰাফীত গুণাগুণৰ নামত থাকিব মস্ত এটা শূন্য৷ কিন্তু ৩২ জিবিৰ মেম'ৰী কাৰ্ডখনে বছৰৰ পাছত বছৰ পাৰ হোৱাৰ পাছতো মোক, আৰু আনকো, এইটো বাটৰ কাহিনী কৈ থাকিব, নিৰ্ভুলভাৱে৷
কেঁকুৰিটোৰ ওচৰ পালোঁহি৷ তললৈ চাওঁতে হাইৱে’ৰ দাঁতিত চকামকাকৈ দেখা গ’ল Tsukru Building, ২০০২ চনত নিৰ্মাণ
কৰা আৰ.চি.চি. ঘৰ এটা৷ বাহিৰত জংঘলত বৰষুণ পৰাৰ সৰ্ সৰ্ শব্দ৷ টাৰ্নিংটো ঘূৰি
দিয়াৰ লগে লগে নেছনেল হাইৱে'টো অদৃশ্য হৈ থাকিল৷ মিহি পকা ৰাস্তাটো খুঝামা
অতিক্ৰম কৰি মণিপুৰত সোমাইছে৷ মাও হৈ ইম্ফললৈ গৈছেগৈ৷ এইফালে আমি ছুম’ৰে Mount Teyozwüত আৰোহণ কৰি আছোঁ৷ এই পৰ্বতলানি
ঝুক’ উপত্যকা আৰু ভিশ্বেমা গাঁৱৰ
মধ্যস্থলত৷ হাইৱে’ৰ পৰা
কিমান দূৰ এনেকৈ গৈ থাকিব পাৰিম তাকে লৈ উৎসুকতাৰ অংক এটাই মোৰ মনৰ গহ্বৰত উত্তৰ
পাবৰ চেষ্টাত আছে৷ কিল’মিটাৰৰ
হিচাপত কমেও ৫, বেছি হ'লে ৬ বুলি জানো৷ দৃশ্যপটৰ আগতীয়া ধাৰণাহে সমূলি নাই৷
মাও হৈছে নাগালেণ্ডৰ সীমান্তত লাগি থকা মণিপুৰৰ অন্তৰ্গত এখন ব্যস্ত নগৰী৷ নাগালেণ্ড ব'ৰ্ডাৰৰ অভিমুখে মণিপুৰৰ সেইখন অন্তিম চহৰ৷ ক'হিমাৰ পৰা তালৈ পথ-দূৰত্ব ৩৮ কিল'মিটাৰ৷ শুনিছোঁ, পাহাৰীয়া ঠাইডোখৰ হেনো ছিমলাৰ দৰে ঠাণ্ডা৷ মাও চহৰৰ পৰা ওখ-চাপৰ ভূখণ্ডৰে অবিৰামভাৱে ট্ৰেকিং কৰি ঝুক' ভেলীত উপস্থিত হ'বগৈ পাৰি৷ মাওত ইনফেন্ট্ৰি স্কুল আছে৷
মাওৰ কথা মনলৈ অহাৰ লগে লগে আকৌ মনত পৰিল এ. জেদ. ফিজোলৈ৷ ফিজোক এৰি নাগালেণ্ডৰ মাটিত ঘূৰি ফুৰাটো হ'বই নোৱাৰে৷ খোজেপতি তেওঁৰ নামটো আহে৷ এতিয়াও একেটাই হ'ল৷ ১৯৫২ চনত প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু নগা পাহাৰ আৰু মণিপুৰৰ ঠিক সীমান্ততে অৱস্থিত মাও নামৰ মণিপুৰৰ নগা গাঁওখনলৈ আহিছিল৷ মন্ত্ৰীজনাক সাক্ষাৎ কৰিবলৈ ফিজোৱে দল এটা পঠালে৷ নগা সাৰ্বভৌমত্বৰ প্ৰশ্নটো তেওঁলোকৰ লগত আলোচনা কৰিবলৈ চৰকাৰ সমূলি প্ৰস্তুত নহয় বুলি সিফালৰ পৰা জোৰকৈ কৈ পঠোৱা হ’ল৷ প্ৰতিক্ৰিয়া স্বৰূপে এন.এন.চি.য়েও কঠোৰ সিদ্ধান্ত ল’লে যে তেওঁলোকেও ভাৰতীয় প্ৰশাসনৰ লগত আৰু কোনো সম্পৰ্ক নাৰাখে৷ তেতিয়াৰে পৰাই পৰিস্থিতি বেছি শোচনীয় হৈ পৰিল৷ সেই বছৰৰে ডিচেম্বৰ মাহত ফিজোৱে মনে মনে নাগালেণ্ড ত্যাগ কৰিলে৷ বাৰ্মা পালেগৈ৷ উদ্দেশ্য, বিশ্বৰ অন্যান্য অংশৰ সৈতে যোগাযোগ স্থাপন আৰু সন্মিলিত জাতিসংঘৰ সন্মুখত নগা সমস্যাটো উত্থাপন কৰা৷ কিন্তু বাৰ্মাত তেওঁক পুলিচে গ্ৰেপ্তাৰ কৰিলে৷ নাগালেণ্ডলৈ ঘূৰাই পঠোৱা হ’ল ফিজোক৷
সেউজবুলীয়া ঝুক' উপত্যকাৰ এটা পাৰে ডালিমীৰ দেশ, সিপাৰে
চিত্ৰাংগদাৰ দেশ৷ ইৰম শৰ্মিলা, মেৰী কমৰ দেশ৷ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিবাদী জীয়ৰী,
সামৰিক বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮, চমুকৈ আফচা বাতিলকৰণৰ দাবীত বিগত ৪.১১.২০০০
তাৰিখৰ পৰা অবিৰত অনশনেৰে প্ৰতিবাদ কৰি যোৱা মণিপুৰৰ অক্লান্ত সংগ্ৰামী সত্তা,
সাহসী নাৰী, লৌহ মানৱী ইৰম শৰ্মিলা চানুৰ কথা কোনে নাজানে? ইফালে উত্তৰ-পূৰ্বাঞ্চলক
অন্যায়ভাৱে ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত কৰা বুলি অঞ্চলটোৰ বিদ্ৰোহী সংগঠনসমূহে আজিও
দৃঢ়ভাৱে বিশ্বাস কৰে৷ Northeast is the neglected part of India বুলি তুমুল
প্ৰতিবাদ কৰে৷ শাসক গোষ্ঠীটোৰ বাবেও যেন উত্তৰ-পূবৰ জনসাধাৰণৰ জীৱনৰ মূল্যতকৈ
দুৰ্নীতিৰ ধনসোপাহে বেছি মূল্যৱান৷ উত্তৰ-পূৰ্বাঞ্চলৰ জনগণৰ ওপৰত অন্যায়ভাৱে জাপি দিয়া হত্যাৰ
অনুজ্ঞাপত্ৰস্বৰূপ ক’লা আইনকে ধৰি অনেকবোৰ কথাৰে
দীৰ্ঘদিন ধৰি বিৰোধিতা কৰি আহিবলগীয়া হৈছে, ন্যায্য প্ৰাপ্যৰ বাবে
মুষ্টিবদ্ধহস্তে চিৎকাৰ কৰিবলগীয়া হৈছে ইয়াৰ মানুহে৷ আনহাতে বাহিৰৰ বিদ্বানে এনেকৈ
কয়... ‘‘উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ মানুহেই জংঘলত বাস কৰে৷ এই
মানুহখিনি বহু শতিকা ধৰি সভ্যতাৰ পৰা বিচ্ছিন্ন৷ এতিয়াও তেওঁলোকে মধ্যযুগীয়
পৰিৱেশৰ সৈতে অভ্যস্ত৷’’ দিল্লীৰ জ্যেষ্ঠ অধিবক্তা
নন্দিনী হাকচাৰৰ ভাষ্যটো ২০১১ চনমানত এঠাইত পঢ়িবলৈ পাইছিলোঁ৷ পিছে
জংঘলৰ মাজতে যে ভাল মানুহো আছে, সৰগীয় অনুভূতি জগাব পৰা, ডাৱৰ আৰু ফুলৰ খেলা
দেখিবলৈ পোৱা সততে নেদেখা পুষ্প কানন এখন আছে, প্ৰকৃতিৰ সেই বিনন্দীয়া সৌন্দৰ্যৰ
প্ৰচাৰ, ভাল কথাৰ আলোচনা কিমানে কিমান আন্তৰিকতাৰে কৰিছেনো?
জংঘলৰ মাজেৰেই আমি গৈ আছোঁ৷ শিলগুটি দিয়া বাটটোৰ
দাঁতিত স্কোৱাচ আৰু গোমধানৰ গছ দেখিবলৈ পালোঁ৷ গছকেইজোপাৰ চেহেৰা
ভাল৷ মাজে মাজে লেণ্ড-শ্লাইড জ’ন আছে৷ একাষৰীয়া কৰা আছে খহি অহা
ব'ল্ডাৰ কিছুমান৷ পাহাৰৰ পানীয়ে বাধা জন্মোৱা এলেকা এছোৱা পালোঁহি৷
ভালেমান দূৰ পৰ্যন্ত পানীয়ে ডোঙা বান্ধি আছে৷ বোকাও আছে৷ ড্ৰাইভাৰ ৰ’ল৷
অলপমান ভাবিলে৷ সাৱধান হ’ল৷ আমাৰ ছুম' স্পেচিঅ'ই পানী ফালি আগুৱাব পাৰিব বুলি
বিশ্বাস এটা মোৰ আছে৷ গ’লো তেনেকৈয়ে৷ পাছফালে ডিঙি ঘূৰাই
চালোঁ৷ সিখন ছুম’ও বোকাখিনিত নামিছে৷ পাৰো হ’ল ঠিকে ঠিকে৷ কিন্তু দীপমইনাহঁতৰ
কি হ’ব? ভানখন আহিব পাৰিব জানো? বৃহৎ প্ৰশ্নবোধক৷ এতিয়ালৈ এইখিনি
ওলোৱাহিয়ে নাইচোন সিহঁত৷ তাকে লৈ দুশ্চিন্তাই ঘেৰি ধৰিলে মন-মগজু৷ বেয়া এলেকাটো
পাৰ হৈ আকৌ টাৰ্নিং, আকৌ ঊৰ্ধ্বমুখী গতি৷ হাবিতলীয়া বাট৷ জিৰ
জিৰকৈ বৰষুণ৷
মূল ট্ৰেকিং পথটো পাবলৈ এইটো পথৰ পৰা চমু ৰাস্তা এটাও আছে৷ অতি
ভয়ংকৰ আৰু সাংঘাতিক কষ্টকৰ৷ ''আপনিখান শ্বৰ্টকাট যাবলে' নাপাৰিবত'''
বুলি কেবিন্যুৱে খোলাখুলিকৈ নিজৰ ভাব ব্যক্ত কৰিলে৷ আমাৰ চেহেৰা চায়ে তেনেকৈ
কোৱা যেন লাগিল৷ বতৰৰ প্ৰতিকূলতাৰ বাবেও হ'ব পাৰে৷ তেৱোঁ কামনা কৰে, কাৰো একো
হানি-বিঘিনি নহওক৷ এটা টাৰ্নিং ঘূৰোঁতে ৰাস্তা এটা সোঁহাতে গ'লগৈ৷ ক'লৈ
গৈছে নাজানো৷ অলপ পাছত বিপৰীত ফালৰ পৰা ব’লেৰ এখন আহিল৷ খঙেই উঠিল আমাৰ
চালকজনৰ৷ বাট এৰি দিয়াই মস্কিল৷ তাতে ওলালহি এইখন! ‘আচ্চচ…’ বুলি ভোৰভোৰাই উঠিল তেওঁ৷
ৰক্ষা, বুজাবুজিৰ মাজেৰে যেনে-তেনে পাৰ হোৱাটো সম্ভৱ হ’ল যেনিবা৷ ঠেক ৰাস্তাত
বুজাবুজিটো ডাঙৰ কথা৷ নহ’লে দুয়ো পক্ষৰে বিপদ৷ ৰছীডালৰ
ওপৰেৰে দুফালৰ পৰা অহা ছাগলী দুটা পাৰ হোৱা নীতিশিক্ষামূলক সাধুটোৰ দৰেই কথা৷
No comments:
Post a Comment