Saturday, 2 September 2017

দিন দুই ৷৷ ১৬.৭.২০১৬

.১. পুৱাতে শুনা পালোঁ ট্ৰেগোপানৰ আৰাও

পুৱা সোনকালে উঠাটো মোৰ অভ্যাস৷ যতে নাথাকোঁ কিয়, নিৰ্দিষ্ট সময়ত সাৰ পামেই৷ ৰূমমেটৰ নাকটোৰ উৎপাতত টোপনিৰ হীন-ডেঢ়ি ঘটিল যদিও আজিও কিন্তু ঠিকে ঠিকেই সাৰ পাই গলোঁ৷ এই নেছাৰেল এলাৰ্মটো এতিয়ালৈ কাৰ্যকৰী হৈ আছে৷

সাৰ পায়ে কোঁচাই দিলোঁ শিতানৰ পৰ্দাখন৷ খালী চকুৰে যিমানখিনিলৈকে সম্ভৱ এফালৰ পৰা সীমাহীন সেউজীয়াত দৃষ্টি নিগৰাই গৈ আছোঁ৷ সুবীৰে দি যোৱা টোপনিৰ অশান্তিৰ পাছত এয়া দুচকুক শান্তি দিয়াৰ লগতে মনৰ কেমেৰাত নগা পাহাৰৰ ধুনীয়া লেণ্ডস্কেপবোৰ বন্দী কৰাৰ মতলব৷ পাছৰ কাৰকটো বেছি শক্তিশালী৷ শীতলতাভৰা মৃদু বতাহ এছাটিয়ে খুন্দিয়ালেহি যেতিয়া মই খিৰিকীখন সম্পূৰ্ণভাৱে মেলি দিলোঁ৷ অদূৰত জুৰি বৈ যোৱাৰ দৰে খল্‌ খল্‌ শব্দ৷ তাৰ পৰা অকণমান ওপৰৰ ঘন হাবিত এয়াও...ও, এয়াও...ও, এয়াও...ওকৈ চৰাইৰ সুহুৰি৷ আঃ, কি শুনিছোঁ এয়া! এয়াচোন ট্ৰেগোপানৰ মাত! নাগালেণ্ডৰ ৰাজ্যিক পক্ষীবিধৰ কণ্ঠনিনাদ অতৰ্কিতে শুনিবলৈ পোৱাত মনটো মুহূৰ্ততে ৰোমাঞ্চিত হৈ উঠিল৷ এলাহ কাটি কৰি সোনকালে উঠাটো যেন আজিও সাৰ্থক হল মোৰ!

ব্ৰিটিছ জীৱবিদ Edward Blythৰ নামেৰে নামাংকিত Blyth's Bird বা Blyth's Tragopanৰ বিষয়ে এঠাইত পঢ়িবলৈ পাইছিলোঁ এনেকৈ 'These colourful birds are worth watching for hours. A pure beauty of nature's creation. The animal's population is small and is believed to be decreasing at a rapid rate. Blyth's Tragopan is located in many different areas, including Bhutan through north-east India, north Myanmar to south-east Tibet, and also China. The total population is estimated to be about 2,500 to 9,999 birds. This estimate is a very small number compared to some of its relative birds.' নাগালেণ্ডৰ খনমাৰ বাদেও জাপ্‌ফু পৰ্বতমালা, ঝুক ভেলী, ফুটচেৰ, মেলুৰী, ছাৰামতিৰ পাদদেশ, ফাকিম বন্যপ্ৰাণী অভয়াৰণ্য, নকলাক, ছাতয় বনাঞ্চলত এই চৰাইবিধ আছে৷ কলা বজাৰত এযোৰ ট্ৰেগোপানৰ দাম ১৫,০০০ টকাৰ পৰা ২০,০০০ টকা৷ ইয়ালৈ অহাৰ আগতে ইণ্টাৰনেটত চৰাইবিধৰ ছবি চাইছিলোঁ৷ চৰাইবিধৰ বিষয়ে কিছু কথা জানি অহাও হৈছে বাৰু৷

আনফালে, নাগালেণ্ডৰে ৱ'ষা নামৰ অন্য এখন জিলাৰ দয়াং আৰু পাংতি নামৰ সৰু গাঁও দুখনে বিশ্ববাসীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে ট্ৰেগোপান নহয়, আমুৰ ফেলকন্‌ নামৰ চৰাই এবিধৰ বাবে৷ বছৰটোত প্ৰায় ২২,০০০ কিল'মিটাৰ যাত্ৰা কৰা সেই চৰাইবিধৰ লক্ষাধিক সংখ্যকে প্ৰায় ৫,০০০ কিল'মিটাৰ দূৰত্ব অবিৰতভাৱে উৰি আহি বিশেষ গাঁও দুখনত দুমাহৰ বাবে জিৰণি লয়৷ বছৰৰ অক্টোবৰৰ শেষভাগৰ পৰা নৱেম্বৰ আৰু ডিচেম্বৰৰ আগভাগত সাধাৰণতে উক্ত চৰাইবিধৰ আগমন ঘটে৷ তেনেকৈ অহা পৰিভ্ৰমী চৰাইবিধ পূৰ্বতে মাংসপ্ৰিয় নগা লোকৰ দ্বাৰা বছৰি নিৰ্বিচাৰে নিধন কৰা হৈছিল৷ যেনেকৈ অসমৰ ডিমা হাচাও জিলাৰ সদৰ হাফলঙৰ পৰা ৯ কিলমিটাৰ নিলগত বৰাইল পৰ্বতৰ শিখৰত অৱস্থিত জাতিংগাতো একে কাৰ্যই চলে৷ কোৱা হয় ৰহস্যময় আচৰণ কৰি তাত পক্ষীয়ে আত্মহত্যা কৰিবলৈ আহে বুলি৷ কিন্তু আচলতে চৰায়ে আত্মহত্যা নকৰে৷ পৰিভ্ৰমী চৰাইবোৰক ভগৱানৰ উপহাৰ বুলি কৈ স্থানীয় গাঁওবাসী মানুহেহে সহজতে ধৰে, মাৰে, খায় আৰু বিক্ৰীও কৰে৷

একেদৰে, বিগত ২০১২ চনত নাগালেণ্ডত প্ৰায় ১,৪০,০০০ সংখ্যক আমুৰ ফেলকন নিধন কৰা হৈছিল৷ খবৰটোৱে বিশ্বব্যাপী প্ৰচাৰ লাভ কৰিছিল৷ পক্ষীবিধৰ সংৰক্ষণৰ বাবে তেতিয়াই আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতিপ্ৰেমী সংগঠনৰ ফালৰ পৰা এটা পদক্ষেপ হাতত লোৱা লৈছিল৷ স্বেচ্ছাসেৱী সংগঠন তথা স্থানীয় ভিলেজ কাউন্সিলৰ জৰিয়তে প্ৰচেষ্টা আৰম্ভ কৰি সম্প্ৰতি সফলতা লাভ কৰা হৈছে৷ বিষয়টোৱে পৰ্যটক আৰু প্ৰকৃতিপ্ৰেমীৰ দৃষ্টিও আকৰ্ষণ নকৰাকৈ থকা নাই৷ ইয়াৰ বাবেই বিশ্বজুৰি সমাদৰ লাভ কৰি নাগালেণ্ডে এতিয়া 'আমুৰ ফেলকন ৰাজধানী' হিচাপে স্বীকৃতি লভিছে৷ কৌতূহলী আৰু চৰাই চাই ভাল পোৱা লোক নিৰ্দিষ্ট সময়টো আহিলেই ৱ'ষা জিলালৈ যায়৷ ময়ো এবাৰ যাম বুলি ভাবি আছোঁ৷ সি যি কি নহওক, অনুৰূপ ধৰণে এইফালে কহিমা জিলাৰ খনমাকে আদি কৰি উল্লিখিত অঞ্চলসমূহত চেষ্টা চলি আহিছে ৰাজ্যপখী Blythe's Tragopanক বচাই ৰখাৰ৷ মানুহক নিয়ন্ত্ৰণ কৰি উদ্দেশ্যত সাফল্যও লাভ কৰা হৈছে৷ ডাঠ হাবিখিনিত বাজি থকা ট্ৰেগোপানৰ এয়াও...ও, এয়াও...ও মাতষাৰ অলপ পাছত নোহোৱা হল যদিও কাণত কিন্তু বহুপৰলৈকে প্ৰতিধ্বনিত হৈয়ে থাকিল মোৰ৷

বিৰল পখীৰ অবিৰত কুজনক দিনটোৰ শুভাৰম্ভণি বুলিয়ে গণ্য কৰিলোঁ৷ তাৰ পাছতে প্ৰাতঃকৰ্ম সমাপন৷ আৰু তাৰ পাছতে কেমেৰাটো লৈ ওলাই গলোঁ, অকলেই৷ কালিয়েই নিশা শোৱাৰ আগে আগে ভাবি থোৱা হৈছিল যে পুৱা সোনকালে শোৱাপাটী এৰি প্ৰথমেই অতিথিশালাৰ ছাদৰ ওপৰত উঠিম৷ কি আছে চাব লাগিব তাত৷ তাৰ পৰা খনমাৰ চৌপাশ নিৰীক্ষণ কৰিব লাগিব৷ হেঁপাহ পলুৱাই ফটো তুলিব লাগিব৷ আনে নহলেও পুৰণা অভিজ্ঞতাৰে অৰুণদাই খুব ভালকৈ জানে, ৰাতিপুৱা মই কি কৰিম৷ সুবীৰৰ নাসিকাই ব্যাঘাত জন্মোৱাৰ পাছত তেওঁ এতিয়া দুৰ্ঘোৰ টোপনিত৷ সুবীৰো শান্ত৷ মই এজনকো মাত নিদিলোঁ৷ নিজৰ উদ্দেশ্যত খটখটি বগাই ওপৰ পালোঁগৈ৷

বলৈ বেয়া নাপাওঁ যে মন আৰু ইচ্ছাৰ আহ্বান আৰু সমৰ্থনক্ৰমে অন্বেষণ কৰিবলগীয়া এনেবোৰ কথা-কাণ্ডত মই অকণমান স্বাৰ্থপৰ৷ আনক অসুবিধা দিয়াটোও সমূলি বাঞ্ছনীয় নহয়৷ একদম চিধা কথা৷ আনহাতে মানুহ মাত্ৰেই সোৱাদ বা পছন্দ বেলেগ বেলেগ৷ সেয়েহে অকলেই অভিযানত ওলাই আহিছোঁ৷ উঠি গৈ দেখোঁ, সুন্দৰভাৱে টাইলছ দিয়া এখন মুকলি বাৰাণ্ডা৷ একাষে এটা বেচিন৷ ৰেলিঙৰ কাষে কাষে শৃংখলিত আৰু পৰিপাটি ৰূপত ফুলৰ টাব কিছুমান৷ ৪খন চকী আৰু চেণ্টাৰ টেবুলেৰে একোণত বেতৰ ধুনীয়া চোফা চেট এটায়ো শোভা কৰি আছে৷ নিয়ৰত তিতি থকা দেখিহে আচৰিত হলোঁ৷ টেবুলৰ ওপৰত ৮-১০টা মিনাৰেল ৱাটাৰৰ বটল, গিলাচ ৪টা, খালী প্লেট এখন৷ খনমাৰ নৈশ সৌন্দৰ্য উপভোগ কৰোঁতাকেইজন কোন আছিলবা? গম নাপাওঁ৷

ঝুলনা এখনো আছে কাষতে৷ ইয়াত বহি খনমাৰ দৃশ্যাৱলী ইচ্ছামতে চাব পৰা যায়চোন৷ কুঁৱলীয়ে এতিয়া ঢাকি ধৰিছে শান্ত-শিষ্ট আংগামী গ্ৰাম্যাঞ্চলৰ অংশবিশেষ৷ মবাইল টাৱাৰৰ অৰ্ধেক অংশ কুঁৱলীৰ আঁৰত লুকাই আছে৷ দূৰৈত বগাকৈ দেখা গৈছে কেথলিক চাৰ্চটো৷ তাৰ মুখামুখিকৈ পৰ্বতৰ গাত ঘৰ কিছুমান৷ বিপৰীত দিশত ডাৱৰে আৱৰি ধৰা পৰ্বতবোৰ৷ এটাৰ পাছত এটাকৈ সেইবোৰ চেৰাই কালি আমি ইয়ালৈ আহিছিলোঁ৷ তেনেকুৱা পাহাৰবোৰৰ মাজে মাজেই আজি বাট বুলিব লাগিব ঝুক ভেলীলৈ, অন্য এক ৰোমাঞ্চৰ সন্ধানত৷ মুঠতে ৰোমাঞ্চৰ শেষ নাই৷ আৰু জীৱনটোনো কি? Helen Kellerএ কবৰ দৰে 'Life is either a daring adventure or nothing at all'৷ বাক্যটো মোৰ প্ৰিয়৷

কাঠ আৰু আইনাৰ দৰজা, পাটীৰে নিৰ্মিত বেৰাৰে কেবিন এটাও আছে ওপৰত৷ ওপৰৰ পৰা তললৈ বিহংগম দৃষ্টিপাত কৰি মানুহৰ ঘৰবোৰত দুপদ বস্তুৰ মিল দেখা পাইছোঁ৷ এটা হৈছে খৰি, আনটো হৈছে ফুল৷ যিঘৰলৈকে চকু দিছোঁ সেইটো ঘৰতে ফুল আৰু খৰি সমৃদ্ধ ৰূপত উপলব্ধ৷ শিলৰ ওপৰত শিল জাপি প্ৰায়বোৰ বাসগৃহৰে দেৱালবোৰ খুব তলৰ পৰা উঠাই অনা হৈছে৷ শিলাময় পাহাৰ এইটো৷ গতিকে প্ৰথম দৰ্শন হিচাপে মনত শংকা জাগিলেও প্ৰাকৃতিকভাৱে ভয় হয়তো নাই৷ অন্ততঃ আজিলৈ তেনে কোনো দুৰ্যোগ সংঘটিত হোৱাৰ খবৰ মই শুনা পোৱা নাই৷ অকলে অকলে এইবোৰকে মন কৰি আছোঁ, ভাবি আছোঁ৷ কোনোবা কোনোবাৰ পাকঘৰৰ পৰা ধোঁৱা ওলাইছে৷ কেলেণ্ডাৰৰ ১৬ জুলাই ২০১ তাৰিখৰ জীৱন-যাত্ৰা খনমাবাসীৰো আৰম্ভ হৈ গৈছে তাৰ মানে৷

তেনেকুৱা মুহূৰ্ততে দেখোঁ যে প্ৰবীণ হাজোৱাৰী উঠি আহিছে৷ হাতত কেমেৰা৷ তাৰো একেটাই মতলব৷ খট্‌ খট্‌ খট্‌ খট্‌৷ ইফালে টোঁৱাইছে, সিফালে টোঁৱাইছে৷ ৰৈ ৰৈ শ্বাটাৰ টিপিছে৷ পৰ্বতীয়া সৌন্দৰ্যত মছগুল হৈছে৷ ষ্টেট বেংকৰ দায়িত্বশীল আৰু ব্যস্ততাপূৰ্ণ জীৱন৷ তাৰ মাজতে এইকণ শিথিলতা বা বিনোদন৷ এঠাইত ৰৈ ৰেলিঙত ভেজা দি দুইটাই কিছু কথা পাতিলোঁ৷ তাৰ পাছত একেলগে নামি বাহিৰৰ ঘৰটোতে বহিলোঁহি৷ আকৌ কথা-বতৰা৷ এইবাৰ খিৰিকীয়েদি চালোঁ পুৱাৰ নৈসৰ্গিক সৌন্দৰ্য৷ সূৰ্যৰ দেখাদেখি নাই৷ নহবও সোনকালে৷ আকাশখন গোমা৷ বতৰক লৈ আশংকা এটা আৰম্ভ হৈছে৷ পৰিবই চাগৈ অলপ পাছতে৷ ইফালে আমাৰ যাবলগীয়া আছে বহুদূৰ৷

আচ্চি, এন্‌য়াহঁতে পাকঘৰত কুৰুং-কাৰাং আৰম্ভ কৰিছে৷ ইহঁতৰো সোনকালেই ৰাতি পুৱায়৷ ওপৰৰ পৰা চাই থকাত এবাৰ এজনীৰ চকুৱে চকুৱে পৰিল৷ দেখা মাত্ৰকে গুড্‌ মৰ্নিং চাৰ বুলি সম্ভাষণ জনালে৷ ময়ো কলোঁ একেদৰে৷ ‘‘লাল চাহ হব চিষ্টাৰ?’’ ‘‘হ'ব চাৰ, টু মিনিটছ প্লিজ৷’’ অলপ পাছত আথে-বেথে দুটা কাপ, চেনী আৰু টিপট এটা দি থৈ গল৷

No comments:

Post a Comment