Wednesday, 20 September 2017

১৮. ভি.আই.পি. অতিথিশালাৰ আলহী হলোঁ

দীপমইনাহঁত এই পৰ্যন্ত নোলালহি৷ কেতিয়া আহি পাব তাৰ আন্দাজ লগোৱাটোও অসম্ভৱ৷ টেণ্ট কঢ়িয়াই অানি আছে যদিও পাওঁতে পাওঁতে আন্ধাৰ হৈ গলে আমাৰ দশা কি হব? তেতিয়ালৈ আৰু বাহিৰত তৰিব পৰাৰ সময় নাথাকে৷ আৰু পাতিবওনো কত? ৰেষ্ট হাউচৰ চোতালখনচোন বোকাপানীৰে গেলগেলীয়া! এটা তম্বুও নাই৷ বৰষুণ, বতাহ আৰু ঠাণ্ডাৰ প্ৰকোপত মানুহবোৰ চব ভিতৰ সোমাইছে৷

প্ৰবীণে খবৰটো আনিলে যে নিচেই আঁতৰতে আছাম টাইপৰ ঘৰ কেইটামান আছে৷ ভি.আই.পি. গেষ্ট হাউচ সেয়া৷ আঙুলিয়াই দেখুৱালেও৷ চাওঁতে গছৰ ফাঁকেৰে দৃষ্টিগোচৰ হল৷ টিনপাত দিয়া, হাফ ৱালৰ ঘৰ৷ তাত কোঠা কেইটামান খালী আছে বুলি সি কেনেবাকৈ গম পালে৷ গাইপতি ৩০০ টকাকৈ কেয়াৰটেকাৰক দিব লাগিব৷ কম্বল আৰু মেট্ৰেছ লাগিলে সিহঁতে যোগান ধৰিব৷ প্ৰতিখনত প্ৰতিদিনে ৫০ টকাকৈ৷ বাহিৰত টিনৰ চালি সজা আছে৷ তাৰ তলত ৰন্ধা-বঢ়া কৰিব পাৰি৷ আমাৰ খাদ্য সামগ্ৰী আনি থকা হৈছেই৷ নিজাকৈ ৰান্ধি-বাঢ়ি খোৱা হব যেতিয়া তাতে কামফেৰা সমাধা হৈ যাব৷ আৰু ভগৱানে নকৰক, কিবা কাৰণত বস্তুবোৰ সোনকালে আহি নাপালেও কথা নাই, সন্ধিয়াৰ পাছতে ভাত ইয়াত পাই যাম৷ হেনজানি ৰাতিটো অতিথিশালাটোতে থাকি দিয়াটো আমাৰ বাবে সময়োপযোগী আৰু উচিত পদক্ষেপ হব যেন লাগিছে৷ খবৰটো পোৱাৰ পাছত দুজনমানে দৌৰ মাৰি চায়ো আহিলগৈ৷ নামতহে ভি.আই.পি.৷ অৱস্থাটো বৰ ঠিক নহয়৷ তথাপি কাম চলি যাব বুলি অভিমত ব্যক্ত কৰিলে৷

''নতুনকৈ আহি পোৱা আন কোনোবাই আগে-ভাগে লৈ লব পাৰে দেই৷ তেতিয়াহলে ভীষণ সমস্যা হৈ যাব আমাৰ৷'' দলৰ জ্যেষ্ঠ সদস্য জয়ন্তদা, মাধৱদা, অৰূপদাহঁতে অনতিবিলম্বে ৰূমকেইটা দখল কৰাত গুৰুত্ব আৰোপ কৰিছে৷ গেষ্ট হাউচৰ তদাৰককাৰীয়েও মুখ ফুটাই জনাই দিলে যে আনে নৌ অধিগ্ৰহণ কৰোঁতেই, খালী হৈ থাকোঁতেই আমি ইম্মিডিয়েট সোমাই লোৱাটো বুদ্ধিমানৰ কাম হব৷ পাছত হায় হায় কৰি লাভ নাই৷ অপৰ্যাপ্ত পোহৰ নাথাকিলে উপত্যকাৰ মুক্ত প্ৰাংগণত কোনোপধ্যে তম্বু তৰিবগৈ নোৱাৰে৷ তলত পানী ভৰি গৈছে৷ গোটেইখন বোকা৷ আন্ধাৰত খৰি গোটোৱাটোও মস্কিল৷ অথনি তললৈ লক্ষ্য কৰোঁতে ময়ো কাকো তাত তম্বু সাজি কটোৱা নেদেখিলোঁ৷ পানী জমা হোৱাত মানুহবোৰ ট্ৰেকাৰ্ছ কেম্পলৈ উঠি নাহি নোৱাৰিলে৷ ''আচ্‌চ, পানী বিচ্ছি বিচ্ছি থাকিছেত৷'' অনুচ্চ স্বৰত মাৰ্টিনেও একেটা কথাই ক'লে৷

মনটো কেনেবাখন লাগিল৷ অৰুণদালৈ বেয়াই লাগিছে৷ আচলতে কথা আছিল যে উপত্যকাৰ মাজেদি বৈ যোৱা জুৰিটোৰ সিপাৰে, মুকলি আকাশৰ তলত দুজনীয়া তম্বুৰে অস্থায়ী বাহৰ পাতি থাকিম৷ খনমা-ঝুক' ভেলীলৈ যাম-নাযাম ধৰণৰ অনেক প্ৰশ্নোত্তৰ চলি আছিল সেই সময়ত তেওঁৰ মনৰ মাজত৷ প্ৰদূষণমুক্ত পৰিৱেশত ঝুকৰ সান্নিধ্যত এনিশা কটোৱা হ'ব বুলি আশা দি অনা হৈছে তেওঁক৷ নামনিত গুহাও আছে কেইটামান৷ ঘাঁহ-পাতেৰে ভৰা গুহাতো ইচ্ছা কৰিলে নিশাটো যাপন কৰিব পাৰি৷ পুৱা তাৰ পৰা দেখা সূৰ্যোদয় হেনো অতি বিতোপন৷ কিন্তু কি হব, আপদীয়া বৰষুণে চব পণ্ড কৰি দিলে৷ বোকাৰ প্ৰকোপত নামি যাবকে নোৱাৰি৷ আৰুনো কি ক'ম, অলপ আগতে নিজেই দেখি আহিলোঁ৷ পূৰ্বৰ সিদ্ধান্তটো সৰ্বসন্মতিক্ৰমে তৎমুহূৰ্ততে বাতিল হৈ থাকিল৷ ঠিৰাং হল যে কিছু আঁতৰত থকা কোঠাকেইটাই আমাৰ বাবে উপযুক্ত আশ্ৰয়থলী হব৷ নাগালেণ্ডেৰে সোমাই মণিপুৰৰ মাটিত থাকিম বুলি ভাবিছিলোঁ, এতিয়া নগা পাহাৰতে ৰব লাগিল৷ ভি.আই.পি. অতিথিশালাত অৱশ্যে!

আমাৰ বাৰু হল৷ দীপমইনা আৰু পৰ্টাৰহঁত কত থাকিব? সিহঁতৰ কাৰণেও চিন্তা এটা নথকা নহয়৷ লগত টেণ্ট আছে যেতিয়া গে'ষ্ট হাউচৰ বাৰাণ্ডাত তৰি ল'লেই হৈ যাব৷ অলপ আগতে ৰেষ্ট হাউচ এটাৰ বাৰাণ্ডাত সেউজীয়া তম্বু এটা দেখি আহিছোঁ৷ বিদেশী পৰ্যটক দুজনে সৰু সৰু ষ্টভ দুটা জ্বলাই নুডল্‌ছজাতীয় কিবা সিজাই আছিল৷ কাৰবাৰটো চাই থমকি ৰৈছিলোঁ অলপপৰ৷ তাৰে এজনৰ আকৌ উদং দেহা! এই ঠাণ্ডাত কেটেঙা মানুহটোৱে শুদা গাৰে খাদ্য প্ৰস্তুত কৰি থকা দেখি মোৰ চকু কপালত উঠিল৷ কথা পতা নহল যদিও চকুৱে চকুৱে পৰাত হাঁহিলে৷ ময়ো হাঁহি দিলোঁ৷ একে ঝুক ফেমিলীৰ মানুহ! ক্যা হ্যায়৷ ভাষা, সংস্কৃতি, জীৱনশৈলী নিমিলিব পাৰে৷ অন্তৰংগতা এটা নিজে নিজেই দেখোন আহি যায়! বেছ কেম্প ৰেষ্ট হাউচৰ চৌপাশ ভ্ৰমিবৰ ইচ্ছাত তেতিয়া কথা চেলাই নাথাকি তেওঁলোকক এৰিলোঁ৷ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ এই মানুহবোৰে কৰ পৰা কেনেকৈ জানো খবৰ গোটাই হাজাৰ বাধা-বিঘিনি অতিক্ৰম কৰি হ'লেও যথাস্থানত আহি ওলায়! দেখি আচৰিতেই লাগে৷ আমি দেখোন ওচৰতে থাকিও নাজানো, নুশুনো নলওঁ গম৷ তাৰোপৰি নাগালেণ্ড বুলিলেই মৰ-ভয়টো আছেই৷

এসাগৰ সেউজীয়া চকুৱে-মুখে লৈ ৰেষ্ট হাউচ প্ৰাংগণৰ পৰা সদলবলে নামি শাৰী পাতি খোজ দি আছোঁ ভি.আই.পি. গেষ্ট হাউচ অভিমুখে৷ লুংলুঙীয়া বাটটো মাজে মাজে পিছল হৈ পৰিছে৷ সোঁহাতে ঘূৰি গৈ ৰাস্তাটো পাছফালেৰে সোমাইছে৷ ৫ মিনিটো নালাগিল৷ পালোঁহি৷ ওপৰত টিনপাত৷ হাফ ৱাল কৰা৷ তাৰ ওপৰত তক্তাৰ বেৰ৷ অসম আৰ্হিৰ নহয়, নাগালেণ্ড আৰ্হিৰ! একেলগে তিনিটা ঘৰ৷ এটাৰ পাছফালৰ বেৰত লিখা আছে Civic sense please. Damage of door, window etc. will be fine Rs. 20,000৷ ধ্বংসকাৰীৰ প্ৰতি আৰু এটা সাৱধান-বাণী! অথনি দেখাটো আছিল ফুলক লৈ, এইবাৰৰ বিষয়-বস্তু দৰজা-খিৰিকী৷ অশিষ্ট-উদণ্ড পৰ্যটক(!)ক লেকাম লগাবলৈ বৃহৎ অংকৰ জৰিমনাৰে জাননী জাৰি কৰা হৈছে যদিও খিৰিকী এখন ভাগিলেইচোন! কি যে হ'ব! সুন্দৰক অসুন্দৰ কৰা চৰিত্ৰটো এচাম মানুহৰ তেজতেই থাকে৷

চাপৰ জাতৰ বাঁহগছবোৰে ঘৰকেইটাৰ এইটো ফালাে ছানি আছে৷ কিছুমান মোৰ সমানেই ওখ হৈ পৰিছে৷ বেলেগ জাতৰ হ'ব নেকি! বাঁহৰ মাজে মাজে বেঙুনীয়া, হালধীয়াৰঙী ফুল কেইপাহমান অত-তত ফুলি থকা দেখিলোঁ৷ উত্তৰ-পূৰ্বাঞ্চলৰ বিখ্যাত পুষ্প উপত্যকাত উপস্থিত হোৱাৰ পাছত এনে হৈছে যে চকুৱে ফুল বিচাৰি ফুৰে, আপোনা-আপুনি৷ বনৰীয়া ফুল ঝুক' ভেলীৰ আকৰ্ষণ৷ এইখিনিতো বতাহত আপোনমনে নাচি-বাগি আছে বাঁহপাত আৰু অল্পসংখ্যক ফুল৷ বনজুয়ে পুৰি থৈ যোৱা গছ কেইডালমানৰ অৱশিষ্ট অংশবিশেষ ইফালে-সিফালে ভয় লগা ৰূপত দণ্ডায়মান৷ এসময়ত গছবোৰ আছিল, এতিয়া নাই৷ গোলাই দেখি সহজেই গম পাইছোঁ যে সৰু নহয়, ডাঙৰ গছেই আছিল এইবোৰ৷ এতিয়া কেইফুটমানকৈ আছেগৈ, অস্তিত্বৰ নামত৷ তাকো, জীয়াই থকা নাই৷ বৰণ ক'লা৷ বিধ্বংসী বনজুয়ে এইটো এলেকাও চুইছিলহি তাৰ মানে? পৰ্বতৰ এঢলীয়াবোৰত আজি দুপৰীয়াৰে পৰা কলাকৈ দেখা পাই অহা গছ-গছনিৰ ৰৈ যোৱা অংশবোৰে শেহতীয়াভাৱে অঞ্চলটোৱে সন্মুখীন হোৱা বনজুইৰ ভয়াৱহতা কিমান তাকেই আমাক জনাই দিছে৷ এবাৰ এঠাইত পাইছিলোঁ, এনেকৈ মৰা গছবোৰৰ কাৰণ হৈছে প্ৰকৃতিৰ ওপৰত মানুহৰ অত্যাচাৰ৷ যাক বোলা হয় anthropogenic activity৷ গৱেষণাত এইটো প্ৰতিপন্ন হৈছে৷



No comments:

Post a Comment