Thursday, 14 September 2017

১৩. বাঁহ-অৰণ্যৰ মাজে মাজে...

পৰ্বতৰ বক্ষত ট্ৰেকটো আকৌ আগ বাঢ়িছে৷ সামান্য নামিয়ে দুভাগ হৈছে৷ এভাগ বাওঁহাতে সোমাই গ'ল৷ Mount Tempüলৈয়ে হ'ব চাগৈ সেইবাটে৷ Dzükou Valley পাবলৈ হ'লে আমি সোঁহাতে বাট বুলিব লাগিব৷ সময় কিমান ল'ব সেইটো খোজৰ গৰাকীৰ ওপৰত কথা৷ কুঁৱলীয়ে আৱৰি ধৰাত বেছি দূৰলৈকে দেখা নাই পোৱা৷ দৃষ্টিত সদ্যহতে যিখিনি ধৰা পৰিল তালৈকে চাই অংক এটা কৰিলোঁ মনে মনে যে আগৰ দৰে উঠিবলগীয়া আৰু খুব সম্ভৱ নাই৷ অৰুণদাই এইবাৰ নিশ্চয় কিছু সকাহ পাব৷ ৰাজীৱ, জয়ন্তদাহঁতেও আৰাম পাব৷ ইপিনে সহজ ৰাস্তা পাই সৌৱা অৰূপদা, মাধৱদাহঁত গপগপাই আগ বাঢ়িছে! ইমান সময়ে তাৰমানে এইফালেই ইফাল সিফাল কৰি আদবাটৰ কথাৰে মহলা মাৰি আছিল৷ কিৰিলী দুটামান শুনিছিলোঁ৷ কষ্টৰ পাছত আনন্দোল্লাস৷ ইয়াত কিৰিলী মাৰিবলৈ ভাল৷ গোটেইখন ৰজনজনাই যায়৷ গাইড অবিহনেই অত্যুৎসাহী হৈ উঠাৰ পৰিচয় দিছে আমাৰ ট্ৰেকাৰ্ছে৷ যেনিবা আগতে আহিছেহে ইয়ালৈ! কোনোবাই এঠাইত উনুকিওৱা কথাষাৰ মিছা নহয়৷ ঝুক' ভেলীলৈ আহিবলৈ গাইডৰ প্ৰয়োজনেই নাই৷ নিজে নিজেই ওলাই যায় পথৰ সন্ধান৷ সৰল বাট৷ কথাষাৰযে সঁচা, প্ৰমাণ পালোঁ৷ অৱশ্যে দল বান্ধি আহিলে চিন্তা কৰিবলগীয়া নাথাকে৷ দলটো ডাঙৰ হ'লে মজা বেছিহে হয়৷

নতুন দৃশ্যপটৰ পৰ্যবেক্ষণ সমাপ্ত হ'ল কি নহ'ল, ৰোমান V আখৰৰ অনুৰূপ পৰ্বতৰ লানি আৰু তাৰ গাৰে থকা সৰ্পিল ট্ৰেকটো দৃশ্যমান হল কি নহল, এটা সুন্দৰ দৃশ্য চকুৰ আগলৈ আহিল৷ ৭জনী হৃষ্টপুষ্ট নগা যুৱতী৷ বিপৰীত ফালৰ পৰা উঠি আহি আছে৷ মনবোৰ ভৰা, মুখকেইখনত হাঁহি৷ আত্মাক তৃপ্ত কৰি আনিছে ঝুকৰ যাদুকৰী স্পৰ্শৰে৷ সেউজীয়াৰ মাজত সিহঁতৰ ৰঙা-নীলা ছাতিবোৰ ইমানযে ভাল লাগিছে! পিঠিৰ ৰাক্‌চেক্‌বিলাক পলিথিনৰ তলত৷ ঠাইখিনি অত্যন্ত পিছল হৈ আছে৷ বাট এৰি কাষত ৰৈ দিছোঁ৷ ট্ৰেকৰ পাৰত চাব-ট্ৰেকৰ সৃষ্টি হৈছে৷ কোনোবাখিনিত আকৌ ঘাঁহৰ ওপৰেদি নগ'লে বোকাত সোমাবই লাগে৷ চাই আছোঁ সিহঁতলৈ৷ উঠি থাকোঁতেই হাই-হেল্ল চলিল৷ আমি সকলোৱেই এতিয়া ঝুক ফেমিলীৰ মানুহ৷ নিচিনিও ইজন সিজনৰ আপোন হৈ পৰে ইয়াত৷ ‘‘All from Kohima?’’ ‘‘Yah.  and you?’’ ‘‘Diphu’’ ‘‘Wow! go go go. Beautiful, সুন্দৰ আছে৷'' এনেকৈয়ে টুকুৰা-টুকুৰ কথা চলিল৷ ইংলিছ, নাগামিজ৷ কথা পাতিব পাৰি, হাঁহিব পাৰি চকুলৈ চাই৷ একো বাধা নাই৷ প্ৰকাশ কেৱল দুটা অনুভূতিৰহে৷ কষ্ট আৰু আনন্দৰ৷ তাতেই একাত্মতা সকলোৰে৷ আমি পোৱা প্ৰথম মহিলা ট্ৰেকাৰ্ছ ইহঁতেই৷ ট্ৰেকিং পইণ্টত নিশ্চয় গাড়ীয়ে অপেক্ষা কৰি আছে৷ কেইঘণ্টামানৰ পাছত ঘৰ পাবগৈ৷ তলৰ পৰা এইখিনি পাওঁতে আমাৰ প্ৰায় ডেৰ ঘণ্টা লাগিল৷ বেক্‌ ট্ৰেকিঙত তাতোকৈ কম সময় লাগিব৷ পাছফালৰ পৰা কেমেৰাটো টোঁৱাই মই দলটোৰ ফটো এখন লৈ থলোঁ৷ সিহঁতে কবই নোৱাৰিলে৷ একেবাৰে ওপৰলৈ উঠি গৈ হাত জোকাৰিলে৷ তাৰ পাছত নেদেখা হৈ পৰিল৷ বিদায়৷ নিজৰ নিজৰ গতিপথত আমি হেৰাই গলোঁ৷ জীৱন-জীৱিকাক লৈ সংগ্ৰাম কৰা প্ৰতিজন মানুহৰ ব্যক্তিগত জীৱনৰ গতিপথতো এই একেটা কাৰবাৰেই নিৰন্তৰ ঘটে৷ আমি লগ হওঁ, বিচ্ছিন্ন হওঁ, আকৌ লগ হওঁ, কেতিয়াবা একেবাৰে নহওঁৱেই আৰু৷

পাহাৰৰ দুটা ঢালৰ মাজেৰে জুৰি এটা বৈ আহিছে৷ ৫ মিনিটৰ পাছতে জুৰিটোৰ পাৰত উপস্থিত হ'লোঁ৷ বৰষুণ স্তব্ধ হ'ল৷ ঘাঁহ-বন নাইকিয়া যিডোখৰ ঠাইত ৰ'লোঁ তাত দেখিলোঁ অসংখ্য শিল জাপি সৃষ্টি কৰা হৈছে ভেটা এটা৷ আৰু সৌৱা কি? ভেটাটোৰ ঠিক বিপৰীতে আমাৰ সোঁফালে পাহাৰখন দেখোন দুফাল! মাজেদি বাট এটা কাটি উলিয়াই থৈছে৷ এই আংগামীবোৰো কম নহয় দেই! ইমান কষ্টকৰ আৰু বিপদজনক কাম এটা কৰি থৈছে! তাকো শিলৰ পাহাৰত! শ্লীপিং বে'গটো ভেটাটোৰ ওপৰতে এৰিলোঁ আৰু ঠেক বাটটোতনো কি আছে চাওঁ বুলি নামি গ'লোঁ৷ নাই নোৱাৰি৷ পানী আছে৷ জোতা-মোজা সোপাকে তিতিব৷ তিতিলেই লাগিব লেঠা৷ সেইটো হ'বলৈ দিব নোৱাৰি৷ বাটটোৰ সিমূৰে শূন্যতা৷ ফাঁকেৰে আকাশখন দেখা গৈ আছে৷ পাহাৰখননো কি দৰকাৰত এনেকৈ ৩-৪ ফুটমান বহলকৈ কাটি পেলাবলগীয়া হ'ল? পানীবোৰনো ক'লৈ আৰু কিহৰ কাৰণে বোৱাই নিয়া হৈছে? উত্তৰ দিওঁতা কোনো নাই৷ অনুমান এটাকে কৰি ল'লোঁ যে জুৰিৰ পানী বাঢ়িলে হয়তো সেইটো পথেৰে উলিয়াই নিয়া হয় যাতে বাঢ়নী পানীয়ে ঝুক' উপত্যকাৰ সৌন্দৰ্যত ব্যাঘাত নজন্মায়৷ মই ভবা কথাটো সমূলি নহ'বও পাৰে৷ মাৰ্টিনক সোধাত 'মই নাজানে...' বুলিহে ক'লে৷ লগতে তাৰ সৰু সৰু চকুকেইটা আৰু অকণমান সৰু কৰি লাজকুৰীয়া হাঁহি এটা মাৰিলে৷ পুনৰ সুধিলোঁ, 'ইটো ৰিভাৰলাগা নাম কি আছে?' 'মই নাজানে...৷' কম বয়সীয়া ল'ৰাটোৰ পিঠিত ব্ৰহ্ম ঢকা এটা দিবৰ মন আছিল, 'চাল্লা গাধ' বুলি কৈ৷ নামাৰিলোঁ৷ বেচেৰাই বহুত ওজন কঢ়িয়াইছে৷ দেখিয়ে মৰম লাগি গৈছে৷


ঝুক উপত্যকাটোৰে দুটা জুৰি বৈ গৈছে বুলি জানিছিলোঁ৷ ঝুক আৰু জাফ্‌পু৷ দেখাত নলাৰ দৰে৷ ঝুক' জুৰিৰ উৎপত্তিস্থল সাগৰ পিঠিৰ পৰা ২,৯৯৪ মিটাৰ উচ্চতাৰ Mount Isü শৃংগ৷৷ Mount Tempüক মাওসকলে Mount Isü বোলে৷ ঝুক' বা টাপুকি নাম লৈ উত্তৰ-পশ্চিমমুৱাকৈ ওলাই যোৱা জুৰিটো নাগালেণ্ড-মণিপুৰ সীমাত টুইলং অৰ্থাৎ দক্ষিণ অসমৰ সৰ্বপ্ৰধান নৈ বৰাকত মিলিছে৷ বৰাক নৈয়ে নিশ্চিত কৰিছে দুয়ো ৰাজ্যৰ দক্ষিণ-পশ্চিম দিশৰ সীমা৷ ভৌগোলিক অৱধাৰণা অনুযায়ী ঝুক' ভেলীত দেখা ঝুক' জুৰিক এইখিনিত উমৈহতীয়া ৰাজ্যিক সীমা বুলি ধৰা হয়৷ গুগল মেপত চালে সীমাৰেখা দেখা যায়৷

অসমৰ হাবি-জংঘলত কেইবাটাও জাতিৰ, প্ৰায় ৫০ বিধ বাঁহ কম-বেছি পৰিমাণে উপলব্ধ৷ নাগালেণ্ডত ক'হিমা, ৱ'খা, জালুকি, ছাৰামতি, ঝুক' আদি ঠাইবিশেষে ২২টা পৃথক পৃথক জাতৰ বাঁহ আছে৷ Bambusa Nagalandea, Bambusa alemtemshii, Bambusa mokokchungeana, Cephalostachyum longwanum ইত্যাদি তাৰে উদাহৰণ৷ আমি এতিয়া দেখা বাঁহজাতীয় উদ্ভিদবোৰ তেনেই চাপৰ চাপৰ৷ চকুৰে মণিব পৰালৈকে দেখি থকা সেউজীয়া দলিচাখন এনে উদ্ভিদবিধেই তৈয়াৰ কৰিছে৷ তাৰ মাজে মাজে অন্য উদ্ভিদো নথকা নহয়৷ সেয়া বিশেষকৈ ভিন ভিন বৰণৰ বনৰীয়া ফুল ফুলা সৰু গছ৷ ঘাঁহো আছে৷ ঘাঁহ, ফুলগছ আৰু বাঁহবোৰৰ ওপৰেৰে অ'ত-ত'ত ওলাই থকা দেখিছোঁ পত্ৰিকাহীন মৃত গছ কিছুমান৷ বৰণ ক'লা৷ কোনোবাই কয়, বনজুইৰ ফলত এনে হৈছে৷ কিন্তু এয়া দেখোন ঠাণ্ডা ঠাই৷ পৰ্বতৰ সিটো ঢালতো পাই আহিছোঁ ৰেইন ফৰেষ্ট৷ তেনেস্থলত বনজুই সম্ভৱনে? মনত খোকোজা থাকি গ'ল৷

ছাগলী খেদা বৰষুণ এজাক দি আছে৷ বতাহ এচাটিও আহে তাৰ ফাঁকে ফাঁকে৷ কাণে-মূৰে ঠাণ্ডা লগাই থৈ যায়৷ খোজ কাঢ়ি আছোঁ বুলি গাটো অকণমান গৰম হৈ আছে যেনিবা৷ ৰৈ দিলেই শীতৰ আক্ৰমণ৷ উপত্যকাৰ ইউ টাৰ্নবিলাক হেলাৰঙে অতিক্ৰম কৰি আমি আগলৈ গতি অব্যাহত ৰাখিছোঁ৷ এইছোৱাত আগৰ দৰে অসুবিধা বা বিপদসংকুলতা নাই৷ উঠা-নমা থাকিলেও অথনিৰ দৰে সাংঘাতিক নহয়৷ মাথো ট্ৰেকটোতহে ঠায়ে ঠায়ে গেলগেলীয়া বোকাপানী পাইছোঁ৷ যি দেখিছোঁ দামী, ব্ৰেণ্ডেড জোতাৰ কোনো কাম নাই৷ বাট বিচাৰি ফুৰিব লগা হয়৷ গাম বুট নাইবা হাণ্টিং শ্বুৱে ভাল৷ মোৰ জোতাযোৰ নতুন যদিও দামী নহয়৷ গ্ৰীপ আৰু কুশ্বনিং এফেক্ট ভাল৷ এবাৰো পিছল খোৱা নাই৷ খোজ কাঢ়ি আৰাম লাগি আছে৷ অশান্তিদায়ক জোতা-মোজা পৰ্বতত পৰিধান কৰিবই নাপায়৷ দলটোৰ কেইবাজনৰো ভৰিত উদক্ৰাফট এম্ফিবিয়া৷ কেইজনমানৰ ব্ৰেণ্ডেড স্পৰ্টছ শ্বু৷ মাধৱদাৰ হাণ্টিং শ্বু৷ হ'লেওনো কি, বোকাপানীয়ে চবকে একাকাৰ কৰি পেলাইছে৷ কেতিয়াবা কঁকাল, কেতিয়াবা বুকুলৈকে ওখ হৈ পৰা বাঁহজাতীয় উদ্ভিদে ট্ৰেকটো ঢাকি ধৰে৷ আগুৱাওঁতে হেণ্ডছ-আপ্‌ ভংগীমাত হাত দুখন ওপৰলৈ তুলি বুকুৰে বল প্ৰয়োগ কৰি সেইবোৰ ফালি পাৰ হ'বলগীয়া অৱস্থা৷ আমাৰ সোঁহাতে ওখ, বাওঁহাতে দ৷ অসাৱধান হলে বিপদ অনিবাৰ্য৷

Tough times never last but tough people do. অৰুণদাৰ বাবে এতিয়া আৰু বিশেষ চিন্তা কৰিবলগীয়া নাই৷ দিনৰ ১.০০ বাজি গ'ল৷ এইটো ঢালত ইতিমধ্যে এঘণ্টা সংগ দিলোঁ৷ আগুৱাই গৈ থাকিব পাৰিব বুলি বিশ্বাস এটা জন্মিছে৷ সৰ্পিল ট্ৰেকটোত আমি পূবমুৱাকৈ গৈ থাকিলে আগত থকা অৰূপদাহঁতক পশ্চিমমুৱাকৈ আহি থকা দেখা পাওঁ৷ সন্মুখৰ পাকটো ল'লেই অদৃশ্য৷ আমি সেই পাকটো ঘূৰাৰ পাছত তেওঁলোক আকৌ দৃশ্যমান হয়৷ উকিয়াউকি চলে৷ আগে আগে গৈ থকাসকলক খৰকৈ খোজ পেলাই লগ ধৰাৰ মতলব এটা হ'ল মোৰ৷ সেউজীয়াত অৱগাহন কৰি থাকিয়ে অৰুণদাক এৰিলোঁ৷ মাৰ্টিন তেওঁৰ কাষে কাষে ৰ'ল৷ গতি আপোনা-আপুনি খৰ হৈ আহিছে৷ কুলুকুলু সুৰেৰে বৈ যোৱা জুৰিটো কোনোবা অৱস্থানৰ পৰা দেখোঁ, আকৌ নেদেখা হওঁ৷ চকুৱে দেখালৈকে দুকাষে দুলানি সেউজ পাহাৰ৷ অকলে অকলে গৈ আছোঁ৷ দুহাতৰ সুন্দৰ আৰু মনোমোহা দৃশ্যবোৰ উপভোগ কৰিছোঁ৷ শ্বাটাৰ টিপিবলৈ মন গ'লে কেইটামান ছেকেণ্ড ৰওঁ৷ বৰষুণৰ কণিকাবোৰৰ বাবে সাৱধানে এই কামটো কৰিবলগীয়া হৈছে৷ তাৰ বাদে কতো ৰোৱা নাই৷ অৰূপদাহঁতক লগ পাবলৈ দীঘল দীঘলকৈ বেঙা মেলি দিছোঁ৷



No comments:

Post a Comment