Friday, 29 September 2017

দিন তিনি  ৷৷ ১৭.৭.২০১৬
১.. বৰ্ষাবিঘ্নিত ৰাতিপুৱাটো

জীৱনত কাহানিও নোপোৱা সোৱাদ এটা এইবাৰ পালোঁ৷ বিশাল-সুন্দৰ ধৰিত্ৰীৰ একোণে আত্মা-আলোড়নকাৰী বুলি পৰিগণিত ঝুক নামৰ স্থানত টা ৰাতি কটালোঁ৷ মানুহৰ পৰা আঁতৰত৷ সেউজীয়াৰ মাজত৷ তাকো আকৌ একেবাৰে ভি.আই.পি. হৈ! তাৰেই সুবাদত ঘৰ পাহৰিলোঁ, কাম পাহৰিলোঁ, তাৰিখ পাহৰিলোঁ৷ দিন-বাৰো চব পাহৰিলোঁ৷ 'আজি কি বাৰ অ?' সোধোঁ বুলি কাষতে শুই থকা সুবীৰৰ ফালে ঘূৰি চাইছোঁ৷

হাৰে, তাৰ শ্লীপিং বেগটো ধুনীয়া দেখোন! বৰণটোও উপত্যকাৰ লগত সাঙোৰ খাই পৰিছে৷ কালিচোন শ্লীপিং বেগ নাই অনা বুলিছিল৷ তেনেহলে এইটো পালে কত? 'দীপমইনাই দিছে' বুলি মাত এষাৰ দিলে, চকু দুটা মুদি থাকিয়ে৷ সুৰটোত গৌৰৱৰ গোন্ধ৷ ই উঠক, মই এবাৰ সেইটোত সোমাই চাব লাগিব৷ মনতে ভাবি থলোঁ৷ মোৰটো বৰ ডাঙৰ৷ গোটেইটো এটা ঢোলহে যেনিবা৷ গধুৰো৷ কঢ়িয়াবলৈ অসুবিধা৷ বুদ্ধি খটুৱাই কভাৰ এটা নিজেই তৈয়াৰ কৰি লৈছোঁ৷ হাত সলাই সলাই ঝুকৰ বুকু পোৱালোঁহি৷ পানী নপৰক বুলি প্লাষ্টিকৰ ডাঙৰ কেৰীবেগ এটাত সুমুৱাই আনিছিলোঁ৷ নাই, নাবাচিল৷ অকণমান ভিজিলেই৷ ঠোঙাৰো অৱস্থা কাহিল৷ নিশাটো চলি গল যেনিবা৷

তক্তাপোচখনৰ পৰা সুবীৰ নামিবলৈহে পালে, মই পুটুককৈ সোমাই পৰিলোঁ Coleman BIKERত৷ লগত দিয়া কাগজডোখৰ পঢ়ি চালোঁ৷ -20 C to +140 C৷ ওজন কিমান? 0.99 Kg৷ আহ! বৰ মজা লাগিছে অ'৷ উম লৈ থাকিয়েই ঠিক কৰিলোঁ যে এনেকুৱা এটা মই কিনিম৷ কিনিম মানে কিনিবই লাগিব৷ পাছৰ যাত্ৰাটো খাটাং হৈয়ে আছে, নৱেম্বৰৰ শেষৰটো সপ্তাহত৷ শ্লীপিং বে'গটোৰ ওজন আৰু জোখটো ভাল৷ কঢ়িয়াবলৈ সুবিধা হব৷ ৰাক্‌চেকতে সোমাই থাকিব৷ পৰ্বত বগোৱা অভিযানত গধুৰ বস্তু সদায়েই হাৰমাল৷ 'It is not the load that breaks you down, it is the way you carry it' বুলি জানো যদিও ইণ্ডিয়ান আৰ্মীৰ জোৱানে লৈ ফুৰাসম আকৃতিৰ ঢোলটো আৰু ভাৰ বব নোৱাৰি দেই৷

লেথাৰি নিছিগাকৈ পৰি থকা বৰষুণজাকৰ শব্দই পুৱাতে কাণ দুখন ঘোলা কৰি দিছে৷ ফেৰফেৰীয়া বতাহেও ঠাণ্ডা নমাইছে৷ শ্লীপিং বেগৰ পৰা ওলোৱাই মস্কিল৷ তাতে আছোঁ Colemanৰ উমাল বুকুত৷ মনটোৱে মাজে মাজে বিদ্ৰোহ কৰিছে৷ বাহিৰখন চাবগৈ লাগে৷ এইদৰে পৰি থাকিলে নহয়৷ ৬.০০ বাজিবৰে হ'ল৷ ইফালে অৰূপদায়ো খদমদম লগাই দিছে৷ ওলাই আহিলোঁ৷ উ... ঝুক ভেলীৰ অস্তিত্বই নাইচোন! হাফলুৰ বিশাল ৰাজ্যখন অন্তৰ্ধান৷ কেৱল ডাৱৰ আৰু ডাৱৰ৷ সেউজীয়াৰ নাম-নিচান নাই৷ কেউফালে শুভ্ৰ চামনি৷ কালিৰ দৃশ্যপট আৰু আজিৰ দৃশ্যপট সম্পূৰ্ণ বেলেগ৷ কল্পনাই কৰিব নোৱাৰি৷ যি হওক, আমি বিমুখ নহ'লোঁ৷ ইয়াৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপটো কালি দেখিলোঁ৷ মেঘ আৰু বৰষুণৰ ফাঁকেৰে ঝুক ভেলীৰ নীল আকাশ আৰু সেউজ অৰণ্যানি চাবলৈ সৌভাগ্য লাগে বুলি কোৱা হয়৷ মিছা নহয় কথাষাৰ৷ বতৰৰ গতি-গোত্ৰ চাই উপত্যকাই আজি সহজে দেখা নিদিব যেনহে লাগিছে৷

বৰ্ষাবিঘ্নিত পুৱা এটা৷ মেগী নুডল্‌ছ খুৱালে টমাছহঁতে৷ হৰেন, দীপমইনাসহিত ৰাতিটো ট্ৰেকাৰ্ছ কেম্পত কটাইছিল সিহঁত ৭জনে৷ ভি.আই.পি. (!) ৯জন ইয়াত৷ ৰঙা চাহত শোহা মাৰি থাকিয়ে বাৰাণ্ডাত থিয়ৈ থিয়ৈ আলোচনা৷ কেইজনমান চৌকাৰ কিনাৰত৷ ৰুমাল, তিতা মোজা আদিত জুইৰ উত্তাপেৰে সেক দি আছে৷ তীব্ৰ অসন্তুষ্টিয়ে ভৰাই পেলাইছে দলৰ সদস্যসকলৰ মনবোৰ৷ বৰষুণজাকৰ প্ৰতি সবাৰে ককৰ্থনা৷ উপায় নাই, ধৰাবন্ধা কথা যে এইকেইটা দিনত ইয়াত বৃষ্টিপাতৰ আতিশয্য থাকিবই৷ সেয়াই মজা৷

পুৱাতে ৭ বজাতে ওলাই যোৱা ডিমাপুৰ আৰু কেৰালাৰ যুৱক তিনিজনে তিতি-বুৰি ঘূৰি-পকি আহি সিমূৰে থকা পানীৰ পাইপডালত এজন এজনকৈ নিজকে পখালিছে৷ আমি বস্তু-বাহানি সামৰাত হাত দিছোঁ৷ ম'বাইলত বজাইছোঁ মোৰ প্ৰিয় গীত৷ মুখচন্দ্ৰমা চাম চাম বুলি আশা পালি থকা কাষৰ ৰূমৰ মায়াৱিনী আইগৰাকী জাগ্ৰত হোৱাই নাই৷ কলকলনি, খিলখিলনি বন্ধ৷ নিশা আমাৰ টোপনি কাঢ়ি বেটীয়ে এতিয়া ফষ্টি মাৰি শুই আছে!

হাত-ভৰিৰ বোকা আঁতৰাই থাকোঁতেই তিনি ডেকাৰ মাজৰে এজনে স্বগতোক্তি কৰা শুনিলোঁ 'Flower is less this time'৷ তেওঁৰ মতে এইবাৰ ঝুক ভেলীত ফুলৰ সংখ্যা কম দেখা গৈছে৷ অতীতৰ অভিজ্ঞতা আৰু বৰ্তমানৰ পৰ্যবেক্ষণৰ পৰাই কথাষাৰ কৈছে ল'ৰাটোৱে৷ চিন্তা কৰিলোঁ, অত-তত ঘটা প্ৰাকৃতিক পৰিৱৰ্তনৰ নিচিনাকৈ ইয়াতো হীন-ডেঢ়ি আহিল তেনেহলে! ঝুক লিলি ফুলাৰ সময়টোতো পাৰ হৈ গলেই৷ Floristic study সংক্ৰান্তীয় গৱেষণা-পত্ৰ এখনত পঢ়িবলৈ পোৱা মতে Aconitum nagarum নামৰ নীলা-বেঙুনীয়া ৰঙৰ ফুলবিধে ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা কলি পেলাবলৈ আৰম্ভ কৰিব৷ অক্টোবৰৰ প্ৰথম সপ্তাহৰ ভিতৰত ফুলিব৷ গতিকে সেইবিধৰ এতিয়া সময় হোৱা নাই৷ কালি যেনি-তেনি হালধীয়া, বগা, গুলপীয়া আদি ৰঙৰ ফুল কিছুমান দৃষ্টিগোচৰ হৈছিল৷ নামবোৰ গম নাপাওঁ৷ তথাপি পুষ্প উপত্যকাত ফুল কমিছে বোলা কথাষাৰে মনৰ কোনোবাখিনিত প্ৰচণ্ড আঘাত এটা দি গল৷

অৰূপদাহঁত থকা ঘৰটোৰ ভিতৰফালে থকা এটা ৰূমত সিহঁতকেইটা আছেহি৷ প্ৰথম সোমাই আহোঁতে কেউটাকে হেনো পথাৰত হাল বাই অহা যেন লাগিছিল, দেখাত৷ কথাটো অৰূপদাই মোক সিহঁত অাঁতৰি যোৱাত ক'লে৷ বৰষুণজাকে মুখ ফুলাই ৰখাৰ মাজতো তাকে লৈ হাঁহিলোঁ অলপমান৷ তাৰ মানে তললৈ নামি নগৈ আমি ভালেই কৰিলোঁ৷ পুৱাতে যাম বুলি কালিয়ে ভাবি থৈছিলোঁ৷ যি হয় ভালেই হয়৷ পৰ্বতৰ সৌন্দৰ্য চাব লাগে উপত্যকাৰ পৰা, উপত্যকাৰ সৌন্দৰ্য চাব লাগে পৰ্বতৰ পৰা৷ সঁচা কথা৷ কিন্তু এতিয়া উপত্যকায়ো মুখ লুকুৱাইছে বতৰৰ ছত্ৰছাঁয়াত৷ ঝুক ভেলীত বাৰিষাৰ পয়োভৰ৷ বৰ্ষাকালীন ট্ৰেকিং-কেম্পিঙত বতাহ, বৰষুণ, ক'লীয়া মেঘ, শীতলতা আদিহে প্ৰাপ্যবস্তু৷ তাৰে এটাও নোপােৱাকৈ থকা নাই আমি৷

আকাশখন গোমা৷ এনে বাতাবৰণ দেখিয়েই হয়তো গাঁও সংস্থাপনাৰ্থে উপযোগী ঠাইৰ সন্ধানকৰ্তা, আংগামী কল্প-কাহিনীৰ সেই পূৰ্বপুৰুষৰূপী যুৱকজনে কৈছিল ঠাইখন গোমা, বিমৰিষ বুলি৷ কিন্তু তাৰ অভ্যন্তৰতেইযে লুকাই আছিল মনোমোহা, স্বপ্নময় এক অবৰ্ণনীয় সৌন্দৰ্য! এই মুহূৰ্তত উপস্থিত হ'লেও একেটাই ক'লেহেঁতেন নিশ্চয়৷ ভালেই হল, তেতিয়া নেদেখিলে, আৰু অহা বাটে উভতি গুচি গ'ল৷ নহলে ইয়াত কোন কাহানিবাতে মানুহ বহিলহেঁতেন, জনবসতি বাঢ়িলহেঁতেন৷ বহল ৰাস্তা হ'লহেঁতেন৷ গাড়ী-মটৰ আহিলহেঁতেন৷ সমাগমেৰে ভৰি পৰিলহেঁতেন ঝুক' ভেলী৷ তেনেকুৱা হ'লে আমিও কেতিয়াও নাহিলোঁহেঁতেন৷

এতিয়া অন্ততঃ মনুষ্যৰ বসতি নিষেধ, সুচল বাট-পথ নাই, যান-বাহনো নাই৷ আহিবৰ বাবে জংঘলী লুংলুঙীয়া লিক্‌বোৰ আছে৷ নিজৰ ভৰি দুখন আছে৷ এই দুখনেই একমাত্ৰ নিৰ্ভৰযোগ্য বাহন ইয়াত৷ খোজ কাঢ়িব নোৱাৰা, গাড়ী এৰি মাটিত ভৰি দিব নোখোজা মানুহ দূৰতে বিদূৰ৷ আনহাতে এইটো ঠিক যে যতেই মনুষ্য কুল ততেই প্ৰকৃতিৰ নিদাৰুণ ধ্বংসযজ্ঞ৷ গছ-বিৰিখ খাস্তাং, শূন্য জন্তু-জানোৱাৰ৷ ইয়াত ডাঙৰ গছ-বিৰিখ কম দেখিছোঁ, জীৱ-জন্তু আছে বুলি কয় যদিও চকুৰ আগলৈ অহা নাই৷ হ'লেও বিৰাট ভাল লাগিছে৷ আশ্চৰ্য আৰু মনৰ সন্তুষ্টি আছে৷

(ফটোগ্ৰাফ যুগান্তজ্যোতি চেলেঙৰ)


No comments:

Post a Comment