Saturday, 2 September 2017

.২. আংগামীৰ বৰভেটি এৰি ক'হিমালৈ

খনমাৰ পানীৰে গাটো আজিয়েই খুবমতে ধুই লৈছোঁ৷ ঝুক ভেলীত সুবিধা পাওঁনে নাপাওঁ কব নোৱাৰোঁ৷ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰখ্যাত পুষ্প উপত্যকাটোৰ মধ্যাঞ্চলত নাগালেণ্ড আৰু মণিপুৰৰ সীমা সূচক স্ফটিক-সলিলা ঝুক' জুৰি আছে বুলি জানো৷ কিন্তু তাত নামিব পাৰিমজানো? প্ৰচুৰ ঠাণ্ডা বুলি শুনিছোঁ৷ অৰ্থ কেইবাটাও যদিও মাও শব্দ ঝু-ক এটা অৰ্থ হৈছে শীতল জল, বৰফৰ পানী৷ Dzü মানে পানী, Kou মানে বৰফ৷ আনফালে, সদায় ধোৱা গাটো এদিন নোধোৱাকৈ থকাটোওযে এটা অবুজ অস্বস্তি আৰু মানসিক বিৰক্তি৷ বুজোঁতাই বুজে৷ সেয়ে শ্বাৱাৰৰ তলত হিচাপতকৈ আজি বেছি সময় অতিবাহিত কৰি যেন দুদিনলৈ শুচি হৈ ললোঁ!

ট্ৰেকচুটযোৰ পিন্ধি ৰাক্‌চেক্‌টো শৃংখলাবদ্ধভাৱে সামৰাত ধৰিছোঁ৷ সিফালৰ পৰা ব্ৰেকফাষ্টৰ কাৰণে চিঞৰি আছে৷ ''কি কৰি আছা, নাহা কেলেই?'' সেইটো অৰূপদাৰ চিঞৰ৷ আৱাজটোৱে কাণ ফালোঁ ফালোঁ কৰিছে৷ মনৰ স্ফূৰ্তিতেহেযে হৈ-হাল্লাৰ মাত্ৰা এখোপ চৰিছে সেয়া বুজি পাবলৈ বাকী নাই৷ ঝুক’ উপত্যকালৈ যাবলৈ পাই কাৰনো স্ফূৰ্তি নালাগিব? এনেকুৱা অফ্‌-বিট্‌ স্পটবোৰ মোৰো খুব ভাল লাগে, যলৈ গাড়ী-বাইক একো যাব নোৱাৰে, মবাইল টাৱাৰো যত নাপায়৷ কেৱল খােজ কঢ়াৰ বাহাদুৰি৷ সিদিনা এঠাইত পঢ়ি পাইছিলোঁ যে ঝুক ভেলীলৈ কৰা ট্ৰেকিং সহজো নহয়, ইচ্ছাজনিতও নহয়৷ বৰং প্ৰকৃতিৰ হাতবাউলি বুলিহে গণ্য কৰা হয়৷ তাকো আকৌ সকলোৰে বাবেও নহয়৷ ভাগ্য লাগিব হেনো৷ নাজানো আমাৰ ভাগ্যত কি আছে৷ প্ৰচেষ্টা কিন্তু হাণ্ড্ৰেড পাৰচেণ্ট থাকিব৷ কোনো কাৰণতে পিছ হুহকাত নাই৷

খাদ্যৰ টেবুলত উপস্থিত হৈ দেখিলোঁ, ৰাইজে অপাৰেচন পূৰ্ণ গতিত চলাই আছে৷ এমূৰে ধুনীয়াকৈ সজোৱা অৱস্থাত মেগী নুডল্‌চ, সিদ্ধ কৰা কণী, জাহাজী কল, চাহ৷ নিজে লৈ যিমান পাৰি খাব লাগে৷ আজি দুপৰীয়াৰ ভাতসাজ মিলিবনে নিমিলিব নাজানো৷ পূৰ্বৰ ট্ৰেকিঙৰ অভিজ্ঞতাৰে বিচাৰ কৰিলে দেখা যায়, আগতে কিন্তু মিলা নাছিল৷ অথচ চিন্তাশূন্য ভাবত পুৱাৰ এই আহাৰ আটায়ে হাঁহি-স্ফূৰ্তিৰেই গ্ৰহণ কৰি আছে৷ মই নিৰামিষভোজী, গতিকে কণীটো বাদ পৰিল৷ তাৰ বদলি কল আৰু দুটা খালোঁ৷ কালি আহোঁতে বাটত গাড়ী ৰখাই দীপমইনাই এই কলকেইটা কিনিছিল৷ ভাল সোৱাদ৷ তাৰ লগতে বেলেগে গৰম পানী খুজি মোৰ লগত থকা ফুড চাপ্লিমেণ্টৰ দুটা পেকেট একেলগে মিহলাই গিলি ল'লোঁ৷ এতিয়া সকলোটি সাজু৷ ক্ষন্তেকতে খনমা, আংগামীৰ পীঠস্থান এৰিম৷ পামগৈ ৰাজ্য-সদৰ কহিমা৷ দীপমইনা আৰু Neizoৰ প্ৰচেষ্টাত বাহিৰত দুখন ছুম’ হাজিৰ হৈছেহিয়েই৷ হৰ্ণৰ শব্দ শুনা পালোঁ৷

Thomas আৰু Kevis নামৰ ডেকা দুজনো ইয়াৰ পৰাই আমাৰ লগত যাব৷ সিহঁত পৰ্টাৰ৷ থমাচ লৰাটো ৰেষ্টলাৰ হেনো৷ নাগালেণ্ড ৰাজ্যক কেইবাবাৰো প্ৰতিনিধিত্ব কৰিছে৷ কোনোবাই কলে বোলে নেছনেল গেমছতো খেলিছে৷ সঁচা-মিছা নাজানো৷ আংগামী যুৱকজনৰ শৰীৰৰ গঠন দেখি কিন্তু মোৰ হিংসাই লাগিছে৷ বাটত আৰু তিনিজন পৰ্টাৰ উঠিব৷ অথনি দীপমইনাই কাগজ-কলম লৈ সকলোৰে বেগ, লামলাকটু আদিবোৰ এফালৰ পৰা দাঙি দাঙি অনুমানতে ওজন লিখি গৈছিল৷ তেনেকৈয়ে মোটামুটি হিচাপ এটা উলিয়াইছে৷ সিদ্ধান্ত লোৱা হৈছে কেইজন ভাৰবাহক-ৰান্ধনি হলে ভাল হব৷ তদনুৰূপ যোগাৰ কৰা হৈছে৷ প্লেনিং আৰু যা-যোগাৰ ভাল নহলে ট্ৰেকিং কৰাৰ মজা নাই৷ সি ঝুক ভেলীয়েই হওক, বা আন কোনোবা সহজ ডেষ্টিনেশ্বন৷ দীপমইনাৰ এইবোৰত প্ৰচুৰ অভিজ্ঞতা আছে৷ তেওঁৰ দৰে তজবজীয়া গাইড এজন পাই অতিকৈ ভাল লাগিছে৷ চিন্তা কৰিছোঁ, খোজ মিলাব পাৰিমনে বাৰু তেওঁলোকৰ লগত? ঝুক ভেলী সহজ লক্ষ্য নহয় বুলি ইতিমধ্যে কেইবাজনৰো ব্লগত ট্ৰেভেলগ পঢ়ি আগতীয়াকৈ মই গম পাই থৈছোঁ৷

''আমাৰ গ্ৰুপ ফটো এখন ল'ব লাগিছিল নহয় দাদা৷ এই ঘৰটোৰ সন্মুখত হ'লে ভাল হ'ব৷'' জয়ন্তদাক কোৱা মাত্ৰকে জাননী দি নজনীয়া দলটোৰ সকলোকে গোট খুৱালে৷ ষ্টেপত থিয় হৈ আমি দুটা শাৰী পাতিলোঁ৷ কেইবাটাও স্নেপ লোৱা হ'ল৷ হাতত ৱাকিং ষ্টিক লৈ, মূৰত ট্ৰেকিং হেটৰ সৈতে সাজোনে-কাচোনে গোটেইকেইজনকে ফটো চেছনত বেচ শক্তিশালী আৰু অভিজ্ঞ ট্ৰেকাৰ যেনেই লাগিছে৷ ঝুক'ৰ পাহাৰত খোজৰ গতি কি হয়গৈ সময়ে ক'ব৷ আত্মবিশ্বাস পূৰাদমেই ৰাখিছোঁ কিন্তু৷

ফিজোৰ সন্ধানত খনমাত সৈন্যবাহিনীয়ে বাৰে বাৰে তালাচী আৰু অত্যাচাৰ চলোৱাৰ সময়ত খনমা গাঁৱৰ বাসিন্দাই ঘৰ-বাৰী এৰি ঝুক' উপত্যকালৈ পলাই গৈছিল৷ মানচিত্ৰ চাই দেখিছোঁ খনমা ক'ত, কত ঝুক ভেলী! অথচ, দুয়ো ঠাইৰে যেন এটা এৰাব নোৱাৰা সম্পৰ্ক, সেই তেতিয়াৰে পৰাই৷ আমাৰো ঝুক'লৈ গমন ঘটিব এইখন খনমাৰ মাটিৰ পৰাই৷ ভাল লাগিছে ভাবি৷ এক্সপ্ল'ৰাৰ এণ্ড এড্‌ভেন্‌চাৰৰ পৰিকল্পনামতেই প্ৰথমে খনমালৈ আহিলোঁ, চালোঁ, থাকিলোঁ৷ তাৰ পাছত ঝুক'লৈ গৈ আছোঁ৷ যেন গভীৰ অন্তৰ্নিহিত সম্পৰ্কটোৰ সত্যাসত্য সাব্যস্ত কৰিবলৈকে আমাৰো এই আগমন-গমন! জয়ন্তদাই মোলৈ ফ'ৰৱাৰ্ড কৰা ২৪ মে' তাৰিখৰ মেইলটোৰ অন্তিম শাৰীটোৱে অজানিতে মনত দোলা দিলে... We are alive till we have a passion৷

গাইডে আমাক আগ বাঢ়ি থাকিবলৈ পৰামৰ্শ দিছে থমাচ আৰু কেভিচৰ সৈতে খোৱা-বস্তুকে ধৰি প্ৰয়োজনীয় সকলোবোৰ ৰচদ-পাতি, বয়-বস্তু, কেম্পিং সঁজুলি, দা-কুঠাৰ বোজাই কৰি তেওঁ পিছে পিছে আহি থাকিব৷ কহিমাৰ কোনখিনিত ৰব লাগিব তাকো বটালে৷ তাত তেওঁৰ অলপ কাম থাকিব৷ বিশেষকৈ তম্বুকেইটা উঠাই ল'ব লাগিব৷

Dovipie Inn এৰাৰ আগে আগে মই মান্যাৰ ওচৰলৈ গলোঁ৷ পকেট নোটবুকখন উলিয়ালোঁ৷ তাইলৈ আগুৱাই দি কলোঁ, ‘‘ইয়াত কাম কৰা তহঁত চবৰে নামবোৰ এফালৰ পৰা লিখচোন৷’’ আকস্মিকভাৱে তেনেকুৱা অৰ্ডাৰ এটা পাই তাই বেচেৰীয়ে থতমতেই খালে৷ ‘‘কেপিটেল লেটাৰতে লিখিবি দেই৷ কোন ট্ৰাইব পৰা আছে, কোন জাগা পৰা আছে ইটোভি লিখি দিবি৷’’ কি নিমিত্তে বুলি প্ৰশ্ন কৰাৰ কথা ভাবিছিলে যদিও সোধা নহল তাইৰ৷ কলমটো হাতত তুলি প্ৰথমতে কেইবাৰমান জোকাৰি থাকিল৷ ঠিক যেন পৰীক্ষা দিবলৈ বহি টান প্ৰশ্নৰ সন্মুখীন হোৱা পৰীক্ষাৰ্থী! কাউণ্টাৰটোৰ উপৰিভাগত টুকুৰিয়ালেও ৪-৫বাৰ৷ মুখখনলৈ চাই মৰম লাগি গ'ল মোৰ৷ এইক বাৰু কষ্ট দিলোঁ নেকি? তাই একান্তমনে ভাবিলে অলপ পৰ৷ ভাবিলে চাগৈ, লিখিমনে নিলিখিম? কি বা কৰে এই মানুহটোৱে! তাৰ পাছত কিন্তু এটা এটাকৈ লাহে লাহে লিখিব ধৰিলে John, পচ্ছুৰি, ফেক৷ Akuotho, পচ্ছুৰি, ফেক৷ Sibu, নেপালী, ডিমাপুৰ৷ Achi, Anya, Rovi ইহঁত তিনিও খনমাৰ, আংগামী৷ তাৰ পাছত একো নকৈ বহীখন মোৰ ফালে ঠেলি দিলে৷ কলমটোও দিলে৷ মই ধন্যবাদ জনালোঁ৷ কলোঁ, ‘‘আমাখান যাব দেই, তইখান ভাল পৰা থাকি কিনা চাৰ্ভিচ কৰিবি হাঁ৷ গড্‌ ব্লেছ্‌৷’’ প্ৰত্যুত্তৰত তাই হাঁহিলে আৰু চে'ফ্‌ জাৰ্নি বুলিলে৷ 'নেক্সট টাইমতে আৰু আহিব দেই৷' বুলি ভৱিষ্যতৰ বাবে পেছাদাৰী আমন্ত্ৰণ-বাক্য এষাৰো চেগতে শুনাই থলে৷ অৰুণদাই কাছাং বাইদেউলৈ আংগামীসকলৰ পৰম্পৰাগত বস্তুকেইপদমান কিনিলে মান্যাৰ পৰা৷

৭.৩০ বাজি গল৷ বাহিৰত পাতলীয়া বৰষুণৰ আৰম্ভণি৷ তাৰ মাজতে টোপোলা-টাপলিবোৰৰ লডিং চলি আছে৷ আমাক কঢ়িয়াই নিবলৈ সাজু হৈ থকা ছুম দুখনৰ ভিতৰত কালি ডিমাপুৰৰ পৰা অহাৰ অনুৰূপ এখনত অৰুণদা, সুবীৰ আৰু মই উঠিলোঁ৷ বাকীসকল ইখনত বহিছে৷ দল-বদল নহল৷ দীপমইনাই গাড়ী এখন বেলেগে লৈছে৷ বস্তু-বাহানি আৰু পৰ্টাৰকেইজনৰ বাবে৷ ছুম দুখনৰ কাষতে বলেৰ পিক্‌-আপ্‌ এখনো ৰৈ আছিল৷ ‘‘এইখনেই যদি কিয় ইমানপৰে লড কৰা নাই?’’ এনেকৈ সোধাত কলে যে সেইখন নহয়, ভান এখনহে আহিব৷ মাৰুতি ভানত কঢ়িয়াবলৈ ভাল হব বুলিও কলে৷ মোৰ পিছে সন্দেহ উপজিল৷ টানিব পাৰিবনে বাৰু? বতৰ হল এইটো! পৰ্বতত ছুম, স্কৰপিঅ, বলেৰৰে নিৰ্বিঘ্নে ঘূৰি-ফুৰাৰ কিছু অভিজ্ঞতা মোৰ আছে৷ অন্য গাড়ীৰে হলে নাই৷ কিবিথুত খুব বুদ্ধি খটুৱাই ইণ্ডিগ এখনক আমি কেইজনমানে গৰাৰ পৰা বাগৰি তলত পৰাৰ পৰা অবিশ্বাস্যভাৱে কিবাকৈ বচাইছিলোঁ৷ গতিকে মোৰ ধাৰণা মতে গাড়ী হলেই নহব৷ বাছ-বিচাৰ নকৰি যিকোনো বাহন লোৱাটো চূড়ান্ত মূৰ্খামি৷ কিছুমান গাড়ী দেখনিয়াৰহে৷ সমতলত ঠিক থাকিলেও পৰ্বতত দম নাই৷ আমাৰ যাত্ৰাপথ আকৌ পৰ্বতীয়া৷ ইহঁতে কি ভাবি সেইখন ললে বাৰু? ফচিলে গম পাব৷

তেনেতে বগাৰঙী মাৰুতি ভান এখন ভেঁ ভেঁকৈ ওলালহি৷ সা-সৰঞ্জামবোৰ উঠাই মানে গাইডে আমাৰ ছুম দুখনক যাত্ৰা আৰম্ভ কৰিবৰ বাবে সংকেত দি দিলে৷ এইটো ঠিক যে কালি অহাৰ দৰে এইবাৰ নামি যাওঁতে মুঠেই ৰাস্তা ভুল নহয়৷ খনমাৰ চুক-কোণ এতিয়ালৈ আমাৰ চিনাকি হৈ গৈছে৷ খনমাখন খুব ভাল লাগিছে৷

Neizo Zhotso প্ৰমুখ্যে Dovipie Innৰ প্ৰতিজনকে বিদায়বেলাৰ মাত একোষাৰ ইতিমধ্যে লগোৱা হৈছেই৷ হেণ্ডশ্বেকো কৰা হল৷ অতিথিশালাৰ কাৰ্ড, ফোন নম্বৰ আগতেই সংগ্ৰহ কৰা আছে৷ এবুকু সন্তুষ্টি বুকুত বান্ধি আমি আংগামীৰ ঐতিহাসিক খনমা, ফিজোৰ খনমা এৰিলোঁ৷ জীৱনৰ বাবে আনন্দদায়ী সম্পদৰ ৰূপত মোৰ কেমেৰাৰ মেমৰী কাৰ্ডত বন্দী হৈ গল খনমাৰ খট্‌খটি, খনমাৰ গিৰ্জা, খনমাৰ খলপ কটা কৃষিপথাৰ, মৰং ঘৰ, দুৰ্গ, বন্দুক, খৰি, ফুল, পাথৰ, আংগামী শিশু, আইতা ইত্যাদি ইত্যাদি৷

No comments:

Post a Comment