.৬. Window to Nagaland…
ইম্ফল সংযোগী এন.এইচ. ৩৯ৰে আগ বাঢ়িছোঁ৷ ডাৱৰে
আৱৰি আছে মূৰৰ ওপৰৰ আকাশ আৰু নাতিদূৰৈতে থকা পৰ্বত৷ নীলা, সেউজীয়া, বগা, ক’লাৰ অদ্ভুত সংমিশ্ৰণ এটা পৰিলক্ষিত হৈছে৷ কিনকিনীয়াৰ
পৰা বৰষুণজাক মজলীয়া হ’লগৈ৷ ক’হিমা এৰি কেই কিল’মিটাৰমান যোৱাৰ পাছত হঠাতে এঠাইত
আগে আগে গৈ থকা জয়ন্তদাহঁতৰ ছুম’খন ৰৈ দিলে৷ চাহ খোৱাৰ মতলব৷ আমিও ৰ’বলৈ বাধ্য হ’লোঁ৷ সময়টো কিমান হ’ল চালোঁ৷ ৯ বাজি ১৫ মিনিট৷ বেছি
দেৰি কৰিব নোৱাৰি৷ সোনকালে থলী পাবগৈ লাগে৷ অৰুণদা আৰু সুবীৰ নামিল৷ মই নানামিলোঁ৷ নামিবলৈ ভৰি দিম ক'ত? গোটেইখনচোন পানীৰ ডোঙা৷ অমংগলীয়া বৰষুণজাকক
গালি পাৰি পাৰি গাড়ীতে থমথমকৈ বহি থাকিলোঁ৷
ক'হিমা এৰি ফে'ছামা৷ তাৰ পৰা আগুৱাই কিছামা পালোঁহি৷ অৰ্থাৎ ইমান সময়ে ৰাজধানী চহৰৰ পৰা ১২
কিল'মিটাৰ আহিলোঁ৷ সোঁহাতে গে'ট এখনৰ তলেদি ৰাস্তা এটা উঠি গৈছে নাগা হেৰিটে'জ
ভিলেজলৈ৷ পাহাৰৰ বক্ষত নিৰ্মিত সেয়া এক বিশাল সাংস্কৃতিক প্ৰকল্প৷ নাগালেণ্ড চৰকাৰৰ
পৃষ্ঠপোষকতাত, ৰাজ্যিক পৰ্যটন বিভাগ আৰু কলা-সাংস্কৃতিক বিভাগৰ উদ্যোগত ৰাজ্যখনৰ সাংস্কৃতিক
ঐতিহ্যৰ উত্তৰণৰ লক্ষ্যৰে ২০০০ চনৰ ডিচেম্বৰ মাহত ইয়াতে আৰম্ভ কৰা হৈছিল হৰ্নবিল ফেষ্টিভেল,
যাক কোৱা হয় Window to Nagaland বুলি৷ তেতিয়াৰ
পৰা প্ৰতি বছৰে ১ৰ পৰা ৭ ডিচেম্বৰলৈ এই উৎসৱ উলহ-মালহেৰে অনুষ্ঠিত হৈ আহিছে৷ জনতাৰ
সঁহাৰিৰ কল্পে চৰকাৰে বহুবাৰ ১০ তাৰিখ পৰ্যন্ত দিন বঢ়ায়ো দিব লগা হৈছে৷ প্ৰসংগক্রমে, ১ ডিচেম্বৰ তাৰিখেই নাগালেণ্ড ৰাজ্যখন গঠিত হৈছিল৷ ৫৩ বছৰৰ আগতে৷
নাগালেণ্ডৰ প্ৰতিটো নৃগোষ্ঠীৰ বিভিন্ন ঠাল-ঠেঙুলিবোৰৰ বাৰেবৰণীয়া স্বকীয় যৌগিক সংস্কৃতি প্ৰদৰ্শনৰ উপৰি দুঃসাহসিক ক্রীড়া, আধুনিক সংগীত আদিয়ে হৰ্নবিল উৎসৱত আগস্থান আৰু মান্যতা পাই আহিছে৷ ৰাজ্যখনৰ চহকী সংস্কৃতি, পৰম্পৰা আৰু ইতিহাসৰ উদ্ধাৰ, পুনৰুজ্জীৱিতকৰণ, সংৰক্ষণ, ৰক্ষণাবেক্ষণ আৰু প্ৰদৰ্শনৰ জৰিয়তে উক্ত সম্পদসমূহক বিশ্ব-দৰবাৰলৈ আগুৱাই নিয়াটো এই উৎসৱৰ নিহিত লক্ষ্য আৰু উদ্দেশ্য৷ উৎসৱৰ ৰাজ্য নাগালেণ্ড৷ ৰাজ্যখনৰ চুকে-কোণে যিমানবোৰ অনুষ্ঠান আয়োজন কৰি থকা হয়, সমূহ অনুষ্ঠানৰ ভিতৰত হৰ্নবিল ফেষ্টিভেলৰ পৰিসৰ সৰ্ববৃহৎ৷ সেয়েহে ইয়াক আখ্যা দিয়া হৈছে ‘Festival of Festivals’৷ উৎসৱৰো উৎসৱ৷ মহোৎসৱ৷

এইটো সঁচা কথা যে হাজাৰ দুখ-অশান্তিৰ মাজতো উৎসৱ-পাৰ্বণে মানুহৰ
মনত কিঞ্চিৎমান হ'লেও সুখানুভূতিৰ সৃষ্টি নকৰাকৈ নাথাকে৷ একেটা কথাই খাটে নগাসকলৰ সৈতেও৷ উৎসৱৰ মাজেদিয়ে লোক-জীৱনে নিজক বিচাৰি পায়৷ আনহাতে দেখা গৈছে যে নগা জনজাতীয় জীৱন-চৰ্যাৰ প্ৰতি শ্ৰদ্ধাশীল আৰু এই সম্পৰ্কে বিশেষভাৱে
জানিবলৈ আগ্ৰহী লোকে থাউকতে পাই ইণ্টাৰনে'টৰ সহায় লয়৷ কিন্তু নিজে নাহিলে বা নাচালে
১০০ শতাংশ কেতিয়াও সম্পূৰ্ণ নহয়৷ ফেষ্টিভেল চলি থকা দিনকেইটাত এই বাটে আহিবলৈ সহজ৷ সুযোগটো সকলোৱেই ল'ব পাৰে৷ ইনাৰ লাইন পাৰ্মিট নালাগে, চে'ক্ গে'ট্ ২৪ ঘণ্টাই উন্মুক্ত ৰূপত থাকে৷ একো চিন্তাই
নাই৷
২০১৪ চনত সংস্কৃতিপ্ৰেমী ডেকাদ্বয় দেউৰী ৰংপি আৰু মধুৰাম মেচৰ প্ৰস্তাৱমৰ্মে তেওঁলোকৰ সৈতে ডিফুৰ পৰা মই হৰ্নবিল ফেষ্টিভেল চাবলৈ আহিছিলোঁ৷ বিয়লি মুকলি প্ৰাংগণত হোৱা নাগা ৱাৰ ডেন্সত ঘোষক-ঘোষিকাৰ নিৰ্দেশমৰ্মে সমস্বৰে আমিও কৰিছিলোঁ ৱাৰ ক্রাই৷ বিচিত্ৰতাৰে ভৰা নগা সমাজ-জীৱনৰ মধুৰ পৰশ, হৃদয়ত বন্দী কৰি ৰখা মুহূৰ্তবোৰ এতিয়া নাগা হেৰিটে'জ ভিলেজৰ গে'টখন চকুত পৰা মাত্ৰকে পুনৰাই উজ্জীৱিত হৈ উঠিছে৷ ৰিপ্লে' আৰম্ভ হৈ গৈছে সহযাত্ৰীসকলে নেদেখা মনৰ পৰ্দাখনত৷ নগাসকলৰ অতীত-সন্ধানী যোগাত্মক প্ৰচেষ্টাটোক লৈযে সদ্যহতে মই চিন্তাব্যস্ত হৈ পৰিছোঁ গাড়ীত বহি থকাসকলে ঘূণাক্ষৰেও কিন্তু গম পোৱা নাই৷ নিজৰ নিজৰ ভাগে, মাত-কথা বন্ধ কৰি, বোধ কৰোঁ কৌতূহলত ডুবি গৈ আছে প্ৰত্যেকে৷ ড্ৰাইভিং হুইলত কেবিন্যুৱেও নিজৰ কাম কৰি আছে৷ মাজে মাজে তামোল-পাণৰ টোপোলা খুলিছে৷

হৰ্নবিল হৈছে এটা পখী৷ হৰ্নবিল অৰ্থাৎ ধনেশ পখীৰ
সৈতে সামঞ্জস্য ৰাখিয়ে উৎসৱটোৰ নামকৰণ এইদৰে কৰা হৈছে৷ ৰাজ্যখনৰ বিভিন্ন গোষ্ঠী-উপগোষ্ঠীৰ লোক-কাহিনীত এই চৰাইবিধে বিশিষ্ট স্থান অধিকাৰ কৰি আছে৷ সপ্তাহজোৰা হৰ্নবিল উৎসৱে ভিন্ন ভিন্ন
ফৈদ-উপফৈদৰ নগাসকলক একত্ৰিত কৰা, আন্তঃউপগোষ্ঠীয় সদ্ভাৱ বৃদ্ধি কৰাৰ উপৰি তেওঁলোকৰ
স্বকীয় বৈশিষ্ট্যপূৰ্ণ প্ৰদৰ্শন উপভোগৰ সুযোগ দি আহিছে৷ তাৰ লগতে শিল্পকৰ্ম, খেল-ধেমালি,
খাদ্য-সম্ভাৰকে ধৰি থলুৱা আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা নৃত্য-গীতৰ অনুষ্ঠানো পৰিৱেশিত
হয়৷ পৰম্পৰাগত কলাশৈলীৰ অন্তৰ্গত চিত্ৰাংকন, কাষ্ঠকৰ্ম, ভাস্কৰ্য আদি প্ৰদৰ্শিত হয়৷ পৰম্পৰাগত
নগা মৰং ঘৰ প্ৰদৰ্শন, হস্তশিল্প, জৈৱিক ঔষধ-পাতি, খাদ্যৰ প্ৰদৰ্শনী আৰু বিক্রীৰ উপৰি
নৃত্য-গীত, সৌন্দৰ্য প্ৰতিযোগিতা; পৰম্পৰাগত আৰ্চাৰী, মল্লযুদ্ধ, ক্রীড়া
আৰু সংগীত প্ৰতিযোগিতা তথা পৰিৱেশন অনুষ্ঠিত কৰা হয়৷ বিপদৰ সৈতে খেলা কৰা কন্যাকসকলৰ অগ্নি ভক্ষণ, গাহৰি
মাংস ভক্ষণ প্ৰতিযোগিতা-প্ৰদৰ্শনৰ উপৰি হট্টন বক্তৃতাকে ধৰি হৰ্নবিল সাহিত্য উৎসৱো
এই অনুষ্ঠানৰ আকৰ্ষণীয় অংশ৷ তদুপৰি আছে Hornbill Global Film Fest, Hornbill Ball,
Choral Panorama, North East India Drum Ensemble, Naga King Chilli Eating
Competition, Hornbill National Rock Contest, Hornbill International Motor Rally
and WW-II Vintage Car Rally ইত্যাদি৷ মুঠতে এক বিশাল আৰু বিৰল আয়োজন৷ সেই বিশালতাৰ পৰিসৰ কিমান,
নিজ চকুৰে নেদেখিলে আনক বুজোৱা অসম্ভৱ৷ জনৈক ব্লগাৰে ঠিকেই লিখিছে... The 10 day mega Hornbill Festival is a mandate at least once in your life to witness the jovial and culturally rich tradition of various ethnic tribes of Nagaland.
সম্বিৎ ফিৰি আহিল যেতিয়া সুবীৰে ৰাস্তাৰ পৰাই চকুত
পৰা প্ৰশস্ত গে’টখনত জিলিকি ৰোৱা শব্দকেইটা বৰ বৰকৈ
পঢ়িব ধৰিলে৷ মই মাত দিলোঁ, ‘‘অঁ, ইয়াতেই হৰ্নবিল ফেষ্টিভেল অনুষ্ঠিত হয়৷ নগা পৰম্পৰাগত খাদ্য, হস্তশিল্প,
গীত-নৃত্য, নীতি-নিয়ম আদিৰ প্ৰদৰ্শনথলী এই হৰ্নবিল ফেষ্টিভেল৷ এইটো নামি অহা বাটহে৷
উঠা বাট অকণমান আগলৈ গ'লেই পাম৷’’ সোনকালেই আমি উৎসৱথলীলৈ উঠি
যোৱা বাটটো পালোঁগৈ৷ ডিচেম্বৰৰ ব্যস্ততা এতিয়া নাই৷ আমিও কিছামা এৰি নিজৰ কক্ষপথে ভ্ৰমি
আগৰ কেঁকুৰিত হেৰাই গ'লোঁ৷ পথৰ দুপাৰৰ সৌন্দৰ্যই চকু টানি নিলে এইবাৰ৷
No comments:
Post a Comment