২২. তৃপ্তিৰে এসাজ
আংগামী ল'ৰাকেইটা ৰন্ধা-বঢ়াত লাগি গৈছে৷ সিহঁতেই
মালবাহক, সিহঁতেই ৰন্ধনকৰ্মী, সিহঁতেই নিৰাপত্তাৰক্ষী, বিপদৰ বন্ধু আমাৰ৷ বৰ কামিলা ল’ৰা আটাইকেইটা৷ ইমান কষ্ট কৰি
টকাকেইটা অৰ্জন কৰিছে! বন্দুক এৰি গ্ৰহণ কৰা এই মানসিকতা সঁচাকৈয়ে আদৰণীয়৷ আগতে হোৱা
হ’লে ৰিভলভাৰ দেখুৱাই লুটিলেহেঁতেন৷ এতিয়া ঘামৰ বিনিময়ত
উপাৰ্জন৷ সৌন্দৰ্যৰ সেৱাতে জীৱন উছৰ্গা কৰিছে গাইড, প’ৰ্টাৰ, ৰান্ধনি, কেয়াৰটেকাৰ হৈ৷
পৰিৱৰ্তনটো ভাল লাগিল মোৰ৷
কুকুৰাৰ ছাল ছেলাই এটাই নোমবোৰ জুইত পুৰিছে৷ এটাই
আলুগুটিৰ বাকলি গুচাইছে৷ বাহিৰত এটাই নগা দাৰে খৰি ফালি আছে৷ বাকী দুটাও ভাগে ভাগে
লাগি আছে৷ উঃ কি আয়োজন, কি তৎপৰতা! ঝুক’ৰ বুকুত আজি আমাৰ বৰাখানাহে যেনিবা!
ভাবি আচৰিত লাগিল যে ভীষণ কষ্ট হ’ব বুলি জানিও দীপমইনাই দলটোক
খুৱাবলৈ কুকুৰা এটা আনিবলৈ হেমাহি কৰা নাই! কিমান যে হেঁপাহ! পিছে বাটত বনকুকুৰা পাই
মাৰি অনা নাইতো? ছুম’খন ভিশ্বেমাৰে সোমাওঁতে মই অথনি ৰাস্তাৰ দাঁতিত বনকুকুৰা
এটা দেখা পাইছিলোঁ৷ এতিয়া আকস্মিকভাৱে দৃশ্যটো মনলৈ আহিল আৰু মনে মনে সুধি চাবৰ ইচ্ছা গ'ল৷ আকৌ, পিছ মুহূৰ্ততে ভাবিলোঁ, নাই, আজিকালিৰ আংগামীয়ে বনৰীয়া জীৱ-জন্তু হত্যা নকৰে৷ মাৰোঁতাক ওলোটাই ধৰেহে৷ শাস্তিও
দিয়ে৷ মানসিকতাৰ পৰিৱৰ্তন হৈছে৷ তাৰ প্ৰতিফলন কালি খনমাত দেখিলোঁ৷
ভাত হোৱাৰ আগলৈকে আমাৰ ৰূমতে চলিছে কথাৰ মহলা৷
একেখন বিচনাত ৯-১০জনে বহি আড্ডা মৰাৰ মজাই বেলেগ৷ কোনোবাই বাগৰিছে, কোনোবা বহিছে,
গাত গা লগাই, বিভিন্ন ভংগীমাত৷ কথাৰো অন্ত নাই৷ বেলেগ কথা নাই, চব ঝুক’ ভেলীৰে কথা৷ লাষ্ট মিনিট পৰ্যন্ত
সঞ্চিত আজিৰ বিচিত্ৰ আৰু বিমুগ্ধ অভিজ্ঞতাৰ মুক্ত আদান-প্ৰদান৷ প্ৰকৃতি জগতৰ সৌন্দৰ্যসুধা পান কৰি
ভাব-গধুৰ, সেউজীয়াই সৃষ্টি কৰা আৱেগত প্ৰতিজনেই ভাব-বিহ্বল৷ যি দেখিলোঁ নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰি৷
গতিকে বেলেগ কথা নাহে ইয়াত৷ আহিবই নোৱাৰে৷ আৰু এনেকুৱা ভাল লগা কথা-বতৰাবোৰ ঘৰত নহয়৷
জনসমাগমৰ পৰা আঁতৰৰ এই ধৰণৰ কষ্টগম্য ঠাইতহে হয়৷ তাকো একে উদ্দেশ্যৰে অহা সীমিতসংখ্যক মানুহৰ
মাজতহে হয়৷ ভাগ্যক্ৰমে এনে সময় মোৰ জীৱনত অনেকবাৰ আহিছে৷ ‘Far from the madding crowd’৷ খুব উপভোগ্য, খুব ভাল লাগে৷
নিশা ৮মান বজাত তৃপ্তিৰে সমভিব্যাহাৰে ভাতকেইটা
খালোঁ৷ আও, খনমাৰ দৰেই দেখোন ৰঙা চাউলৰ ভাত! চাউল খনমাৰ পৰাই আহিছে তাৰ মানে! দীপমইনাই
মন কৰি আছিল নেকি বাৰু, কালি ৰাতি Dovipie Innত ৰঙা
চাউলৰ ভাতকেইটা খাই আমি আটায়ে ভাল পোৱা বুলি কৈ থকা? ক’ত জানো পঢ়িছিলোঁ, আংগামী মানুহে
টেৰেচ কাল্টিভেছন পদ্ধতিৰে ২২ বিধ ধান উৎপন্ন কৰে৷ এয়াও নগা পৰ্বতৰ বুকুত উৎপাদিত শস্য৷
খনমালৈ আহি সোৱাদকণ লোৱাৰ প্ৰথম সৌভাগ্য হ’ল৷ এতিয়াও ৰঙা ভাতৰ লগত মুৰ্গী মাংসৰ জোল৷ নিৰামিষভোজী
হেতুকে মোৰ কাৰণে বেলেগকৈ তৰকাৰি সিজাই দিছে৷ মাংস ৰন্ধাৰ কাম আৰম্ভ কৰাৰ আগতে মোৰ
ভাগৰ তৰকাৰিখন ৰান্ধিবলৈ মাৰ্টিনহঁতক অৰূপদাই নিৰ্দেশ দি দিছিল৷ পাছত ৰান্ধনিয়ে মাংসৰ
ৰন্ধন-প্ৰকৰণ কিদৰে হ’ব লাগিব বুলি জানিব বিচৰাত অৰুণদাই
ট্ৰেডিছনেল আংগামী ষ্টাইলত কৰিবলৈ কৈ থকা শুনিছিলোঁ৷ এতিয়া খাই থাকোঁতে কোৱা শুনিলোঁ,
‘মাংসখিনি ভাল বনাইছে’ বুলি৷ সৰহ ওজন কঢ়িয়াব পৰাৰ কাৰণে অথনি প্ৰশংসা
পাইছিল, এতিয়া জুতি লগাই ৰন্ধা মাংসৰ বাবে বাঃ বাঃ পালে আংগামী ৰান্ধনি-ভাৰবাহকে৷
ভাত খোৱাৰ পাছত ৰূমে ৰূমে এপাক মৰাটো হোষ্টেল
জীৱনত এটা অভ্যাসেই আছিল৷ এতিয়াও আন দুটা ৰূমত পদধূলা দি নিজৰ জেগাত উপৱিষ্ট হ’লোঁহি৷
বিছনাৰ ওপৰতে বাগৰি আছোঁ৷ টমাছ আহিল৷ ‘এক বাৰ দিবিত…' বুলি মোৰ হাৱাই চেণ্ডেলযোৰ
খুজিলে৷ বাহিৰলৈ গৈ অলপ পাছতে ঘূৰিও আহিল৷ বুজিলোঁ, পাকঘৰ সামৰি ভৰি দুখন ধুবৰ বাবেহে
সি মোৰ চেণ্ডেলযোৰ খুজি লৈছিল৷ কম্বল, শ্লীপিং বে’গ আদি একাষৰীয়া কৰি টমাছক মই
শুবলগীয়া জেগাখিনিতে বহুৱাই ল’লোঁ৷ মেটখনৰ ওপৰতে সি লেপেটা
কাঢ়ি বহিল৷ তাৰ আটিল শৰীৰটোৱে পুনৰবাৰ মোৰ মনলৈ হিংসাৰ ভাব এটাৰ আগমন ঘটালে৷ মই
হ’লোঁ নিশকতীয়া কেটেঙা মানুহ৷ তাৰ দৰে হ’ব
নোৱাৰিলোঁ৷ হ’লেও আহিছোঁ ঝুক’ ভেলীলৈ৷ একমাত্ৰ মনৰ জোৰত৷
Trekking is a mind game৷ বহু মানুহে পাহাৰত উঠিব নোৱাৰে৷ আমি পাৰিছোঁ৷ ইহঁতবোৰৰ সহযোগত ভাল লাগিছে ইয়ালৈ আহি৷
খনমাত এন্যাক কৈছিলোঁ৷ এতিয়া টমাছক৷ পকেট নোটবুকখন
আৰু কলমটো আগ বঢ়াই দি তাক ক’বলৈহে পালোঁ, ‘আমাৰ লগত প’ৰ্টাৰ-কাম-কুক্
হিচাপে অহা তহঁতকেইটাৰ নামবোৰ ঠাইৰ নামৰ সৈতে লিখি দেচোন’
বুলি, বিনাবাক্যে সি লিখি গ’ল…
Thomas –Khonoma, Kevis –Khonoma,
James –Viswema, Benim –Viswema, Martin –Viswema৷
তাৰ পাছত বহী-কলম জপাই মোৰ ফালে ঠেলি দিলে৷ ধন্যবাদ দিলোঁ তাক৷ এইবাৰ কথা ওলাল৷
ঝুক’ ভেলীৰ কথা৷ এনে পৰিৱেশ-পৰিস্থিতিত বেলেগ কথা কি ওলাব? দেশ বা ৰাজ্যত কি চলি আছে, পে'পাৰৰ হে'ডলাইন কি, টিভি চেনেলে কি দেখুৱাইছে, তেনেবোৰ বিষয়-বস্তু মনৰ পৰা এতিয়া বহুযোজন আঁতৰত৷ শয়নে-সপোনে কেৱল দুটা শব্দ... ঝুক' ভেলী৷
ঝুক’ ভেলীৰ বিভিন্ন বিষয়ক সামৰি গৱেষণা চলিছেনে নাই বাৰু? নচলাকৈ থকা নাই নিশ্চয়৷ সাধাৰণ পৰ্যবেক্ষকৰ দৃষ্টিৰেই যিটো বুজিছোঁ, অলেখ সমলেৰে সমৃদ্ধ আৰু আকৰ্ষণীয় এই ঠাই৷ উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে ক্ষেত্ৰ অধ্যয়নৰ
অচিলাৰে পাক এটা মাৰিবই লাগে৷ নেচাৰেলিষ্ট-এড্ভেন্চাৰিষ্ট বুলিলেতো ক'বই নালাগে৷ জীৱনত এবাৰ এইটো ট্ৰেকত আহিবই লাগে৷ ইমান ওচৰতে আছে আমাৰ! উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম শ্ৰেষ্ঠ ট্ৰেক এইটো৷ A wonderland for trekkers, delight for trekkers বুলি ক'ব পাৰি৷ আকৌ, উপত্যকাটোক লৈ এনেকৈও কোৱা হয় যে If
you are not able to think of Dzükou Valley then don't think about the heaven!
No comments:
Post a Comment