.৪. জৎচমা...
ইমান সময়ে আমি ৰৈ থকাডোখৰৰ পৰা ৰাজ্যৰ ৰাজধানী ক’হিমালৈ মুঠেই ১৫ কিল’মিটাৰহে দূৰ৷ বিশেষত্বপূৰ্ণ খনমা গে’ট চাই আটায়ে গাড়ীত বহিলোঁ৷ কেঁকুৰিটো ঘূৰি দিয়াৰ লগে লগে ঐতিহাসিক নগা গাঁওখন অদৃশ্য হৈ পৰিল৷ খনমাক বিদায় জনালোঁ৷ মনটো গধুৰ গধুৰ লাগি গ’ল৷ এনে অৱস্থাত শান্ত কৰাৰ এটাই মাত্ৰ উপায়৷ সেয়া হৈছে নিজকে বুজোৱা, আকৌ আহিম বুলি আশা ৰখা৷ তাকে কৰিলোঁ মনে মনে৷ ফিজো-চাখ্ৰে'ক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহ কিম্বা জাতীয়তাবাদৰ ইতিহাস লিখিব নোৱাৰি৷ নোৱাৰি খনমাক বাদ দিও৷ ইমানেই গুৰুত্বপূৰ্ণ খনমা৷ নাগালেণ্ড ভ্ৰমণকাৰীৰ প্ৰথম পছন্দ সেই ঠাই৷
খনমাৰ পৰা ক'হিমালৈ বুলি চকা ঘূৰি আছে আমাৰ ছুম'খনৰ৷ বিদ্ৰোহী কাৰ্যকলাপৰ সূত্ৰে কলিকতাৰ জেলত বন্দী হৈ থকা আংগামী জাপ্ফু ফিজোক ১৯৪৯ চনত মানৱীয় কাৰণত মুক্তি দিয়া হৈছিল৷ এখন জীপেৰে তেওঁৰ পত্নী আৰু ল’ৰা-ছোৱালীবিলাক খনমাৰ পৰা ক’হিমালৈ গৈ আছিল৷ আদবাটতে তেওঁলোক দুৰ্ঘটনাত পতিত হ'ল৷ ল’ৰা এটাই মৃত্যুক সাবটি ল’লে৷ স্ত্ৰীও সাংঘাতিকভাৱে আঘাতপ্ৰাপ্ত হ’ল৷ সকলো মিলাই ৩৩ বছৰ ধৰি ফিজোৱে নিজৰ পৰিবাৰক নেদেখাকৈ থাকিল৷ নেদেখাকৈয়ে ১৯৯০ চনত লণ্ডনত ইহ-সংসাৰ ত্যাগ কৰিলে স্বাধীন নগাভূমিৰ স্বপ্নৰে শেষ পৰ্যন্ত আপোচহীন স্থিতিত অচল-অটল থাকি৷ ইফালে দক্ষিণ আফ্ৰিকাৰ বিশ্ববন্দিত নেতা নেলছন মেণ্ডেলা৷ ২৭ বছৰ জে'লত আছিল তেওঁ৷ গতিকে পত্নীক দেখা নোপোৱাৰ হিচাপলৈ মন কৰিলে ফিজোৱে মেণ্ডেলাৰ ৰেকৰ্ড ভংগ কৰি থৈছে৷ নগাসকলে ইয়াকে লৈ গৌৰৱ কৰা শুনা যায়৷
যোৱা ৰাতিৰ বৰষুণজাকৰ কাৰণে ঠাইবিশেষে লেণ্ড-শ্লাইড হৈছে৷ হ’লেও যেনিবা ওপৰৱালাৰ কৃপাত পথটো বন্ধ হৈ পৰা নাই৷ পৰ্বতৰ ওপৰৰ পৰা হৰহৰাই নামি অহা জুৰিয়ে শিল-মাটি খহাই লৈ গৈছে৷ পানীবোৰ অত্যন্ত ঘোলা৷ তালৈ চাই গম পাইছোঁ বৰষুণৰ প্ৰৱলতা এইফালে কিমান আছিল৷ সাৱধানে কেইবা ঠায়ো পাৰ হৈ আহিলোঁ ড্ৰাইভাৰজনৰ পটু চালনাত৷ বাটে বাটে তেওঁ আমাক ঝুক’ ভেলীৰ প্ৰসংগ শুনাই আহিছে৷ আমিও ইটো-সিটো সুধি আগ্ৰহৰ প্ৰমাণ দিছোঁ৷ ‘‘এতিয়াতু ঝুক’তে বাজাৰ নিচনা হ’বলে আছে৷’’ ‘‘কি নিমিত্তে?’’ ...মই সুধিলোঁ৷ ‘‘ইটোতো চিজন আছে না৷ টুৰিষ্টখান বিচ্ছি বিচ্ছি যাই থাকে৷’’ উত্তৰ শুনি বুজিলোঁ যে ঝুক’ ভেলীলৈ যোৱাৰ চিজন এইটো৷ বনৰীয়া ফুলবোৰ খুব ফুলে৷ গতিকে এড্ভেন্চাৰ ভাল পোৱা মানুহৰ সংখ্যাটো বৃদ্ধি পায়৷ থাকিবলৈ ঠাই নোহোৱা হয়৷ ‘‘আপুনিখান উ তাতে যাইছে না যা নাই?’’ ‘‘যাইছেএএ...৷’’ কেই চেকেণ্ডমান ৰৈ 'আচ্চচ...' বুলি মূৰটো জোকাৰিলে৷ সিফালে প্ৰতিক্ৰিয়াত আগ চিটত বহি অহা অৰুণদাৰ কপালৰ বলিৰেখা কোঁচ খাই পৰিল৷ বৰ সংবেদনশীল মানুহ তেওঁ, 'সমাধিৰ কবি'৷ মই পিছে একো ভবা নাই৷ কিডালনো চিন্তা কৰিবলগীয়া আছে? লগত তম্বু লোৱা হৈছেই দেখোন৷ শ্লীপিং বে’গো আছে৷ খাবলৈ খাদ্য-বস্তু লোৱা হৈছে৷ মাত্ৰ গন্তব্যস্থল গৈ পালেই হ’ল৷ কলাফুলত জোৰ কাৰ কিমান, তাৰহে পৰীক্ষা হ'ব আজি৷
এড্ভেন্চাৰপ্ৰেমীসকলে ইয়াৰ পৰা প্ৰায় ১০ কিল'মিটাৰ কষ্টসাধ্য ট্ৰেকিং-হাইকিং কৰি Mount Pulie Badzeলৈ যাব পাৰে৷ ব্ৰিটিছৰাজৰ সময়ত পৰ্বতটো 7522 Hill নামে জনা গৈছিল৷ ১৯৪৪ৰ দ্বিতীয় বিশ্বযুদ্ধ আৰু Battle of Kohimaৰ সময়ত জাপানীৰ বাবে বিশেষ সুৰক্ষিত স্থান হিচাপে পৰিগণিত পৰ্বতটোৰ ওপৰৰ পৰা দেখিবলৈ পোৱা ক'হিমা চহৰ, পাদদেশৰ নগা গাঁওসমূহক সামৰি প্ৰাকৃতিক দৃশ্যৰাজি, ৰড'ডেন্দ্ৰন ফুল, জাপ্ফু টপ আদি অতি মনোৰম আৰু মনোমুগ্ধকৰ৷ সেই পৰ্বত শীৰ্ষত 'Christ Died For All' বুলি লিখা বগা বৰণৰ ক্ৰছ এডাল পুতি থোৱা আছে যিডাল ক'হিমাৰ পৰা দৃশ্যমান হয়৷ ওপৰত ৯.২৩ বৰ্গ কিল'মিটাৰ এলেকাৰে Pulie Badze Sanctuary খোলা হৈছে য'ত বিভিন্ন প্ৰকাৰৰ চৰাই-চিৰিকটি, উদ্ভিদ, মেঠোন আদি উপলব্ধ আৰু সংৰক্ষিত৷
২,৪০০ মিটাৰ উচ্চতাৰ পাহাৰখনৰ নামটো Pulie Badze হোৱাৰ অন্তৰালত নগাসকলৰ মাজত এটা কাহিনী শুনা যায়৷ এসময়ত পুলি নাখ্ৰ' নামে এজন সবল-সুঠাম আৰু সৰৱৰহী ডেকা আছিল৷ জৎচমাৰ ওচৰৰে ফেঝ'ত তেওঁৰ ঘৰ৷ দেউতাকৰ নাম খ্ৰুতশ্বি৷ মাক-দেউতাকৰ কথামতে পুলিয়ে কিউহিঝ'ৰ চাচেলিক বিয়া কৰালে৷ বিয়াৰ পাছত ভোজ এটা দিয়াৰ মন৷ তাৰ বাবে বাৰ্ষিক কৃষি-কৰ্মৰ সামৰণি পৰালৈ বাট চাবলগীয়া হ'ল৷ কিন্তু খেতি চপাবৰ সময়ত পুলিয়ে দেখিলে যে কিবা জন্তুৱে সিহঁতৰ শস্যবোৰ মোহাৰি পেলাইছে৷ তাৰ খুব খং উঠিল৷ জন্তুটোক বধ কৰাৰ অভিপ্ৰায়েৰে সি দা আৰু যাঠীপাট ধাৰ দি সাজু কৰিলে৷ তাৰ পাছত খেতিপথাৰলৈ গ'ল৷ সি দেখিলে যে প্ৰকাণ্ড সাপ এটাই খেতি নষ্ট কৰিছে৷ যাঠীডাল সি সাপটোলৈ দলিয়াই দিলে৷ সেইডাল গৈ সাপটোৰ দেহত সােমাল যদিও বিষাক্ত সাপটো তেনেকৈয়ে পলাই যাবলৈ সক্ষম হ'ল৷ পথাৰৰ পৰা আহি পুলিয়ে ঘটনাটো চাচেলিৰ আগত বিৱৰি ক'লে৷ লাহে লাহে সি অসুস্থতা অনুভৱ কৰিব ধৰিলে৷ চাচেলিয়ে পৰম্পৰাগত বিধি-বিধান কৰিলে যদিও পুলি নাখ্ৰ'ৰ অৱস্থা বেয়ালৈহে গ'ল৷ অৱশেষত সি মৃত্যুক সাবটি ল'লে৷ সেই কথা গম পাই গাঁওবাসীয়ে সদলবলে সাপটোক বিচাৰি গ'ল৷ পাহাৰৰ নামনিৰ গাঁত এটাত মৃত অৱস্থাত আৱিষ্কাৰ কৰিলেগৈ৷ পুলিৰ যাঠীডাল গাঁতৰ মুখতে পৰি আছিল৷ ইফালে আশা কৰা মতে গাঁওবাসীক ভোজ খুৱাব নোৱাৰাৰ কথা লৈ পুলিৰ দেউতাকে কান্দি কান্দি বিলাপ কৰিব ধৰিলে৷ তেনেকুৱাতে পৰ্বতৰ ওপৰৰ পৰা পুলিৰ আত্মাই উত্তৰ দিয়া শুনা গ'ল৷ তাকে শুনি দেউতাকে শিখৰলৈ গৈ পুত্ৰই বহিবৰ বাবে শিলেৰে আসন এখন প্ৰতিষ্ঠা কৰিলে৷ আশা কৰিলে যে পুতেকে আহি তাতে বহিব৷ তাকে লৈ ঠাইটুকুৰাৰ নামটো Pulie Badze হ'ল৷ থলুৱা ভাষাত Badze মানে অনুগ্ৰহ কৰি বহা৷ সেই আসন এতিয়াও আছে আৰু পুলিয়ে বহে বুলি বিশ্বাস কৰা হয়৷
জৎচমা সোমাই ক’হিমালৈ যোৱা বাটেৰে লাহে লাহে আগুৱাইছে আমাৰ গাড়ী৷ গোটেই ৰাস্তাটোৱেই কেঁকুৰিৰে ভৰা৷ অথচ এইবাৰ সন্মুখত যিটো কেঁকুৰি ওলাল সি বিশেষত্বপূৰ্ণ৷ কেঁকুৰিটোত প্ৰকাণ্ড আৰ্চী এখন লগাই ৰখা হৈছে৷ সেইখন এনেকুৱা অৱস্থানত ৰখা হৈছে যে আইনাত চাই দুয়োফালৰে চালকে ধৰিব পাৰে বিপৰীতফালৰ পৰা কোনোবা গাড়ী আহিছে নেকি৷ জীৱনত এতিয়ালৈকে পাহাৰীয়া অনেক জেগাই ভ্ৰমিলোঁ, এনে পন্থা কাহানিও কেনিও দেখা মনত নপৰে৷ সাৱধানতা অৱলম্বনৰ বুদ্ধিটোক লৈ আমাৰ মাজত চৰ্চা আৰম্ভ হ'ল৷ নগা পাহাৰৰ আজব টেক্নিক্! হাঁহিলোঁ যদিও বেছ প্ৰেক্টিকেল যেন লাগিল৷ নগা মানুহৰ এনেকুৱা টেকনিক বহুত আছে৷ তেনেবোৰ প্ৰয়োগেৰে অসুচলতাকো সুচল কৰি জীৱন আগুৱাই নিয়ে তেওঁলোকে৷ আমাৰ দৰে অসন্তুষ্টি বা অভিযোগ কৰি থাকিবলৈ নাই৷
ক'হিমালৈ প্ৰায় ৬ কিল'মিটাৰ থাকোঁতে শ্ব'হুজা নামৰ ঠাইটুকুৰা৷ ব্ৰিটিছ আৰ্মীৰ ৩৩ ক'ৰ্পছৰ দ্বিতীয় সংমণ্ডলৰ মেজৰ জেনেৰেল জন এম. এল. গ্ৰোভাৰ আৰু তেওঁৰ বাহিনীটোৱে ইয়াতেই বাহৰ পাতি আছিল৷ দ্বিতীয় মহাসমৰত এই স্থানতে জাপান পৰাভূত হৈছিল৷ এটুকুৰা ঐতিহাসিক ঠাই৷ ২০১৪ চনৰ ১৬ এপ্ৰিলত শ্ব'হুজাত ২৪ ফুট ওখ এটা স্মৃতিসৌধ মুকলি কৰা হৈছে৷ যিকোনো স্মৃতি ধৰি ৰখাৰ বেলিকাও নগা মানুহ বেছ আগ বঢ়া৷
ক’হিমা জিলাখন আংগামীপ্ৰধান৷ এই জিলাৰ ভূভাগক ৪টা অঞ্চলত
ভগোৱা হৈছে৷ চাউদাৰ্ণ আংগামী, ৱেষ্টাৰ্ণ আংগামী, নৰ্দাৰ্ণ আংগামী আৰু শ্বাখ্ৰ’ আংগামী৷ আগৰ ইষ্টাৰ্ণ আংগামী
এতিয়া চাখেছাং এৰিয়া হিচাপে স্বীকৃত৷ আমি পাই অহা চাচু-ঝুব্ঝা, খনমা, জৎচমা আদি ঠাইবোৰ
ক’হিমাৰ পশ্চিমে অৱস্থিত আৰু সেয়ে
ৱেষ্টাৰ্ণ আংগামী অঞ্চল হিচাপে জনাজাত৷ তাৰো আগতে আমি পাই অহা মেডজিফেমা, চুমুকিডিমা,
পিফেমা, ফেৰিমা নামৰ স্থানসমূহ শ্বাখ্ৰ’ত পৰে৷ আনহাতে আমি যাবলগীয়া ভিশ্বেমা, ঝাখামা আদি ঠাইবোৰ চাউদাৰ্ণ
আংগামী অঞ্চলৰ অধীন৷ সেইবোৰ ক’হিমাৰ দক্ষিণ দিশত, মাউণ্ট জাপ্ফুৰ পাদদেশত অৱস্থিত৷ নাগালেণ্ডৰ এই দ্বিতীয় সৰ্বোচ্চ পৰ্বত শৃংগটো ক’হিমা জিলাত, উচ্চতা ৩,০৮৪ মিটাৰ৷
No comments:
Post a Comment