Saturday, 23 September 2017

২৪. ঝুক' ভেলীৰ ভূমি-বিবাদ

ঝুক ভেলী ট্ৰেকটো কেতিয়াৰ পৰানো আৰম্ভ হল জানিবৰ মন যায়৷ ১৯৭৩-৭৪ চনত চাৰ্ভে অফ্‌ ইণ্ডিয়াই চলোৱা জৰীপ অনুযায়ী মণিপুৰ-নাগালেণ্ড Sheet No. 83K/2 মেপত এই এলেকাটোৰ অৱস্থান পোৱা যায়৷ হব পাৰে তেনে এক সময়েই আৰম্ভণি৷

ভৌগোলিক মানচিত্ৰই নিৰ্দিষ্ট কৰে যে ঝুক ভেলী মণিপুৰ আৰু নাগালেণ্ডৰ সীমা মূৰলি অঞ্চল৷ চৌপাশে আগুৰি থকা পৰ্বত অংশক বাদ দি উপত্যকাটোৰ আয়তন প্ৰায় ২.৫০ বৰ্গ কিল'মিটাৰ৷ ইয়াৰে মণিপুৰ ৰাজ্যত ১.৫৫ বৰ্গ কিল'মিটাৰ আৰু নাগালেণ্ড ৰাজ্যত ০.৬৭ বৰ্গ কিল'মিটাৰ সোমাই আছে৷ অৰ্থাৎ মাটিকালিৰ ফালৰ পৰা ঝুক ভেলীৰ দুই-তৃতীয়াংশই মণিপুৰৰ অন্তৰ্গত৷ ঝুক' জুৰিৰ উভয় পাৰে বিস্তাৰিত উপত্যকাটোৰ সিংহভাগেই মণিপুৰৰ ৰাজনৈতিক এলেকাৰ ভিতৰুৱা৷

প্ৰকৃতিৰ বিচিত্ৰ এই ভূভাগৰ মালিকীস্বত্বক কেন্দ্ৰ কৰি দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিন ধৰি বাদানুবাদ, অৰিয়াঅৰি, শীতল যুদ্ধ বহু আগৰে পৰাই চলি আহিছে৷ নাগালেণ্ডে কয় ঝুক' ভেলী আমাৰ৷ উপত্যকাটোৰ নিকটৱৰ্তী আবাসী হৈছে আংগামী জনগোষ্ঠী৷ উৎপত্তিৰ পৃষ্ঠপটতো আছে আংগামী জনগোষ্ঠীটোৰ নাম৷ তাকে লৈ নাগালেণ্ডে উক্ত এলেকাটো তেওঁলোকৰ ৰাজ্যৰ অপৰিহাৰ্য অংশবিশেষ বুলি কয়৷ মণিপুৰে কয় ঝুক' ভেলী আমাৰ৷ নাগালেণ্ডে ঝুক' ভেলী অন্যায়ভাৱে দখল কৰি থকা বুলি মণিপুৰবাসীয়ে দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপন কৰি আহিছে৷ সীমাৰ এইপাৰে ক'হিমা জিলাত আংগামী নগা, সিপাৰে সেনাপতি জিলাত মাও নগাসকলৰ বসতি৷

এইটো নক'লেও হয় যে ভূমি পৰিৱেষ্টিত ৰাজ্য মণিপুৰ আৰু নাগালেণ্ড গাত গা লগা৷ ৰাজ্য দুখনৰ অশান্তিময় পৰিস্থিতি নতুন কথা নহয়৷ নগা সম্প্ৰদায়ৰ এক বুজন সংখ্যক লোক মণিপুৰত, বিশেষকৈ নাগালেণ্ডৰ পাৰ্শ্বৱৰ্তী দক্ষিণ মণিপুৰত বাস কৰে৷ তালৈ চাই এই দুই প্ৰদেশৰ মাজত কোনোদিনে সম্পূৰ্ণ সদ্ভাৱ স্থাপন নহ'বই যেন বোধ কৰে বুদ্ধিজীৱীসকলে৷ ৰাজনৈতিক বিশ্লেষকসকলৰ মতে ইয়াৰ মূল কাৰণ বৃহত্তৰ নাগালিম৷ নিজৰ দাবী সাব্যস্ত কৰিবলৈ প্ৰতিবাদৰ জোৱাৰ তুলি নগা বিপ্লৱীয়ে সঘনাই ইম্ফল সংযোগী ৩৯ নং ঘাইপথ দীৰ্ঘদিনলৈ অৱৰোধ কৰি পেলায়৷ ফলস্বৰূপে দুৰ্ভোগ ভোগে সমগ্ৰ মণিপুৰবাসীয়ে৷ লাইফ-লাইনৰূপী ৰাষ্ট্ৰীয় পথ বন্ধ হৈ পৰাৰ বাবে ৰাজ্যখনত অত্যাৱশ্যকীয় সা-সামগ্ৰী হৈ পৰে মহঙা আৰু দুষ্প্ৰাপ্য৷ আমিও বাতৰি কাকতত পঢ়িবলৈ পাওঁ, ১ লিটাৰ পেট্ৰলৰ দাম ২০০ টকা, ২৫০ টকা৷ গেছ চিলিণ্ডাৰৰ দাম আকাশলংঘী পৰ্যায়লৈ উঠে৷ জীৱন-যাত্ৰা ব্যাহত হয়, বিকল্প নোহোৱা হয় মানুহৰ৷

২০০৮ চনত মণিপুৰৰ মুখ্য মন্ত্ৰী অক্‌ৰাম ইববি সিঙে ঝুক' ভেলীৰ ভূমি-বিবাদটো সাধাৰণ বুজাবুজিৰ কথা বুলি মন্তব্য কৰাৰ পাছত চৰকাৰখনে নিজৰ ৰাজ্যিক সীমা সুৰক্ষিত কৰিব নোৱাৰাক লৈ মণিপুৰ ৰাজ্যৰ অভ্যন্তৰতো তুমুল প্ৰতিবাদ হৈছিল৷ ইম্ফল-ডিমাপুৰ ৰাষ্ট্ৰীয় পথত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধেৰে নিত্যপ্ৰয়োজনীয় সা-সামগ্ৰী ইম্ফললৈ যোৱাত বাধা আৰোপ কৰা হৈছিল CKDLBR (Committee for Khoziiri-Dzükou Land Boundary Resolution)ৰ দ্বাৰা৷ জৰীপ প্ৰধানৰ হস্তক্ষেপ কামনাৰে বিষয়টোৰ নিষ্পত্তিৰ প্ৰস্তাৱ জনাইছিল চৰকাৰে৷ অৰ্থনৈতিক অৱৰোধ উঠাই ল'বলৈ CKDLBRক আহ্বান জনোৱাৰ উপৰি প্ৰধান মন্ত্ৰীকো বিষয়টো লিখিতভাৱে জনোৱা হৈছিল৷

চাবলৈ গ'লে ঝুক ভেলীৰ ৭০ শতাংশ এলেকা মণিপুৰত, ৩০ শতাংশ এলেকা নাগালেণ্ডত৷ অৰ্থাৎ সৰহ অংশই মণিপুৰত৷ উদ্দেশ্যপ্ৰণোদিতভাৱে নাগালেণ্ডে বলপূৰ্বকভাৱে সীমা ঠেলা প্ৰসংগক লৈ জাগি উঠা মণিপুৰৰ মাও কাউন্সিল, মাও ইউনিয়ন, মাও ছাত্ৰ সংগঠন, মাও ৱমেন ৱেলফেয়াৰ এছচিয়েচন, KDLBR আদি সংগঠনসমূহৰ দাবীৰ প্ৰতি সঁহাৰি জনাই মণিপুৰৰ মুখ্য মন্ত্ৰীগৰাকীয়ে ভাৰতীয় জৰীপ প্ৰধানলৈ উভয় ৰাজ্যৰ সীমা নিৰ্ধাৰণকৰণৰ বাবে আহ্বান জনাইছিল৷ চুবুৰীয়া ৰাজ্যখনৰ দখলদাৰিত্ব সন্দৰ্ভত তেওঁ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈও পত্ৰ লিখিছিল৷

Southern Angami People's Organisation (SAPO)এ কেইবছৰমানৰ আগতে ঝুক' ভেলী অভিমুখে সাজি উলিয়াইছিল ১৫ কিল'মিটাৰজোৰা এটা পথ৷ সেই কাৰ্যৰে নাগালেণ্ডে মণিপুৰৰ অন্তৰ্ভাগৰ একাংশ দখল কৰা বুলি মণিপুৰৰ তৰফৰ পৰা ঘোৰ অভিযোগ উত্থাপিত হয়৷ Nagaland Armed Guards নামৰ বাহিনী এটাৰ নিৰাপত্তা কল্পে সেই পথ নিৰ্মাণ কৰা হৈছিল৷ অভিযোগ অনুসৰি বাহিনীটোৰ লোকসকল মণিপুৰৰ সেনাপতি জিলাৰ সীমান্তত বাস কৰা নগা গঞা৷ মণিপুৰৰ ফালৰ পৰা কোৱা হৈছিল যে ঝুক' জুৰিৰ উত্তৰ পাৰেৰে পথটো সজা হ'লে অভিযোগ একো নাথাকিলহেঁতেন৷ কিন্তু পথটো নিৰ্মাণ কৰা হ'ল দক্ষিণ পাৰেৰে৷ লগতে সজা হ'ল গে'ষ্ট হাউচো৷ তেতিয়া উল্লেখ কৰা গে'ষ্ট হাউচটো আজি আমি থাকিবলৈ লোৱা এইটোৱেই হ'ব চাগৈ৷ ট্ৰেকাৰ্ছ কেম্প বা ৰে'ষ্ট হাউচতকৈ এই ঘৰকেইটা উপত্যকাটোলৈ ভালেমান আগ বাঢ়ি আছে৷

মাও কাউন্সিলে সেই সময়ত প্ৰদান কৰা স্মাৰক-পত্ৰ আৰু চুবুৰীয়া ৰাজ্যখনৰ দ্বাৰা অনুপ্ৰৱেশৰ প্ৰতিবেদন পাই মণিপুৰৰ মুখ্য মন্ত্ৰী অক্‌ৰাম ইববি সিঙে চৰকাৰী প্ৰতিনিধিৰ দল লৈ মণিপুৰ-নাগালেণ্ড সীমান্তৰ ঝুক' ভেলীলৈ ৰাওনা হোৱাৰ বাতৰি প্ৰকাশ হৈছিল ২০১৫ চনৰ ৪ জুন তাৰিখৰ The Telegraph কাকতত৷ নাগালেণ্ডৰ আংগামী সংগঠন আৰু মণিপুৰৰ মাও-মেইতেই সংগঠনৰ দ্বাৰা অৰ্থনৈতিক অৱৰোধ-প্ৰতিঅৱৰোধ, ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ, বিবাদমান এলেকাক লৈ উভয় ৰাজ্যৰ জনসাধাৰণৰ মাজত উত্তেজনা বিৰাজ কৰা ঘটনা আজি আৰু নতুন হৈ থকা নাই৷

কেন্দ্ৰৰ হস্তক্ষেপত ঝুক' ভেলীৰ ভূমিবিবাদ মীমাংসাৰ অৰ্থে মণিপুৰে চৰকাৰে আগ বঢ়োৱা প্ৰস্তাৱ নাগালেণ্ড চৰকাৰে নস্যাৎ কৰাৰ বিষয়ে একেখন কাকততে একেটা বছৰৰে ২৬ জুন তাৰিখে ওলাইছিল৷ নাগালেণ্ডৰ মুখ্য মন্ত্ৰী টি. আৰ. জেলিয়াঙে মণিপুৰ চৰকাৰক এই বিষয়ত হস্তক্ষেপ নকৰিবলৈ জনাই কৈছিল যে এয়া দুটা নগা ফৈদ আংগামী আৰু মাওৰ মাজৰ বিষয়৷ গতিকে পৰম্পৰাগত নিয়মেৰে সৌহাৰ্দমূলকভাৱে বিষয়টোৰ নিষ্পত্তি হোৱা উচিত৷ মণিপুৰৰ উপ মুখ্য মন্ত্ৰী গাইখাংগামে তেতিয়াও ব্যক্ত কৰিছিল যে ঝুক ভেলীৰ গৰাকী সম্পৰ্কীয় সমস্যাৰ সমাধান-সূত্ৰৰ অৰ্থে তেওঁলোকে কেন্দ্ৰৰ কাষ চাপিব৷

মণিপুৰৰ সেনাপতি জিলাৰ Liyai Khunnou নামৰ গাঁওখনত অগ্নিসংযোগ কৰাকে ধৰি ঝুক ভেলীক লৈ অনেক অনাকাংক্ষিত ঘটনা ঘটি থকাত উদ্বিগ্ন হৈ Naga Hohoএও SAPO আৰু Mao Councilৰ মাজত শান্তি প্ৰতিষ্ঠাৰ হকে আহ্বান জনায়৷ তদুপৰি মণিপুৰ চৰকাৰৰ অযথা হস্তক্ষেপক লৈ 
নগাসকলৰ শীৰ্ষ সংগঠনটোৱে 'Why is one particular community in Manipur poking their nose in the family matter of the Nagas?' বুলি প্ৰশ্ন তুলিছিল৷

ইফালে নাগালেণ্ডে মণিপুৰৰ প্ৰায় ১০ কিলমিটাৰ ভূমি অবৈধভাৱে দখল কৰি পেলােৱাৰ প্ৰতিবাদত মাও কাউন্সিলে আহ্বান জনাইছিল সৰ্বাত্মক মণিপুৰ বন্ধ৷ মণিপুৰৰ বিভিন্ন সামাজিক সংগঠন All Manipur United Clubs Organisation (AMUCO), United Committee Manipur (UCM), International Peace and Social Advancement (IPSA) আদিয়েও উক্ত বন্ধলৈ সমৰ্থন আগ বঢ়াইছিল৷

ঝুক উপত্যকাৰ মালিকানাক লৈ গৰম বিতৰ্ক আৰু প্ৰতিবাদী কাৰ্যকলাপ এনেকৈয়ে সময়ে সময়ে চলিয়ে আহিছে৷ মণিপুৰৰ পৰা ঝুক ভেলীলৈ যোৱা ট্ৰেকাৰক হাৰাশাস্তি কৰা বুলিও মাজে মাজে অভিযোগ শুনা যায়৷ আমাৰ পূৰ্বৰ যাত্ৰাসংগী প্ৰদীপ সিংহ দাদাই এইটো যাত্ৰাত ভাগ নললে৷ মোৰ মনে ধৰিছে, তাৰ অন্তৰালত এনে ধৰণৰ গভীৰ মনস্তাত্ত্বিক কাৰণেই আছিল চাগৈ! দক্ষিণ আংগামী লোকে ঝুক' ভেলীত মণিপুৰী লোকৰ প্ৰৱেশ নিষেধ কৰা বুলিও আগতে এবাৰ বাতৰি ওলাইছিল৷

সময় আগ বঢ়াৰ লগে লগে শেহতীয়াভাৱে মণিপুৰৰ ফালৰ পৰা ঝুক ভেলীলৈ গাড়ী যাব পৰা ৰাস্তা, মাও চহৰত তালাচী চকী, মহিলাৰ বাবে মাৰ্কেট শ্বেড, হেলিপেড, পৰ্যটকৰ বাবে আলহী ঘৰ ইত্যাদি নিৰ্মাণত গুৰুত্ব দিয়া হৈছে৷


ঝুক ভেলীত ৰে'ষ্ট হাউচৰ সিফালে হেলিপেডটো প্ৰথমবাৰ দেখাৰ পাছত মোৰ মনত এই প্ৰশ্নই ৰেখাপাত কৰিছিল যে ইয়ালৈ কি হেলিকপ্টাৰেৰেও টুৰিষ্ট আহে নেকি? এতিয়া ভাবি পাইছোঁ যে কোনো পৰ্যটকৰ সেৱাৰ নিমিত্তে নহয়, সীমা পৰিদৰ্শনজনিত দৰকাৰতহে প্ৰয়োজন অনুপাতে ব্যৱহৃত হয় চাগৈ৷ নতুবা আন এটা গুৰুত্বপূৰ্ণ কাৰণতো হ'ব পাৰে৷

প্ৰাকৃতিক সৌন্দৰ্য আৰু পৰ্যটনৰ সম্ভাৱনীয়তাৰে সমুজ্জ্বল ঝুক' ভেলীক লৈ দুখন ৰাজ্যৰ মাজত চলি থকা সীমা সম্পৰ্কীয় সমস্যাটোৱে পৰিব্ৰাজক দৰ্শনাৰ্থীৰ আগমনত প্ৰভাৱ নেপেলোৱাকৈ নিশ্চয় থকা নাই৷ আনহাতে এইটো ঠিক যে মুক্ত মন লৈ ঘূৰা-ফিৰা কৰিব নোৱাৰিলে পৰ্যটনৰ আচল আনন্দ নাথাকে৷ আমি অৱশ্যে ইয়ালৈ আহি একো অসুবিধা নাই পোৱা৷ সি যি কি নহওক, ভাল কথা এইটোৱেই যে উভয় ৰাজ্যৰ ফালৰ পৰা শেহতীয়াভাৱে বিষয়টোৰ মুখনি মাৰিব খোজা হৈছে এনেকৈ... Dzükou valley is the gift of nature to all the mankind of this region. The people of both sides should decide by sitting together to declare the Dzükou region as one of the rarest biosphere zones and common heritage of Manipur and Nagaland.


উত্তৰ-পূৰ্বাঞ্চলৰ পুষ্প উপত্যকা, প্ৰকৃতিৰ অকৃত্ৰিম দান ঝুক' ভেলীয়ে দুখন ৰাজ্যৰ উমৈহতীয়া টুৰিষ্ট স্পট হিচাপে মৰ্যাদা পোৱাটো সকলোৰে বাবে নিশ্চয় ভাল আৰু গ্ৰহণযোগ্য কথাই হ'ব৷ পৃথিৱীব্যাপী আজি খৰতকীয়াভাৱে প্ৰস্ফূটিত পৰ্যটন ক্ষেত্ৰখনত এনে ধৰণৰ উমৈহতীয়া পৰ্যটন স্থলৰ উদাহৰণ বৰ বেছি নাই চাগৈ৷


No comments:

Post a Comment