Friday, 15 September 2017

১৪. মিশ্বন ঝুক' ভেলী

প্ৰকৃতিৰ নিষ্কলুষ তথা গোপন স্বৰ্গত প্ৰৱেশ কৰিবলৈ ট্ৰেকিঙৰ বাদে আন উপায় নাই৷ আগ্ৰহী কেইজনমানে দল বান্ধি হাবিয়াহ পূৰণাৰ্থে একত্ৰিতভাৱে ওলাই আহিছোঁ৷ মিশ্বন ঝুক' ভেলী৷ চকুৰ সন্মুখত উন্মীলিত পাৰ্বত্য সৌন্দৰ্য পদচালনাৰ লগে লগে হিয়াভৰি পান কৰি আছোঁ প্ৰত্যক্ষভাৱে৷ আহৰণ কৰি গৈছোঁ অনবদ্য অনুভূতি আৰু স্মৰণীয় অভিজ্ঞতা৷ Off-bit jungle trekking মজাই বেলেগ৷ এইবোৰ কোনো কাৰচাজিসৰ্বস্ব বোলছবিৰ দৃশ্য বা ক্ষণস্থায়ী হৈ-চৈ নহয়৷ বাৰে বাৰে চাই থাকিব পাৰি৷ শান্তি আৰু সৌন্দৰ্যৰ এনে স্বৰ্গীয় সমাহাৰ জন-অৰণ্যত শূন্য৷

সেউজীয়া ৰংটো বিশ্বাস আৰু সৌন্দৰ্যৰ প্ৰতীক৷ চকুৰ বাবেও উত্তম৷ নীৰৱতাৰ মাজত শুই থকা এখিনি দৃষ্টিনন্দন সেউজীয়াৰ মাজে মাজে চলাচল কৰি আছে ১০জন মানুহ৷ কেঁকুৰি ঘূৰি দিলেই নেদেখা হৈ পৰে৷ আকৌ ওলাই, আকৌ নেদেখা হয়৷ চিঞৰ কেইটামান মৰা হয়৷ স্বীকাৰ কৰিব লাগিব যে ইয়ালৈ অহা আমাৰ দৰে মানুহবোৰেহে ঝুকৰ বিস্তীৰ্ণ নীৰৱতা ভংগ কৰে৷ আনন্দতে একো ক'ব নোৱাৰা হৈছোঁ পৰিৱেশ আৰু সৌন্দৰ্য চাই চাই৷ এই মানসিক অৱস্থাটো কেৱল আমাৰে নহয়, আনৰ ক্ষেত্ৰতো প্ৰযোজ্য৷ মূৰৰ ওপৰত পাতলীয়া বৰষুণ৷ জোপোহা বন, চুটি চুটি সৰু বাঁহগছ ফালি ফালি যাবলগীয়া হৈছে৷ তলত বোকাময় লিক্‌টো৷ জোতাত বোকা৷ এবাৰ অকণমান পানীও সোমাল৷ মোজা ভিজাৰ কি বিড়ম্বনা তাক নোকােৱাই ভাল৷ সেয়েহে দীপমইনাই দিয়া লিষ্টখনত কমেও তিনিযোৰ মোজা আনিবৰ বাবে জনাইছিল৷ আনিছোঁও৷ এতিয়া কিন্তু নুলিয়াওঁ আৰু নসলাওঁ৷ গৈ থাকোঁ এনেকৈয়ে৷ ট্ৰেক পেণ্টটোৰো এছোৱালৈকে বোকা উঠিছে৷ উপায় নাই৷ চলতে' ৰহ'৷ মিশ্বন ঝুক' ভেলী৷


জয়ন্তদা আৰু ৰাজীৱে আৰম্ভণিৰে পৰাই প্ৰায় একেলগে খোজ পেলাই আহিছে৷ এফুট-ডেৰফুটৰ ট্ৰেকটোত অ'ভাৰটেক কৰাই মস্কিল৷ সুযোগৰ অপেক্ষাত থাকিব লাগে৷ তাৰ মাজতে এঠাইত দুয়োকে অতিক্ৰম কৰি আহিলোঁ৷ বতৰটোৱে মনৰ মতে স্নেপ লোৱাত বিধি-পথালি দিছে যদিও চেলেঙে মাজে মাজে ৰৈ ডি.এছ.এল.আৰ.টো বাহিৰ কৰিছে আৰু ক্লিক্‌ কৰিছে৷ আলোক-চিত্ৰ আৰু চিত্ৰাংকন দুয়োটাতে তেওঁৰ পাৰদৰ্শিতা আগতেও দেখা পাইছোঁ৷ মই ইতিমধ্যে ছপাই উলিওৱা কেইবাখনো কিতাপৰ বেটুপাতৰ শিল্পী তেওঁ৷ ফটোৰ পাছত লাগি থকা অৱস্থাত চেলেঙকো চেৰাই আহিলোঁ৷ আন এঠাইত প্ৰবীণ, সুবীৰক পিছ পেলালোঁ৷ সিহঁত চেলফীত মছগুল আছিল৷ সুযোগটো লৈ ল'লোঁ৷ অৰূপদা আৰু মাধৱদা কিছু দূৰত্বত একেবাৰে আগত থাকিল৷ কালৈকো নাচাই আগ বাঢ়িছোঁ মই, তেওঁলোকৰ কাষ চাপিবলৈ৷ চকলেট ভাঙিছোঁ, জিভাত লৈছোঁ, খোজ দিছোঁ৷ এসময়ত ধৰিলোঁগৈ লগ৷ অনুমান কৰিলোঁ, ৮-১০ মিনিটমানেই লাগিল ওচৰ পাওঁতে৷


ডেকা দল এটা আহি ওলাল বিপৰীত দিশৰ পৰা৷ অকণমানি লৰা এটাও আছে৷ সিহে একেবাৰে আগত! ‘‘সেই পোৱালিটোক দেখিলা? সিও আহিল ঝুক ভেলী চাবলৈ! বাঃ৷’’ দলটো পাৰ হৈ যোৱাৰ পাছত অৰূপদাই আশ্চৰ্যচকিত কণ্ঠে আঙুলিয়ালে৷ ''সেই পেন্দুকণাটোৱে পাৰিলে আমি কিয় নোৱাৰিমহে? গৈ থাকা, যাব দিয়া৷'' 'এই যাবা দি... মিশ্বন ঝুক' ভেলী' বুলি চিঞৰি-বাখৰি অৰূপদাৰ আনন্দ প্ৰকাশ৷ এনেকুৱা ঠাইলৈ আহিলে মনটো নিজে নিজেই বেলেগ হৈ পৰে৷ বান্ধোন খোল খাই পৰে৷ দৈনন্দিনৰ দুখ-দুৰ্দশা পলাই ফাট মাৰে৷ এতিয়া প্ৰথমত মাধৱদা, তাৰ পাছত অৰূপদা, শেষত মই৷ গাইড নাইকিয়া ট্ৰেকাৰ্ছ৷ হ'লেও ভয় কৰিবলৈও একো নাই৷


পাহাৰৰ গাত অকোৱা-পকোৱা ট্ৰেকটোৰ এইখিনিত ওখ-চাপৰ কমিছে৷ তাৰে সুযোগত বাটে বাটে আমি ঢেৰ কথা পাতিছোঁ৷ মাজে মাজে চকলেটৰ টুকুৰা মুখলৈ নিছোঁ৷ মোৰ আগত গৈ থকা জ্যেষ্ঠ দুজনলৈও পাছ কৰিছোঁ৷ অটুট ৰাখিছোঁ শক্তি আৰু মনোবল৷ অনুভৱ কৰিছোঁ, থিয় পাহাৰত উঠাৰ পাছত ট্ৰেকত ইমান সময়ে একে লেথাৰিয়ে খোজ কাঢ়ি কাঢ়ি ভোক লাগি গৈছে৷ কি কৰা যায়? 'মোৰ দেখোন ভোক লাগিছে অ' দাদা' বুলি ক'বলৈহে পালোঁ, সন্মুখত থকা দুয়োজনেই একে অনুভূতিকে প্ৰকাশ কৰিলে৷ মাধৱদাই ক'লে, ''ৰ'বা, মোৰ লগত Bun কেইটামান আছে৷ অথনি বাটত চাহ খাবলৈ ৰওঁতে কিনিছিলোঁ৷'' এঠাইত ৰ'লোঁ৷ ৰাক্‌চেক্‌ খুঁচৰি উলিওৱা হ'ল৷ আপেল উলিয়ালে অৰূপদাই৷ তাকে খালোঁ আমি তিনিও৷ বহুত সময়ৰ মূৰত হেঁপাহ পলুৱাই পানী কেইঢোকমান গিলিলোঁ৷ কিছু সময়ৰ বাবে জিৰণিসেউজ দলিচাখন শেষ যেন নহবই! অবিশ্বাস্য, অকল্পনীয়৷ চৌদিশৰ সৌন্দৰ্য প্ৰাণভৰি উপভোগ কৰিছোঁ৷ সংগী ট্ৰেকাৰ্ছসকল অনেক পাছত আছে৷ তেওঁলোকেও মাজে-মধ্যে ৰৈছে৷ ওচৰ চাপি অাহিলত আকৌ পদচালনা আৰম্ভ হ'ল আমাৰ৷


চালে চাই থাকিবৰ মন যোৱা প্ৰকৃতিৰ বিশাল আৰু সত্য ৰূপ এটা আছে আগত৷ তাৰে সাক্ষী হ'বলৈ সদলবলে গৈ আছোঁ৷ পদযাত্ৰাটোৰ নাম দিছোঁ, Mission Dzükou Valley ডালিমী আৰু চিত্ৰাংগদাৰ দেশৰ সীমনাৰে আগুৱাই আছোঁ৷ এবাৰ নাগালেণ্ডত ভৰি, এবাৰ মণিপুৰত৷ ফুল, ডাৱৰ আৰু দলিচাৰ সমন্বয়ৰ উপত্যকা এইটো৷ ক'ৰবাত ক'ৰবাত বনৰীয়া ফুল লক্ষ্য কৰিছোঁ৷ বহুতৰে বাবে এই ঠাই এতিয়াও অগোচৰ৷ প্ৰথমছোৱা বাট দুৰ্গম আৰু কণ্টকময় বুলিয়েই হয়তো বহুত মানুহে আজিও আহিবলৈ সাহস কৰিব পৰা নাই৷ গাড়ী-মটৰ নিষিদ্ধ বাবেই হয়তো বহুতৰে মনে নকয় যে ঝুক ভেলীলৈ যাওঁ৷ কিন্তু বেলেগ কথা নাই, মনৰ উৎসাহ-উদ্যম আৰু শক্তিয়েই মূলধন৷ মূধচটোলৈ এবাৰ উঠি লোৱাৰ পাছতে আৰু কোনে পায়? প্ৰত্যেকৰে উল্লাসৰ কলৰোল বাঢ়ে৷ আমাৰো বাঢ়িছিল৷ উকিয়াইছিলোঁ, কিৰিলীয়াইছিলোঁ, ঠিক শিশুৰ দৰে৷ এনে নিৰ্ভেজাল আৰু নিষ্কলুষ আনন্দ প্ৰকাশত বাধা দিওঁতা কোনো নাই৷ সকলো পিনৰ পৰাই নিজে নিজৰ নিয়ন্ত্ৰণাধীন ইয়াত৷ খোজ নিজৰ, পদে পদে সাৱধানতাও নিজৰ৷ এক কথাত, নিজে নিজৰ Boss৷

নীৰৱতা ভংগ কৰি মাধৱদাই উৰাই-ঘূৰাই হুইছেল বজাই গৈছে৷ গতি অব্যাহত ৰাখি অভিজ্ঞতাপ্ৰসূত কথাও দুই-চাৰিটা উলিয়াইছে৷ এইছোৱাত অথনিতকৈ কোবটো বাঢ়িছে৷ ম'বাইল হেণ্ডছেটত গান আছে, হ'লেও বজোৱা নাই৷ ছাত্ৰাৱস্থাৰ ধেমেলীয়া কথাৰ ৰোমন্থনে পৰ্যাৱৰণৰ সৈতে মিলি পৰি অদ্ভুত আনন্দ আনি দিছে৷ মুক্ত প্ৰকৃতি, মুক্ত মন-প্ৰাণ৷ উশাহ নিৰ্মল, নিশাহ নিৰ্মল৷ তাতে পেটটোক অলপমান শান্ত কৰি লোৱাও হল অলপ আগতে৷ এতিয়া সোমাই থকা অভূতপূৰ্ব পৰিৱেশটোৱে দলৰ প্ৰতিজনকে নিশ্চয় পাহৰাইছে কালি জনশতাব্দী এক্সপ্ৰেছত উঠাৰ আগতে কোনে কি কামত তৰ্ধনি নোহোৱাকৈ ব্যস্ত আছিল৷ বাটৰ কষ্ট বাদ দি এই মুহূৰ্তত প্ৰতিজনেই একেবাৰে চিন্তামুক্ত, ৰিলেক্সড্‌৷ এই চিন্তাশূন্যতা, ৰিলেক্সেচনৰ বাবেই ইয়ালৈ আহিব লাগে৷ ময়ো পাহৰিলোঁ, কাৰ কিতাপৰ কাম কৰি আছিলোঁ, কাৰ কি ডিজাইন কৰিবলৈ থাকিল, চব পাহৰিলোঁ৷ যেন মগজুৰ ৰিফ্ৰেচ বাটনটোহে টিপি দিয়া হল!  কোষবোৰ এতিয়া সেউজী প্ৰকৃতিয়ে লৈ ললে৷ কথা-বতৰাবোৰ বেলেগ হৈ পৰিছে৷ দুদিনমান থাকিলে দিন-বাৰো পাহৰিম যেনহে লাগিছে৷

আকৌ সিফালৰ পৰা আহিল লেডীজ ট্ৰেকাৰ্ছৰ দল এটা৷ ওঁঠে ওঁঠে গান বাজি আহিছে সিহঁতৰ৷ কষ্টৰ পাছত আনন্দ প্ৰকাশ৷ নিশ্চয় কিবা এটা পোৱাৰ সুবাদতে৷ লিক্‌টো ঠেক৷ পাহাৰৰ এঢলীয়াত নিজে বেঁকা হৈ থাকি কোনো ৰকমেহে একাংশ এৰি দিব পাৰিছোঁ৷ তথাপিও গাত গা ঘঁহনি নাখালে পাৰ হৈ যোৱাটো অসম্ভৱ৷ কোনো কথা নাই৷ নহলেযে কেইফুট তলত পৰিবগৈ ঠিকনা নাই৷ প্ৰাণৰ মমতা সকলোৰে আছে৷ ‘‘থেংক ইউ ব্ৰাদাৰ৷ ‘‘ৱেলকাম ছিষ্টাৰ৷’’ ঝুক ফেমিলীৰ মানুহবোৰৰ স্বতঃস্ফূৰ্ত এই আন্তৰিকতা, একাত্মতা ভাষাৰে বৰ্ণনা কৰা নাযায়৷ চৌপাশৰ বহল বিস্তীৰ্ণ সেউজীয়াৰ দৰেই দেহ-মন অনুৰূপ হৈ পৰে ইয়াত৷


No comments:

Post a Comment