Saturday, 30 September 2017

২.. ওভতনি অৱৰোহণ, ঝাখামালৈ

ওভতনি যাত্ৰাৰ বাবে খৰখেদাকৈ ব্যৱস্থা কৰা ভাত কেইগৰাহমান খাই উঠিছোঁ৷ সৰহকৈ খাব নোৱাৰি৷ খোজ কাঢ়িব লাগিব৷ তাতে অলপ আগেয়ে মেগী নুডল্‌ছ খাইছিলোঁহে৷ বাচন-বৰ্তন, টালি-টোপোলাবোৰ সামৰি বাৰাণ্ডাখনতে একে ঠাই কৰাৰ হুকুম আহিল৷ পৰ্টাৰকেইজনৰ কোনে কি কি লব ওজন চাই হিচাপ মিলাই থকা হৈছে৷ মোৰ ঢোলাকৃতিৰ শ্লীপিং বেগটো বলপূৰ্বকভাৱে টমাছে টান মাৰি লৈ গল৷ অহাতকৈ সিহঁতৰ লড আৰু ভলিউম কিছু কমিছে, খাদ্যবস্তু শেষ হোৱাৰ বাবে৷ বাস্কেটত জেগা থকাত ৰাক্‌চেক্‌টোও খুজিছিল সি৷ নিদিলোঁ৷ ট্ৰেকিঙত পিঠিত ওজন এটা থকাটো মই পছন্দ কৰোঁ৷ ভাৰসাম্যতা ৰক্ষাৰ বাবে বৰ প্ৰয়োজন৷ আনহাতে, এখন কান্ধত ভাৰ থকাটো অনুচিত৷ সদায় সমানে বিভক্ত হব লাগে দুয়ো কান্ধতে৷ অভিজ্ঞতাৰ শিক্ষা, কোনো ট্ৰেইনিং নাই৷

ডাউনৱাৰ্ড ট্ৰেকিঙৰ বাবে আমাৰ ৰাইজ সাজি-কাচি সাজু৷ ৮.৩০ মানৰ পৰাই কুচকাৱাজ চলিছে৷ বিলম্ব হৈছে বৰষুণৰ বাবে৷ ১০ বাজি কেইমিনিটমান গল৷ বৰষুণজাক এৰা নাই৷ সোনকালে নেৰিবও৷ হলেওনো কি? যাবতো লাগিবই৷ মাধৱদাই দীঘলীয়াকৈ হুইছেলটোত ফু দিলে৷ কোনো কোনোৱে ছাতি মেলি লৈছে৷ মই এইবাৰ ট্ৰেক-চুটৰ ওপৰত ৰেইন-ৱেৰ পৰিধান কৰি লৈছোঁ৷ আচল ছামাৰ হিল্‌ ট্ৰেকিং দৰাচলতে এতিয়াহে চলিব৷ দুয়োখন ভৰিতে মোজাৰ ওপৰত পলিথিনৰ ঠোঙা একোটাও ভৰাই লোৱা হৈছে৷ কালিয়ে যোগাৰ কৰি থৈছিলোঁ দীপমইনাই কিবাকিবি খাদ্যবস্তু ভৰাই অনা ঠোঙা দুটা৷ জোতাত বোকাপানী সোমালে মোজাযোৰক ইয়ে ৰক্ষা কৰিব৷ নহলে খোজ কঢ়াত অশান্তি হয়৷ এইবোৰ নিজৰ বুদ্ধি৷ আনকো কৈছোঁ৷ পানীৰ পৰা বচাই ৰাখিবলৈ কেমেৰাটো অন্য এটা ঠোঙাত সুমুৱাই হাতত ললোঁ৷ প্ৰয়োজনত উলিয়াম৷ বাকী কেমেৰাধাৰীসকলে কেমেৰাবোৰ বেগত ভৰাই ফটোগ্ৰাফীৰ পৰ্ব সামৰিলে যেনেই লাগিল৷ খনমাৰ পৰা আমাৰ সৈতে অহা ফটোগ্ৰাফাৰ হৰেন কিমান সফল হল নাজানো৷ কেমেৰাসহিত বে'গবোৰ সময়ত প'ৰ্টাৰৰ পিঠিত উঠিলগৈ৷

কালি ভিশ্বেমাৰে আৰোহণ কৰিছিলোঁ৷ এতিয়া ঝাখামালৈ অৱৰোহণ চলিব৷ কোনো বিঘিনি নঘটাকৈ এৰাতিৰ বাবে আলহী হোৱা অতিথিশালা আৰু অদূৰত অৱস্থিত জিৰণিঘৰলৈ শেষবাৰৰ বাবে দৃষ্টি নিক্ষেপ কৰিছোঁ৷ মনতে কৈছোঁ, বিতোপন এই ঠাইলৈ আকৌ আহিম কেতিয়াবা৷ পুনৰবাৰ আলহী হম৷ ঝুক উপত্যকাৰ আত্মা-আলোড়নকাৰী ৰূপটো ভালদৰে চাবলৈ হলে যি বুজিছোঁ, বছৰৰ প্ৰতিটো মাহতে আহিব লাগিব৷ হাতত সময় লৈ আহিব লাগিব৷ দিনে-ৰাতিয়ে পৰ্যবেক্ষণ আৰু অধ্যয়ন কৰিব লাগিব৷ এইযে আহিলোঁ, চালোঁ, এৰাতি থাকিলোঁ, খালোঁ, গলোঁ, এনেকৈ নহয়৷ এবাৰতে শেষ নহয় নৰ্থ-ইষ্ট ইণ্ডিয়াৰ ফ্লাৱাৰ ভেলী৷

গাইড, পৰ্টাৰ, ট্ৰেকাৰ্ছ মিলাই ১৬ যোৰ ভৰি৷ বোকা-পানী, বতাহ-বৰষুণ কেৰেপ নকৰি শাৰী পাতি গহীন গতিত এখোজ এখোজকৈ আগুৱাইছে৷ পৰ্যটকৰ সঘন আহ-যাহৰ ফলত ট্ৰেকটো বেয়া হৈ পৰিছে৷ ওলায়ে কেইবা ঠাইত বোকা৷ হলং হলংকৈ কাষেৰে ফালৰি কাটি যাব লাগিছোঁ৷ তাকে চাই ওভতনি যাত্ৰাটোত জোতাৰ অৱস্থাযে কাহিল হৈ পৰিব, এতিয়াই বুজি গৈছোঁ৷ নাম নজনা গুলপীয়াৰঙী বনৰীয়া ফুল কিছুমানে বতাহত হালি-জালি আমালৈ বিদায় সম্ভাষণ জনাইছে৷ ট্ৰেকটোৰ বাওঁপাৰে ৰৈ থাকি যেন কৈছে, আকৌ আহিব দেই বুলি৷ অকণমান যেন আৱেগিক হৈ পৰিছোঁ এইটো মুহূৰ্তত৷ ঘৰলৈ নিওঁ বুলি মই এপাহ ফুলো ছিঙা নাই, পুলি এটাও সংগ্ৰহ কৰা নাই৷ When you return, go as you found me আৱেদনটি হৃদয়ংগম কৰাৰ পাছত আত্মসম্বৰণ আৰু কঠোৰতা অৱলম্বন নকৰি উপায় নাই৷ সেয়ে আনকো কৈছোঁ, ঝুক উপত্যকা যেনে আছে তেনেই থাকক৷ তেতিয়াহে আকৌ আহিবলৈ পাম৷ ঝুক'ই আহ্বান নজনালে কোনেও আহিব নোৱাৰে বুলি কথা এষাৰেই আছে৷

পৰ্বতৰ শৰীৰত থকা ওপৰমুৱা ট্ৰেক এটালৈ গেষ্ট হাউচৰ পাছফালৰ পৰা আঙুলি টোঁৱাই কালি বিয়লি কোনোবা এজনে কৈছিল ঝাখামালৈ সৌফালেৰেই পোনতে থিয়কৈ বগাই গৈ তাৰ পাছত এগালমান ষ্টেপ নামিব লাগে৷ আমাৰ আগে আগে দল এটা গৈ আছে৷ তেওঁলোক আমি কালি অহা ভিশ্বেমাৰ বাটেৰে নামিব৷ আমি ঝাখামাৰ বাট ল'ম৷ এই পৰ্যন্ত এঘণ্টাৰ ওচৰা-ওচৰি সময় খোজ কঢ়া হল যেন লাগিছে৷ পিছল বোকাময় লিক্‌৷ গতি মন্থৰ৷ কালি কিবাকৈ অতিক্ৰম কৰি যোৱা বিপদজনক শিলটোৰ কাষেৰে অলপ আগেয়ে পাৰ হ'বলৈ লৈ অৰুণদাৰ আজিও ভৰি কঁপিল৷ পিছলিব লাগিলে ক'ৰবাত ৰ'বগৈ৷ সেইটোৱেই সংশয়৷ তেনেস্থলত প্ৰতিটো খোজতেই আত্মবিশ্বাসৰ দৰকাৰ৷

পৰ্বতৰ দেহত কাটি থোৱা খাজবোৰ এতিয়া আমাৰ চকুৰ সন্মুখত৷ আকৌ এটা নতুন শিহৰণ আৰম্ভ হ'ল! বাওঁহাতে ঘূৰি কেইটামান খলপ উঠাৰ পাছতে ভিশ্বেমামুখী দলটোক নেদেখা হলোঁ৷ কেনি গ'ল সিহঁত? বাঁহ অৰণ্যৰ মাজৰ পাকবোৰৰ কোনোবাটোত হেৰাই থাকিল নগা ট্ৰেকাৰ্ছকেইজন৷ আমি ক্ৰমান্বয়ে ওপৰলৈ বগাব ধৰিলোঁ৷ সিমূৰত কি আছে, কিমান উঠিব লাগিব নাজানো৷ ডাৱৰবোৰে ঢাকি ধৰিলেহি চৌদিশ৷ বেছি দূৰলৈকে দেখাই নাযায়৷ সন্মুখৰ ট্ৰেকাৰজনো হৈ পৰিল ডাৱৰৰ আঁৰৰ ধূসৰিত ছাঁয়াছবি৷

কেঁচামাটিৰ চিৰি এগালমান৷ বৰষুণ পাই পিছল৷ ওপৰৰ পৰা পানী বৈ আহি আছে৷ সাৱধান নহলে, দৃঢ়তাৰে খোজ নবহুৱালে বিপদ৷ মূৰৰ ওপৰত চিপ্‌ চিপ্‌ বৰষুণৰ টোপালবোৰ৷ তথাপিও পৰিৱেশ পছন্দৰ হ'লেই কেমেৰাটো ঠোঙাৰ পৰা উলিয়াই স্নেপ এটা লৈহে এৰিছোঁ৷ এইবোৰ পাছত সজীৱ আৰু যুগমীয়া স্মৃতি হব৷ বুঢ়াকালত আনে নহ'লেও নিজে চাই থাকিব পাৰিম৷ আত্মসন্তুষ্টি লভিম৷ কাল্পনিক কথোপকথন নহয়, সত্য কাহিনী ক'ব পাৰিম নতুন প্ৰজন্মৰ আগত৷ ভৱিষ্যৎ দিনৰ আত্মপ্ৰসাদৰ সুযোগকণ এৰি থৈ যাওঁনো কিয়? লেন্সত জলীয় বাষ্প৷ প্ৰতিবাৰেই পকেটৰ পৰা ৰুমাল উলিয়াই মচিছোঁ৷ অন্‌ কৰোঁ, ক্লিক্‌ কৰোঁ, ঠোঙাত ভৰাওঁ৷ দৃশ্যবোৰ এৰি যাবও নোৱাৰোঁ৷ মনে নামানে৷ এইখন কৰোঁতে কৰোঁতে সবাতোকৈ শেষত পৰি গলোঁ৷ মোৰ আগত দেখা পাই থকাত কেৱল ৰাজীৱ ভট্টাচাৰ্যহে থাকিল৷ বাকীসকল কেতিয়াবাই দৃষ্টিৰ বাহিৰ৷ ঠিক কৰিলোঁ যে ৰাজীৱক অভাৰটেক নকৰোঁ৷ তেওঁৰ খোজতে খোজ মিলাম৷ তেওঁ ৰ'লে ৰ'ম, গ'লে যাম৷

লহপহকৈ বাঢ়ি আছে আঁঠুমূৰীয়া বাঁহ আৰু অন্যান্য উদ্ভিদবোৰ৷ অতিপাত সেউজীয়া৷ ইমান সেউজীয়া একেলগে, অনেক সময়ৰ বাবে একে লেথাৰিয়ে দেখাটোও সৌভাগ্য৷ ক'ৰবাত ক'ৰবাত মৰা গছো পাইছোঁ৷ এইবোৰৰ মাজে মাজে অনৰ্গল উঠিয়েই আছোঁ, উঠিয়েই আছোঁ৷ ৫ কি ৬ খোজ৷ ৰাজীৱ বাৰে বাৰে ৰৈ যায়৷ বহি পৰে৷ ময়ো ৰওঁ৷ দীঘল দীঘলকৈ উশাহ টানো৷ প্ৰকৃতিস্থ হওঁ৷ ৰাজীৱক কওঁ, আৰামছে৷ কোনো দৌৰা-দৌৰিৰ প্ৰয়োজন নাই৷ ১৫৬৬৬ নং নামনিমুৱা ডিমাপুৰ-কামাখ্যা বি.জি. এক্সপ্ৰেছ এৰিব ৰাতি ৯.৪৫ত৷ গতিকে চিন্তা কিহৰ? পামগৈ৷

বৰষুণ আৰু ঠাণ্ডা সত্ত্বেও দেহা ঘামিছে৷ ৰেইন কোটে বৰষুণৰ পৰা বচাইছে যদিও ভিতৰি অস্বস্তিকৰ গৰম এটা উঠাইছে৷ খুলি পেলাবৰ মন গৈছে যদিও খুলিবও নোৱাৰোঁ৷ উপায় নাই৷ সহ্য কৰিছোঁ৷ তাৰ মাজতে এবাৰ মই ৰাজীৱৰ, ৰাজীৱে মোৰ ফটো তুলিলে৷ কথা পাতিলে শক্তি ক্ষয় হয় বুলি জানো যদিও মাজে মাজে কিবাকিবি পাতিছোঁ, কিবাহক লৈ হাঁহিছোঁও দুয়ো৷ একেলগে ট্ৰেকিং কৰা মধ্য অৰুণাচলৰ কথাও ওলাইছে তাৰ মাজত৷


No comments:

Post a Comment