১৬. Valley of Celestial Charm
দৰ্শনীয় এই স্থানৰ প্ৰকৃতি কিম্বা উদ্ভিদৰ ওপৰত সভ্যতাৰ পৰশ এতিয়াও পৰাহি নাই হেতুকে এনেদৰে কোৱা হয়৷ ৰে'ষ্ট হাউচ অৰ্থাৎ বে'ছ কেম্পৰ মুখৰ পৰাই মূল উপত্যকাটোৰ অৱস্থান দেখা পাই আছোঁ৷ সেউজেৰে পৰিপূৰ্ণ, ঠাইতে ওখ, ঠাইতে চাপৰ ভেলীটোলৈ নামি যাব লাগে৷ ৰাস্তাটো ঘৰকেইটাৰ সিফালে৷ সোঁফালে অকণমান ঘূৰি চাওঁতে ওচৰতে অন্য ধৰণৰ টিলা এটা দেখা গ'ল৷ ওপৰৰ অংশ কাটি সমানকৈ ৰখা হৈছে৷ সেইটো হেলিপেড৷ সেৱা চলি থকা নাই৷ জনা মতে বিগত কেইটামান বছৰ ধৰি কোনো হেলিকপ্টাৰ পৰাহি নাই তাত৷ কোনে জানো সাজিছিল? কি দৰকাৰত বা সাজিছিল? একোৱেই নাই ওপৰত৷ অনুসন্ধিৎসু লোকে তালৈ উঠি গৈ উপত্যকাৰ সৌন্দৰ্য চায়৷ বনজুই নিয়ন্ত্ৰণকাৰী ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰ নামে চাগৈ৷

ৰে’ষ্ট হাউচৰ প্ৰাংগণত সিটো মূৰে গছৰ ডালেৰে সজা বেঞ্চ এখন৷
সেইখিনিৰ পৰাই এঢলীয়াৰ আৰম্ভণি৷ তাতে বহি মানুহে দৃশ্য উপভোগ কৰে৷ এতিয়াও দৰ্শনকাৰী
বহি আছে৷ আমিও চাপি গ’লোঁ৷ তললৈ সৌৱা আচল ঝুক’ ভেলী, যাৰ বাবে প্ৰকৃতিপ্ৰেমী পাগল৷ এতিয়া কুঁৱলীয়ে আৱৰি ৰাখিছে স্বপ্নৰ উপত্যকাটো৷ হ'লেও চৌদিশে ডিঙি নুঘূৰাই নোৱাৰি৷ অকণমান দূৰলৈকে দেখিছোঁ, বাকী নেদেখি৷ কুঁৱলীৰ উৎপাতত উপৰিভাগৰ সম্পূৰ্ণ ৰূপটো অন্তৰ্ধান৷ চিন্তাই লাগিল৷ কি হ’ব এতিয়া? এয়া চাবলৈকে আহিছোঁ অতখন বাটকুৰি বাই৷ সাধুৰ সেই টিলা বগোৱা বধিৰ ভেকুলীটোৰ দৰে, দুয়োখন কাণত ভালকৈ সোপা দি!
আৰু অলপ সময়৷ ইকি! ক’লীয়া ডাৱৰৰ চামনি এটা ধীৰে ধীৰে ক্ৰমাৎ দাং খাই গৈ আছে ওপৰলৈ৷ ঢাকি থোৱা ডাঙৰ চৰিয়া এটাৰ ঢাকোনখনহে যেন দাঙি দিয়া হৈছে খুব লাহে লাহে৷ তাৰ পাছতে সকলোকে আচৰিত কৰি পোহৰে ভুমুকি মাৰিলে! জিলিকি উঠিল এক অবিশ্বাস্য সুন্দৰ দৃশ্য৷ হৈ-চৈ, দৌৰা-দৌৰি লাগি গ’ল লগে লগে৷ ‘‘ওলাইছে, ঐ ভেলীটো ওলাইছে৷’’ ডৰ্মিটৰীত শুই থকা মানুহ কিছুমানো কম্বল লঠিয়াই উধাতু খাই বাহিৰলৈ ওলাই আহিল৷ ঠায়ে ঠায়ে থূপ খালেহি৷ হাতচাপৰি বজালে, কিৰিলীয়ালে, ফটো তুলিলে, ৰং-ৰহইচ চলিল৷ ইমানপৰে খোজ কঢ়া আৰু ঠাণ্ডা লগাৰ ফলত আমাৰ মুখবিলাকৰ পৰা নুগুচা বেদনাজনিত উঃ আঃ আস্বোৰৰ পৰিৱৰ্তে সমস্বৰে উচ্চাৰিত হ’ল একেটা শব্দ৷ ৱা…উ৷ স্বগতোক্তি কৰিলোঁ ময়ো, এয়া কি দেখিছোঁ! ঝুক’ ভেলী, সম্পূৰ্ণ ৰূপত, শেষ সীমা পৰ্যন্ত, আদিগন্তপ্ৰসাৰি, অবিশ্বাস্য সেউজীয়াৰ সমাহাৰ৷ নেদেখাজনে কল্পনা কৰিব নোৱাৰা কিছুমান আচৰিত প্ৰাকৃতিক সজ্জা৷ ঝুক' ভেলী কেনেকুৱা বুলি পাছত কোনোবাই প্ৰশ্ন কৰিলে কি বুলিনো বুজাম, কি ডেফিনেচন দিম ভাবিবই পৰা নাই সন্মুখত ৰৈ থাকিও৷ পটু চিত্ৰকৰে অংকন কৰা তৈলচিত্ৰতকৈ কেইবাগুণে উচ্চ ইয়াৰ প্ৰকৃত ৰূপ৷ বিশ্ব খনিকৰৰ কাৰুকাৰ্য এয়া৷ সৃষ্টিকৰ্তাই প্ৰাণঢালি বাকি দিছে নগাপাহাৰক, মণিপুৰক৷ থেংক গড্৷ আশা এটা পূৰ হ’ল আজি৷ কিযে ভাগ্য! অহাটো সাৰ্থক হ’ল, মিশ্বন ঝুক' ভেলী সফল হ'ল আমাৰ৷

বেঞ্চখনত বহি ইফালে-সিফালে চাই থাকিলোঁ একেৰাহে৷ মূল উপত্যকা বুলি কোৱা দিশে বহল দৃষ্টিৰে এক ধ্যানে চাব ধৰিলোঁ৷ আকাশৰ ৰূপ সলনি হৈছে৷ ডাৱৰ আঁতৰি গ'ল৷ শ্বাসৰুদ্ধকৰ অৱস্থা৷ পৃথিৱীৰ উপৰিভাগৰ এনেকুৱা সাজোন এতিয়ালৈকে কেনিও মই দেখা নাই৷ এনেকুৱা
কেনেকৈ আৰু কেতিয়া হ’ল? যিমানলৈকে চকুৱে মণিব পাৰিছে
গোটেইখন সেউজীয়া৷ এইখিনিৰ পৰা দেখাত এনে লাগিছে যেন সেউজৰঙী মখমলৰ বৃহৎ দলিচা এখনহে পাৰি থৈছে বিস্তীৰ্ণ অঞ্চল এটা সামৰি! আমি বাটে বাটে পাই অহা চাপৰ জাতৰ বাঁহগছবোৰেই গঠন কৰিছে সুদৃশ্য কাৰ্পেটখন৷ তাৰ মাজে মাজে ফুলে বনৰীয়া ফুল কেইবিধমান৷ বতাহত হালে-জালে৷ ওখোৰা-মোখোৰা সৌ দলিচাখনৰ আৰম্ভণি আৰু শেষ সীমা কেনি? সৰ্বদিশ সামৰি চোৱাটো
সম্ভৱনে? কিমান সময় লাগিব বাৰু? আহোঁতে অথনি যিফালৰ পৰা আমি সোমাই আহিলোঁ, ৰে’ষ্ট শ্বে’ডখনৰ পাছৰ পৰা এটা আৰম্ভণি বুলি ক'ব পাৰি৷ কিন্তু
শেষ ক’ত? এইদৰে কওঁ যদি ভুল নহ'ব চাগৈ যে নাগালেণ্ডত আৰম্ভণি,
মণিপুৰত শেষ৷ মণিপুৰত আৰম্ভণি, নাগালেণ্ডত শেষ৷ দুয়োখন ৰাজ্যৰ সমন্বয়ত বৰ্তি আছে
এই বিশাল সেউজ দলিচা৷ বৰ্তাই ৰাখিব লাগিব৷ কাৰো কোনো অপুদ্ঘাতী পদক্ষেপ বা ধ্বংসমুখী কাৰ্যই
যেন এনে সৌন্দৰ্যক চুবহি নোৱাৰে৷ East or west, nature is the best. ঝুক' ভেলীৰ ফালে মনে মনে মূৰ দোঁৱাই প্ৰণাম এটা জনালোঁ৷
বিশ্বৰ biodiversity hotspotবোৰৰ ভিতৰত ঝুক’ ভেলী অন্যতম৷ এই অঞ্চলটো মানৱ সমাজলৈ প্ৰকৃতিৰ অকৃত্ৰিম
দান বুলি কোৱা হয়৷ মেঘে ঢাকি ৰখাৰ পাছতো হঠাতে ঘটা পোহৰৰ আগমনত দেখা দিয়া উপত্যকাটোৰ অবিস্মৰণীয়, আকৰ্ষণীয় ৰূপ চোৱাৰ সৌভাগ্য হ’ল আমাৰ৷ ইয়াত প্ৰচলিত কথা এষাৰ আছে যে The best view comes after the
hardest climb. আমিও কষ্ট কৰি পৰ্বত বগালোঁ, শ্ৰেষ্ঠ দৃশ্য দেখিলোঁ৷ প্ৰাণ ভৰি গ'ল৷ নাগালেণ্ডৰ অন্তৰ্গত ২,৪৪০ মিটাৰ উচ্চতাৰ Southern
Dzükou Valley (ভৌগোলিক অৱস্থিতি 25°34'30.4'' উত্তৰ অক্ষাংশ, 94°02'43.3'' পূব দ্ৰাঘিমাংশ)ৰ পৰা ২,৬৪৮ মিটাৰ উচ্চতাৰ Western Dzükou Valley (N 25°36'44.8'', E 094°00'03.4'') আৰু মণিপুৰৰ অন্তৰ্গত ২,৫৫০
মিটাৰ উচ্চতাৰ Dzükou Valley (N 25°34'40.5'', E 94°04'48.9'')ৰ পৰিসৰ ইমানেই
প্ৰশস্ত যে ৫-৬খন বৃহৎ আকাৰৰ ফুটবল ষ্টেডিয়াম অনায়াসে পাতিব পৰা যাব৷ গোটেই এলেকাটো ২৭ বৰ্গ
কিল’মিটাৰ বুলি এঠাইত উল্লেখ পাইছোঁ৷ ইয়াক তন্নতন্নকৈ পৰিদৰ্শন কৰিবলৈ
কিমান দিনযে লাগিব কোৱা টান৷ এবছৰমান থাকি লৈ টিলাই টিলাই ঘূৰি-ফুৰিবলৈহে মন গৈছে৷ যেন এতিয়াই উৰি যাম সেইডোখৰলৈ য’ত আকাশ, মেঘ আৰু মাটিয়ে হাত বাউলি
দি আছে৷
ঝুক’ৱে কাকো নিৰাশ নকৰে বুলি কয়৷ ঠিকেই৷ অলপ আগলৈকে বতৰ বেয়া,
বৰষুণ আছিল৷ চাওঁতে চাওঁতেই বতৰটো ঘপহকৈ দাঙিলে, যাদুকৰী উপত্যকাই আমাৰ লগতে অভ্যাগতসকলক দেখুৱালে নিজৰ ৰূপ৷ বতৰৰ কথা কৈ লাভ নাই৷ ইয়াত বতৰৰ স্বৰূপ এনেকুৱাই৷
বিপৰীতে ঝুক’ৰ এই ৰূপ সঁচাকৈয়ে বিমোহনকাৰী৷
সেউজীয়া, সেউজীয়া আৰু সেউজীয়া৷ গণি শেষ কৰিব নোৱাৰা অনেক দেখনীয়াৰ খলাবমা৷ আচৰিত নহৈ নোৱাৰি৷ প্ৰকাশ কৰিব নোৱাৰি৷ এনেকুৱা লাগিছে, ক'ত আহি পালোঁ আমি? ঝুক' ভেলী যেন বিৰাট এক ৰহস্য! প্ৰথম দৰ্শনতে এনে লাগে৷
চিত্ৰবৎ সৌন্দৰ্যময় এই অঞ্চলটো ‘উত্তৰ পূৰ্বাঞ্চলৰ পুষ্প উপত্যকা’ নামে জনপ্ৰিয়৷ আৰু আছে বিভিন্নজনে নিজে
নিজে দি লোৱা কতনা অভিধা, অনুভৱ-অনুভূতি প্ৰকাশক শব্দৰ সমাহাৰ৷ অপূৰ্ব, নান্দনিক, অতি সুন্দৰ… কিমানযে সুৰীয়া শব্দ আৰু বিশেষণ! প্ৰকৃতিপ্ৰেমীৰ বাবে প্ৰকৃতিৰ স্বৰ্গ৷ ভিশ্বেমাৰ বাটেৰেই হওক, ঝাখামাৰ বাটেৰেই হওক, অযুত উৎকণ্ঠা আৰু অশেষ পৰিশ্ৰম কৰি বগুৱা বাই আহি ইয়াকে দৰ্শন কৰি আটায়ে লাভ কৰে স্বৰ্গসুখ৷
সমগ্ৰ পৰিৱেশটোৱেই এক জীৱন্ত চিত্ৰকৰ্ম৷ জীৱনকালত এবাৰ উপস্থিত হোৱাটো,
সৌন্দৰ্য সুষমা এবাৰ পান কৰাটো, প্ৰকৃতিৰ মাহাত্ম্যক উপলব্ধি কৰিব পৰাটো ভাগ্য৷ সেই সৌভাগ্য আমাৰ হ'ল৷
'How do I love thee? Let me count the ways.' Elizabeth Barrett Browningৰ ছনেটটোৱে এনে সময়তে মোৰ মনটো
চুই গ'ল৷ আত্মা-আলোড়নকাৰী, soul satisfying সৌন্দৰ্য
বুলি যাক ক'ব পাৰি সিয়ে ঝুক' ভেলী৷ পুষ্প সুশোভিত অপৰূপা ৰম্য কাননত বিৰাজমান স্ফটিক-সলিলা ঝুক' জুৰি৷ অকণাে সন্দেহ নাই যে এই সৌন্দৰ্য-সুষমাই মানুহৰ মনৰ মাজত চিৰস্থায়ী মংগলময় ছাপ ৰাখি থ'ব৷ জীৱনৰ আটাইতকৈ মধুৰ স্মৃতিবোৰৰ
মাজত নিঃসন্দেহে ইও এটা হৈ ৰ'ব৷ আজীৱন জীৱন্ত হৈ ৰ’ব ৰূপ দৰ্শনৰ এই অভিজ্ঞতা, অনুভূতি, ঈশ্বৰীয় অনুভৱ৷ 'Smiles, tears, of all my life; and, if God choose, I shall but love thee better after death.'
No comments:
Post a Comment