Wednesday, 13 September 2017

১২. বৰ্ষাৰণ্যৰ সমাপ্তিত...

Way to Mount Tempü বুলি লিখা ব'ৰ্ড এখন এতিয়া আমাৰ চকুৰ আগতে আছে৷ সেইটো ক'হিমা জিলাৰ অন্তৰ্ৱৰ্তী অইন এটা শৃংগ৷ উচ্চতা ৩,০০০ মিটাৰ৷ তাৰ পৰা ঝুক' ভেলীলৈ চালে নাগালেণ্ড আৰু মণিপুৰৰ দৃষ্টিনন্দন যৌথ দৃশ্যাৱলী পৰিষ্কাৰকৈ দেখা যায় হেনো৷ এখন ফলকত Way to Dzükou বুলি লিখিছে৷ সোঁহাতলৈ কাঁড় চিনো মাৰি থৈছে৷ নিজৰ বাটটোৰ নিৰ্ভৰযোগ্য নিৰ্দেশনাটো পাই ভাল লাগিল যে আচল গাইড অবিহনেই আমিকেইটা ঠিকে ঠিকে আহি আছোঁ৷ ইনো কিমান জানে গম নাপাওঁ যদিও ল'কেল বুলিবলৈ একমাত্ৰ মাৰ্টিনেই আছে আমাৰ সৈতে৷ পৰদেশত এটা যেন সাহস! লগ পোৱা ৩ ঘণ্টামানহে হৈছে তাকো৷ কথা ভালকৈ পতাই নাই৷ উশাহ ল'ম নে কথা পাতিম? নগা মানুহে পৰ্বত বগাওঁতে কথা নকয়, এক ধৰণৰ উকি মাৰে৷ অকলশৰীয়া হোৱাৰ বাবে ই কিন্তু সেইটোও নাই মৰা৷ চুপে-চাপে আহি আছে৷ ঠাণ্ডা ঠাই অতিক্ৰম কৰাৰ সময়ত নীৰৱতা অৱলম্বন কৰিব লাগে বুলি নগাসকলৰ বিশ্বাস৷ ৰাজীৱৰ 'পৰেশ বৰুৱাৰ সন্ধানত' পঢ়োঁতে পাইছিলোঁ৷ সেইটোও কাৰণ হ'ব পাৰে দেই৷

একেটা খুঁটাতে সেইখন ব'ৰ্ডৰ ঠিক তলতে গজাল মাৰি ৰখা আন এক ফলকত Preserve Flora and Fauna বুলি অভ্যাগতলৈ এটা আহ্বান৷ নিষেধ-বাক্য থকা তাৰ তলৰখনচোন পঢ়িব নোৱাৰা অৱস্থা পালেহি! কাহানিবাই সলাবৰ হ'ল৷ মন যায়, নিজেই ধুনীয়াকৈ প্ৰিণ্ট কৰি লগাই দিবলৈ৷ দ্বিতীয়বাৰ আহিলে এই ধৰণৰ কাম কিছুমান কৰিব লাগিব, স্বেচ্ছাপ্ৰণোদিতভাৱে৷ ধুনীয়া ঠাইটুকুৰাক ধুনীয়াকৈ ৰখাটো সকলোৰে কৰ্তব্য হোৱা উচিত৷ মণিপুৰৰ মাওৰ ফালৰ পৰা উঠি অহা ট্ৰেকাৰসকল এইটো পইণ্টতে ওলায়হি যেন লাগিছে৷ দিশটো অনুমান কৰিবলৈ লৈ ধাৰণাটো এনেকুৱাই হ'ল৷ সঁচা-মিছা জনাওঁতা কোনো নাই৷ তেনেস্থলত Route Mapৰো প্ৰয়োজন আছে৷


শিলৰ ওপৰেৰে বগুৱা বাই ছাদখনৰ ওপৰলৈ যাব পাৰি৷ কাষতে টিনপাত এদ'ম পৰি আছে৷ জিৰণী চ'ৰাটোত বহি কিছু সময়ৰ বাবে জিৰাই লোৱাৰ হাবিয়া হ'ল আমাৰ৷ বেৰ বুলিবলৈ এখনেই৷ টিনপাতবোৰ চাগৈ Top Rest Houseটো বেৰ হিচাপে লগাবৰ বাবেই অনা হৈছে৷ সেইসোপা ভাৰ বৈ ইয়ালৈ অনাটোও কম জঞ্জালখন নহ'ব৷ শিলৰ বেৰখনত স্থাপন কৰা আছে দুখন ফলক৷ তাৰে ওপৰৰখন পঢ়ি জানিব পাৰিলোঁ ভিশ্বেমা য়ুথ অৰ্গেনাইজেছনৰ ২০১৪-২০১৬ বৰ্ষৰ ১৪জনীয়া সদস্যবৃন্দৰ নাম৷ ভাগৰে আমনি কৰিলেও আগ্ৰহেৰে নামকেইটা মাতিবলৈ ললোঁ, যদিওবা জোঁটাওঁতে ৰৈ ৰৈ যাবলগীয়া পৰিস্থিতি হল৷ কেৱল নামেই কিয়, উত্তৰ-পূবৰ ভালেমান জনগোষ্ঠীয় শব্দ সাধাৰণতে বহুতৰে জিভাতে নুফুটে৷ Dzükou শব্দটোকে আমি কিমানে কিমান ধৰণেযে কৈ আহিছোঁ! ৰেংমাসকলৰ কিতাপৰ কাম কৰোঁতে ৰেংমা বন্ধু ইছেনথাং (Nshenthang)এ মােক শিকাইছিল তেওঁলোকৰ বিন্দুযুক্ত শব্দবোৰৰ উচ্চাৰণ কেনেকুৱা ধৰণৰ হয়৷ মাৰ (Hmar) ভাষাৰ কিতাপ কম্প'জ কৰোঁতে ফাইৰেম (Faihriem) শিকাইছিল তেওঁলোকৰ তলে-ওপৰে ফোঁট দিয়া শব্দবিলাকৰ উচ্চাৰণ কেনেকৈ কৰিব লাগে৷ নাই নোৱাৰিলোঁ৷ এনেয়ে বুজিহে থলোঁ৷ খাৰ খোৱা জিভাই নললে কৰোঁ কি? ইংৰাজী-হিন্দীৰ উচ্চাৰণেই দেখোন তথৈবচ! Dzükouটো দূৰৰে কথা৷ জুকু, জুক', জুকৌ, ঝুকৌ, ঝুক', ঝুকু অনেকটা ৰূপ আমাৰ সোণসেৰীয়া মুখত! কোনটোবা শুদ্ধ! ভালকৈ নাজানিলে নিজকে কিবা অপৰাধী অপৰাধী যেনেই লাগেচোন৷ মোৰ নামটো আনে অশুদ্ধকৈ ক'লে মোৰ ভাল লাগে জানো? নিজকে নিজে সুধিলোঁ, উত্তৰো পালোঁ৷

এইবাৰ ধ্যান তলৰখন ফলকত৷ এইখনে ঘোষণা কৰিছে যে ৰেষ্ট শ্বেড থিয় হৈ থকা ভূমিভাগৰ দাতা Noswe Clan৷ কহিমা বন সংমণ্ডলৰ জৰিয়তে ২০১৪-১৫ চনৰ আঁচনিৰ অধীনত জিৰণি চৰাটো সজা হৈছে৷ চাৰিটা খুঁটাৰ ওপৰত থিয় হৈ থকা ছাদখন সম্বলিতে গৃহটোৱে অসংখ্য মানুহৰ নাম দেহত ধাৰণ কৰি আজিৰ তাৰিখ পৰ্যন্ত যাউতিযুগীয়া কৰি ৰাখিছে৷ বিভিন্ন সময়ত ইয়ালৈ অহা পদযাত্ৰীসকলৰ পৈত্ৰিক নাম সেইবোৰ৷ ঠাই চাফা কৰি নাযাব পাৰে, ঝুক'ৰ বুৰঞ্জীত নাম সুমুৱাবলৈ কিন্তু এৰা নাই৷ এঙাৰ কেইডোখৰমান পৰি থকা দেখা পাই অৰুণদাক কৈ চালোঁ, ‘‘আমাৰ নাম দুটাও লিখি থৈ যাওঁ নেকি দাদা?’’ অৰ্থপূৰ্ণভাৱে তেওঁ হাঁহিলে৷ কলে, ‘‘বাদ দিয়ক, বলক যাওঁ, বাকীবোৰ গ'লেই৷’’ শক্তি ফিৰাই পোৱাৰ পাছত পৰৱৰ্তী খেপৰ বাবে আগে-ভাগে থিয় হ'ল অৰুণদা৷ ঘড়ী চালে৷ ক'লে, ''১০.৪০ত আৰম্ভ কৰিছিলোঁ, এতিয়া ১২.০৫ হ'ল৷ আগ বাঢ়োঁ দিয়ক৷''

জিৰণী চ'ৰাৰ প্ৰায় সন্মুখতে প্ৰকাণ্ড আকাৰৰ শিল এটা৷ ঠাইখিনি এৰাৰ আগে আগে তাৰ ওপৰত বগাই চৌদিশ নিৰীক্ষণ কৰাৰ প্ৰৱণতা এটাই উক দিলে৷ অৰুণদা নুঠিল৷ আমাতকৈ আগতে ৱাটাৰ পইণ্ট আহি পোৱা দলৰ আনবোৰে উঠিলনে নাই গম নাপাওঁ৷ তিনিজনৰ বাদে আন কোনোৱেই নাই এতিয়া৷ সি যি কি নহওক, মই হ'লে উঠিলোঁ৷ ভাল লাগে এইবোৰ কৰি৷ শৈশৱ-কৈশোৰ-যৌৱন আটাইবোৰ যেন এটা মুহূৰ্ততে ঘূৰাই পোৱা যায়! তাৰ পৰা নামনিৰফালে চালোঁ৷ ভালকৈ একো নেদেখি৷ Zero visibility বুলি ইয়াকেই কোৱা হয় চাগৈ৷ গোটেইখন মেঘে ঢকা৷ অনেক তলত এৰি থৈ অহা ভিশ্বেমা গাঁওখনেই হ'ব নেকি, অলপ সময়ৰ পাছত ডাৱৰৰ মাজেৰে ৰিণিকি ৰিণিকি, তেনেই অস্পষ্ট ৰূপত দেখা গল৷ শিলটোৰ ওপৰত থিয় হৈ থকা অৱস্থাত অৰুণদাই মোৰ ফটো তুলিবলৈ আগ্ৰহ কৰিলে৷ 'ৰেডী' বুলি কোৱাৰ লগে লগে হাত দুখন আকাশলৈ প্ৰসাৰিত কৰি দিলোঁ৷ বডী লেংগুৱেজত বিৰাট শৃংগ জয়ৰ ভাব! নহয়নো কি? শিখৰ এটাত উঠি আছোঁৱেইচোন আমি৷ মূৰৰ ওপৰত গোমা আকাশ৷ প্ৰত্যাহ্বান মূৰ পাতি লৈছোঁ৷ কষ্ট যথেষ্ট হৈছে৷ হলেও স্ফূৰ্তি কৰিবলৈ হলে নেৰিলোঁ৷ কুঁৱলীয়ে ঢকা চৌপাশলৈ চাই আনন্দ ল'লোঁ৷ তলৰ পৰা ফোঁপাই-জোপাই উঠি অহাৰ পাছত প্ৰকৃতিস্থ হোৱাৰ বাবে এনেহেন জেগা এটুকুৰা লাগেই৷ 'জিৰণী ঘৰটো ঠিক ঠাইতে সাজি দিছে দেই৷' দাদা আৰু মোৰ মত মিলিল৷

অৰণ্যৰ অন্তেষপুৰৰ পৰা ওলাই অহা ট্ৰেকটো সৌডোখৰতে তিনিআলি এটাত বিলীন হোৱা দেখা গৈছে৷ আগলৈ Way to Dzükou লিখা অন্য এখন ফলকো দণ্ডায়মান হৈ আছে চাপৰ উদ্ভিদ কিছুমানৰ মাজত৷ দূৰৰ পৰাই সেইখন ভালকৈ দেখা পাইছোঁ৷ তাৰ মানে এতিয়া আমাৰ ট্ৰেকটো সেইফালে৷ পথ নিৰ্দেশনা আৰু পৰিৱেশটোলৈ চাই ধাৰণা হৈছে যে আগৰ দৰে আৰু উঠিবলৈ নাই চাগৈ৷ বগোৱা কাম সমাপ্ত৷ এতিয়া পাহাৰৰ বুকুৱে বুকুৱে ট্ৰেকিং চলিব অবিৰাম৷ আৰু বুজিলোঁ যে বিশাল উপত্যকা এটা এইডোখৰৰ পৰাই আৰম্ভণি হৈছে৷ আশে-পাশে ফুলি থকা, ঝুক' ভেলীৰ প্ৰৱেশ দ্বাৰত আমাক স্বাগতম জনোৱা বনৰীয়া ফুলবোৰ হেঁপাহেৰে লাৰি-চাৰি চালোঁগৈ৷ ইহঁতক চাবলৈকেতো ইমানখন উঠি আহিলোঁ৷ ঘাম উলিয়ালোঁ৷ কাম-ধাণ্ডা এৰিলোঁ৷ আশা এটা দুৱাৰমুখতে পূৰণ হৈ গ'ল৷ তাৰ বাবে ঈশ্বৰক সহস্ৰ ধন্যবাদ৷

ৰোমাঞ্চকৰ ভূখণ্ড৷ বৰষুণ পৰে, এৰে, পৰে, এনেকুৱা৷ নতুন কৌতূহল মনত লৈ পৰৱৰ্তী খেপটোৰ বাবে খোজ আগ বঢ়াই দিবলৈ সাজু হৈছোঁ৷ ঝুক ভেলী বুলি মাৰি থোৱা কাঁড়ডালৰ মতে সোমাই সোঁৱে ঘূৰি অকণমান উঠিব লাগে৷ বন্ধ কোঠাৰ দুৱাৰ মেলি ধৰাৰ দৰে লাগিল এইটো ঢালত সোমাই পৰাৰ লগে লগে৷ চৌপাশ নিৰীক্ষণ কৰি গৈছোঁ৷ প্ৰকৃতিৰ বক্ষত সম্পূৰ্ণ বেলেগ এখন পৃথিৱী৷ অবিশ্বাস্য, অনাকাংক্ষিত৷ সিফালে বৰ্ষাৰণ্য, এইফালে বাঁহ-অৰণ্য৷ অলপ আগতে ভবাৰ দৰেই ৰেইন ফৰেষ্ট সমাপ্ত৷ ঘাঁহ আৰু বাঁহজাতীয় অৰণ্য আৰম্ভ৷ চাপৰ চাপৰ আৰু ঘন এই উদ্ভিদবোৰ ক'ৰ পৰা কেনেকৈ ইয়ালৈ আহিল? ক'লা হৈ পৰা পাতবিহীন মৰা গছ কিছুমানো আছে অদূৰত৷ সেইবোৰ কেনেকৈ হ'ল? তাৰ বাদে বেলেগ একো নাই৷ সেউজীয়া, কেৱল সেউজীয়া৷ ইমান সেউজীয়া কেনেকৈ?

মূৰৰ ওপৰত বহল আকাশখন৷ বতৰটো আগতকৈ অকণমান মুকলি হৈছে বুলিওনো কওঁ কেনেকৈ, বৰষুণৰ কণিকাবোৰ সৰিবলৈ এৰাই নাই৷ সেইটোৱে পিছে শীতলতা আৰু শিহৰণ আগতকৈ বঢ়াইছেহে দুগুণে৷ ক'লীয়া ডাৱৰবোৰ আঁতৰি যোৱা হ'লে সেউজীয়াৰ বিশালতা কিমান তাক ইয়াৰ পৰাই বুজা গ'লহেঁতেন৷ তথাপি, এতিয়া যি দেখিছোঁ তাতেই অভিভূত হৈছোঁ আমি৷ নিজৰ জীৱন পৰিক্ৰমাত প্ৰকৃতিৰ বক্ষত আজিৰ তাৰিখটো আৰু এই বিশেষ মুহূৰ্তটো নহা পৰ্যন্ত কোনোকালে কোনোফালে দেখা নাই এনেকুৱা আচৰিত দৃশ্য৷ পাহাৰখণ্ডৰ সৈতে কি এক শৈল্পিক স্থিৰচিত্ৰ!  একমাত্ৰ মনৰ কেমেৰাইহে ইয়াৰ অনুভৱ-অনুভূতি, স্মৃতি অকণো হীন-ডেঢ়ি নোহোৱা ৰূপত ধৰি ৰাখিব পাৰে৷ আমাৰ ডিঙিত ওলমি থকা কেমেৰাৰ লেন্সবোৰ সঁচা অৰ্থত অথৰ্ব৷ তাৰ বাবেই চকুকেইটা ঠিক থাকোঁতেই আহিবলগীয়া হয়৷ অনেকেই আহে৷ আমিও আহিছোঁ অগ্ৰগামীসকলৰ পদাংক অনুসৰণ কৰি৷

কোনোবাই এবাৰ লিখিছিল, 'প্ৰকৃতি আৰু সেউজীয়া, এই দুটাইতো পৃথিৱীৰ পৰম সত্য৷' সেই সত্যৰ মুখামুখি হবলৈকে সৰ্বসময় প্ৰস্তুত থকা হয়৷ ইয়ালৈ আহি মৰতৰ অনন্য ৰূপ এটা এতিয়াই আৱিষ্কাৰ কৰিলোঁ৷ আগত কি আছে? ডাঙৰ প্ৰশ্ন৷ কোনোবাই কয় মৰতৰ স্বৰ্গ, Heaven on Earth কোনোবা কোনোবাই কয় Second Heaven, Awesome Paradise৷ A land beyond imagination হেনো৷ নিজ চকুৰে নেদেখোঁ মানে আমাৰ বাবে সেয়া ৰহস্য৷ এই মুহূৰ্তত সত্য এয়ে যে পদচালনাৰ ওপৰত নিৰ্ভৰ কৰিহে ৰহস্যৰ কপাটবোৰ খোল খাব এখন দুখনকৈ৷ খোজ কাঢ়িব পৰাজনৰ বাবে প্ৰকৃতি সদায়েই উন্মুক্ত৷ তদুপৰি ইমানখিনি আহিলোঁ যেতিয়া এতিয়া যাব নোৱাৰাৰ কথাই নাই৷ আমি যাব ধৰিলোঁ৷



No comments:

Post a Comment