১৭. ঝুক' ভেলী,
প্ৰকৃতিৰ অকৃত্ৰিম দান
‘জীৱনৰ সকলো
দুৰ্ভাবনাক থাউকতে পাহৰাই দিব পৰা প্ৰকৃতিৰ এক বিশাল কোলা ঝুক’ ভেলী৷ মৰততে থকা এইখন এখন সৰগী কানন৷ পৃথিৱীত যদি ক’ৰবাত স্বৰ্গ আছে তেন্তে ইয়াতেই আছে৷’ এই স্থান গৰকা পৰ্যটকে ঝুক’ ভেলী সম্বন্ধে
এনেদৰেই মন্তব্য কৰে৷ উপস্থিত নোহোৱাকৈ অনুভৱ মুঠেই কৰিব নোৱাৰি ইয়াৰ সৌন্দৰ্য কেনে,
ইয়াৰ মোহিনী-শক্তি কিমান৷ বিভিন্নৰঙী ফুলেৰে সুশোভিত উপত্যকাটোৰ প্ৰায় মধ্যদেশত সোণত সুৱগা
চৰায় একে নামৰ জুৰিটোৱে৷ তিনিটাকৈ গুহাও আছে৷ ঝুক’ৰ বতাহত ফুল-ঘাঁহ-বাঁহ, গছ-গছনিবোৰ হালে-জালে সাংগীতিক লয়ত৷
আমাৰ চকুৰ আগত এয়া এক জীয়া বাস্তৱ৷ কম্পিউটাৰৰ কাৰচাজিভৰা
ভুৱা বা নকল চিত্ৰপট নহয়৷ প্ৰকৃতিয়ে পৰ্বতৰ মাজত লুকুৱাই ৰখা এই সঁচাৰূপ চাবলৈকে আমি আহিছোঁ অসমৰ পৰা৷
আহি নতুনকৈ উপলব্ধি কৰিছোঁ সত্য-শিৱ-সুন্দৰৰ৷ সৌন্দৰ্যপিয়াসী মানুহজাকৰ কোনোবা
উঠি আহে ঝাখামাৰ পৰা, কোনোবা উঠে ভিশ্বেমাৰ পৰা, কোনোবা আহে মাওৰ পৰা৷ পুৰুষ হওক,
মহিলা হওক, প্ৰতিজনেই অসামান্য দৈহিক কষ্ট আৰু অসাধাৰণ ত্যাগ স্বীকাৰ কৰিবলগীয়া হয় এইখিনি পাবলৈ৷
অসম-নাগালেণ্ড-মণিপুৰ বা উত্তৰ-পূবতো বাদেই, ভাৰতৰ বিভিন্ন জেগাৰ পৰা এড্ভেন্চাৰপ্ৰেমী, সত্যসন্ধানী ট্ৰেকাৰ্ছ আহে,
বিদেশৰ পৰাও আনকি পৰ্যটক আহে এই বিশেষ থলীক উদ্দেশ্য কৰি৷ নিজ চকুৰে এবাৰ চোৱাৰ প্ৰৱল বাসনা সকলোৰে৷
ইয়ালৈ আহি ৰঙে-ৰসে ভৰা বিশুদ্ধ ৰূপটি চায়, প্ৰকৃতিৰ জয়গান গায়৷ এদিন-এনিশা থাকে, গুচি যায়৷
ইয়ালৈ আহি যি দেখিছোঁ সেয়া সত্য৷ গল্প বা
কল্পকাহিনী নহয়৷ চিনেমাৰ দৃশ্যযে মুঠেই নহয়৷ অসত্য আৰু বাস্তৱহীনতাৰ পয়োভৰ চৰি অহাত
চিনেমা চাবলৈ এৰিলোঁ৷ মিথ্যাচাৰ আৰু মেকিঙৰ উৎপাতত টিভিৰো কাষেই নচপা হ'লোঁ৷ অথচ, সেইবোৰত
যি দেখুৱাই সেয়া বোলে আৰ্ট! সেইবোৰ যদি আৰ্ট তেনেহ’লে এইটোক কি বুলিম, সন্মুখত যিটো সত্যাসত্যে দেখা দি আছে আৰু স্বচক্ষে আমি বহুত মানুহে একেলগে চাই আছোঁ এই মুহূৰ্তত? কষ্টই হওক লাগিলে, আমাৰ দৰে মানুহবোৰ পৰ্দাৰ মিছামিছিবোৰতকৈ এইটো
চোৱাতহে একান্ত আগ্ৰহী৷
টিভি বা চিনেমা হলত দেখুৱা কোনো ডুপ্লিকেট নহয়, অ’ৰিজিনেল লাগে আমাক৷ অ’ৰিজিনেলিটি বিচাৰিয়ে ইয়ালৈ আহিছোঁ আমি ১০জন মানুহ৷ কেৱল আমিয়ে নহয়, আদি-মূল বিচৰা সৌ মানুহমখাও আহিছে ইয়ালৈ৷ ঘৰ্মাক্ত শৰীৰেৰে, দুভৰিত বিষ তুলি হ’লেও এনে লোক আহিছিল, আহি আছে আৰু আহি থাকিব৷ তাতেই ট্ৰেকাৰ্ছ আৰু এড্ভেন্চাৰিষ্টৰ আনন্দ, কষ্টৰ পাছৰ আচল মজাৰ সন্ধান৷ সেই মজা ইয়ালৈ অহা প্ৰত্যেকে পাইছে৷ আসক্তি বাঢ়ি গৈছে অ’ৰিজিনেলৰ প্ৰতি, সত্য-শিৱ-সুন্দৰৰ প্ৰতি৷ বিপুল অভিজ্ঞতা সঞ্চিত হৈছে জীৱনলৈ৷ নিজৰ কাহিনী তৈয়াৰ হৈ গৈছে আপোনা-আপুনি৷ অজানিতভাৱেই প্ৰতিটো ক্ষণতে নিজৰ অভ্যন্তৰৰ পৰা এক ধৰণৰ শক্তি পাই থকা হৈছে৷ অদৃশ্য শক্তিৰ প্ৰকোপত বেমাৰ-আজাৰ পলাই ফাট মাৰিছে৷ এনেস্থলত আমাক আচলতে সেইটোহে লাগে৷ এই স্থানত আমি বা আমাৰ দৰে মানুহে বিচৰা বস্তুটো পাইছোঁ৷ সেয়েহে খুব আনন্দ লাগিছে৷

আজিৰ এই বিশেষ দিনটো সমাপ্ত হোৱাৰ কাউণ্টডাউন ইতিপূৰ্বে আৰম্ভ হৈ গৈছে৷ লক্ষ্য কৰিছোঁ, পোহৰ আগতকৈ কমিল৷ গতিকে যি মন যায় ততালিকে কৰি লোৱা উচিত হ'ব৷ কাইলৈৰ কি ঠিক? বাটে বাটে সেউজীয়াত
অৱগাহন কৰিয়েই আহিছোঁ৷ সেউজীয়াৰ মাজতে মছগুল হৈ আছোঁ৷ তথাপি দেখোন নামনিৰ সীমাহীন সেউজীয়াৰ
বুকুলৈ অকণমান সোমাই যোৱাৰ ইচ্ছা জাগিছে৷ ৰাক্চেক্, শ্লীপিং বে'গ অথনি য’ত থৈছিলোঁ ত'তে এৰি দিলোঁ৷ কেমেৰাটো
ডিঙিত ওলোমালোঁ৷ তললৈ গৈ আছোঁ৷ চেলেং মোৰ আগত৷ সূক্ষ্মতাৰে বিষয়-বস্তু লক্ষ্য কৰে তেওঁ, এডজাষ্টমেণ্ট মিলায়, শ্বাটাৰ টিপে, আগলৈ চায়, এখোজ দুখোজকৈ নামে সাৱধানে৷
মই তেওঁৰ পদাংক অনুসৰণ কৰি আছোঁ৷ আহিলোঁও ভালেখিনি৷ দাঁতি-কাষৰতে ফুল কিছুমানে বতাহত লৰচৰ
কৰি আমাকেই যেন হাঁহি হাঁহি সম্ভাষণ জনাইছে৷ ঝুক’ৱে বুকু মেলি মোহময়ী স্বৰূপ দেখুৱাই থাকোঁতেই পজিছন সলাই সলাই হেঁপাহ পলুৱাই দৃশ্যপট কিছুমান মেম'ৰী কাৰ্ডত বন্দী কৰিলোঁ৷ এনেতে তলৰ পৰা মোলৈ
চাই চেলেঙৰ চিঞৰ, ‘‘আৰু নাহিব দাদা, তেনেই বোকা৷ অসম্ভৱ পিছল হৈ আছে৷’’
ময়ো চিন্তা কৰিলোঁ৷ অত্যুৎসাহ দেখুৱাবৰ কি প্ৰয়োজন? মনোকামনা পূৰ্ণ হৈ গ’লেইচোন৷ তলত কাকো এতিয়া আমাৰ নিচিনাকৈ ঘূৰি ফুৰাও দেখা নাই৷ ৪ বাজি পাৰ হ’ব পায়৷ পৰ্বতত পোহৰ সোনকালে
নাইকিয়া হয় বুলি জনা আছে৷ অলপ পাছতে আন্ধাৰ হ’ব৷ অচিনাকি স্থানত এনে সময়ত ৰিস্ক নোলোৱাই ভাল৷ মনটোক বুজালোঁ৷ উপত্যকাৰ দৃশ্য সদায়
ওপৰৰ পৰা চাব লাগে, স্থিৰ হৈ উপভোগ কৰিব লাগে৷ আৰু ফটোওনো তুলিম কিমান? বিশাল দৃশ্যৰাজি দেখোন
ক্লিক্ কৰি অন্তকে পেলাব নোৱাৰি!
ঝুক’ৰ বুকুৰ মিঠা পৰশ আমি পালোঁ৷ এতিয়া নিশা থকাৰ বিষয়েহে আলোচনা কৰা উচিত৷ অন্ধকাৰে গ্ৰাস কৰাৰ আগতেই সেইটো কথা খাটাং হ’ব লাগিব৷ খুপি খুপি দুয়ো উঠি যাব ধৰিলোঁ৷
ঝুক’ৰ বুকুৰ মিঠা পৰশ আমি পালোঁ৷ এতিয়া নিশা থকাৰ বিষয়েহে আলোচনা কৰা উচিত৷ অন্ধকাৰে গ্ৰাস কৰাৰ আগতেই সেইটো কথা খাটাং হ’ব লাগিব৷ খুপি খুপি দুয়ো উঠি যাব ধৰিলোঁ৷
No comments:
Post a Comment