Saturday, 9 September 2017

.৭. সেইটোৱেইতো এড্‌ভেন্‌চাৰ

হৰ্নবিল উৎসৱৰ থলী কিছামালৈকে মই আগতে আহিছোঁ৷ গতিকে তাৰ আগলি অংশ মোৰ বাবে নতুন৷ সেয়েহে পদে পদে কৌতূহল আৰু বিচিত্ৰ অনুভূতি আৰম্ভ হ'ল৷ ঠিক কিগ্‌ৱেমা পাইছোঁ৷ আমাৰ গাড়ীখনলৈ হঠাতে ৰোৱাৰ বাবে ইংগিত আহিল৷ বৰষুণজাকৰ মাজেৰেই কোনোবা এজন দৌৰি দৌৰি আমাৰফালে আহিছে৷ মোৰ কাষৰ আইনাখনত সজোৰে টুকুৰিয়াই আছে তেওঁ৷ গ্লাছখন নমাই দিলোঁ৷ গাইড দীপমইনা দুৱৰা৷ কলে, ‘‘ইয়াৰ পৰা পৰ্টাৰ এজন যাব৷ আপোনালোকৰ গাড়ীতে বহুৱাই লওকচোন৷ মোৰ গাড়ীত জেগা একেবাৰে নাই৷’’ কোনো কথা নাই বুলি দৰজাখন খুলি দিয়াত লৰাটো উঠি আহিল৷ দৰজা খোলাৰ সুবিধাতে পাহাৰৰ গছ-লতিকাবোৰৰ ওপৰত সৰি থকা বৰষুণৰ ঝৰ-ঝৰ শব্দটোও গাড়ীৰ ভিতৰ সোমালহি৷

‘‘ইমান বৰষুণত যাব পৰা যাবনে?’’ দীপমইনাৰ ফালে চাই অৰুণদাই প্ৰশ্ন তুলিলে৷ মনত বিৰাট সংশয়৷ ভাবটো এনেকুৱা যে কি হ'ব এনেকৈ? চবচোন পণ্ড হ'বলৈ গৈ আছে৷ মিছাতে আহিলোঁ নেকি!

‘‘সেইটোৱেইতো এড্‌ভেন্‌চাৰ্‌৷’’ বৰষুণৰ পৰা বাচিবলৈ টকলা মূৰটো ৰুমালেৰে ঢাকি ৰখা দীপমইনাই মৃদু হাঁহিৰে উত্তৰ দিলে৷ কণ্ঠত দৃঢ়তা৷ বুকুত যিকোনো পৰিস্থিতিকে মোকাবিলা কৰাৰ সাহস৷ শক্তিশালী আটিল শৰীৰ৷ ভিভিয়ান গ্ৰীনৰ বাক্যটো ঘপ্‌কৈ মোৰ মনলৈ আহিল৷ ‘‘জীৱন ধুমুহা পাৰ হৈ যাবলৈ কৰা অপেক্ষা নহয়৷ ই হ'ল বৰষুণতে নৃত্য কৰিবলৈ শিকাটো৷’’ তিতি থাকিয়েই অৰুণদালৈ চাই দীপমইনাই সংযোজন কৰিলে ‘‘ঝুক ভেলীলৈ আহিলে বৰষুণ পাবই৷ নোপোৱাটোেহে বেয়া৷ তেনেকৈয়ে যাব লাগিব আমি৷ এইটোৱেই বেষ্ট চিজন৷ অজস্ৰ বনৰীয়া ফুল দেখা পোৱা যাব৷ বলক, ভাল লাগিব৷’’

ঝুক' ভেলীৰ জলবায়ু সেমেকা আৰু ভাল লগা৷ নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী মাহত প্ৰচুৰ ঠাণ্ডা পৰে৷ তালৈ যোৱাৰ উৎকৃষ্ট সময়টো জুন মাহৰ শেষভাগৰ পৰা জুলাই আৰু আগষ্ট মাহ বুলি ধৰা হয়৷ Dzükou Lily, Siroi Lily, Aconitum, Euphorbia, Multicoloured Rhododendrons, Dwarf Bamboo আদি বনৰীয়া পুষ্পৰে এই সময়ছোৱাত সমস্ত উপত্যকাটো সুশোভিত হৈ থাকে৷ আকৰ্ষণীয় ঠাইখনে প্ৰতিজন আগমনকাৰীকে পোনেই নি আগতে নভবা-নিচিন্তা ধৰণৰ বৰ্ষাৰণ্যৰ মাজত সুমুৱায়৷ থিয় পাহাৰ বগোৱায়৷ শেষত উপস্থিত কৰোৱায় প্ৰকৃতিৰ লাৱণ্যময় শোভাৰ আৱেষ্টনীত৷ কষ্ট নেওচি সাহসেৰে বাট কুৰি বাই আচল দৃশ্য দেখোঁতাই অৱশেষত আনন্দোল্লাসত উৰুলিকৃত হৈ এনেকৈ কবলৈও অকণো কুণ্ঠাবোধ নকৰে যে এয়াচোন মৰ্তৰ নন্দন-কানন! তাকে পাবলৈকে কিছু কষ্ট কৰিবলগীয়া হয়৷ অন্যথা ঘৰত বহি ইউটিউবত আনে আপল'ড কৰা ভিডিঅ', ফে'চবুকত আনে দেখুৱা ফটো চাই থাকিলেই হ'ল৷ কিয়নো আহিব লাগিছে? মই এনেকৈ ভাবিলোঁ৷ মোৰ সেইবিলাকত মুঠেই সন্তুষ্টি নাই৷ বৰষুণ দিয়ক, ধুমুহা আহক, মুঠতে যামেই৷ এৰাত নাই৷

অৰুণদাৰ প্ৰতিক্ৰিয়াটো অৱশ্যে এইবাৰ কেনে হল গম নাপালোঁ৷ একো নকৈ মনে মনে থাকিল৷ বোধ হয় কল্পনাত ডুব গ'ল৷ এনেয়ে হ'লে জন-অৰণ্য নহয়, বন-অৰণ্যৰ সৈতেহে একাত্মতা অনুভৱ কৰে তেওঁ৷ চহৰ-মহানগৰ ভ্ৰমি সমূলি ভাল নাপায়৷ কেৱল লাগে পাহাৰীয়া নিৰ্জনতা, শান্তিময় পৰিৱেশ, প্ৰাণে য'ত তৃপ্তি আৰু সন্তুষ্টি পায়৷ মোৰো একেই৷

বৰদিনৰ সময়ত শেষ ডিচেম্বৰৰ হাড় কপোঁৱা শীতে ছানি ধৰে সমগ্ৰ নগা পাহাৰ৷ বৰষুণ পৰিছে যদিও এতিয়া ঠাণ্ডা ভাবটো কিন্তু তেনেকুৱা নহয়৷ এতিয়াৰ ঠাণ্ডাটো ৰোমাঞ্চকৰ৷ তাৰে সোৱাদ লৈ নগা পাহাৰৰ উন্মুক্ত সেউজীয়া আৰু দুৰ্গম অৰণ্যত সোমাবলৈ নিজে হলে সম্পূৰ্ণ তৈয়াৰ হৈ আহিছোঁ৷ অভ্যাসটো পুৰণিয়ে যদিও প্ৰেকটিচৰ নামত ডিফুৰ পাহাৰীয়া ৰাস্তাত এইকেইদিন কমখন খোজ কঢ়া নাই৷ পিঠিত ৰাক্‌চেক্‌ লৈও অনুশীলন চলিল৷ মুঠতে নগা পাহাৰ বগাব পাৰিবই লাগিব৷ তেহে উপস্থিত হ'ব পাৰিমগৈ সপোন ৰাজ্যত৷ আৰু ভয়-ভীত? আছে৷ দুটা বস্তুলৈ ভয় আছে৷ এন.এছ.চি.এন. আৰু পৰ্বতীয়া জোকলৈ৷ কাৰণ নগা পাহাৰৰ ভিতৰচৰা সিমান মসৃণ নহয় বুলি জানো৷ জলফাইৰঙী যতে-ততে অৱস্থানৰত হৈ থাকিব পাৰে৷ ৰখাব পাৰে, সুধিব পাৰে, ধৰি নিবও পাৰে৷ একো ক'ব নোৱাৰি৷ ইফালে জোকৰ কবলতো পৰিব পাৰোঁ৷ যোৰহাট ফৰেষ্ট ডিভিজনৰ অন্তৰ্গত, মৰিয়নিৰ কাষৰীয়া হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যত জোকৰ কামোৰ খোৱাৰ মোৰ অভিজ্ঞতা আছে গিবন চাবলৈ গৈ৷ গছৰ ওপৰৰ পৰা লমালমে সৰি পৰা আৰু খেদি অহা জোক আমাৰ কাৰবি আংলঙৰ অভ্যন্তৰতো নথকা নহয়৷ গৰমপানী আৰু নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যত ফটাশিল জলপ্ৰপাতলৈ কৰা জাংগল ছাফাৰীৰ লগতে অৰুণাচলৰ হাবিত ফুৰাৰ বনৰীয়া অভিজ্ঞতায়ো নিশ্চয় সাহস যোগাব৷ তাৰ বাদে বৰষুণ-বতাহ-বিজুলী, হাঁচি-কাহ-জ্বৰ, পেট-মূৰ-ভৰিৰ বিষলৈ সমূলি ভয় বা চিন্তা একো নাই লগা৷ ছামাৰ হিল্‌ ট্ৰেকিং এক্সপিডিচনলৈ আহিছোঁ৷ শাৰীৰিক-মানসিক সক্ষমতা আছে বুলি ভাবিয়ে এবাৰ আহ্বান পায়ে একে কোবতে সকলো বাধা-বাহানা ওফৰাই ওলাই আহিছোঁ ঘৰৰ পৰা৷ জীৱনৰ অভিজ্ঞতাৰ জৰিয়তে এইটো জানো যে এনে সুযোগ আৰু সময় বাৰে বাৰে নাহে৷ ঝুক' ভেলীলৈ যোৱাটো সকলোৰে ভাগ্যত নিমিলে বুলিও কোনোবাই কোৱা মনত আছে৷ আমাক আমাৰ ভাগ্যই এইখিনি পোৱাইছেহি তেও৷

ৱাইপাৰেৰে বৰষুণৰ কণিকাবোৰ মচি মচি গাড়ীকেইখন চলি গৈ আছে আগলৈ৷ উঠি আছে, নামি আছে৷ আমাৰ ছুম'খন একেবাৰে আগত৷ ড্ৰাইভাৰজনো বেচ স্মাৰ্ট৷ এইখনক অনুসৰণ কৰিছে জয়ন্তদাহঁত উঠি অহাখনে৷ মাৰুতি ভানখন একেবাৰে পাছত৷ মাজে মাজে মই পাছলৈ চাওঁ, বাকী দুখন আহি আছেনে নাই বুজ লওঁ৷ ৰাস্তাটো ভাল৷ কিন্তু বৰষুণৰ বাবেই হ'ব চাগৈ, বাটত গাড়ী-মটৰ কম লগ পাইছোঁ৷ পাছফালে বহি অহা লৰাটোলৈ চালোঁ৷ বেগটো সাবটি ধৰি মনে মনে আহি আছে৷ নামটো সুধিলোঁ৷ মাৰ্টিন বুলি কলে৷ কম বয়সীয়া আংগামী লৰা৷ কেভিচহঁতৰ দৰে থোলোকা গঠনৰ নহয়৷ ঝুকলৈ আগতে গৈছে বুলি জনালে৷ এই অঞ্চলৰ মানুহ তালৈ গৈ নোপোৱাটোহে আচৰিত কথা৷ মাৰ্টিনৰ সৈতে কথা পাতি নজনাখিনি জনাৰ ইচ্ছা হল মোৰ৷

ভূগোল বা মানচিত্ৰৰ সামান্য জ্ঞান থকা মানুহেও জানে যে ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুখন গাত গা লগা ৰাজ্য নাগালেণ্ড আৰু মণিপুৰ৷ ফুল আৰু মেঘৰ উপত্যকা ঝুকৰ অৱস্থিতি এই দুই ৰাজ্যৰ সীমাত৷ অদৃশ্য সীমান্ত ৰেখা ভেলীটোৰ বুকুৰে গৈছে৷ জাফ্‌পু শিখৰৰ পাছফালে সমুদ্ৰপৃষ্ঠৰ পৰা ২,৪৩৮ মিটাৰ উচ্চতাত আছে সুদৃশ্য উপত্যকাটো৷ উচ্চতা সম্পৰ্কে ভিন ভিন উল্লেখো স্থানবিশেষে লক্ষ্য কৰা যায় পিছে৷ ট্ৰেকিং কৰি ভাল পোৱা নেচাৰেলিষ্ট-এড্‌ভেন্‌চাৰিষ্টৰ বাবে এইখন এখন আদৰ্শ ঠাই৷ অঞ্চলটোৰ ভিতৰতে প্ৰধান আকৰ্ষণ হৈ পৰিছে ঝুক ভেলী ট্ৰেকিং৷ দিনক দিনে বাঢ়িছে মানুহৰ আগ্ৰহ আৰু আগমন৷ জান-জুৰি, উপত্যকা আৰু পৰ্বতমালাৰ দৰ্শনেৰে আৰম্ভণিৰে পৰা শেষলৈকে ট্ৰেইলটো প্ৰাকৃতিকভাৱে অতিশয় সমৃদ্ধ৷

কেইবাটাও স্বেচ্ছাসেৱী সংগঠন আৰু এড্‌ভেন্‌চাৰ ট্যুৰ অপাৰেটৰে ঝুক উপত্যকালৈ সময়ে সময়ে ট্ৰেকিং-কেম্পিং অভিযানৰ আয়োজন কৰি আহিছে৷ ইচ্ছুক লোকক আগ বঢ়াই নিবলৈ তেওঁলোক সদায়ে উন্মুখ হৈ থাকে৷ মাৰ্চ মাহৰ শেষভাগৰ পৰা নৱেম্বৰ মাহৰ শেষলৈকে ৰুটিনমাফিক দিন ধাৰ্য কৰা হয়৷ অকোৱা-পকোৱা ৰাস্তাৰে কহিমাৰ পৰা ট্ৰেক পইণ্টলৈ ড্ৰাইভিং কৰাটোও অন্য এক ৰোমাঞ্চকৰ কাৰ্যসূচী৷ খৰখোজেৰে একেদিনাই গৈ আহিব পাৰি যদিও যাদুকৰী অৱস্থানটো ভালকৈ পৰিদৰ্শন আৰু উপভোগ কৰিবলৈ হ'লে কমপক্ষেও দুটা দিন হাতত লোৱাটো প্ৰয়োজন৷ অন্ততঃ এনিশা ঝুক'ৰ বুকুত কটাব পৰাটো জীৱনকালৰ বাবে আনন্দ উদ্ৰেককাৰক এটা বিচিত্ৰধৰ্মী অভিজ্ঞতা৷ আনহাতে খোজৰ গতিৰ ওপৰত নিৰ্ভৰ কৰি ট্ৰেকিঙত লগা সময় গণনাৰ ক্ষেত্ৰত পৰ্যটক মাত্ৰৰেই তাৰতম্য হোৱাটো স্বাভাৱিক৷ গতিকে খোজ আৰম্ভ কৰি কেই ঘণ্টাত গৈ পাব তাক খাটাংকৈ কোৱা নাযায়৷ আমি আশা কৰিছোঁ আমাৰ দলৰ সদস্যসকলৰ গতি আৰু শক্তি অটুট থাকিব আৰু ঠিকে ঠিকে গৈ পাম৷ বৰষুণে যাতে আগলৈ একো বিঘিনি নঘটায় অৰুণদাই চাগৈ মনে মনে এতিয়া হেম্ফু-মুক্ৰাং-ৰাছিনজাক আৱেদন জনাই গৈ আছে৷ এবাৰ তেওঁৰ মুখলৈ চাওঁতে চকু দুটা মুদি থকা যেন দেখিলোঁ৷

বাহিৰৰ পৰা অহা বেছিভাগ ট্ৰেকাৰেই আমাৰ নিচিনাকৈ পোনতে হাইৱেৰে যাত্ৰা কৰি নাগালেণ্ড-মণিপুৰ সীমান্তৱৰ্তী গাঁও ভিশ্বেমাত উপস্থিত হয়৷ তাৰ পৰা পাহাৰীয়া পথেৰে পদচালনা আৰম্ভ কৰে৷ ভিশ্বেমাৰ পৰা উপত্যকাটোলৈ ট্ৰেকিং দূৰত্ব প্ৰায় ১৭ কিলমিটাৰ৷ পথটো দীঘলীয়া যদিও কম কষ্টকৰ৷ তাৰে আকৌ আৰম্ভণিৰ শিলগুটি দিয়া প্ৰায় ৫ কিলমিটাৰ ৰাস্তা ইচ্ছা কৰিলে গাড়ীৰে আগুৱাব পাৰি৷ বৰষুণ দি থকাত আমাৰ গাড়ীকেইখন অন্তিম বিন্দুলৈকে উঠি যাবনে নাই সন্দেহ আছে৷ কেবিন্যুক সোধাত 'ৰ'দ কণ্ডিচন কি ৰকম আছে নাজানে অ'! যাইচে ক'লে ত' যাবলে আছে৷ নাযায় ক'লে ত' বহিব৷ আপুনিখান যাব' বুলিহে উত্তৰ দিলে৷ তাৰ কথাত কিবা যেন ৰহস্যৰ গোন্ধ পালোঁ মই! পাছতহে জানিলোঁ, সেয়া আচলতে তাৰ ৰসিকতাহে আছিল৷

ট্ৰেক পইণ্টৰ পৰা প্ৰায় ৫০-৭০ ডিগ্ৰী থিয় পাহাৰত ২ কিল'মিটাৰমান আৰোহণ কৰাৰ পাছত শিখৰ এটাত উপস্থিত হোৱা যায়৷ তাৰ পৰা উপত্যকাটোৰ এঢলীয়া গাৰে আগলৈ পদযাত্ৰা চলে৷ আৰম্ভণিৰ পৰা কেইঘণ্টামানৰ হাইকিঙৰ অন্ততে পোৱা যায় ঝুক ভেলীৰ আমেজ৷ খোজৰ শেষত দৃষ্টিগোচৰ হয় প্ৰকৃতিৰ এক অবিশ্বাস্য গাঁথনি, প্ৰথম দৰ্শনতে যি প্ৰত্যেকৰে মনত আশ্চৰ্য আৰু উপৰ্যুপৰি প্ৰশ্ন কিছুমান উদয় কৰে৷ আমাৰ মনত এতিয়াই দেখােন অলেখ প্ৰশ্ন জাগিছে! কেতিয়া পাওঁ কেতিয়া পাওঁ লাগিছে৷ নিশাটো উপত্যকাতে কটাই পাছদিনাখন ওভতনি যাত্ৰা৷ বেলেগ এটা পথেৰে প্ৰায় ১৫ কিল'মিটাৰ বেক্‌ ট্ৰেকিঙেৰে নাগালেণ্ডৰে অন্য এখন গাঁও ঝাখামাত উপস্থিত হোৱা যায়৷ সেই বাটে আকৌ এই হাইৱে'টোলৈ ওলাই আহিব পাৰি৷

আমিও এই পন্থাটোকে লৈছোঁ৷ প্ৰস্তুতি কালতে অৱস্থানবোৰ উকা কাগজত অাঁকি-বাকি বুজিবৰ চেষ্টা কৰিছিলোঁ৷ আনহাতে, ঝাখামা গাঁৱৰ ট্ৰেইলটোৰেও আৰোহণ কৰিব পাৰি৷ কিন্তু বৰ থিয়৷ সেই ফালেৰে গলে মানুহে শিল পাৰি পাৰি নিৰ্মাণ কৰা প্ৰায় ৬,৪০০টা খট্‌খটিৰে কমেও ৫ কিলমিটাৰমান একেৰাহে উঠিব লগা হয়৷ সময় কম লাগে যদিও বাটটো বেছি কষ্টকৰ৷ ঝুক' ভেলীৰ সমস্ত ট্ৰেকটোৰ ২০ শতাংশই পিছল খটখটিৰে ভৰা৷ ওপৰত বতাহৰ বেগ প্ৰতি ঘণ্টাত ২.২০ৰ পৰা ৪.২৭ কিল'মিটাৰ৷ উষ্ণতা এতিয়া ১৬ ডিগ্ৰীমান থাকিব৷ এক্সপ্ল'ৰাৰ এণ্ড এড্‌ভেন্‌চাৰৰ পৰা দিয়া মেইলত কথাবোৰ আমাক জনাইছে৷ আমাৰ ক্ষেত্ৰত ভিশ্বেমাৰে উঠি ঝাখামাৰে নামি অহাটো চূড়ান্ত কৰা হৈছে৷ আপ্‌ হিল ভিশ্বেমা, ডাউন হিল ঝাখামা৷ এতিয়া দলে অনুসৰণ কৰাহে কথা৷ আগত কি হয় নাজানো যদিও ভালেই পালোঁ যে একেটা ট্ৰিপতে দুয়োটা ট্ৰেইলেই আমাৰ স্পৰ্শ, দৰ্শন আৰু অধ্যয়ন কৰা হৈ যাব৷ এই কথাটোৱে উৎসাহটো শতগুণে বঢ়াই তুলিছে মোৰ৷

নাগালেণ্ডৰ চুবুৰীয়া ৰাজ্য মণিপুৰৰ ফালৰ পৰাও ঝুক ভেলীলৈ যাব পাৰি৷ সেনাপতি জিলাৰ মাও (Mao Gate)ৰ পৰা তালৈ নতুন ট্ৰেক্‌ এটা আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল ২০১৫ চনৰ ৪ এপ্ৰিল তাৰিখ সোমবাৰে৷ পৰ্বতাৰোহণ সংস্থাটোৰ দ্বিতীয় খেপৰ ৭৩তম যুটীয়া দুঃসাহসিক কাৰ্যসূচীৰ সময়তে উক্ত পথটো উদ্বোধন কৰা হৈছিল৷ সেইটো বাটেৰে Mount Isüত থকা মণিপুৰ মাউণ্টেনিয়াৰিং এণ্ড ট্ৰেকিং এছচিয়েচন (MMTA)ৰ বেছ কেম্পৰ পৰা ঝুক ভেলী পাবলৈ ৫-৬ ঘণ্টামান সময় লাগে৷ অৰুণদাই এদিন কোৱা মনত পৰিছে, ডিফুত থকা তেওঁৰ সম্পৰ্কীয় এভাৰেষ্টাৰ খৰছিং তেৰাঙে ঝুক ভেলীত কঠোৰ অনুশীলন চলাইছিল৷ তেওঁলোকে মণিপুৰৰ ফালৰ পৰা উঠা-নমা কৰিছিল৷ সেই অনুশীলনে তেওঁক পৃথিৱীৰ সৰ্বোচ্চ শিখৰলৈ উঠাত যথেষ্ট সহায় কৰিলে৷ এইটো যাত্ৰাৰ পূৰ্বে আমি অলৈ-ত'লৈ ট্ৰেকিঙত যাওঁতে নিয়াৰ দৰে অৰূপদাই এইবাৰো খৰছিঙৰ পৰা ৰাক্‌চেক এটা আৰু ৱাকিং ষ্টিক এডাল লৈ আহিছে, নগা পাহাৰ বগাবলৈ৷


No comments:

Post a Comment