Friday, 25 August 2017

৩২. সুবীৰৰ নাসিকাগৰ্জন

বিশিষ্ট ব্ৰিটিছ ব্যংগ ঔপন্যাসিক Anthony Burgessৰ কথা এষাৰ আছে৷ ''হাঁহক, জগতখনে আপোনাৰ সৈতে হাঁহিব; ঘোৰ্ঘোৰাওক, আপুনি অকলেই শুব লাগিব৷''

কোঠাৰ ভিতৰত শোৱা কোনোবা এজন সংগীৰো যদি ৰাতি নাক বজা স্বভাৱটো থাকে তেন্তে বাকীসকলৰ অৱস্থা কেনেকুৱা হয় তাৰ বৰ্ণনা অভিজ্ঞতাপুষ্টসকলে খুব ভালকৈ দিব পাৰিব৷ খনমালৈ আহি এইটো অভিজ্ঞতাই জীৱনলৈ মোকো বাৰুকৈয়ে পুষ্ট কৰি তুলিলে৷ এজনৰ সমস্যাৰ কাৰণে আনৰ নিদ্ৰাসুখত ইমানেই ব্যাঘাত জন্মে যে নিশাৰ টোপনি হেৰুৱাই অশান্তিত ছট্‌ফটাবলগীয়া হয়৷ আৰু আজি কাৰ্যতঃ সেইটোৱেই হ'ল অৰুণদা আৰু মোৰ৷ কি সুন্দৰভাৱে অলপ আগলৈকে খনমা, ঝুক' ভেলীৰ পৰা Pieter Steynৰ 'Zapuphizo, Voice of the Nagas'ক সামৰি বিশাল আয়তনৰ জ্ঞানগৰ্ভ আলোচনা কিছুমানত বুৰ গৈ আছিলোঁ, পাহাৰীয়া ৰঙা চাউলেৰে ভাতকেইটা খাইছিলোঁ, আৰু এতিয়া এই নিৰ্মম অশান্তি!

ৰূমমেট সুবীৰ অশান্তিকৰ হৈ পৰিল৷ পোনপটীয়া কাৰণটো হ'লগৈ সুবীৰৰ নাসিকাগৰ্জন৷ সচৰাচৰ মানুহেই জানে যে শব্দ প্ৰাবল্যৰ একক হৈছে ডেচিবেল৷ বিজ্ঞানী-গৱেষকৰ জোখমতে নাকৰ ঘোৰ্ঘোৰণিৰ শব্দ ৬০ৰ পৰা ৯০ ডেচিবেল পৰ্যন্ত হ'ব পাৰে৷ অৰ্থাৎ সাধাৰণ কথা পতা শব্দৰ পৰা চলন্ত ডিজেল ট্ৰাক বা ৰে'লৰ আৱাজৰ সমান৷ কোনো গহীন স্বাস্থ্যগত বিষয় নহয় যদিও এই শব্দমালা বৰ অস্বস্তিদায়ক৷ ৰাতিটো আগুৱাইছে মানে সুবীৰো আমাৰ বাবে চূড়ান্ত অশান্তিদায়ক হৈ উঠিল৷

শুই থাকোঁতে উশাহত গ্ৰহণ কৰা বায়ুৰ প্ৰৱেশত আংশিকভাৱে বাধা পৰাৰ ফলত সৃষ্টি হোৱা শব্দটো শুনিবলৈ একেবাৰে ভাল নলগা বিধৰ৷ জিভা, কোমল তালু, তালুমূল, এডেনয়ড, আলজিভা আদি কোমল অংশৰ মাজেৰে মুখৰ ভিতৰলৈ বতাহ প্ৰৱেশ কৰোঁতে আমাৰ ঘোৰ্ঘোৰণি সঁজুলিবোৰত কম্পন উঠে৷ ওলমা বা শিথিল কলাবোৰৰ কম্পনৰ ফলত শব্দৰ সৃষ্টি হয়৷ পেশীৰ দুৰ্বল গঠন বা ডিঙিৰ চৌপাশৰ অতিৰিক্ত মেদ বা ওজনে ওপৰ অংশৰ বায়ু সোমোৱা পথ ঠেক কৰাৰ ফলতো শব্দটো বিকট হ'ব পৰে৷ কেতিয়াবা লেলেটিয়া ছাইনাছৰ সমস্যা বা আন শ্বাস-প্ৰশ্বাসজনিত অসুখ থাকিলেও অদ্ভুত শব্দ উঠিব পাৰে৷ কিন্তু সৰহভাগ মানুহৰ ক্ষেত্ৰত কোনো বিশেষ কাৰণ নোহোৱাকৈয়ে কেৱল উশাহ-নিশাহ লোৱাৰ বেয়া অভ্যাসৰ বাবেই নাসিকাগৰ্জনৰ সৃষ্টি হয়৷

সুবীৰৰ ক্ষেত্ৰত কাৰণটো কি হ'ব নাজানাে৷ আমাক চিন্তাত পেলাই সি মজাসে নাক বজাই বজাই শুই আছে৷ অৰুণদা আৰু মই বিছনাত বহি লৈ মধ্যৰাতিৰ আলোচনা-চক্ৰ আয়োজন কৰিছোঁ৷ কিতাপৰ পৃষ্ঠালৈ মনত পেলাইছোঁ৷ বিষয়-বস্তু হৈছে দুয়োৰে বিছনা দুখনৰ মাজত অবিৰামভাৱে চলি থকা তৃতীয় ব্যক্তিজনৰ নাসিকাৰ শাস্তিদায়ক আৱাজ৷ চিন্তা কৰিছোঁ, দুয়োজনৰে পৰিত্ৰাণৰ উপায় কি হ'ব এতিয়া? আমি শুব পাৰিমনে? নে এনেকৈয়ে ৰাতি পুৱাব? তিনিজনৰ এজনেহে শুব নেকি! হাঁহিও উঠিছে, খঙো উঠিছে৷

মদ্যপান, ধুমপান, মেদবহুলতা, জড়তা বা এলেহুৱা স্বভাৱ আদিয়ে নাকৰ ঘোৰ্ঘোৰণিৰ সৃষ্টি কৰাত সহায় কৰাৰ উপৰি ইয়াৰ মাত্ৰা বঢ়ায়৷ এলকহলে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ ওপৰত অৱসাদজনক প্ৰভাৱ পেলায়৷ ফলত পেশীবোৰ শিথিল হৈ টোপনিত বায়ুৰ প্ৰৱেশপথ ঠেক হৈ পৰে৷ ফলস্বৰূপে শব্দৰ সৃষ্টি হ'ব পাৰে৷ ধুমপানৰ ফলত ডিঙিৰ কলাবোৰ ফুলি উঠে৷ ফলত নাকৰ বায়ুপথ বন্ধ হৈ পৰে৷ ফলস্বৰূপে শব্দৰ উদ্ভৱ হ'ব পাৰে৷ সুবীৰৰ ক্ষেত্ৰত বেমাৰটো কোনটো? ধৰাৰ সাধ্য আমাৰ নাই৷ আমি চিকিৎসকো নহওঁ, ৰোগীও নহওঁ৷

ঘোৰ্ঘোৰণি নিৰাময়ৰ কোনো সহজ চিকিৎসা নাই বুলি কোৱা হয়৷ কেতবোৰ উপায়েৰে কমাইহে ৰাখিব পৰা যায়৷ আমাকো তুৰন্তে উপায় এটা লাগে৷ শোৱাৰ অৱস্থিতিৰ লগত ঘোৰ্ঘোৱাৰ সম্পৰ্ক থাকে হেনো৷ পিঠিখন তললৈ দি ওপৰমুৱাকৈ শোৱা মানুহে ডাঙৰ শব্দ কৰি ঘোৰ্ঘোৰায়৷ পিঠি তললৈ দি শুলে জিভা আৰু দাঁতৰ আলুৰ পেশী শিথিল হৈ মুখ মেল খায় আৰু জিভা পিছলৈ ঘূৰ খায়৷ তাৰ ফলতো কম্পন উঠে৷ ঘোৰ্ঘোৰণি ক্রমে বেছি হ'ব ধৰিলে উশাহ লোৱাত অসুবিধা হয়৷ তেতিয়া ব্যক্তিজন নিজে নিজে সাৰ পাই উঠে৷ তেতিয়া ভালদৰে উশাহ-নিশাহ লৈ তেওঁ শোৱাৰ অৱস্থানটো ঠিক কৰি লয় আৰু পুনৰ শুই পৰে৷ আনহাতে, কাতি হৈ শুলে জিভাখন সঠিক অৱস্থানত থাকে আৰু ঘোৰ্ঘোৰণিৰ মাত্ৰাও ভালেখিনি কমি থাকে৷ একেৰাহে বাজি থকা সুবীৰলৈ চাই আছোঁ, কেতিয়ানো নিজে নিজে সাৰ পাই উঠিব বুলি৷ পিছে নাই, ইঞ্জিন চালুৱে হৈ আছে৷ অলপমান সকাহ পাবলৈকে কাতি কৰিব পাৰি নেকি চালোঁ, নাই লৰাবকে নোৱাৰোঁ৷

ঘোৰ্ঘোৰণিৰ পৰা ৰক্ষাৰ অৰ্থে শব্দ প্ৰতিৰোধী বিশেষ ধৰণৰ গাৰু, দাঁতৰ পাৰিৰ তলৰ অংশত লগোৱা বস্তু, ৰেকৰ্ডাৰ আদিকে ধৰি কেতবোৰ যান্ত্ৰিক ব্যৱস্থা বজাৰত নোলাৱা নহয়, ওলাইছে হেনো৷ কিন্তু সেইবোৰ ব্যৱহাৰ কৰাতো অসুবিধা আৰু টোপনিতো ব্যাঘাত জন্মায়৷ ঘোৰ্ঘোৰণি নিয়ন্ত্ৰণ কৰিবলৈ আলজিভা, তালু আৰু গ্ৰসনীৰ অস্ত্ৰোপচাৰ, ৰেডিঅ'-কম্পনাংক অপসাৰণ আদি আছে যদিও পাৰ্শ্বক্রিয়া থকাৰ বাবে সেইবোৰৰ ব্যৱহাৰো সীমিত৷ পিছে আমাৰ এইজনতো নিজেই মেডিকেলৰ মানুহ৷ একো ভবা নাইনে? পত্নীয়ে কোৱা নাইনে? সুবীৰৰ পত্নীৰ বাৰু কি দশা হয়? নে তেওঁৰো সমানেই চলে? ঘোৰ্ঘোৰণিৰ উত্তৰ ঘোৰ্ঘোৰণিয়েই হয়তো হ'ব পাৰে৷

সুবীৰৰ নাসিকাগৰ্জনৰ তীব্ৰতাই অৰুণদা আৰু মোক বেছ দুৰ্ভোগ ভোগাইছে৷ ফাৰ্মাচিষ্ট হৈও তেওঁ ইয়াৰ নিৰাময়ৰ চিন্তা তিলমাত্ৰও নকৰা যেন লাগিল৷ আগতে জনা হ'লে আমি ব্যৱস্থা বেলেগ কৰিলোঁহেঁতেন৷ পিছে সেই সময় কেতিয়াবাতে উকলিল৷ সদ্যহতে কাণত ঠিলা দিয়াৰহে উপক্ৰম ঘটিছে৷ কেইবাবাৰো উঠা-বহা কৰি থাকি অস্বস্তি লগাত সুবীৰৰ গাৰুটো টান মাৰি উলিয়াই দিলোঁ৷ অলপ সময়ৰ বাবে পৰিৱেশটো শান্ত হ'ল যদিও বেছি সময় নিটিকিল, আকৌ বাজিল৷ দ্বিতীয় প্ৰচেষ্টা হিচাপে গাৰুটো মুখৰ ওপৰত বহুৱাই ৰাখিলোঁ৷ একেই কথা৷ নগণ্য বিৰতিতে শব্দমালা আকৌ উদ্ভৱ হ'ল৷ ৰূমমেটৰ অৱস্থাক লৈ অৰুণদা আৰু মই মধ্যৰাতিও ডাঙৰ ডাঙৰকৈ কথা পাতিলোঁ৷ খুবমতে হাঁহিলোঁও৷ বাকী কোঠাৰ বন্ধুসকলে Kiphoত কি নাটক চলি আছে গম পাইছে যদিও নাজানো৷ সুবীৰে হ'লে সাৰ নাপালে৷ নাক বজাই বজাই শুয়ে থাকিল আৰু আমাক উজাগৰে থাকিবলৈ বাধ্য কৰালে৷ শেষত সিদ্ধান্ত ল'লোঁ যে এয়াই আৰম্ভণি, এয়াই শেষ৷ এইজন দাগী ট্ৰেভেলাৰৰ সৈতে ৰূমমেট আৰু কেতিয়াও হোৱাত নাই৷ বেয়া পালেও ক'ম যে এনেকুৱা নিনাদগ্ৰস্ত নৈশসংগী বৰ আহুকলীয়া, বিশেষকৈ যাত্ৰাকালত৷


No comments:

Post a Comment