১৮. ৰাষ্ট্ৰীয় ঘাইপথ এৰি খনমালৈ…
নগা পাহাৰৰ বক্ষত অকোৱা-পকোৱা বাটেৰে চাচু ঝুব্ঝা এৰি লক্ষ্যস্থান অভিমুখে আমাৰ গাড়ী দুখন অগা-পিছাকৈ চলি গৈ আছে৷ পিছত থৈ অহা ঝুব্ঝাৰ দিশলৈ চলন্ত গাড়ীখনৰ পৰাই এবাৰ ঘূৰি চালোঁ৷ সুখকৰ ভাবনা কিছুমানেৰে মনটো অধিক পৰিমাণে আনন্দিত হৈ উঠিছে৷ অসমৰ ধনশিৰিৰ পৰা নাগালেণ্ডৰ এই স্থানলৈ অনতিপলমে আৰম্ভ হ'ব নতুন ৰে'ল আলি বহুওৱা পৰ্ব৷ বহু বছৰৰ আগতে ধনশিৰিৰ পৰা মণিপুৰৰ কাৰেনলৈ ৰে'লপথ খোলা হ'ব বুলি ওলোৱা প্ৰসংগটোৱেও একেটা সময়তে মনত জুমুৰি দিলেহি৷ সেই সময়ত উক্ত ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সম্ভাৱনীয়তা আৰু ঔচিত্যৰ দিশত গণতান্ত্ৰিক আন্দোলনকাৰী কেতবোৰ মহলৰ বিৰোধী মানসিকতা, অবাঞ্চিত হস্তক্ষেপ আৰু ৰাজনৈতিক হকা-বাধাই প্ৰকল্পটো আজিও হৈ উঠিবলৈ নিদিলে৷ সি যি কি নহওক, এতিয়া ধনশিৰি-ঝুব্ঝা ৰে'লপথ মুকলিৰ দিনটোলৈ ৰাজ্যখনৰ হাজাৰ হাজাৰ জনতাৰ লগতে হৰ্ষোল্লাসেৰে আমিও বাট চাই ৰ'ম৷ ৰে'লেৰে আহিম এদিন ক'হিমালৈ বুলি৷
কেইকিল'মিটাৰমান গৈয়ে টি-জংছনত নুমলীগড়-মোৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটো এৰি আমাৰ গাড়ী সোঁহাতে সোমাল৷ ৰাস্তাটো ঠেক আৰু পাহাৰীয়া৷ গাড়ী দুখন অকাই-পকাই ওপৰলৈ উঠি থাকিল৷ কুঁৱলীয়ে আৱৰা ঠাই এডোখৰ পালোঁগৈ৷ তাতে তিনিআলি এটা ওলাল৷ চাৰিওফালে সৰু-বৰ কাঠৰ কুন্দাৰ অজস্ৰ দ'ম৷ সোঁহাতে ঘূৰি আগত আকৌ এটা তিনিআলি৷ বাঁওহাতে ক'হিমা চায়েন্স কলেজলৈ৷ সোঁফালে খনমালৈ৷ আমাৰ ড্ৰাইভাৰে জনালে… ‘এয়া জৎচমা’৷ 'সেয়া, আকৌ মা!' ড্ৰাইভাৰে ক'বলৈহে পালে, সুবীৰে পুনৰ কৌতুক আৰম্ভ কৰি দিলে৷ ্যজৎচমা...খনমা...ক'হিমা...'

ঘড়ীত সময় ২.৩০৷ ক্ষন্তেক বিৰতিৰ পাছতে আগলৈ যাত্ৰা আৰম্ভ কৰা হ'ল৷ বৰ্ষণমুখৰ পৰিপাৰ্শ্ব৷ পৰ্বতৰ এঢলীয়াত পাইন গছ কিছুমান দেখা পাইছোঁ৷ কুঁৱলীয়ে ঢাকি ধৰাৰ ফলত দূৰলৈ একো দেখা পোৱা নাই৷ সৰু ৰাস্তাটো এনেয়ে মসৃণ যদিও মাজে মাজে ভগা-ছিগা৷ ভূমিস্খলনেও ঠায়ে ঠায়ে ক্ষতি সাধন কৰিছে৷ আগ বাঢ়ি থাকোঁতে সন্মুখলৈ সোঁহাতে এটা ভিউ পইণ্ট আৰু অন্য কিবাকিবি দেখা গ'ল৷ ওচৰ পালত ড্ৰাইভাৰক ৰ'বলৈ ক'লোঁ৷ কি আছে চাওঁ বুলি আমি আটায়ে গাড়ীৰ পৰা নামিলোঁ৷ প্ৰথমেই ভিউ পইণ্টটোলৈ গ'লোঁ৷ তাৰ পৰা বিপৰীত ফালৰ দৃশ্য উপভোগ কৰিব পাৰি৷ ঘন সেউজীয়া গছ-গছনি, কুঁৱলীৰ মাজেৰে ৰিণিকি ৰিণিকি জুৰি এটা আৰু ঘৰ কেইটামান দৃশ্যমান হৈছে৷ নাম নজনা কোনোবা গাঁও হ'ব৷ ভিউ পইণ্টত ঘূৰণীয়াকৈ বহিবলৈ কাঠৰ কুন্দা কিছুমান মুঢ়াৰ ৰূপত শৃংখলিতভাৱে সজাই থোৱা হৈছে৷ দাঁতিতে পাইন গছ এজোপা৷ তাৰ কাষতে প্ৰকাণ্ড শৈল-স্মাৰক এটা৷ ছুম'যাত্ৰীসকলে বিভিন্ন প'জ দি ফটো উঠাত লাগি গৈছে৷ ধীৰ খোজেৰে মই স্মাৰকটোৰ কাষ চাপি গ'লোঁ৷ দেখিয়ে চক্ খোৱাৰ পাল৷ মাৰ্বলৰ প্লেটত খোদাই কৰা আছে… Nagas are not Indians; their territory is not a part of the Indian Union. We shall uphold and defend this unique truth at all costs and always. KHRISANISA SEYIE, First President, Federal Government of Nagaland, 12th July 1956 to 18th February 1959. তাৰ তলতে সৰু ফলক এখন৷ তাত লিখা আছে… Unveiled by Rev. Dr. V. K. Nuh, General Secretary, CNBC, On 28th February 2007.
শৈল-স্মাৰকৰ কাষত দণ্ডায়মান অৱস্থাত খনমা য়ুথ এচোচিয়েচনৰ জাননী এখন৷ সেউজীয়া ব'ৰ্ডখনত সকীয়াই দিয়া হৈছে যে খনমা গাঁৱৰ পৰিসৰৰ ভিতৰত জীৱ-জন্তু চিকাৰ কৰা, মাছ ধৰা, হাবি-জংঘল কটা আৰু জ্বলোৱা, উদ্ভিদ আৰু প্ৰাণী সংগ্ৰহ কৰা, অপ্ৰয়োজনীয় সামগ্ৰী য'তে-ত'তে পেলোৱাৰ উপৰি যিকোনো ধৰণৰ অনিয়ম কঠোৰভাৱে নিষেধ৷ কোনোবাই এনেকুৱা কাম কৰিলে সংগঠনৰ আইনমতে শাস্তি লভিব আৰু জৰিমনা ভৰিব লাগিব৷ একালৰ ধ্বংসকাৰী, এতিয়া সংৰক্ষকৰ ভূমিকাত! ভাল কথাই বাৰু৷ জয়নাল আবেদিনলৈ চাতকৰে মনত পৰিল৷ ডিব্ৰু ছৈখোৱাৰ বেনুদাও ৰত্নাকৰৰ পৰা হোৱা বাল্মিকীহে৷ মুখামুখি হওঁতে নিজমুখেই কৈছিল৷ নগা পাহাৰতো এচাম বাল্মিকীৰ জন্ম হৈছে তেনেহ'লে! জাননীখন পঢ়ি উঠি প্ৰতিক্ৰিয়াটো মোৰ তাৎক্ষণিকভাৱে এনেকুৱাই হ'ল৷
কেইখোজমান আগলৈ ৱেষ্টাৰ্ন আংগামী ৱ'মেন অৰ্গেনাইজেশ্বনৰ ফ্লাৱাৰ আইলে'ট্৷ খনমাৰ গ্ৰীণ ভিলেজ প্ৰজেক্টৰ অন্তৰ্গত পেৰেনমুখী এই বাটটোৰ সোঁকাষে পুষ্প কাননখন গঢ়ি তোলা হৈছে৷ বিভিন্ন ধৰণৰ ফুল ৰোপণ কৰা হৈছে৷ খনমাত ফুল ভাল হয় বুলি শুনিছোঁ৷ অঞ্চলটোৰ জলবায়ু ফুলৰ উপযোগী৷ তাৰে এতিয়া ইংগিত এটা পালোঁ৷ গৈ আছোঁ, পালেগৈ সঁচাৰূপ দেখা পাম বাৰু৷ Gaultheria নামৰ ফুলবিধৰ পৰাই খনমা নামটো হৈছে৷ স্থানীয় নাম Khwunyu৷

তাৰ পৰা অকণমান আগলৈ আকৌ এটা স্মাৰক দেখা পাই আছোঁ৷ ৰাস্তাটোৰ দাঁতিতে ইটাৰে সজা ওখ ভেটিৰ ওপৰত পকী স্মাৰকটোৰ অৱস্থান৷ আমাৰ হাতত সময় তাকৰ৷ সেয়ে যিয়ে য'ত যেনেকৈ আছিল বাকীসকলক তাতে এৰি খৰধৰকৈ মই সেইখিনিলৈ আগুৱাই আহিলোঁ৷ হাতত উদ্যত কেমেৰা৷ লোৰ গে'টৰ ওপৰেদি হাইজাম্প মাৰি আৰামছে পাৰ হৈ গ'লোঁ৷ তাৰ পাছত ষ্টেপ বগাই স্মাৰকটো অকলেই এপাক প্ৰদক্ষিণ কৰিলোঁ৷ তালৈ এফালেৰে উঠি আনফালেৰে নামিব পাৰি৷ ভেটিটোৰ ঠিক সোঁমাজত প্ৰতিষ্ঠা কৰা হৈছে বৰ্গাকৃতিৰ আৰ.চি.চি. স্তম্ভ এটা৷ স্তম্ভটোৰ এপিঠিত খোদিত আছে… General Mowu Gwizantsu, Commandar-in-Chief, Naga Army, Born : 1930, Died : August 6, 2003. আৰু লিখা আছে... This monument commemorates a daring soldier who fought with legendary courage, endurance and selflessness. Khonoma gratefully remembers him and the dountless men he led in far-flung battles to defend the right of their people as a nation.
তলত লগালগিকৈ দীঘলীয়া ধৰণৰ অন্য এখন ফলক৷ তাত লিখা আছে… Unveiled by Rev. Yankey Patton, First Chaplain, FGN, 9th April, 2011. স্তম্ভটোৰ আন এপিঠিত আছে… Record of service, 1959 : Became President of Angami region, Naga National Council, 1959 : Made Major General, Commander of Southern Command, Naga Home Guards, 1964 : Appointed Commander-in-Chief, Naga Army. অন্য এপিঠিত পঢ়িবলৈ পালোঁ… In pursuit of the cause of the Nagas Mowu Gwizantsu walked with other Naga fighters to Bangladesh, Burma and People's Republic of China. He visited 13 other nations in Asia, Europe & North America in special missions.

বেঁকা-বেকি বাটেৰে কিছু দূৰত্ব অতিক্রম কৰাৰ পাছতে ৰাস্তাটোৰ ওপৰত Welcome to Khonoma বুলি লিখা কংক্রিটৰ প্ৰকাণ্ড তোৰণ এখন ওলাল৷ 'খনমা গে'ট্' বুলি জনাজাত এই প্ৰৱেশদ্বাৰত ৰোৱাৰ খুব ইচ্ছা আছিল৷ পিছে নহ'ল৷ অল্ট' চলি গৈ থাকিল ছুম'ৰ পিছ খেদি৷ ইণ্টাৰনে'টত খনমাৰ বিষয়ে পঢ়িবলৈ লৈ এই তোৰণখন ভালেমানবাৰ চাইছিলোঁ৷ এতিয়া চকুৰ আগত দেখাও পালোঁ৷ অথচ ৰোৱাহে নহ'ল৷ তেনে হোৱাত মনটো গধুৰ লাগিল৷ এনে লাগিল, কিবা এটা যেন বাদ পৰিল৷ ভাবি থ'লোঁ যে ঘূৰি আহোঁতে যেনেতেনে এইডোখৰত নামিবই লাগিব৷ নহ'লে গোটেই যাত্ৰাটোৱেই বৃথা৷ আনহাতে গে'ট্খন দেখি বুজিবলৈ অকণো অসুবিধা নহ'ল যে খনমা এলেকাত প্ৰৱেশ কৰিছোঁহি আমি৷ এই স্বাগতম তোৰণখনৰ এটা বিশেষত্ব আছে বুলি ইতিমধ্যে জানিবলৈ পাইছিলোঁ৷ সেইটো হ'ল, গে'ট্খন অতিক্রম কৰাৰ পাছতহে আংগামী বসতিপ্ৰধান পাহাৰীয়া গাঁওখনে এইফালে অহা মানুহৰ চকুত ধৰা দিয়ে৷ অন্যথা খনমাৰ দৃশ্যাৱলী দেখা পোৱাটো মুঠেই সম্ভৱ নহয়৷ সেইটো পৰীক্ষা কৰিম বুলি মনে মনে ভাবি থৈছিলোঁ, কিন্তু নহ'লগৈ৷ গাড়ীখন কোবত উঠি গ'ল আৰু কেঁকুৰিটো ঘূৰিল৷ অদূৰত উজলি উঠিল খনমাখন৷ অৱধাৰিতভাৱে দেহৰ ভিতৰতো জাগি উঠিল নতুন শিহৰণ৷
No comments:
Post a Comment