Friday, 25 August 2017

৩১. খনমাৰ নিশাটি

মনটোক দমাই ৰাখিব নোৱাৰিলোঁ আৰু অতিথিশালাৰ মূল দৰজাখন মেলি অকলেই ওলাই আকাশখন চালোঁগৈ এবাৰ৷ চৌপাশলৈও চালোঁ৷ খনমাই নিঃপালি দিলে৷ কেনিও সাৰি-শব্দ নাই৷ বাহিৰত ঠাণ্ডা৷ পাহাৰীয়া মানুহৰ সময় পৰিচালনা আমাৰ লগত নিমিলে৷ নিশা চাৰে ছয়মান বজাৰ ভিতৰত নৈশ আহাৰ হৈ যায় সকলোৰে৷ খনমাতো একেটাই কথা৷ খট্‌খটিৰ ওপৰেৰে দেখি থকা দূৰৈৰ বিজুলী চাকিবিলাকে ঠাইডোখৰৰ শান্তিপূৰ্ণ অৱস্থিতিৰ কথাকে যেন ঘোষণা কৰিছে৷ আকাশখন পিছে মুকলি নহয়৷ বৰষুণ পৰিব৷ পুৱাতে ইফালে ক'হিমালৈ যাব লাগিব৷ নাজানো বতৰে কি বিহু দেখুৱায়৷ বতৰৰ অচিলা লৈ খনমাবাসী সকলোটি শুই পৰিছে চাগৈ৷ ব্যতিক্রম মাথো এনে ৰুটিনৰ সৈতে অভ্যস্ত নোহোৱা আমি পৰ্যটককেইটা৷ তাতে দুপৰীয়াৰ ভাত যথেষ্ট পলমকৈ খোৱা হৈছে৷ গতিকে অন্ততঃ ১০ বাজক বুলি ৰৈ আছোঁ৷

Kipho ৰূমৰ আড্ডাটো সৰৱ হৈ উঠাৰ পথত৷ কথা ওলাইছে ফিজো, এন.এছ.চি.এন.ৰ পৰা আৰম্ভ কৰি কাইলৈ ঝুক' ভেলীত ট্ৰেকিং কৰালৈকে৷ নগা জনগণৰ বিদ্ৰোহৰ সৈতে জড়িত কেইবাটাও ঘটনাৰ সৈতে আংগামী নগা আৰু খনমা গাঁওখনৰ নাম ওতপ্ৰোতভাৱে আৰু বিশেষভাৱে সংযুক্ত৷ অৰূপদা আৰু সুবীৰৰ সৈতে শেহতীয়াভাৱে কাষৰ কোঠাৰ পৰা আহি আড্ডাত যোগ দিছেহি ৰাজীৱে৷ তেওঁৰ পূব নাগালেণ্ডৰ অভিজ্ঞতালব্ধ প্ৰসংগৰে মুখৰিত হৈ উঠিছে কোঠাটো৷ সিহঁতৰ ভাগৰ পটেট' চিপ্‌চ খাবলৈ দিয়া হৈছে মোক৷ অৰূপদা অলপ পাছতে ওলাই গল৷ পাকঘৰৰ খবৰ ললেগৈ৷ ডাইনিং ৰূমত শিবু, জন, আখুত'হঁতে হট্‌কেছত ভাত-ভাজি যতনাই টেবুলৰ ওপৰত ৰাখি থৈ কেতিয়াবাই গুচি গৈছে৷ আমি ইফালে লেকচাৰত মছগুল৷ মোক ভাত খাই লবলৈ চিঞৰি কৈ গ'ল অৰূপদাই৷ ''ইহঁতৰ দেৰি হব, তুমি ভাতটো খাই লোৱা দেই৷'' আকৌ এবাৰ তলৰ পৰা ফোনতেই তেওঁ এক প্ৰকাৰ জোৰ কৰিলে মোক৷ তেওঁ জানে, সুবীৰ, ৰাজীৱহঁতৰ পলম হ'ব৷ কথাবোৰ গীত হৈ হৈ উৰিব আৰু অলপ সময়ৰ পাছতে৷ বুজি পাইছোঁ, সিহঁতৰ পাল্লাত পৰি মোৰ যেন পেটৰ কেঁচু-কুমটি নমৰে তাৰ বাবেই জ্যেষ্ঠজনৰ এয়া সাৱধান-বাণী৷

এতিয়ালৈ ভোক নলগা নহয়৷ খোজো কঢ়া হ'ল যথেষ্ট৷ তল-ওপৰ, ওপৰ-তল৷ ৫ কিল'মিটাৰৰ কম নহ'ব বুলি অলপ আগতে এই সদনতে নিশ্চিত হৈছে৷ ভাতমুঠিক উপলক্ষ্য কৰি সভাস্থলী ত্যাগ কৰাৰ ইচ্ছা এটায়ো এতিয়া খুন্দিয়াব ধৰিছে৷ পিছে যি দেখিছোঁ, প্ৰসংগতলীৰ পৰা ওলাই অহাটোহে টানেই হৈ পৰিছে৷ ''আংগামী নগা যেনেকুৱা যোদ্ধা, গীতে-মাতেও চহকী৷ তেওঁলোকৰ গীত-মাতবোৰত কবিত্ব আছে, মাধুৰ্য আছে, সাহিত্যিক উৎকৰ্ষৰ বাবে অন্তৰ্নিহিত বিষয়-বস্তুও আছে৷'' ''কথাটো হয়৷ আমি ঘণ্টাদিয়েক আগতে উপস্থিত হোৱা খনমা গাঁৱৰ আংগামী নগাৰ গান দুশাৰীমান ময়ো অলপ সময়ৰ আগতে এঠাইৰ পৰা সংগ্ৰহ কৰিলোঁ৷ গীতত কৈছে… 'খ্ৰেচাম্যে পোৱ বমে কেন্যে... হেই-হো-হেইহো৷' ভাবাৰ্থটো হেনো এনেকুৱা… দুটি নাৰী-পুৰুষ, কিনো কৰিবা, চিৰন্তন সমস্যা আমাৰ, আনন্দ কৰা, আনন্দ কৰা৷ ৰামধেনুৰ লেখীয়া বিচিত্ৰধৰ্মী আৰু লোক-জীৱনত সমাদৃত এইবোৰ মৌখিক সাহিত্য৷'' এনেকুৱা গভীৰতাৰ পৰা ঘপকৈ উঠি আহোঁনো কেনেকৈ?

আৰু অকণমান সময়৷ তাৰ পাছতে অৰূপদাৰ কথা মানি ৰাজীৱ আৰু সুবীৰক Kiphoতে এৰাৰ সংকল্পটো দৃঢ় কৰি পেলালোঁ৷ শ্লিপাৰযোৰ চোঁচৰাই চোঁচৰাই বিচাৰি উলিয়ালোঁগৈ তলৰ ডাইনিং হলটো৷ অৱশ্যে আশা কৰাতকৈ কম সময়ৰ ভিতৰতে সিহঁত দুটাও সভা সামৰি ভাতৰ পাতত হাজিৰ হ'ল৷ পৰদেশৰ কথা৷ নিজৰ ঘৰুৱা ৰুটিন নচলে৷ খাদ্যৰ থলীতেই পুনৰবাৰ মুখবোৰ দেখা পালোঁ বাকী সকলোজন সদস্যৰে৷ সুদৃশ্য কোঠাটোত আটায়ে মিলি আনন্দ কৰি এমুঠি খালোঁ৷ আমাক দিয়া ৰঙা চাউলবিধে দ্বিতীয়বাৰলৈ সকলোৰে জিভাক জয় কৰিলে৷ ভাতকেইটাৰ বৰণটো কাৰবিসকলে জুমতলীত কৰা চুবকৰ অনুৰূপ৷ ''যাওঁতে এবস্তা কিনি ঘৰলৈ লৈ যাব লাগিব৷'' সোৱাদটো সহজে হেৰুৱাব নোখোজা কোনোবা এজনে চিধাচিধিকৈ মনৰ ভাব-অনুভূতি প্ৰকাশ কৰিয়ে পেলালে৷ মই মন কৰিলোঁ, এসময়ৰ বিভীষিকাস্বৰূপ আংগামী নগাৰ আতিথ্যও এই পাহাৰীয়া চাউলবিধৰ দৰেই মিঠা৷ ইমান মৰম কৰিছে আমাক!

সময় সলনি হৈছে৷ মানসিকতাৰো পৰিৱৰ্তন হৈছে৷ নিৰ্ভয় দিব পাৰিছে নাগালেণ্ডে৷ এনেবোৰ কাৰণতেই ইয়াত আজি পৰ্যটন উদ্যোগে পোশা মেলিছে৷ আগতে কম মানুহ আহিছিল৷ এতিয়া বেছি৷ আমিও আহিছোঁ৷ আগলৈ আৰু সৰহ মানুহ আহিব খনমালৈ৷ চাবলগীয়া, জানিবলগীয়া, শিকিবলগীয়া বহুত আছে ইয়াত৷ খনমাক বাদ দি নাগালেণ্ড ভ্ৰমণ মিছা৷ মইতো ভাবো, প্ৰথমেই আহিব লগা ঠাই খনমাহে৷ এতিয়া বুজিছোঁ, দীপমইনাই ভ্ৰমণ-সূচীত কিয় খনমাক আগস্থান দিলে, কিয় আমাক ৰাতিটো নগৰীয়া ক'হিমাত নাৰাখি গাঁৱলীয়া খনমাত ৰাখিলে৷ উচিত চিন্তাই কৰিলে তেওঁ৷ তাৰ বাবে দীপমইনা দুৱৰা ধন্যবাদাৰ্হ৷

সোনকালে শুবগৈ লাগে৷ অথচ এৰাএৰি যেন নহ'মেই! ভাত খোৱাৰ পাছত ৰিচেপশ্বন কক্ষৰ চোফাত বহি আকৌ এভাগ কথোপকথন আৰম্ভ হ'ল৷ এইবাৰ আলোচনা চলিছে নাগালেণ্ডৰ পৰ্যটন উন্নয়নৰ বিষয়ে৷ সম্ভাৱনাই ঠাহ খাই আছে নাগালেণ্ডৰ পাহাৰে পাহাৰে৷ আলোচনাথলীতে চিনাকি হ'লোঁ ডিব্ৰুগড়ৰ পৰ্বতীয়াৰ হীৰেন গগৈৰ সৈতে৷ পেছাত কি নাজানো, নিচাত ফটোগ্ৰাফাৰ৷ দীপমইনাৰ চিনাকি ল'ৰা৷ কম বয়সীয়া এই ডেকাও গৈছিল অৰুণাচল-চীন সীমান্তৰ দুৰ্গম আতুপপলৈ৷ তেওঁৰ মুখে সেই অভিজ্ঞতাৰ ৰোমাঞ্চকৰ বিৱৰণী শুনিলোঁ৷ হীৰেন এইবাৰ আহিছে, ঝুক ভেলীলৈ যাবলৈ৷ কাইলৈ, আমাৰ লগত৷


No comments:

Post a Comment