Tuesday, 15 August 2017

২৬. পদব্ৰজে খনমা দৰ্শন-৩

আমি য'ত আছোঁ তাৰ পৰা আংগামী গাঁওকেইখনমান দেখা গৈ আছে৷ প্ৰতিৰক্ষাৰ প্ৰয়োজনত নগা গাঁওবোৰ তেনেকৈ পৰ্বতৰ উচ্চতাত ওপৰে ওপৰে পতা হয়৷ Neizoই গাঁওকেইখনৰ নামকেইটা এফালৰ পৰা কৈ গৈছিল৷ মনতহে নৰ'ল এটাও৷ দূৰৰ পৰ্বতত বিয়লিৰ ৰ'দ পৰি প্ৰকৃতিয়ে বৰণ সলাব ধৰাত লক্ষ্য সিফলীয়া হ'ল৷ প্ৰবীণ আৰু চেলেঙো নিজৰ নিজৰ কেমেৰা লৈ ফটো তোলাত ব্যস্ত৷ জয়ন্তদা আৰু অৰূপদাই ম'বাইল ফোন উলিয়াই লৈছে৷ অপূৰ্ব দৃশ্যটি উপভোগ কৰিবলৈ লৈ গাঁওকেইখনৰ নামকেইটা নোটবুকত টুকিবলৈও পাহৰি থাকিলোঁ৷ সৌন্দৰ্যৰ মায়াত পৰি সুবীৰ অথনিতে ক'ৰবাত নোহোৱা হ'ল৷

পাহাৰৰ ওপৰত অৱস্থিত এইখন খনমা৷ খনমা নামটো আহিছে আংগামীসকলে Khwuno-ra বোলা স্থানীয় উদ্ভিদ এজোপাৰ পৰা৷ গছজোপাৰ বৈজ্ঞানিক নাম Glouthera fragrantisima৷ ক'হিমা জিলাৰ চাচু ঝুব্‌ঝা মহকুমাৰ এখন মধ্যমীয়া গাঁও খনমা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি জনসংখ্যা ১,৯৪৩৷ খনমাৰ আংগামীসকল তিনিটা ফৈদত বিভক্ত৷ Merhüma (M-Khel), Semoma (S-Khel) আৰু Thevoma (T-Khel)৷ আমি বাহৰ পতা Dovipie Inn নামৰ হোটেলখন T-Khel এলেকাত পৰে৷ নগাৰাজ্যৰ ভিতৰত শিক্ষিত লোকৰ পৰিমাণ খনমাতে সৰ্বাধিক৷ শতকৰা হিচাপত এই হাৰ ৮৩.৪১৷ ইফালে ৰাজ্যিক পৰিসংখ্যাটো হ'লগৈ ৭৯.৫৫

ওপৰৰ পৰা চাই দেখিছোঁ, খনমাৰ ঘৰবোৰ ওচৰা-উচৰিকৈ সজা৷ আহ-যাহ কৰিবলৈ লুংলুঙীয়া তল-ওপৰ বাট৷ কাঁইটীয়া গছ, শুং থকা গছ-লতাৰে কিছুমান ঘৰ সুৰক্ষিত কৰি ৰাখিছে৷ টিনপাতবোৰ পুৰণি হৈছে৷ মাজে মাজে পোৱা একোখন দোকান, ঘূৰণীয়া শিল সজাই ৰখা বহা ঠাই, বিভিন্ন জাতৰ ফুল, পানীৰে পূৰ্ণ চৌবাচ্চা, ফুটপাথ, সমাধি, জাপি থোৱা শিলৰ দ'ম, দ'মাই ৰখা খৰিৰ ভাণ্ডাৰ আদিয়ে আৰম্ভণিৰে পৰাই আমাৰ দৃষ্টি থপিয়াই নিছে৷

আংগামীসকলৰ একেখন গাঁৱতে কেইবাটাও খেলৰ মানুহ থাকে৷ খেলবিলাকৰ মাজত অতীতত বৈৰিতা আছিল আৰু যুঁজ-বাগৰো চলিছিল৷ তেওঁলোক যুদ্ধপ্ৰিয় জনজাতি৷ তাৰ ফলস্বৰূপে শিৰচ্ছেদ কৰাটো ভয়াৱহ যদিও সাধাৰণ ঘটনাৰ দৰেই আছিল৷ ১৮৭৯ চনত ব্ৰিটিছে আংগামী অঞ্চল অধিগ্ৰহণ কৰি আন্তঃফৈদ যুদ্ধ-বিগ্ৰহবোৰৰ অন্ত পেলায়৷ আংগামীসকলে পিতৃপ্ৰধান সামাজিক ব্যৱস্থা মানি চলে৷ বিয়া-বাৰু তেওঁলোকে একেটা খেলতে কৰাব নোৱাৰে৷ দেউতাকৰ সম্পত্তি সতি-সন্ততিৰ মাজত সমানে ভগাই দিয়া হয়৷ নুমলীয়া পুত্ৰই পিতৃ-মাতৃৰ ঘৰটো লাভ কৰে৷ বৃদ্ধাৱস্থাত মাক-দেউতাকক চোৱা-চিতা কৰাৰ দায়িত্বও তেৱেঁই পালন কৰে৷ সামাজিক শ্ৰেণী বিভাজন আংগামী সমাজত নাই৷

আমি আকৌ ষ্টেপ বগাবলৈ ধৰিলোঁ৷ গাঁওখনৰ প্ৰায় সোঁমাজ পালোঁগৈ৷ শৈলনিৰ্মিত পুৰণি স্থান এটালৈ Neizoই উঠাই নিছে আমাক৷ উঠি গৈ থাকোঁতে স্কোৱাচ, আঙুৰ, টেঙা ফলৰ গছ, ফুল, কবৰ, শৈলস্তম্ভ আদি দেখা পালোঁ৷ ওপৰত Archaeological Survey of Indiaই পোতা লোৰ ফলক এখন নীৰৱে থিয় হৈ আছে৷ নীলাত বগা আখৰেৰে হিন্দী আৰু ইংৰাজীত লিখা আছে Protected Monument : This monument has been declared to be of national importance under the Ancient Monuments and Archaeological Sites and Remains Act 1958 (24 of 1958). Whoever destroys, removes, injures, alters, defaces, imperils or misuses this monument shall be punishable with imprisonment which may extend to 3 months or with find which may extend to five thousand rupees, or with both.

মাৰ্বল পাথৰেৰে নিৰ্মিত প্ৰায় ৪ ফুট ওখ বৰ্গাকাৰ স্মাৰক এটা৷ চাৰিফালে চাৰিজনৰ নাম খোদাই কৰা আছে৷ G. H. Damant, M.A.C.S., Killed at Khonoma, 4.10.1879. Major C. R. Cock, D.A.A.G., Killed at Khonoma, 22.11.1879. Sub Maj Nurbir Sai, 44th G.R., Died at Khonoma, 22.11.1879. Lt. H. H. Furbes, 44th G.R., Mortally wounded at Khonoma, Died and buried at Sechima, 22.11.1879

আহি আহি আমি খনমাৰ সৰ্বোচ্চ স্থানটিত উপস্থিত হ'লোঁ৷ চাৰিওপাশে চক্রাকাৰে দৃষ্টি ঘূৰাই নাচাই নোৱাৰি৷ শাৰী শাৰী পৰ্বতে ঘেৰি আছে খনমাক৷ এইখিনিৰ পৰা আমি অথনি গাড়ীৰে অহা ৰাস্তাটো দেখা পাইছোঁ৷ খনমা গে'টখনৰ অৱস্থানটো সৌ কেঁকুৰিটোতে সিফালে মুখ কৰি হ'ব চাগৈ৷ অদূৰত পৰ্বতৰ বক্ষত গাঁও কেইখনমানো দেখিছোঁ৷ গাইডে আঙুলিয়াই কৈছে সৌৱা স্কুল৷ সৌৱা ... সৌপিনে ট্ৰেগোপান চেংক্‌চুৱেৰী৷ সৌটো কেথলিক চাৰ্চ৷ গিৰ্জাটোৰ পাছফালেৰে জংঘলৰ মাজে মাজে জুলুকিলৈ যোৱা ৰাস্তাটো ইয়াৰ পৰা দেখা গৈছে৷ সেইফাললৈকে আমি অথনি ভুলক্ৰমে গুচি গৈছিলোঁ! সিফালৰ পৰা দেখা পাইছিলোঁ খনমাখন৷ তল ফালে আছে খলপ কাটি কাটি কৰা খেতিপথাৰ৷ অতীব সুন্দৰ দৃশ্য তাৰ৷ আমি থকা হোটেলখনো সৰুকৈ দেখা গৈ আছে৷ সেইখন খনমাৰ পূবফালৰ শেষ প্ৰান্তলৈ আছে৷ ওপৰৰ পৰা ভালকৈ ধৰিব পাৰিছোঁ৷


আমাৰ বাওঁহাতে ওখ পৰ্বত৷ তাতে ট্ৰেগোপান অভয়াৰণ্য৷ এলেকা ৭০ বৰ্গ কিল'মিটাৰ৷ পাৰিপাশ্বিকতাক লৈ চলোৱা প্ৰাথমিক অধ্যয়নে এইটো নিশ্চিত কৰিছে যে খনমাৰ আশে-পাশে থকা অৰণ্যত প্ৰায় ২৫০ টা প্ৰজাতিৰ উদ্ভিদ আছে৷ ইয়াৰ পৰা ৭০বিধ ঔষধি, ৮৪ জাতৰ বনৰীয়া ফল, ১১৬ জাতৰ বনৰীয়া পাচলি, ৯বিধ মাশ্বৰুম আৰু ৫ ধৰণৰ প্ৰাকৃতিক ৰং পাব পাৰি৷ স্থানীয় আবাসীসকলে পোৱা প্ৰজাতিৰ সংখ্যা ২০৪৷ তাৰে ভিতৰত আছে ৪৫ বিধ অৰ্কিড, ১১ প্ৰজাতিৰ বেত আৰু ১৯ জাতৰ বাঁহগছ৷ ইয়াৰোপৰি গাঁওবাসীয়ে ২৫বিধ সাপ, ৬ প্ৰকাৰৰ জেঠী, ১১ জাতৰ উভচৰ প্ৰাণী, ১৯৬ প্ৰজাতিৰ চৰাই, ৭২ বিধ বন্য জীৱ প্ৰত্যক্ষ কৰিছে৷

এসময়ৰ যোদ্ধা খনমাবাসীয়ে আজিৰ তাৰিখত আৰু এক ঐতিহাসিক পদক্ষেপ হাতত লৈছে৷ ১৯৯০ চন মানৰ পৰা গাঁওবাসীয়ে কাঠৰ ব্যৱসায় ৰোধ কৰি আহিছে৷ আগতে জংঘলৰ পৰা ডাঙৰ ডাঙৰ কুন্দা নিবলৈ হাতী লৈ মানুহ আহিছিল৷ স্থানীয় মানুহৰো তাত হাত আছিল৷ কিন্তু পিছলৈ খনমাবাসীয়ে প্ৰতিৰোধ আগ বঢ়ালে৷ বিগত ভালেকেইটা বছৰ ধৰি আংগামীসকলে প্ৰাকৃতিক সম্পদ আৰু বন্যপ্ৰাণী সংৰক্ষণ, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা, গাঁও প্ৰশাসন, সংঘৰ্ষ প্ৰত্যাহাৰ, উন্নয়নমূলক কাম-কাজ আদিত গুৰুত্ব দি আহিছে৷ নতুন কাৰিকৰী চিন্তাৰ পৰীক্ষা-নিৰীক্ষা চলিছে খনমাত৷ ভাৰতৰ ভিতৰতে পৰিৱেশ আন্দোলনৰ আগশাৰীৰ থলী হিচাপে পৰিগণিত হৈছে খনমা৷

পূৰ্বতে চিকাৰ কৰাটো নগা জীৱনশৈলীৰ আনুষংগিক পথ আছিল৷ মাংস খোৱাৰ নামতে বছৰি বৃহৎ সংখ্যক নিৰীহ জন্তু আৰু চৰাই বধ কৰা হৈছিল৷ বিলুপ্তপ্ৰায় ট্ৰেগোপানো সাৰি যাব পৰা নাছিল৷ ১৯৯৩ চনত ৩০০ ট্ৰেগোপান বধ কৰা হৈছিল, গাঁওখনৰ মাংসৰ চাহিদাৰ বাবে৷ এই বধ কাৰ্যই এদিন এনে এক চিন্তাৰ আমদানি কৰিলে যে চিন্তাশীল আৰু দূৰদৰ্শী গঞাসকলে চিকাৰৰ বিৰুদ্ধে ক্ৰুছেদ আৰম্ভ কৰি দিলে৷ সঁচাই অবিশ্বাস্য৷ গাঁওখনৰ কিছুসংখ্যক আবাসী আৰু বাহিৰত চাকৰি কৰি থিতাপি লগা কিছুসংখ্যক পুৰণি মানুহে ইয়াৰ গুৰি ধৰিলে৷ স্থানীয় একাংশই বিৰোধিতা নকৰাকৈও নাথাকিল পিছে৷

১৯৯৮ চনত খনমা ভিলেজ কাউন্সিলে ২০ বৰ্গ কিলমিটাৰ ভূমি আৱৰি Khonoma Nature Conservation and Tragopan Sanctuary (KNCTS) গঢ়ি তোলাৰ ইচ্ছা প্ৰকট কৰে৷ গাঁওখনৰ জ্যেষ্ঠ লোকসকলে ইয়াত আগ-ভাগ ল'লে৷ আশীৰ দশকত বন বিভাগৰ ঠিকাদাৰ হিচাপে কাম কৰা চিলে চাখ্ৰে'ৰ নাম এই ক্ষেত্ৰত প্ৰাতঃস্মৰণীয় হৈ ৰ'ব৷ বন বিষয়া টি. আংগামীৰ সৈতে তেওঁ এদিন আলোচনা কৰিলে৷ গাঁওখনৰ বন-বননিৰ একাংশ বন্য পশু-পক্ষীৰ সংৰক্ষণৰ হকে ব্যৱহাৰ কৰাৰ দিশত পদক্ষেপ লোৱাৰ চিন্তা এটা উদ্ৰেক ঘটিল৷ ১৯৯৫ চনত চাখ্ৰে' গাঁও পৰিষদৰ সদস্য হল৷ চকুৰ আগত চৰাইবোৰ নিধন যজ্ঞ দেখি তেওঁৰ মনটো অধিক জাগ্ৰত হৈ উঠিল৷ বহু গঞাই তেওঁৰ দ্বাৰা হৈ থকা বাধা প্ৰদান কাৰ্যৰ বিৰোধিতা কৰিলে এই বুলি যে চিকাৰ কৰাটো নগা সংস্কৃতিৰ অন্যতম অংগ৷ গতিকে বন্ধ কৰিব নোৱাৰি৷ ইয়াৰ পাছৰ তিনিটা বছৰ ধৰি অনেক বুজনি দিয়াৰ অন্তত অধিকাংশ গাঁওবাসী সৈমান হল৷ ১৯৯৮ চনৰ ডিচেম্বৰ মাহত Care for nature ভাবনাৰে ট্ৰেগোপান অভয়াৰণ্যখনৰ আধাৰশিলা স্থাপন কৰা হয়৷ এতিয়া কেৱল অভয়াৰণ্য এলেকাতে নহয়, খনমা গাঁওখনতো চিকাৰ কৰাটো একেবাৰে নিষেধ৷ তাৰ সলনি খেতি-বাতি আৰু পশুপালনহে আদৰণীয়৷ চৰাই মাৰি ফুৰা মানুহ আমাৰো চকুত পৰা নাই৷


No comments:

Post a Comment