১১. চুমুকিডিমা গে'ট্ অতিক্ৰম কৰিলোঁ...
সোনকালেই ডিমাপুৰ চহৰ এৰি উপকণ্ঠ পালোঁহি৷ আলি-কেঁকুৰিৰ পি.চি.অ'. এটাৰ সন্মুখত চালকক গাড়ীখন ৰাখিবলৈ কৈ দীপমইনা নামি গ'ল৷ কম সময়ৰ ভিতৰতে ঘূৰিও আহিল৷ চকুৰ আগত পৰি থকা পথটোলৈ চালোঁ৷ অৱস্থা তথৈবচ৷ দীৰ্ঘদিনে নিৰ্মাণহীন আৰু মেৰামতি নোহোৱাকৈ থকাৰ ফলত ডিমাপুৰৰ ভালেকেইটা বাট-পথে বছৰ বছৰ ধৰি দাঁত নিকটাই আধুনিক সভ্যতা আৰু তথাকথিত সভ্য মানুহক বেয়াকৈ ভেঙুচালি কৰি আহিছে৷ পথ-প্ৰযুক্তিৰ আজিৰ তাৰিখলৈ কিমানযে উৎকৰ্ষ সাধন হৈছে, এই মুলুকত তাৰ নাম-গোন্ধই নাই৷ চহৰখনলৈ প্ৰায়ে আহ-যাহ কৰি থকা হয় হেতুকে ৰাস্তাবোৰৰ দুখলগা ছবি আমাৰ বাবে অচিনাকি নহয়৷ নতুন মানুহৰ ক্ষেত্ৰত কিন্তু অসন্তুষ্টিৰ বিস্ফোৰক বহিঃপ্ৰকাশ ঘটাটো খাটাং৷
শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে পথ নিৰ্মাণ প্ৰকল্পৰ বাবে নাগালেণ্ড চৰকাৰলৈ ৩৪০ কোটি টকা অনুমোদন কৰিছে বুলি সংবাদ মাধ্যমত পাইছোঁ৷ ডিমাপুৰৰ পৰা চুমুকিডিমা আৰু ক'হিমা চে'ক্ গে'টৰ পৰা লেৰি হাইৱে' পৰ্যন্ত দুটা পথৰ বিপৰীতে এই ধন আৱণ্টন কৰা হৈছে৷ কাৰ্যক্ষেত্ৰত কি হয়গৈ সেয়া সময়ে ক'ব৷ গোৱাল-গালি পাৰি কেতিয়াবা সুধিবলৈ মন যায়... আৰু কিমান টকাৰ কেলেংকাৰী, হৰলুকি হ'লে আমি সাধাৰণ মানুহবোৰে ভাল পথ-দলং-গৃহ পাম? কিমান পুঁজি গোটালে জীৱনটো হ'বগৈ? খঁকুৱা-লুভীয়াৰ কেতিয়াও নােজোৰে৷ মনটোৱে এই মুহূৰ্তত টিকচি-বিকচি উঠিলেও সদ্যহতে অভিযোগৰ নামত মুখেৰে টু শব্দ এটাও নকৰাকৈ আমি এই ভগ্নপ্ৰায় পথেৰেই বাট বুলিব লাগিব৷ বুলিবলৈ বাধ্য৷ তেহে পামগৈ খনমা৷ খনমা পালেগৈহে দিনৰ ভাতসাজো খাবলৈ পাম৷

নিচুগাৰ্ড অতিক্রমি চুমুকিডিমা৷ তালাচীৰ শাৰীত কেইটামান চেকেণ্ডৰ বাবে ৰোৱা হৈছিল যদিও কি হ'ব-নহ'ব টলকিব পৰাৰ আগতেই কৰ্তব্যৰত নাগালেণ্ড পুলিচৰ মুখৰ আগেদিয়েই ফোঁচকৈ ফৰেষ্ট চে'ক্ প'ষ্ট পাৰ হৈ গ'ল আমাৰ গাড়ী৷ ৰাস্তাটোৰ দুয়োপাৰে অস্থায়ী দোকান কেইখনমান, বাঁওহাতে খেজুৰ গছ এজোপা৷ অদূৰত শিলাময় পাহাৰ, তাৰ মাজে মাজে পাহাৰীয়া কলগছ কিছুমান৷ 'WELCOME TO HILL AREA : NAGALAND' লিখা তোৰণখনৰ তলেৰে দুয়োখন গাড়ীয়েই চালকৰ তৎপৰতাত ভোঁ-ভোঁৱাই ধাৱিত হ'ল গন্তব্যস্থল অভিমুখে৷ এতিয়া আৰু ৰখোৱাৰ সাধ্য নাই কাৰো৷ স্বস্তিৰ নিশ্বাস আপোনা-আপুনি ওলাই আহিল মোৰ৷ গে'টৰ দুয়োকাষে চুমুকিডিমা টাউন কাউন্সিলে সজাই ৰখা বেনাৰত আঠোটাকৈ নগা নৃগোষ্ঠীৰ সাংস্কৃতিক প্ৰদৰ্শনৰ চিত্ৰৰ লগতে তাৰ ওপৰত Land of Festivals বুলিও লিখা দেখিলোঁ৷ খুব সম্ভৱ বিগত হৰ্নবিল মহোৎসৱৰ সময়ৰে হ'ব৷ উৎসৱৰ ৰাজ্য এইখন৷
এইখিনিত ৰাস্তাটো ভাল৷ কিবা ভাবি ইনাৰ লাইন পাৰ্মিটৰ বাবে অতিৰিক্ত ফটো, পৰিচয়-পত্ৰাদি ৰাকচেকটোত ভৰাই লৈ আহিছিলোঁ যদিও দৰকাৰ নহ'ল৷ মোৰ পূৰ্বৰ দুটা ভ্ৰমণতো হাতত আই.এল.পি. নাছিল৷ এফালৰ পৰা চাবলৈ গ'লে এইবাৰকে লৈ তিনিওটা অনুপ্ৰৱেশ অবৈধ বা বেআইনীয়ে হ'ল, যদিওবা সন্দেহজনক একো এতিয়াও নাই আৰু তেতিয়াও নাছিল৷ সি যি কি নহওক, আচল কথাটো হ'ল, সীমাই সীমাবদ্ধ কৰিব নোৱাৰা, বাধা-নিষেধ বুজি নোপোৱা মুক্ত বিহংগৰ দৰে উৰণীয়া মন আমাৰ৷ যেনে হ'লেও যথাস্থানলৈ যাবই যাব৷ আৰু এতিয়াও পলকতে আহিলোঁ পাৰ হৈ৷ ক'লৈ যোৱা হ'ব, কেতিয়া ঘূৰি অহা হ'ব, হাতত কোনো তথ্য প্ৰমাণ নাই৷ অৱশ্যে এয়াও মিছা নহয় যে আই.এল.পি.ৰ বাধা-নিষেধে অনেক পৰ্যটনকাৰীক ইচ্ছা থাকিলেও নাগালেণ্ডলৈ অহাটো বাৰণ কৰিছে৷ মোহময়ী অৰুণাচল, মিজোৰামৰ ক্ষেত্ৰতো কথাটো সঁচা যেন লাগে৷ চৰকাৰী এই ব্যৱস্থাপনাক বহুতে বিতুষ্টমনে লোৱাটো মই মন কৰোঁ৷ কি ভাল, কি বেয়া পিছৰ কথা, মুঠতে এতিয়া আমাৰ কাম হৈ গ'ল৷ সোমালোঁ হিল এৰিয়াত৷ আঁৰ চকুৰে এবাৰ দীপমইনালৈ চালোঁ৷ দুফালৰ পৰা আহি লগালগি হ'ব খোজা আকাশলংঘী পৰ্বতৰ মাজৰ ফাঁকটোলৈ একান্তমনে চাই আছে তেওঁ৷

ডিমাপুৰ জিলাৰ আই.এল.পি. চে'ক্ প'ষ্ট অৱস্থিত স্থানটিয়ে হৈছে চুমুকিডিমা গে'ট৷ ডিমাপুৰ নগৰখনে আজিৰ তাৰিখত সেইখিনিত থকা পাহাৰৰ পাদদেশ পৰ্যন্ত বিস্তৃতি লাভ কৰিছে৷ চুমুকিডিমা আচলতে এখন পুৰণি গাঁও৷ খৰতকীয়াকৈ চহৰৰূপী হ’ব ধৰিছে৷ ডিমাপুৰৰ পৰা মুঠেই ১৪ কিল’মিটাৰ৷ ঠাইখিনিত দৰ্শনীয় জলপ্ৰপাত আছে বুলি শুনিছোঁ৷ দেখা হ’লে নাই৷ কোনোবাই আকৌ কয় বোলে নাগালেণ্ডত জলপ্ৰপাতেই নাই! কথাবোৰ কিবা আউল লগা৷ সেয়েহে নিজে চাব বিচাৰোঁ৷ চুমুকিডিমাৰ ওপৰৰ পৰা চালে ডিমাপুৰ চহৰ পৰ্যন্ত হেনো মণিব পৰা যায়৷ আন এফালে আমাৰ কাৰবি আংলংখন দেখা যায়৷ সেয়াও মই চোৱাগৈ নাই৷ ১৯ শতিকাত ব্ৰিটিছ শাসনৰ সময়ত নাগা হিল্ছ ডিষ্ট্ৰিক্টৰ প্ৰথম মুখ্যালয় চুমুকিডিমাতে বহুওৱা হৈছিল বুলি পঢ়িবলৈহে পাইছোঁ৷
আই.এল.পি.জনিত উত্তেজনাৰ মাজতো অথনি চুমুকিডিমা পাওঁ পাওঁ হওঁতেই ঘপহকৈ মোৰ মনলৈ উৰি আহিছিল পি. মেলহিতে কেন্য়িৰ নামটো৷ নাগালেণ্ড বা ভাৰতেই নহয়, বিশ্বৰ পটভূমিত এই লোকজনৰ এক বিশেষ গুৰুত্ব আছে৷ ২০০০ চনত তেওঁ লণ্ডনস্থিত গিনিজ বুক্ অফ্ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰাবলৈ সক্ষম হৈছিল৷ কাৰণটো আছিল, নিজৰ শইচ পথাৰত তেওঁ পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ উচ্চতাৰ ধানগছ গজাইছিল, যাৰ উচ্চতা হৈছিলগৈ ৮.৫০ ফুট৷ ১ অক্টোবৰ ১৯৯৮ তাৰিখে আৱিষ্কৃত, ৰেকৰ্ড উচ্চতাৰ সেই ধানগছজোপাৰ গা-গছডাল মানুহৰ হাতৰ আঙুলিৰ সমান আৰু কাঠৰ দৰে কঠিন হৈছিল৷ একোটা আগলিত ১৭৫টা শাখা আৰু প্ৰতিটোতে ৫১০টাকৈ ধান পোৱা গৈছিল৷ বিৰলধৰ্মী সেই উদ্ভিদৰ নাম ৰখা হৈছিল Melhite Kenye Lha৷ তাকে লৈ ২০০২ চনৰ স্বাধীনতা দিৱসত কৃষকজনলৈ আগ বঢ়োৱা হৈছিল নাগালেণ্ডৰ ৰাজ্যপালৰ পদক৷ গিনিজ বুক্ অফ্ ৱৰ্ল্ড ৰেকৰ্ডছত নাগালেণ্ডৰ নামত সেইটো আছিল দ্বিতীয় স্বীকৃতি৷
ডিমাপুৰৰ পৰা একেৰাহে সমতলত ভ্ৰমি থকাৰ পাছত এতিয়া পাহাৰত সোমাইহে মনটোৱে প্ৰশান্তি লভিছে৷ আচম্বিতে কথাটোৱে মনত খুন্দিয়ালে৷ অৰুণাচললৈ গ'লেও অনুৰূপ ভাবনাই ক্ৰিয়া কৰে৷ পাহাৰ পালেগৈহে সন্তুষ্টিৰ ভাবটো আহে৷ সমতলছোৱাত অকণো ভাল নালাগে৷ বেঁকা-বেঁকি, ওখ-চাপৰ, কেঁকুৰিসমৃদ্ধ ৰাস্তা মজা লাগে৷ পোন, মসৃণ পথ একেবাৰেই নিৰস৷ সমতল, চিধা, সুগম ৰাস্তাত কোনো উত্তেজনা, থ্ৰিল বা মজা নাই৷ সেয়েহে সচৰাচৰ বাছি লওঁ পৰ্বতাঞ্চল৷ আমি এতিয়া নাগালেণ্ডৰ পৰ্বতাঞ্চলত৷ এই পৰ্বতৰাশিৰ অন্ত ক'ত পৰিব, নাজানো৷ এই ৰাস্তাৰ সিমূৰে নাগালেণ্ড-মণিপুৰৰ মাও গে'ট অৱস্থিত বুলি জানো৷
পাগলা পাহাৰৰ সেউজীয়াৰ মাজে মাজে, পাগলা নদীৰ পাৰে পাৰে সৰ্পিল কিন্তু মসৃণ ৰাজআলিত নিয়ন্ত্ৰিত গতিবেগত আমাৰ ছুম' আৰু অল্ট' দৌৰিব লাগিছে অগা-পিছাকৈ৷ সোঁ-বাঁও, আগ-পাছ সকলো দিশে কৌতূহলেৰে একেৰাহে দৃষ্টি নিগৰাই গৈ আছোঁ৷ চকুৰ টিপ এটাও যেন নামাৰিম৷ ১১ বছৰৰ পূবে মোৰ ছাত্ৰাৱস্থাৰ ৰূমমেত বাবুল ৰয়ে এনেকুৱা এঠাইতে কেঁকুৰি এটাত ডিমাপুৰৰ পৰা আহি থকা ক'হিমাগামী মাৰুতি ভান এখনত শহুৰ-দেউতা আৰু মোক তুলি দিছিল৷ কাৰণ মোৰ আই.এল.পি. নাছিল৷ ক’হিমালৈ যোৱাৰ আগ্ৰহটো হ’লে দুৰ্বাৰ পৰ্যায়ৰ আছিল৷ ৰিস্ক লৈ লৈছিলোঁ, সুযোগটো পায়েই৷ বাবুলে সহায় কৰিলে যেনিবা৷ আৰু সেই সুৰুঙাৰে ময়ো পালোঁগৈ ক’হিমা৷ আমি ৰৈ থকা ঠাইখিনি উলিয়াব পাৰিমনে এতিয়া?
পাগলা পাহাৰ এলেকাটোত বৰষুণ বেছিকৈ হয় বুলি কোৱা হয়৷ ক'হিমা জিলাৰ পৰা উত্তৰ-পশ্চিম দিশে বৈ অহা দিফুপানী নৈখনে ঝৰ্ণাপানী আৰু কুখীপানী নৈৰ মিলিত জলধাৰাক সোঁপাৰে লগত লৈ ক'হিমা-ডিমাপুৰ ৰাস্তাৰ কাষেৰে বৈ আহিছে৷ চুমুকিডিমাত নৈখনে ছোজাকেৰ নৈক সোঁপাৰে লৈ অসমৰ সমভূমিলৈ গতি কৰিছে৷ বতৰটো এতিয়া এনেকুৱা যে ৰ'দো নাই, বৰষুণো নাই৷ মেঘাচ্ছন্ন আকাশ৷ সুবীৰে অথনি কোৱা বাক্যটোৱে পুনৰবাৰ মনত ভুমুকিয়ালেহি... ক'হিমাৰ ফালে বৰষুণ থাকিব৷

আমাৰ গাড়ী দুখনৰ ড্ৰাইভিং হুইলত থকা দুয়োজনেই আংগামী নগা৷ আংগামীসকল খঙাল প্ৰকৃতিৰ নগা হেনো৷ পিছে এজনৰো মুখমণ্ডলত উক্ত ধাৰণাৰ অভিব্যক্তি সামান্যতমো এতিয়ালৈ মই দেখা নাই৷ এক্সপাৰ্ট ড্ৰাইভিং উভয়ৰে৷ ইংৰাজী, হিন্দী আৰু নাগামীজত কথা-বতৰা পতাত দুয়ো অভ্যস্ত৷ সিফালে আজন্ম ডিফুত থকাৰ সুবাদতে আমাৰ মুখেৰেও নগা-অসমীয়াসুৰীয়া মাত-কথা খোকোজা নলগাকৈ স্বতঃস্ফূৰ্তভাৱেই ওলাই আহে৷ গতিকে ভাব প্ৰকাশ, বাৰ্তা বিনিময়ত অসুবিধা কাৰো অকণোৱেই হোৱা নাই৷ হাঁহি-মাতি গৈ আছোঁ আমি, আমাৰ গাড়ীখনৰ কম বয়সীয়া চালকজনৰ সুদক্ষ চালনাত৷ এতিয়ালৈ তেওঁ আমাৰ বাবে ‘সাথী’ হৈ পৰিছেই৷ আমিও ‘সাথী’ হৈ পৰিছোঁ তেওঁৰ বাবে৷ কোনেও কাৰো নাম নাজানো৷ দৰকাৰো নাই অৱশ্যে৷ যিকোনো নামতকৈ ‘সাথী’ বেছি কাৰ্যকৰী৷
No comments:
Post a Comment