Tuesday, 22 August 2017

২৭. পদব্ৰজে খনমা দৰ্শন-৪

এতিয়া নমাৰ পাল৷ ষ্টেপখিনি তললৈ নামিছে৷ সেইমতে আমিও নামি আছোঁ৷ পুৰণি ঘৰ এটাৰ সন্মুখেৰে গৈছোঁ৷ আশে-পাশে বিবিধ ফুল৷ আন একো নহ'লেও ফুল আছেই৷ কচুপাতত বৰষুণৰ পানীৰ বিন্দু বিন্দু কণিকা৷ অান এফালে খৰিৰ দ'ম৷ সন্মুখতে মৰমলগা কণমানি এজনীয়ে আমালৈ চাই আছে৷ দুবছৰীয়ামানেই হ'ব৷ ষোড়শী এজনীয়ে শিল এটাৰ ওপৰত তাইক থিয়কৈ ধৰি আছে৷ মই কেমেৰাটো টোঁৱালত হাঁহিলে৷ সিহঁতৰ ওচৰত ৰৈ ধেমালি কৰিলোঁ অলপ সময়৷ ফটোও তুলি ল'লোঁ৷ ফুটপাথটোৰ সৈতে পাহাৰৰ গালৈ থকা দেৱালৰ শীৰ্ষৰে ওপৰৰ পৰা নামি অহা লতিকাবোৰত ফুল ফুলি এডোখৰ ঠাই ফুটফুটীয়া হৈ আছে৷ খুব ভাল লাগিল দেখি৷ আলফুলে চুই চালোঁ এবাৰ৷ নিয়ৰসিক্ত দূবৰিৰ দৰেই অনুভৱ হ'ল৷ কেইখোজমান গৈয়ে এখন দুৱাৰৰ সন্মুখত আটায়ে ৰৈ যাবলৈ বাধ্য হ'লোঁ৷ গাঁৱৰ এটা মূৰৰ প্ৰৱেশদ্বাৰ এইখন৷ দৰজাৰ ওচৰতে নক্সা কিছুমান অঁকা আছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতিৰ বন্ধু আখ্যায়িত ভেৰিয়াৰ এল্‌উইনে আংগামী নগাসকলৰ দুৱাৰৰ নক্সাবোৰৰ সৌন্দৰ্য বৰকৈ বখানি গৈছে৷ এতিয়া নিজে দেখিলোঁ আৰু অভিভূত হলোঁ৷ দুৱাৰখনৰ দাঁতিত কিছুপৰ ৰৈ আটায়ে তন্নতন্নকৈ চালোঁ সেই কাৰুকাৰ্য৷ প্ৰৱেশদ্বাৰৰ দুয়ো দাঁতিয়েও ফুলে ৰমক-জমক কৰি আছে৷ ফুল ভাল পোৱাসকল ইয়ালৈ আহিলে আন নহ'লেও এই এটা মাত্ৰ কাৰণে
 তেওঁলোকৰ খোজ কঢ়াৰ দুখ-ভাগৰ পাহৰাই ৰাখিব বুলি মোৰ মনত ধাৰণা এটা ইমান সময়ে বদ্ধমূল হৈ উঠিছে৷

দুৱাৰৰ সিপাৰে আলিবাট এটা৷ আলিবাটটোৰ সিপাৰে খনমা বেপ্টিষ্ট চাৰ্চ৷ ১৮৯০ চনত এই গাঁৱত খ্ৰিষ্ট ধৰ্মৰ প্ৰথম প্ৰৱেশ ঘটিছিল৷ আজিৰ তাৰিখত ৯৮.২২ শতাংশ লোকেই খ্ৰিষ্টান৷ শিলত কটা দেৱালৰ বাবে বিখ্যাত চাৰ্চটোৰ আমি ঠিক মুখামুখিকৈ থিয় হ'লোঁ৷ পুৰণি ইতিহাসৰ মৌন সাক্ষী এই প্ৰাৰ্থনা গৃহ৷ ফিজোক বিচাৰি জ্বলাই দিয়াৰ অপচেষ্টা চলিছিল এই গীৰ্জাঘৰটো৷ অগ্নিসংযোগৰ পৰা কথমপি বাচি গ'লেও বেৰত তেতিয়াই লগা বন্দুকৰ গুলীৰ দাগ হেনো আজিও আছে৷ তালৈকে চাই এ. জেদ. ফিজো কিমান মৰসাহসী আৰু বুদ্ধিসম্পন্ন মানুহ আছিল ভাবি উলিয়াব নোৱাৰি৷ মুগ্ধদৃষ্টিৰে দূৰৰ পৰাই একধ্যানে লক্ষ্য কৰিলোঁ গিৰ্জাটো৷ গিৰ্জাটোৱে এতিয়া বিশালাকাৰ ৰূপ ধাৰণ কৰিছে৷ তাৰ অন্তৰালত গাঁওবাসীৰ শ্ৰমদানো মানিবলগীয়া৷ বাহিৰৰ কোনো মানুহৰ সহায় নোলোৱাকৈ আৰু কাৰো পৰা দান-বৰঙণি গ্ৰহণ নকৰাকৈ খনমা গাঁৱৰ মানুহে চাৰ্চটো সাজিছে৷ সমান আকৃতিৰ অসংখ্য শিলৰ টুকুৰাৰে বেৰবোৰ সজা হৈছে৷ গোটেই গিৰ্জাটোৰ অতি সামান্য অংশতহে বিলাতী মাটি ব্যৱহাৰ কৰা হৈছে হেনো৷ প্ৰকাণ্ড শিলৰ টুকুৰাবোৰ ইমান নিখুঁত আৰু মিহিকৈ কটা হৈছে যে সেইবোৰ ভূমিকম্পয়ো লৰচৰ কৰিব নোৱাৰাকৈ ইডোখৰৰ লগত সিডোখৰ কাপ খাই লাগি আছে৷ প্ৰতি টুকুৰা শিলৰ ৰঙো বেলেগ বেলেগ৷ এক কথাত একক আৰু অনন্য ইয়াৰ নিৰ্মাণ শৈলী৷ সেয়া খনমাৰ স্বাভিমানী আংগামীৰ বাহাদুৰি৷


লাইটবোৰ দুই-এটাকৈ জ্বলি উঠিছে৷ এই গিৰ্জাটো সাজিবলৈ ৭ বছৰ সময় লাগিছিল৷ এয়া গাঁওবাসীৰ আত্মনিৰ্ভৰশীলতাৰেই নিদৰ্শন নহয়, ই তেওঁলোকৰ অনুপম শিল্প-নৈপুণ্য আৰু সৌন্দৰ্যবোধৰো পৰিচায়ক বুলি হোমেন বৰগোহাঞি চাৰে 'আত্ম দীপো ভব'ত (খনমাত এটা দিন) কেতিয়াবাই গুণানুকীৰ্তন কৰি থৈছে৷ পঢ়িবলৈ পাইছিলোঁ যে খনমাত বেপ্টিষ্ট চাৰ্চ প্ৰতিষ্ঠা হোৱাৰ ১০০ বছৰ পূৰ্ণ হৈছিল ১৯৯৭ চনত৷ শতবাৰ্ষিকী উৎসৱ পালন কৰিবলৈ ৰাইজে ৩ বছৰ আগৰে পৰাই উদ্যোগ লৈছিল৷ চৰকাৰ বা বাহিৰৰ মানুহৰ পৰা ফুটা কড়িও সহায় নোলোৱাকৈ উক্ত উৎসৱ উদ্‌যাপন কৰিবলৈ তেওঁলোকে কঠোৰভাৱে সিদ্ধান্ত লৈছিল৷ সেইমতে গাঁওখনৰ অধিবাসীসকলে কাঠ-বাঁহ-বেতৰ নানা তৰহৰ আচবাব, সঁজুলি, ঘৰ সজোৱা বস্তু, পুতলা আদি সাজি উলিয়াইছিল৷ বস্তুবোৰ বিক্রী কৰি পোৱা ধনকে উৎসৱটো পালনাৰ্থে যথাযথভাৱে খৰচ কৰিছিল৷ উগ্ৰপন্থীৰ নগা পাহাৰত সেয়া আছিল অতিকৈ অনুকৰণীয় কৰ্ম৷ সেই গিৰ্জা আজি আমি স্বচক্ষে দেখিলোঁ৷ দেখি ধন্য হ'লোঁ৷ খনমাৰ আংগামীৰ প্ৰশংসনীয় কৰ্মশক্তিৰ আৰু এটা উমান পালোঁ আজি এটা মাত্ৰ দিনতে৷ ৰাজ্যিক ৰাজধানী ক'হিমাৰ পৰা ২০ কিল'মিটাৰ আঁতৰত মুকলি মনে ঘূৰি-ফুৰি আছোঁ আমি৷ কোনো দ্বিধাবোধ, কোনো প্ৰকাৰৰ সংশয় বুলিবলৈ নাই৷

অন্তিম ষ্টেপকেইটাৰে নামি ভিলেজ চাৰ্কুলাৰ ৰ'দটো পালোঁ৷ Mahatma Gandhi National Rural Employment Guarantee Scheme (MGNREGS)ৰ অধীনত ২০১০-১১ চনত পথটো সজা হৈছিল৷ ২০১৩ চনৰ ১৬ জানুৱাৰীত নাগালেণ্ড চৰকাৰৰ মুখ্য সচিব আলেমটেমশ্বি জমিৰে আনুষ্ঠানিকভাৱে মুকলি কৰিছিল৷ আমাৰ মুখৰ আগতে তিনিআলি এটা৷ প্ৰায় পোনে পোনে এটা বাট গিৰ্জাৰ কাষেৰে ওপৰলৈ গুচি গৈছে৷ বাওঁফালৰ পৰা এটা ঢালেৰে উঠি অহা ৰাস্তাটো পাক লৈ বিপৰীত ঢাললৈ নামিছে৷ Neizoৰ নিৰ্দেশ মানি এইবাৰ আমি যাব ধৰিছোঁ সোঁহাতে৷ বাটটো ঠেক, সৰু গাড়ী যাব পৰা ধৰণৰ৷


সোঁহাতলৈ ঘূৰোঁতেই পোৱা খনমা গ্ৰীণ ভিলেজৰ স্মৃতিশিলা এটাই পোনেই দৃষ্টি আকৰ্ষণ কৰিলে৷ খনমা হৈছে ভাৰতবৰ্ষৰ প্ৰথম সেউজীয়া গাঁও৷ ইয়াক গঢ়ি তোলাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰণালয় আৰু নাগালেণ্ড চৰকাৰৰ পৰ্যটন বিভাগৰ পৃষ্ঠপোষকতাত ৩ কোটি টকা ব্যয়সাপেক্ষ প্ৰকল্প হাতত লোৱা হৈছিল৷ তিনিবাৰকৈ নাগালেণ্ডৰ মুখ্য মন্ত্ৰী হোৱা নেইফিঅ' ৰিঅ', যি নিজেও এজন আংগামী, তেৱেঁই শিলান্যাস কৰিছিল ২০১৫ চনৰ ২৫ অক্টোবৰ তাৰিখে৷ এই অঞ্চলৰ মানুহে এতিয়া গছ নাকাটে, চিকাৰো নকৰে৷ অতীত নিৰবধি প্ৰকৃতিনিৰ্ভৰ হৈ বাস কৰি অহা ঠাই এখনৰ নিবাসী মানুহখিনিৰ বাবে এইটো নিঃসন্দেহে অতি গুৰুত্বপূৰ্ণ আৰু সাহসী পদক্ষেপ৷ নগা পৰ্বতত লুকাই থকা খনমা নামৰ গাঁওখন ৰাজ্যখনৰ অান আন গাঁওসমূহৰ উপৰি আন ৰাজ্যৰ কাৰণেও সেয়েহে অনুকৰণীয় হৈ উঠিছে৷ ইমান দূৰ বাট কুৰি বাই আহিও আমি ক'তো অকণমান জাবৰৰ দ'ম, গেলা-পচা গোন্ধ নাই পোৱা, যিটো আমাৰ সৰু-বৰ নগৰ-মহানগৰসমূহত তেনেই সুলভ৷ নাকত ৰুমাল লোৱাৰ দৰকাৰেই নাই ইয়াত৷

গ্ৰীণ ভিলেজ প্ৰজেক্টৰ অন্তৰ্গত শিলেৰে নিৰ্মিত চাৰ্কুলাৰ বাটটোৰে নামি যাব ধৰিলোঁ৷ খনমাৰ প্ৰত্যেকটো ঘৰৰে চালবোৰৰ বৰণ সেউজীয়া আছিল৷ ক'ৰবাত ক'ৰবাত অকণ অকণ চকুত পৰাৰ বাদে এতিয়া সি কাৰ্যতঃ নাইকিয়া হৈ পৰিছে৷ দৰাচলতে সেউজ গাঁৱৰ প্ৰকৃত অৰ্থ ঘৰৰ চালত কৃত্ৰিম ৰং সানি মাথো দেখাত সেউজীয়া কৰি পেলোৱাটো মুঠেই নহয়৷ সেউজী প্ৰাকৃতিক পৰিৱেশ সৃষ্টিৰে চিৰদিনৰ বাবে গঢ়ি তোলা চিৰসেউজীয়াহে আচল কথা৷ মৰ্মাৰ্থটো আমি সোনকালেই বুজি উঠিলোঁ৷ সেয়েহে আজি অপৰিৱৰ্তনীয় ৰূপত 
চৌদিশে সেউজ পাহাৰ লক্ষ্য কৰিছোঁ, যিবোৰে খনমাক প্ৰদান কৰিছে অনন্য মাত্ৰা৷ ইয়াৰ হকে খনমাৰ মানুহে উচিত পদক্ষেপ আৰু বজ্ৰকঠোৰ সংকল্প আগতেই লৈছে৷ প্ৰকৃতি সংৰক্ষক হিচাপে ভালেমান ৰাষ্ট্ৰীয় ছেমিনাৰত ভাগ লোৱা চিলে চাখ্ৰে'ই এবাৰ এখন আলোচনীত এইবুলি লিখিছিল... “We no longer wage war with nature anymore. We do want peace in our land among tribesmen and we realize that even our wildlife wants peace and freedom.” খনমা আৰু ইয়াৰ চৌদিশ এতিয়া যেনেকৈ সেউজীয়া, আগলৈকো সেউজীয়া হৈ থাকক৷ তাকে কামনা কৰি ইফালে সিফালে কৌতূহলী দৃষ্টি ৰাখি গাইডৰ সৈতে খোজ দি আছোঁ৷

অকণমান আগলৈ আকৌ চৌবাচ্চা এটা৷ দেৱালত সাৱধানবাণী 
লিখা আছে... Washing of vehicle is strictly prohibited৷ ওপৰত এসোপামান ফলাখৰি৷ বাওঁহাতে গেলামালৰ দোকান এখন৷ বজাৰ-সমাৰ এতিয়ালৈ ইয়াত দেখা পোৱা নাই৷ দৈনন্দিন প্ৰয়োজনীয় বয়-বস্তু, শাক-পাচলি কোনফালে পোৱা যায়? প্ৰশ্ন এটা জাগি উঠিল৷ যেনি-তেনি বিজুলী-বাতিবোৰ জ্বলি উঠিছে৷ খনমাৰ নৈশ ৰূপটো দেখি ভাল লাগিছে৷ কেনিও কোনো ধৰণৰ হাই-উৰুমি শুনা নাই৷ প্ৰায় ইটাৰ জোখৰে শিল কিছুমান শৃংখলিতভাৱে পাৰি আমি গৈ থকা ৰাস্তাটো সজা হৈছিল৷ তললৈ সৰি নপৰিবলৈ বাওঁকাষে ৰেলিং দিয়া আছে৷ অথনি ওপৰৰ পৰা দেখা খলপীয়া খেতি পথাৰবোৰ এতিয়া ওচৰ চাপি আহিছে৷ তাৰ মানে আমি অনেকখিনি নামি আহিলোঁ৷ ৰাস্তাটোৱে আমাক একেবাৰে তললৈ লৈ যাব বুলি ধাৰণা হৈছে৷


খনমা ষ্টুডেণ্টছ্‌ ইউনিয়নৰ বিল্ডিং পাৰ হৈ বাওঁহাতে তলফালে অৱস্থিত ঘৰ কেইটামানৰ ফালে Neizoএ আমাক ঘূৰালে৷ মুকলি ঠাই এখিনিৰ তিনিফালে কেইবাটাও ঘৰ৷ বিজুলী চাকিয়ে আলোকিত কৰা এঘৰৰ বাৰাণ্ডাত কেইজনমান লোক বহি কিবা গহীন আলোচনাত মগ্ন৷ প্ৰৱেশদ্বাৰৰ বাওঁকাষে মজিয়াৰ পৰা বেৰৰ উচ্চতা পৰ্যন্ত ওখকৈ ফলাখৰিৰ দ'ম৷ গাইডে স্থানীয় মানুহকেইজনক সম্ভাষণ জনালে৷ তেওঁলোকৰ দোৱানত কিবাকিবি কথাও পাতিলে৷ পোনপটীয়াকৈ বুজি নাপালোঁ যদিও আমিযে গাঁওখন চাবলৈ আহিছোঁ তাকে জনোৱা বুলি অনুমান কৰিলোঁ৷ তেওঁলোকৰ ভাব-ভংগীৰ পৰা এইটোও অনুমান হ'ল যে আমাৰ আগমন ভাল পাইছে তেওঁলোকে৷ আমি ৰৈ থকাৰ পোনে পােনে বাৰাণ্ডাখন৷ বাৰাণ্ডাৰ কাঠৰ বেৰত প্ৰকাণ্ড বন্দুক এটা সজাই ৰখা আছে৷ দলটোৰ প্ৰতিজনৰে সেইটো কৌতূহলৰ কাৰণ হৈ উঠিল৷ অনুমান কৰিলোঁ, বন্দুকটো দীঘলে মোৰ হাতেৰে ৮ হাতৰ কম নহ'ব৷ আটাইৰে মনত এটাই প্ৰশ্ন জাগিছে, বিৰাট আকাৰৰ এই বন্দুক চলোৱাজনৰ অবয়ৱটো কেনেকুৱা আছিল বাৰু? এসময়ৰ নগাদা-যাঠীধাৰী আংগামীৰ হাতত ইতিহাসৰ এটা ক্ষণত বন্দুক-বাৰুদ প্ৰচুৰ ৰূপত আহি পৰাৰ কথা সকলোৱে জানে৷ পিছে এইখন খনমাৰে একবিংশ শতিকাৰ নৱ-প্ৰজন্মই এতিয়া বন্দুক-ৰিভলভাৰ এৰি নতুনৰ চিন্তাত মগ্ন হৈছে৷ ফিজোৰ খনমাৰ নতুন পুৰুষে আজি বন্দুকক বিদায় দিছে৷ ভাবি পাইছে যে বন্দুকেৰে সমাধান নাহে৷ বন্দুক এতিয়া বেৰত সজোৱা বস্তু মাত্ৰ৷

ঘৰটোত আওপুৰণি সম্পদ কেইবাবিধো দেখিলোঁ৷ পোনে পোনে থকা অন্য এটা ঘৰো দেখুৱালেগৈ৷ তাৰ পৰা আমাক আৰু এটা ঘৰলৈ লৈ গ'ল৷ সেইটো এজন প্ৰাক্তন চিকাৰীৰ বাসস্থান৷ জীৱিত চিকাৰীজনৰ আগৰ পুৰুষসকল নৰমুণ্ড চিকাৰী আছিল বুলি ক'লে৷ দাৰে চাঁচি উলিওৱা কাঠৰ খলপা-খলপ তক্তা, মিঠাতেল নহ'লে ঘিউৰ টিং কাটি উলিওৱা শ্বিট, বাঁহৰ বেৰৰ অংশবিশেষ, টিনপাত আদিৰ সংমিশ্ৰণ এই ঘৰটোৰ চাৰিবেৰ আৰু ওপৰভাগ৷ সোমাওঁতেই বাহিৰৰ বেৰখনত ওপৰলৈ মেঠোনৰ মূৰ ৪টা লগাই ৰখা চকুত পৰিল৷ Neizoৰ পাছে পাছে খোজ পোনাই সোমাই গৈ থাকি একেবাৰে জুহালেই পালোঁগৈ৷ কোনো বাধা নাই৷ ধোঁৱাই চুই থকাকৈ চালখনৰ তলফালে পশু-পক্ষীৰ এগালমান মূৰ, বিভিন্ন আকৃতিৰ হাড়, জঁকা আদি শাৰী পাতি সজাই ৰাখিছে৷ বাস্কেটত ভৰায়ো হাড়-মূৰ, মই চিনি নোপোৱা আন কিবা-কিবি ওলোমাই থৈছে৷ অন্য এখন বেৰত খুঁচি থোৱা অৱস্থাত দা এগালমান৷ বাঁহ-বেতৰ সামগ্ৰী, গোমধানকে ধৰি অন্যান্য শস্যৰ সঁচলৈ থোৱা গুটি, হাতুৰী-বটালি, কেইবা প্ৰকাৰৰো কোৰ আদি দেখা গৈছে৷ জুইৰ গুৰিতে পীৰা এখনত বহি আংগামীজনে কাঠৰ মস্ত পাত্ৰ এটাৰ পৰা কাঠৰ চামুচেৰে কিবা উলিয়াই লাহে লাহে কিন্তু একান্তমনে খোৱাত ব্যস্ত৷ চৌকাৰ বাওঁফালে ৰেক্‌ এডালত ক'লা পৰি যোৱা ৰন্ধন সঁজুলিবোৰ৷

আমি মানুহজনৰ সন্মুখত উপস্থিত হ'লোঁ৷ ঘৈণীয়েকো আহিল৷ গাইডে তেওঁলোকৰ বিষয়ে কৈ গ'ল৷ পুৰুষজনৰ বয়স ৭০ বছৰমান হ'ব৷ আটিল শৰীৰ৷ চুলিৰ বৰণ বগা৷ কাণত কাণফুলি৷ ডিঙিত মালা৷ হাত-ভৰিবোৰলৈ চালেই ধৰিব পাৰি কেনেকুৱা কষ্টকৰ জীৱন-শৈলী তেওঁলোকৰ৷ এসময়ত পাকৈত চিকাৰী আছিল৷ এতিয়া এৰিলে৷ পাছৰ প্ৰজন্মও সেইটো কামত নাই৷ খনমাৰ মানুহে চিকাৰ বাদ দিছে৷ এওঁলোক এতিয়া সংৰক্ষকহে৷ কোনােবাই চিকাৰ কৰা, গছ কটা বুলি গম পালে সাৰণ নাই৷ খনমা গাঁৱৰ এই কথাটোৱে মোৰ মনত গভীৰভাৱে ৰেখাপাত কৰি গ'ল৷ চিন্তা কৰিলোঁ, মানুহজনক কিবা এটা দি যোৱা যাওক৷ টকা ১০০কে তেওঁৰ হাতত গুজি দিলোঁ৷ ক'লোঁ, 'বেচ্চি মৰম পৰা দিছে দেই বাবা' বুলি৷ তেওঁ মোক হেণ্ডশ্বেক কৰিলে, হাঁহিলে৷ খুব সন্তুষ্ট হোৱা যেন লাগিল মানুহজনক৷ আংগামীতে কিবাকিবি বিৰবিৰালে যদিও বুজি নাপালোঁ৷ Neizoহঁত ওলাই আহিলেই৷ 'আমাখান যাব দেই, আপুনিখান খুচ্চি কৰি কেনা থাকিব দেই বাবা, প্ৰেয়াৰ কৰি থাকিবি' বুলি ময়ো বিদায় ল'লোঁ৷



No comments:

Post a Comment