Tuesday, 8 August 2017

২০. আংগামীসকল

গাড়ীৰ দুৱাৰ খুলি আমিকেইজনে খনমাৰ বোকামাটিত ভৰি থ'লোঁ৷ প্ৰথমবাৰৰ বাবে আহিছোঁ খনমালৈ৷ শিহৰণ এটা খেলি গ'ল দেহে-মনে৷ লগতে আচহুৱা শীতলতা এটাও৷ ক'হিমা-জুলুকি ৰ'দেৰে ভুলক্রমে এছোৱা পথ আগ বাঢ়ি যোৱাৰ পাছত উভতি খনমাত উপস্থিত হওঁমানে ঘড়ীত প্ৰায় ৩.৩০ বাজি গ'ল৷ সিটো দলৰ দৃষ্টিভংগীৰে ক'বলৈ গ'লে, আধা ঘণ্টামান বৰবাদ হ'ল আমাৰ৷ কিন্তু সেইখিনি সময়ত আমি তেওঁলোকে নেদেখা এফাল দেখিলোঁ৷ সিফালৰ পৰা খনমাখন দেখিলোঁ৷ সেয়াই আমাৰ লাভ৷

পৰ্বতৰ ওপৰত অৱস্থিত আংগামীৰ বৰভেটিত পদব্ৰজে পদাৰ্পণ কৰিলোঁ এইমাত্ৰ৷ এই ভেটিৰ দীঘলীয়া ইতিহাস আছে৷ বৃহত্তৰ নগা জনগোষ্ঠীৰ সবাতোকৈ আগ্ৰাসী উপগোষ্ঠীটোৱেই হৈছে আংগামী৷ খনমা হৈছে আংগামী নগাৰ পীঠস্থান৷ পৌৰাণিক কিম্বদন্তীৰ ভিত্তিত আংগামীসকলৰ পূৰ্বপুৰুষসকল মণিপুৰৰ পৰা অহা বুলি তেওঁলোকৰ মাজত জনবিশ্বাস অদ্যাপি প্ৰচলিত আছে৷ অন্যহাতে, উৎপত্তি বিষয়ক কিম্বদন্তী অনুসাৰে তেওঁলোক হেনো দক্ষিণ দিশৰ কেজা কেন্‌মা গাঁৱৰ ওচৰৰ ভূগৰ্ভৰ পৰা ওলোৱা! সেই গাঁওখনত এডোখৰ বিৰাট আকাৰৰ চেপেটা পাথৰ আছিল৷ সেই পাথৰডোখৰৰ ওপৰত ধান বা চাউল থ'লে নিজে নিজে দুগুণ হৈ গৈছিল হেনো!

আংগামীসকলক নগা সমাজৰ উচ্চবৰ্ণ বুলি জ্ঞান কৰা হয়৷ ভাৰতীয় সংবিধানৰ পঞ্চম অনুসূচীয়ে তেওঁলোকক অনুসূচিত জনজাতিৰ মৰ্যাদা দিছে৷ আংগামীয়ে অৱশ্যে নিজকে আংগামী বুলি নকয়৷ তেওঁলোকৰ ঘাই ঠাল তিনিটা তেংগিম্যে, চাক্রিম্যে আৰু চাক্রোম্যে৷ একে আংগামী হ'লেও তেংগিম্যে আৰু চাক্রিম্যেৰ মাজত চেহেৰা আৰু দোৱানৰ পাৰ্থক্য আছে৷ নিজকে 'তেংগিম্যে' বুলি চিনাকি দিয়া উন্নতশীল আংগামীসকল নাম আৰু গৌৰৱৰ ক্ষেত্ৰত আগৰে পৰাই জনাজাত৷ আনহাতে নগামূলীয় হ'লেও অনা-আংগামী যিকোনো লোককে 'তেক্রিম্যে' বোলা হয়৷ সেইফালৰ পৰা আমাৰ গাড়ী চালক দুজনক বাদ দি খনমাত আমিবোৰ এতিয়া তেক্রিম্যে৷ আংগামীৰ সৈতে মুখমণ্ডলৰ মিল থকা বুলি ধনশিৰিৰ পাৰত অথনিতে দাবী কৰা দীপমইনা দুৱৰাও সদ্যহতে তেক্রিম্যে৷

আংগামীসকলৰ জীৱন-চৰ্যা প্ৰকৃতিৰ লগত অতিকৈ খাপ খোৱা৷ নৃত্য-গীতেৰে উৎসৱময় তেওঁলোকৰ জীৱন৷ কৃষিক কেন্দ্ৰ কৰি ৰীতি-নীতি, আচাৰ-বিচাৰ, বিশ্বাস-পৰম্পৰা সকলো দিশতে উৰ্বৰা ধাৰণাৰ গোন্ধ সচৰাচৰ জনজাতিসমূহৰ দৰে তেওঁলোকৰ মাজতো পোৱা যায়৷ আংগামীসকলৰ মাজত থকা গেনা বা সামাজিক বাধা-নিষেধ (তেবু) এটা উল্লেখযোগ্য জনজাতীয় বৈশিষ্ট্য৷ কৃষিকাৰ্য আৰম্ভ কৰাৰ সময়ত অৰ্থাৎ ফেব্ৰুৱাৰী মাহত পালিত 'চেক্রেংন্যি' আৰু খেতি চপোৱাৰ সময়ত উদ্‌যাপিত 'তেৰেংগি' তেওঁলোকৰ প্ৰাণৰ উছৱ৷ আড়ম্বৰ, প্ৰাৰম্ভ সকলো পিনৰ পৰাই চেক্রেংন্যিক অসমীয়া সমাজৰ ৰঙালী বিহুৰ সমপৰ্যায়ৰ উৎসৱ বুলি গণ্য কৰিব পাৰি বুলি তুলনামূলক অধ্যয়নকাৰীসকলে কয়৷ আনহাতে তেৰেংগিক তুলনা কৰা হয় ভোগালী বিহুৰ সৈতে৷

অখ্ৰিষ্টান আংগামীৰ অতীতৰ ধৰ্ম বিশ্বাস মতে তেৰ'পফো বা কেপন'পফো হৈছে তেওঁলোকৰ সৰ্বশক্তিমান সৃষ্টিকৰ্তা৷ তদুপৰি দেও-ভূত, মৃতকৰ আত্মাও তেওঁলোকে বিশ্বাস কৰিছিল৷ তেওঁলোকৰ সমাজত কুকুৰা, গাহৰি, গৰু, ম'হৰ বলি-বিধানৰ নিয়মো আছিল৷ চেক্রেংন্যি উৎসৱত কুকুৰ বলি দিয়াৰ নিয়ম৷ মদ-মঙহো অপৰিহাৰ্য নৈবেদ্য৷

২০১১ চনৰ তথ্য অনুসৰি শতকৰা ৯৮.৬২ সংখ্যক আংগামীয়েই খ্ৰিষ্টান৷ ০.৪৭% বৌদ্ধ, ০.৩৭% হিন্দু, ০.২৪% ইছলাম আৰু ০.১৯% দেও-পূজক৷ খ্ৰিষ্টানসকল বেপ্টিষ্ট, ৰোমান কেথলিক, পেণ্টিকষ্টেল, খ্ৰিষ্টান ৰিভাইভেল আৰু চেভেনডে' এভেণ্টিষ্ট হিচাপে বিভক্ত৷ ৮০ শতাংশ আংগামীয়েই বেপ্টিষ্ট৷ আনহাতে পৌৰাণিক ধৰ্মীয় ৰীতি-নীতি বৰ্তাই ৰখা উদ্দেশ্যে ১৯৮৭ চনত একাংশ আংগামীয়ে Japfuphiki Pfutsana নামে এটা ধৰ্মীয় সংগঠন প্ৰতিষ্ঠা কৰি কৌটিকলীয়া পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াস চলাই আহিছে৷

আংগামীসকল আত্মনিৰ্ভৰশীল, পৰিশ্ৰমী আৰু স্বাস্থ্যৱান মানুহ৷ তেওঁলোক স্বাভিমানী আৰু সবল-সুঠাম৷ শিল্পকলাত পাকৈত৷ চাক্রিম্যেৰ বাহিৰে বাকী দুটা ঠালৰ আংগামীসকল পাহাৰৰ বুকুত পানী বন্ধকৈ ৰাখি খলপীয়া প্ৰথাৰে খেতি কৰাত সিদ্ধহস্ত৷ ঝুম প্ৰথাৰে তেওঁলোকে খেতি নকৰে৷ আংগামীসকলৰ বাহিৰে কিন্তু বাকী সকলো নগাই ঝুম খেতি কৰে৷ আংগামীসকলে আহু খেতি কৰিলেও পৰ্বতৰ গাত খাপ কাটি কাটি মাটি উলিয়াই শালি ধানৰ খেতি কৰে৷ অত্যাধিক শ্ৰম আৰু কৌশলেৰে জলসিঞ্চন পদ্ধতিৰে খেতি কৰাৰ এই বিশেষত্ব দক্ষিণৰ মণিপুৰৰ ফালৰ বুলি ধাৰণা কৰা হয়৷ ইণ্ডোনেচিয়া আৰু ফিলিপাইনছৰ বনটক্‌ বা ইগ'ৰ'ট্‌ আৰু বৰ্নিও দ্বীপৰ ড্যাক্‌সকলৰ জীৱন-পদ্ধতি, কৃষি-কৰ্ম আৰু সংস্কৃতিৰ সাদৃশ্যলৈ চাই আংগামীসকল একালত উন্নত ধানখেতিৰ এইবোৰ দেশৰ পৰা দক্ষিণ পথেদি আহি নগা পৰ্বতত সোমায়হি বুলি গৱেষকসকলে ঠাৱৰ কৰিছে৷

আংগামী মানুহৰ দ্বাৰা পাহাৰৰ বক্ষত খলপ কাটি উলিওৱা পথাৰৰ সৌন্দৰ্য অনন্যসুন্দৰ৷ ইয়াৰ উপৰি পাহাৰৰ টিঙত সজা তেওঁলোকৰ ওখ ওখ চাং ঘৰ, আহল-বহল মৰংঘৰ, বাৰে-বৰণীয়া পৰম্পৰাগত সাজ-পোচাক, মূৰৰ মুকুট, হাতৰ যাঠি আদি সমল নগাৰাজ্যৰ সংস্কৃতিত বিশেষ বৈশিষ্ট্যৰ বাহক আৰু ধাৰক৷ এইবোৰে তেওঁলোকৰ মাজত ঐক্যৰ এনাজৰীডাল নিকপকপীয়া কৰি ৰাখিছে৷ এই সকলোবোৰেই চাবলগীয়া৷

১৯২১ চনত জে. এইচ. হট্টনে লণ্ডনৰ পৰা প্ৰকাশ কৰা গ্ৰন্থত আংগামী নগাৰ সন্দৰ্ভত স্বকীয় তথা বিস্তৃত নিদৰ্শন পোৱা যায়৷ অন্যান্য নগাসকলৰ দৰে আংগামীসকলৰ দোৱানৰ ধ্বনিতত্ত্ব, ৰূপতত্ত্ব আৰু শব্দকোষ তথা বাক্যৰীতিত বড়ো-নগা-কুকি-চীনৰ তুলনাত্মক সাদৃশ্য থকাটো পণ্ডিতসকলে লক্ষ্য কৰিছে৷ আন নগাসকলৰ তুলনাত আংগামীসকলৰ দোৱান অনেক উন্নত৷ উচ্চাৰণ-ৰীতি পিছে অত্যন্ত কঠিন৷ সাধাৰণতে জনজাতীয় ভাষা বা উপভাষাৰ ভাষাগত ৰীতি শিথিল যদিও ভাষাবিদসকলে আংগামী দোৱানৰ ৰীতিক আধুনিক উন্নত ভাষাবিলাকৰ শাৰীত থৈছে৷ ২০০১ চনৰ পৰিসংখ্যা অনুসৰি আংগামী দোৱান কোৱা মানুহৰ সংখ্যা আছিল ১,৩১,৭৩৭জন৷ সেই দৃষ্টিকোণেৰে আংগামীৰ স্থান নাগালেণ্ডৰ ভিতৰত চতুৰ্থ৷ অৰ্থাৎ আও, কন্যাক আৰু লথাৰ পাছতে৷

অসমত ইংৰাজ শাসনৰ দিনত ব্ৰিটিছ চৰকাৰে আংগামী নগাসকলক দমনৰ বাবে তেওঁলোকৰ বিপক্ষে এদলৰ পাছত আনদলকৈ সৈন্য পঠাইছিল৷ এই কথা নগা পাহাৰ এলেকাৰ ক্ষেত্ৰত যথেষ্ট জ্ঞানপুষ্ট নৃতত্ত্ববিদ ডক্টৰ জে. পি. মিল্‌ছৰ ৰিপ'ৰ্টত আছে৷ আনহাতে স্বৰাজোত্তৰ ভাৰতৰ প্ৰথমজন প্ৰধান মন্ত্ৰীয়ে নগাৰ দাবী একে আষাৰে প্ৰত্যাখ্যান কৰাৰ পাছত ইন্দিৰা গান্ধীয়ে স্বাধীনতাৰ বাদে যি লাগে (Anything but independence) সেয়াই দিব বুলি কৈছিল৷ পৰৱৰ্তী সময়ত নগা বিদ্ৰোহীলৈ প্ৰথমবাৰৰ বাবে সঁহাৰি জনাইছিল প্ৰধান মন্ত্ৰী পি. ভি. নৰসিংহ ৰাৱে৷ তেওঁৰ কাৰ্যকালতে প্ৰথমবাৰৰ বাবে ছুইজাৰলেণ্ডত এন.এছ.চি.এন. (আই.এম.)ৰ সৈতে ভাৰত চৰকাৰৰ বৈঠক বহিছিল৷ এইচ. ডি. দেবেগৌড়া চৰকাৰে যুদ্ধবিৰতি চুক্তিত আগ-ভাগ লৈছিল৷ ইন্দ্ৰ কুমাৰ গুজৰালৰ কাৰ্যকালত স্বাক্ষৰিত হৈছিল উক্ত চুক্তি৷ তাৰ পৰৱৰ্তী দিনত নগাৰ পৃথক ইতিহাস আৰু স্থানীয় পৰম্পৰাক স্বীকৃতি দিছিল অটল বিহাৰী বাজপেয়ী চৰকাৰে৷ মনমোহন সিং নেতৃত্বাধীন চৰকাৰে এন.এছ.চি.এন.লৈ মৌখিক প্ৰস্তাৱ আগ বঢ়াইছিল৷ শেহতীয়াভাৱে নৰেন্দ্ৰ মোদী চৰকাৰে বিদ্ৰোহী সংগঠনটোৰ সৈতে খচৰা চুক্তি (Framework agreement)ত স্বাক্ষৰ কৰিছে৷

দীঘল দীঘল খোজ পেলাই দীপমইনা দুৱৰা আমাৰ আগে আগে৷ তেওঁৰ পৰা কেইমিটাৰমান ব্যৱধানত অৰুণদা৷ আজি অলপমান দিন ধৰি চাকৰি সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ সময় এটা চলি আছে তেওঁৰ৷ হ'লেও আহিছে, মনৰ তাগিদাত, মানসিক খাদ্যৰ সন্ধানত৷ অৰুণদাৰ বহুখিনি পাছত মই৷ ভাবনাবিভোৰ হৈ দীপমইনাক অনুসৰণ কৰি উঠি আছোঁ৷ সুবীৰ আমাতকৈ অনেক পাছত৷ হাতত এছ.এল.আৰ. কেমেৰাটো৷ লক্ষ্যবস্তুক টাৰ্গেট কৰি লেন্সখন দীঘল-চুটি কৰাত লাগিছে৷ ফটোগ্ৰাফী তেওঁৰ হ'ব্বি৷ তেওঁ তোলা আলোকচিত্ৰৰে এবাৰ মই এখন কিতাপৰ বেটুপাত সজাইছিলোঁ৷ খনমাৰ চৌপাশ দেখি মানুহটোৰ খোজৰ গতি ধীৰ হৈ থাকিল৷ স্বাস্থ্য বিভাগৰ নিৰন্তৰ দায়িত্ববদ্ধ কৰ্মব্যস্ততাৰ বেহু যেনে-তেনে ভেদ কৰি এইবাৰ আমাৰ সৈতে ওলাই আহিছে৷ নিজকে নিজে আৱিষ্কাৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিয়ে পেলাইছে তেওঁ৷ সেয়ে মিছাতে চিঞৰি-বাখৰি আমনি দিবলৈ সত নগ'ল৷

আগত থকা দীপমইনাক ভৰসা কৰি কম সময়তে আকাংক্ষাৰ থলী পালোঁহি৷ পাহাৰৰ বক্ষত অৱস্থিত অতিথিশালাটোৰ সন্মুখভাগত উপস্থিত হৈ চমকিত নহৈ নোৱাৰিলোঁ যে এই অৱস্থানত, এনে পৰিৱেশত, এনেকুৱা সুদৃশ্য অতিথিশালা এটা থিয় হৈ আছে! খনমাৰ এইখনেই একমাত্ৰ হোটেল বা অতিথিশালা৷ নকৈ গঢ়ি তোলা হৈছে৷ ভাল লাগি গল প্ৰথ্ম দৰ্শনতে৷ তথাপিও অসন্তুষ্টি এটাই পাছলৈকো খুন্দিয়াই থাকিবলৈ নেৰিলে যে আংগামীৰ পৰম্পৰাগত ঘৰ এটাত থকাৰ ব্যৱস্থা কৰা হলে চাগৈ বেছি ভাল পালোঁহেঁতেন৷ অৰুণাচলৰ দুৰ্গম পাহাৰত টাংচা, টাগিন, মেয়ৰ (জাখ্ৰিং)ৰ চাঙত সেই সোৱাদ পাই থৈছোঁ৷ জীৱনব্যাপী পাহৰিব নোৱাৰা সোৱাদ৷



No comments:

Post a Comment