Friday, 11 August 2017

২১. আংগামী নগাৰ পীঠস্থানত থিয় হৈ

Dovipie Inn নামৰ নকৈ প্ৰতিষ্ঠা কৰা খনমাৰ একমাত্ৰ অতিথিশালাটোত দীপমইনা দুৱৰাই আমাৰ দলটোৰ বাবে থকা-খোৱাৰ ব্যৱস্থা আগতীয়াকৈ কৰি ৰাখিছিল৷ গাড়ীৰ পৰা ৰাক্‌চেক্‌টো নমাই টাইল্‌চ লগোৱা মজিয়াতে থ'লোঁ৷ তাৰ পাছতে অকণো কালক্ষয় নকৰি কেমেৰাটো ডিঙিত ওলোমাই লৈ মই অকলেই ওলালোঁ৷ আকাশখন মেঘাচ্ছন্ন৷ হ'লেও বতৰটো সামান্য অনুকূল যেন লাগি থাকোঁতেই ফটো দুখনমান তুলি থোৱা উচিত৷ নতুবা পাছত পস্তাব লাগিব৷ সেইটো হ'বলৈ দিব নোৱাৰি৷ গতিকে তুৰন্তে সিদ্ধান্ত এটা ল'লােঁ৷ ওচৰে-পাজৰে ইফালে-সিফালে গৈ কেনি কি আছে চোৱা যাওক৷ সন্মুখভাগতে বহাঘৰ এটা৷ সম্পূৰ্ণকৈ কাঠেৰে নিৰ্মিত৷ আচবাবখিনিও কাঠৰ৷ এনেকুৱা আচবাব মই আগতে ক'তো দেখা মনত নপৰে৷ বিশেষত্বৰে পৰিপূৰ্ণ৷ ফুলেৰে ধুনীয়াকৈ সজাই ৰখা হৈছে চৌপাশ৷

অদূৰত পৰ্বতলানি৷ মাজে মাজে ডাৱৰে ঘেৰি ধৰিছে৷ একো দেখা নাযায়৷ আমাৰ থকা ঠাই গাঁওখনৰ একেবাৰে পূব মূৰে৷ খনমাৰ এই অংশটোক Phetsu Kiku, T. Khel বুলি কয়৷ প্ৰায় সন্মুখেদিয়েই খট্‌খটি এটা ওপৰলৈ উঠি গৈছে৷ কোনেও নক'লেও বুজি পালোঁ, সেইটোৱেই খনমাৰ বিখ্যাত চিৰি, আংগামী গঞাই নিজ হাতে শিল কাটি কাটি যিটো নিৰ্মাণ কৰিছিল৷ খনমাৰ সিও এক বিশেষত্ব৷ শিলৰ ফাঁকে ফাঁকে ৰঙা, বগা কাণফুলি ফুলবোৰ ফুলি মোক চা মোক চা কৰি আছে৷ নোদোকা চেহেৰা গছবোৰৰ৷ ফুলে-পাতে ওলমি আছে বিন্দু বিন্দু পানীৰ টোপাল৷ ষ্টেপখিনি আৰম্ভ নৌহওঁতেই সোঁকাষতে শৈলনিৰ্মিত গোলাকৃতিৰ থলী এটা৷ বহিবৰ বাবে শিলৰ আসন কিছুমান নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত ঘূৰণীয়াকৈ শৃংখলাবদ্ধ ধৰণে পাতি থোৱা আছে৷ কণিয়াই থকা বৰষুণজাকে শৰীৰটোলৈ ঠাণ্ডাৰ মাত্ৰা বঢ়াই আনিছে৷ উৎসাহৰ উষ্ণতা কিন্তু এক ডিগ্ৰীও কমাব পৰা নাই৷

হোটেলৰ কাষতে পুৰণি দুৰ্গসদৃশ ঘৰ এটা৷ তাৰ সন্মুখত Friendship monolith এটা প্ৰতিষ্ঠা কৰা আছে৷ ২০১৩ চনৰ ১৫ নৱেম্বৰত উদ্‌ঘাটন কৰা হৈছে এই স্মাৰক৷ শিলৰ পিঠিত লিখা আছে The Vomia Khel of Khonoma village and Porba village have maintained traditional friendship for ages. We reaffirm our brotherhood today for prosperity. The Vomia Khel, Porba village, Dated 24.2.1999.
Friendship monolith : In early 18th century the foundation of friendship between Pfütseromi and Khwüno Thevo was laid down by Lhucatsü Kuotsu by planting a hietobo/letübo (erythrina indica) as a symbol of the friendship.
In 1946, the friendship was renewed when a 15-member delegation from Khwüno Thevo revisited Pfütseromi village. Two stone memorials were erected and Pfütseromi village presented three warrior spears to the leaders of Khwüno Thevo in affirmation of old friendship ties.
The traditional tie was reaffirmed on April 13, 2012 at Pfütseromi village and decided to hold friendship feasts. Further, to strengthen and perpetuate the friendship for the sake of the coming generations the two sides have erected this monolith in both their villages.
Inaugurated by : Mr. Kharü Ritse, Chairman, Pfütseromi Village Council, On November 15, 2013, at Khonoma.
In presence of Ako Whiso Khotsu, Co-convenor; Wepretso Mero, Co-convenor and following core committee members : Dr. Rüünguto Zinyü, Dr. Niu Whiso Khotsu, Mhiesizokho Zinyü, Er. Kevisekho Kruse,  Dr. Kedozeto Punyü, Kolhulie Khotsu, Zievinyü Yalietsu, Charles Chesie, L. Mero, Dr. Ditsolo Mero, Lhiwenyi  Kapfo, M. K. Mero, Lhiwengulo Mero and Zekotso Mero.

শিল কটাত নগাসকল বৰ ওস্তাদ৷ সুন্দৰকৈ কটা অসংখ্য শিল জাপি কৰা দেৱাল এখনত আঁউজি বহি আছে অশীতিপৰ বৃদ্ধা এগৰাকী৷ গাত নগা শ্বাল এখন৷ নগা শ্বাল নগাসকলৰ বিশেষ পৰিচয় বাহক৷ গাত লৈ থকা শ্বালখন দেখিয়েই কৈ দিব পাৰি মানুহজন বা মানুহজনী কোন ফৈদৰ৷ মই সেইখিনিতে কেমেৰা লৈ ইফাল-সিফাল কৰি থকা দেখি আইগৰাকীয়ে মোলৈ এবাৰ দৃষ্টি নিক্ষেপ কৰিলে৷ তাৰ পাছত পুনৰায় নিজৰ ভাবত নিমগ্ন হ'ল৷ দূৰৰ পৰাই ঝুম কৰি তেওঁক মে'মৰীত বন্দী কৰি থ'লোঁ৷ কিবা গম পালে নেকি, গম পাই বেয়া পালে যদিও নাজানিলোঁ৷ মাত এষাৰ দিয়াৰ মতলব এটা বৰকৈ আছিল৷ কিন্তু নতুন জেগাৰ ৰেহৰূপ বুজি নুঠাত সেইটো কাৰ্যকৰী নহ'লগৈ৷ পৰৱৰ্তী সুযোগৰ অপেক্ষাত ৰ'বলগীয়া হ'ল৷

খনমাত অনেক ফুটপাথ আছে৷ তেনেকুৱা পদপথ এটা সোঁহাতে নামি হোটেলখনৰ পাছফাললৈ গৈছে৷ সেই বাটে কিছু আগুৱাবলৈ ইচ্ছা গ'ল৷ কাষৰে-পাজৰে নাম জনা-নজনা হালধীয়া, গুলপীয়া, ঈষৎ বেঙুনীয়াৰঙী অলেখ ফুলৰ গহীন সমাহাৰ৷ ফুলৰ ৰাজ্যহে যেন! ঠায়ে ঠায়ে ডাষ্টবিন কিছুমান সংস্থাপন কৰি ৰখা হৈছে৷ আৱৰ্জনা পিছে নায়েই৷ পথৰ দাঁতিত পাহাৰৰ বক্ষত গোমধানৰ গছ কিছুমানো প্ৰত্যক্ষ কৰিলোঁ৷ সেইবোৰৰো চেহেৰা ভাল৷ গাঁওখনৰ এই অংশটো বেছ পৰিষ্কাৰ৷ হাই-উৰুমিহীন শান্ত-শীতল গ্ৰামীণ পৰিৱেশ৷ দৃশ্যপটটোৱে মোৰ মন মুহিলে৷ এখন উপযুক্ত ঠাইলৈ অাহিছোঁ যেনেই লাগিল৷ এই ট্ৰিপটোৰ সংক্ৰান্তত জয়ন্তদাই প্ৰথমবাৰ কওঁতে ঝুক' ভেলীৰ নামটোহে উল্লেখ কৰিছিল৷ পিছত 'এক্সপ্ল'ৰাৰ এণ্ড এডভেন্‌চাৰ'ৰ প্ৰতিষ্ঠাপক দীপমইনা দুৱৰাই মেইল কৰা ভ্ৰমণসূচীত খনমাৰ নামটো দেখি মনতে প্ৰশ্নবোধক এটাহে জাগিছিল, কিয় নিয়ে খনমালৈ বুলি৷ এতিয়া ভাব হৈছে, নভবাকৈয়ে এনেকুৱা এখন ঐতিহাসিক আৰু সুন্দৰ ঠাই পালোঁহি৷ সঁচাই ভাগ্য এয়া৷ নিজৰ ভাগ্যৰ প্ৰশস্তিৰ লগে লগে জয়ন্তদা আৰু দীপমইনাৰ নাম দুটাও সুঁৱৰিলোঁ এবাৰকৈ৷ উক্ত সংযোগটোৱেহে মোক আজি খনমা পোৱালেহি৷ অন্যথা হয়তো অগোচৰেই ৰৈ গ'লহেঁতেন খনমাৰ বৈভৱ৷

এইবোৰকে মনত লৈ উভতি এখোজ দুখোজকৈ উঠি আহি আছোঁ, তেনেকুৱাতে ৬জন কিশোৰক ফুটবল এটাৰে সৈতে ওপৰৰ পৰা নামি অহা দেখা গ'ল৷ ষ্টেপেৰে গোটেইকেইটাই ঘপঘপাই তলৰ ফালে যাব ধৰিলে৷ ক'ত খেলিবগৈ বাৰু ইহঁতে? চিন্তা কৰিলোঁ৷ চোৱা যাওকচোন বুলি সিহঁতৰ পিছ ল'লোঁ৷ দুটা ল'ৰাৰ খালী ভৰি৷ এটাৰ শুদা গা৷ পৰ্বতৰ বক্ষত অৱস্থিত এইখন খনমা গাঁও৷ সমান ঠাই বুলিবলৈ নায়েই৷ ইয়াত ফুটবল খেলা ফিল্ডনো কেনি আছে? জানিবৰ বৰ কৌতূহল জন্মিল৷ পাৰিলে সিহঁতৰ মাজত নিজেও সোমাই পৰিম, অলপ সময় খেলিম৷ দেখোঁ যে এমূৰীয়াকৈ থকা কেইটামান ঘৰৰ মাজৰ নাতিবৃহৎ ঠাই এডোখৰতে সিহঁতবোৰ ৰৈছে৷ সমানকৈ কটা শিলৰ মজিয়া অকণমান৷ ময়ো এফালে থিয় হৈ যেনি-তেনি ফটো তোলাৰ অচিলাৰেই আলেঙে আলেঙে অলপ সময় মন কৰি ৰ'লোঁ কিশোৰকেইটাৰ কাণ্ড-কাৰখানা৷ দুটা শিল তিনিফুটমান দূৰে দূৰে ৰাখি ল'লে সিহঁতে৷ সেয়া বলটো সুমুৱাবলগীয়া ফাঁক অৰ্থাৎ গ'ল৷ বলটোৰ অৱস্থাও বৰ ঠিক নহয়৷ শিলত ঘঁহনি খাই ছাল-চামৰা এৰাই অদ্ভুত বৰণ লৈছে৷ সি যি কি নহওক, দুজনীয়া দল দুটাৰে খেলাখনৰ কিক্‌-অফ্‌ হৈ গ'ল৷ বাকী দুটাই একাষৰ পৰা চাই থাকিল৷ নিজৰ দোৱানত চিঞৰি-বাখৰি খেলা চলিব ধৰিলে৷ ফুটৱৰ্কবোৰ দেখি মোৰ এনে লাগিল, উপযুক্তভাৱে প্ৰশিক্ষণ দিলে ইহঁতমখাই হয়তো এদিন বাহিৰ ওলাই গৈ ফুটবল ৰণাংগনত দপ্‌দপাব পাৰিলেহেঁতেন৷ অন্যথা নিৰ্ঘাত কথা যে ফুটবলপ্ৰীতিৰো ইমানতে যৱনিকা পৰিব৷ সম্প্ৰতি ইণ্ডিয়ান ছুপাৰ লীগত বিভিন্ন দলক প্ৰতিনিধিত্ব কৰি উত্তৰ-পূৰ্বাঞ্চলৰ খেলুৱৈয়ে প্ৰশংসা আৰু পেছাদাৰিত্ব দুয়োটাই অৰ্জন কৰা সকলোৱে দেখি আহিছোঁ৷ আনফালে, উপযুক্ত পৰিকাঠামোৰ অভাৱত এনেকুৱা কত-শত গঞা ফুটবলাৰৰ প্ৰতিভা কলিতে মৰহি গৈছে তাৰ হিচাপনো ৰাখিছে কোনে? শক্তিশালী উৰু আৰু জংঘাৰে মোৰ চকুৰ আগত পাহাৰীয়া ল'ৰাকেইটাই গুৰিয়াই লৈ ফুৰা শতচ্ছিন্ন ফুটবলটো আৰু খেলপথাৰ(!)ৰ দৃশ্যটোৱে এক মুহূৰ্তৰ বাবে মোক এইদৰে ভাবিবলৈ বাধ্য কৰালে৷ দুখ লাগিল ইহঁতকেইটালৈ৷ ক্রীড়াংগনৰ হৰ্তা-কৰ্তা-বিধাতাবৃন্দৰ ওপৰত পেটে পেটে খঙো উঠিল৷

দুৰ্ভাবনাৰ পৰা মুক্তি পাবলৈকে অন্য এফালে দৃষ্টি ঘূৰালোঁ৷ এইটো ফালৰ পৰা খনমাৰ এটা ঢাল ভালকৈ দৃশ্যমান হৈছে৷ পৰ্বতৰ গাত ন-পুৰণি আৱাসগৃহ কিছুমান৷ মাজে মাজে সেউজীয়া গছ-গছনি৷ তললৈ টেৰেচ্‌ কাল্টিভেচন৷ দৃষ্টিনন্দন দৃশ্য৷ সেইবোৰ চাই, ফটো স্নেপ্‌ কৰি ষ্টেপ বগাই উঠি আহিলোঁ৷ বাটত অই্ন কোনো মানুহকে লগ পোৱা নাই৷

খটখটিৰ নিচিনাকৈ খনমা গাঁওখনত শিলৰ দেৱালো অসংখ্য৷ এই সকলোবিলাক গাঁওবাসীয়ে নিজে, হাতেৰে শিল কাটি ওপৰা-উপৰিকৈ জাপি সজা৷ এই গাঁৱৰ আংগামীসকল কৰ্মপটু বুলি সুনাম আছে৷ তেওঁলোকৰ হাতৰ কাঠ আৰু পকা কামবোৰ সুন্দৰ আৰু পৰিপাটি৷ পুৰণি ঘৰবিলাকলৈ চালে টিনপাতবোৰত একালতযে সেউজীয়া ৰঙৰ প্ৰলেপ আছিল সহজেই তাৰ উমান পোৱা যায়৷ গ্ৰীণ ভিলেজ ঘোষিত হোৱাৰ সময়ত গাঁওখনৰ প্ৰতিটো বাসস্থানৰে চালসমূহ সেউজীয়াৰঙী কৰি ৰখা হৈছিল৷ কৃত্ৰিম শ্যামলীমাৰ স্নিগ্ধতা এতিয়া প্ৰায় নাই৷ প্ৰলেপিত সেই ৰং কালক্রমত উৰি গ'ল৷ নকৈ সজা আৰ.চি.চি. ঘৰবোৰৰ ওপৰত সেউজীয়া ৰঙৰ আধুনিক প্ৰযুক্তিনিৰ্মিত ডায়েনা ৰুফ লগোৱা দেখিলোঁ৷ ভালেমানৰে বেৰবোৰ আকৌ আল্‌কতৰাৰ ড্ৰামচিটেৰে সজা৷ কাঠৰ ঘৰো দেখা পাইছোঁ৷ গাঁওখনত বিজুলী সংযোগ আছে৷ ঠায়ে ঠায়ে চ'লাৰ লাইটিং ছীষ্টেমো বহুৱাই ৰখা হৈছে৷ যেনি-তেনি থকা শিলৰ দ'মবোৰৰ ওপৰত ফলাখৰি গোটাই ৰখা হৈছে৷ এই গাঁৱৰ মূল ইন্ধন হৈছে কাঠখৰি৷ সংগৃহীত আৰু স্তুপীকৃত দ'মবোৰ দেখিয়ে ধাৰণা হৈছে যে খৰি ইয়াত অপৰ্যাপ্ত৷ ইফালে গছ কটাটোত নিষেধাজ্ঞাও আছে৷ এজোপা গছ বা এটা ডাল কাটিবলৈ হ'লেও গাঁও পৰিষদৰ সভাত সৰ্বসন্মতিক্ৰমে গৃহীত হ'ব লাগে৷

অলপ পাছতে ওপৰ পালোঁহি৷ এটা ঘৰৰ বাৰাণ্ডাত তিনিজনী কিশোৰীয়ে শিলগুটি কিছুমানেৰে একান্তমনে কিবা খেল এটা খেলি আছে৷ সিহঁতক দেখি সৰুতে আমাৰ বাই-ভনীহঁতে খেলা ছেংগুটি নামৰ খেলবিধৰ স্মৃতি পলকৰ বাবে মনৰ পৰ্দাত উদ্ভাসিত হ'ল৷ আচম্বিতে সেইখিনিত মোক দেখাৰ পাছত ছোৱালীকেইজনীৰ প্ৰত্যেকেই একোবাৰকৈ মূৰ দাঙি মোৰ সৈতে অচিনাকি দৃষ্টি বিনিময় কৰিলে৷ মই হাঁহি দিলোঁ৷ সিহঁতেও হাঁহিলে৷ তাৰ পাছতে চিন্তাশূন্য ভাবত আকৌ খেলত নিমগ্ন হ'ল৷ মই অতিথিশালামুখী হ'লোঁ৷

No comments:

Post a Comment