Monday, 7 August 2017

৯. ধনশিৰি পাৰ হ'লোঁ

ডিমাপুৰৰ পৰা চুমুকিডিমা অভিমুখী হৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা আমাৰ মাৰুতিখনৰ সন্মুখত সদ্যহতে দেখা দিছে লোৰ দলং এখনে৷ গধুৰ বাহনকে ধৰি ক'হিমা আৰু ইম্ফলগামী ৫,০০০তকৈও অধিক গাড়ী নিতৌ এই দলঙেৰে পাৰ হয়৷ তলেৰে বৈ থকা নদীখনৰ নাম ধনশিৰি৷ ধনশিৰিৰ অন্য নাম ডিমা৷ এইটো ডিমাচা শব্দ৷ তাৰ পৰাই ডিমাপুৰ হোৱা বুলি কোনো কোনোৱে কয়৷ আহোমসকলে এই নৈখনক নাম-টিমা বুলিছিল৷ নগাৰাজ্যৰ দক্ষিণ-পশ্চিমৰ ক'হিমা জিলা আৰু অসমৰ ডিমা হাচাও জিলাৰ পূবৰ আন্তঃৰাজ্যিক সীমাৰ কুকি-নগাসকলৰ বাসভূমি বৰাইল পৰ্বতৰ থিংতুবুম বা লাইছাং শৃংগৰ উত্তৰ-পূব কোণত ধনশিৰি নৈৰ উৎপত্তি৷ ধনশিৰিৰ পুৰণি নামটো আছিল ডং-চিৰি৷

''বেয়া নাপায় যদি গে'টলৈকে মই আগত বহোঁ?'' গাড়ীখনৰ সন্মুখৰ চিট্‌টোত যাত্ৰাৰ আৰম্ভণিতে অৰুণদাক বহিবলৈ দিয়া হৈছিল৷ ধনশিৰিৰ দলংখনৰ মুখতে পোৱা স্পীড্‌ ব্ৰেকাৰত চালকজনে ব্ৰেক্‌ মাৰোঁতে আমাৰ গাইড দীপমইনা দুৱৰাই বিনয়েৰে কথাষাৰ কৈ আগৰ আসনখন খুজিলে৷ অন্তৰালত জৰুৰী কাৰণ অৱশ্যে নিহিত নথকা নহয়৷ অংগী-ভংগী কৰি তেওঁ অৰুণদালৈ চাই প্ৰকাৰান্তৰে আমাকো সেইটোকে বুজালে৷

''মোৰ মুখমণ্ডল আংগামীৰ লগত মিলে৷ চে'ক্‌ গে'টত দেখুৱাই গ'লে সুবিধা হ'ব৷ গে'ট্‌ পাৰ হোৱাৰ পাছত আপুনি আকৌ বহিব বাৰু৷ ন' প্ৰবলেম্‌৷'' অৰুণদায়ো ক'লে... ''ন' প্ৰবলেম৷'' বচ, দ্বিপাক্ষিক চুক্তি হৈ গ'ল৷

নকৈ নোৱাৰি, অৰুণদাৰো তেজাল জনজাতীয় চেহেৰা৷ চীন-ভাৰত সীমান্তৰ অৰুণাচল প্ৰদেশৰ অন্তৰ্গত কিবিথুলৈ যাওঁতে গাইবস্তিত কমলা দিদিয়ে তেওঁক লোকেল (মিছিমি) বুলি ভাবিছিল৷ ৱালঙততো ডেকা এজনে ইটানগৰৰ থলুৱা (নিছি) বুলিয়ে ডাঠি কৈছিল৷ 'নহয়' বোলাতো শেষ পৰ্যন্ত নামানিলেই৷ লাডাখত তিব্বতী গাভৰু এজনীয়ে সুধিছিল, 'আপুনি তিব্বেতান নেকি' বুলি৷ টাৱাঙলৈ যাওঁতে কোনোবাই ক'লে, তেওঁক হেনো দেখাত শ্বেৰদুক্‌পেনৰ দৰে লাগে৷ কাঠমাণ্ডু আৰু ভূটান ভ্ৰমণকালত আনৰ চকুত তেওঁ হৈ পৰিল নেপালী৷ পিছে নাগালেণ্ডত এতিয়া তেওঁযে দেখাত অন্ততঃ আংগামীৰ নিচিনা নহয়, আৰম্ভণিতেই সেইটো খাটাং হৈছে৷ কাজেই আংগামী মুখাবয়ৱৰ বুলি নিজকে দাবী কৰা দীপমইনাই অৰুণদাক স্থলাভিষিক্ত কৰি চালকৰ কাষৰ আসনখনত সহাস্যে বিৰাজমান হ'ল৷ তাকে লৈ আমাৰ মাজত ৰসিকতাও আৰম্ভ হ'ল, গিয়েৰ সলাই গাড়ীখন লোৰ দলঙৰ ওপৰেদি ধীৰ গতিৰে আগ বাঢ়ি থকা অৱস্থাতেই৷

তললৈ চালোঁ৷ নৈখন নীৰৱে বৈ আছে৷ উজনিৰ এখন লেখত ল'বলগীয়া, জীৱনদায়িনী নৈ এই ধনশিৰি৷ বাৰিষা নগা পৰ্বতত বৰষুণ হ'লে পিছে তাণ্ডৱৰ সৃষ্টি কৰে৷ ভয়ংকৰ হৈ উঠে ডিমাপুৰ চহৰতো৷ দুকাষলৈ চালোঁ৷ ধনশিৰি যেন এতিয়া খীণাইছে৷ সৰুতে ৰে'লেৰে যাওঁতে বোকাজানৰ ওচৰত দলংখন পাৰ হওঁতে ভয়েই লাগিছিল৷ মানৱ সভ্যতাৰ অগ্ৰগতিৰ ধামখুমীয়াত নদীৰ সেই ৰূপ যেন ক'ৰবাত হেৰাই থাকিল!  ৪ মাইলত ধনশিৰিৰ ওপৰত ব্ৰিটিছে সজা এখন অতি পুৰণি দলং আছে৷ সেই লোৰ দলংখন দ্বিতীয় মহাসমৰৰ সময়ৰে৷ সম্প্ৰতি যাতায়াতৰ অনুপযোগী হৈ পৰিছে৷ নতুন দলং নিৰ্মাণৰ চিন্তা-চৰ্চা চলি আছে৷ নাগাৰজানৰ কুদা ভিলেজ, পুৰণা বজাৰত নৈখনে ডিমাপুৰক আক্ষৰিকভাৱে দ্বিখণ্ডিত কৰিছে৷

অতীজতে প্ৰায় ১০০ বছৰ জুৰি ধনশিৰিয়েই আছিল আহোম আৰু কছাৰী ৰাজ্যৰ সীমা৷ ইয়াৰ পাৰতেই উভয়ৰে মাজত অনেক যুঁজ-বাগৰ চলিছিল৷ কথা ক'ব পৰা হ'লে নৈখনে নিশ্চয় বহু কাহিনীয়েই ক'লেহেঁতেন৷ অতিশয় বক্রগতিৰ আৰু দীঘল নৈ এইখন৷ পৃথিৱীৰ ভিতৰত সৰ্বাধিক সৰ্পিল পথেৰে বোৱা যিমানকেইখন নৈ আছে সেইসমূহৰ ভিতৰত ধনশিৰিক অন্যতম বুলি গণ্য কৰা হয়৷ নাগালেণ্ডৰ লগত অসমৰ ডিমা হাচাও আৰু কাৰবি আংলং জিলাৰ সীমা, কাৰবি আংলঙৰ লগত গোলাঘাট জিলাৰ সীমাৰূপে বৈ যোৱা ধনশিৰিখন অসমৰ এখন গুৰুত্বপূৰ্ণ নদী৷ উৎসৰ পৰা ব্ৰহ্মপুত্ৰৰ মোহনালৈকে ইয়াৰ গতিপথৰ দৈৰ্ঘ ৩৫২ কিল'মিটাৰ৷ নগাভূমিত নিউ গাউলঙৰ পৰা নিউলেণ্ড এৰিয়ালৈকে ২৪১ কিল'মিটাৰ৷

নৈ হৈছে অসমীয়াৰ বিহুনামৰ বলিষ্ঠ উপাদান, অভিন্ন অংগ৷ নৈক লৈ লিখা বা নৈক লৈ গোৱা আৰু উল্লেখ বেছিকৈ পোৱা দক্ষিণ পাৰৰ নদীসমূহৰ ভিতৰত ধনশিৰি অন্যতম৷ বহুতৰ মতে ধনশিৰি পাগলী, তাইৰ দেওধনি লাগিলে আহৰি নাই৷ ধনশিৰিৰ সেই কালৰূপী বলিয়া ৰূপটোৰ বৰ্ণনা বিহুনামত এনেদৰে পোৱা যায়
'ধনশিৰি নৈখন দলহী-ৰূপহী
হাতীকো সোঁততে নিয়ে...'

ধনশিৰিয়ে বিহুনামত ডেকা-গাভৰুৰ প্ৰেমৰ চানেকীও দাঙি ধৰে৷ এনেকৈ
'ধনশিৰি পাৰে হৈ ঢপলিয়াই আহিলোঁ
জিৰালোঁ কলিয়াবৰত...'

ইতিহাসে কয়, আজিৰ নাগালেণ্ডখনৰ সমস্ত ভূভাগ স্বৰাজোত্তৰ কালত অসমৰে অৰ্থাৎ বৰ-অসমৰ অংশবিশেষ আছিল৷ ১৯৪০ চনৰ ব্ৰিটিছ-ইণ্ডিয়াৰ মানচিত্ৰই এই কথা প্ৰতিপন্ন কৰে৷ আনহাতে নগা অধ্যুষিত অঞ্চলসমূহ একালত উত্তৰ-পূব সীমান্ত অঞ্চল, চমুকৈ নেফাৰ অন্তৰ্গত আছিল৷ ১৯৬১ চনত ভাৰত চৰকাৰে নগাসকলৰ বাবে নাগালেণ্ড নামৰ এখন সুকীয়া ৰাজ্য গঠন কৰে৷ ঐতিহাসিক, ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, প্ৰাকৃতিক আদি অৱধাৰণাত অসম খণ্ডিত হ'বলগীয়া হোৱাত নগাভূমিও অসমৰ মানচিত্ৰৰ পৰা আঁতৰি গ'ল৷ এই ৰাজ্যৰ পেৰেন, ডিমাপুৰ, ৱ'খা, মোককচুং, লংলেং আৰু মন জিলাৰ সীমা অসমৰ সৈতে আজিও লাগি আছে৷ ৰাজ্যখনৰ অভ্যন্তৰলৈ প্ৰৱেশৰ বাবে কেইবাখনো চে'ক্‌ গে'ট্‌ আছে৷ ডিমাপুৰ-চুমুকিডিমা, ফৰকাটিং-মেৰাপানী, মৰিয়নি-নিউ সোণোৱাল, আমগুৰি-তুলি, শিমলুগুৰি-নাগিনীমৰা, নামতোলা-টিজিট্‌ আদি সংযোগী পথত তালাচী চকীসমূহ অৱস্থিত৷ অনগা লোকৰ এই ৰাজ্যত প্ৰৱেশৰ বাবে ইনাৰ লাইন পাৰ্মিট, চমুকৈ আই.এল.পি.ৰ দৰকাৰ৷ আমি চুমুকিডিমা গে'টেৰে প্ৰৱেশ কৰিম৷ আনহাতে ব্যৱসায়িক চহৰ ডিমাপুৰেই নাগালেণ্ডৰ একমাত্ৰ ঠাই য'লৈ আহিবলৈ আই.এল.পি.ৰ প্ৰয়োজন নহয়৷ ইয়াৰ পৰা আগলৈ যাবলৈ হ'লে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা যাৱতীয় অনুমতিৰ প্ৰয়োজন৷ 

আমাৰ অনুমতিৰ কথাটো কি হ'ল, দীপমইনাইহে জানে৷ সুধিম সুধিম বুলিও এতিয়ালৈকে সোধাই হোৱা নাই৷ পাছপ'ৰ্ট চাইজৰ ফটো, ব্যক্তিগত পৰিচয় পত্ৰ, ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ডৰ ফটোষ্টেট ক'পী দি পঠোৱা হৈছিল৷ কি বা কৰিলে! আই.এল.পি. খুব সম্ভৱ নাই হোৱা৷ আগ চিটত বহিবলৈ ইচ্ছা নহ'লে নকৰিলেহেঁতেন৷ ভাবিছোঁ, এতিয়া চুমুকিডিমাত চে'ক্‌ গে'টত তেওঁৰ নকল আংগামী মুখনেৰে কাম সিজিবনে? অৰূপদা সিখন গাড়ীত আছে৷ লগত থকা হ'লে, আৰু এই প্ৰসংগ তেওঁৰ উপস্থিতিত ওলোৱা হ'লে নিশ্চয় এনেকৈ ক'লেহেঁতেন... 'ধুৰ...ৰ... কি চিন্তা কৰিছা, চব হৈ যাব, গৈ থাকানা৷' মোৰ কিন্তু চিন্তা লাগিছে৷ ভাবিছোঁ, দীপমইনাৰ মুখা, নাগালেণ্ডৰ নাম্বাৰ প্লেটৰ গাড়ী আৰু আংগামী চালকৰ চতুৰালি... সফল হ'বনে? আগতে দুবাৰ অবৈধ অনুপ্ৰৱেশ কৰি থৈছোঁ৷ এইবাৰ তৃতীয় হ'বলৈ গৈ আছে৷ কথাটো ভাল নহ'ল নেকি! অপৰাধী অপৰাধী যেনো লাগিছে নিজকে৷

অসমৰ ব্ৰিটিছ প্ৰজা আৰু সীমান্তৱৰ্তী অঞ্চলৰ জনজাতীয় লোকৰ মাজত আদিতে মিলা-মিচাৰ ক্ষেত্ৰত কোনো হকা-বাধা নাছিল৷ পিছে সময় বাগৰাৰ লগে লগে লাহে লাহে কেতবোৰ সমস্যা উদ্ভৱ হ'বলৈ ধৰিলে৷ পাৰ্বত্য এলেকাত ৰবৰ খেতি হোৱাত ইয়াৰ ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰতিযোগিতা চলিল৷ নকৈ স্থাপিত চাহ বাগানবোৰে সীমান্তৰ সীমা পাৰ হৈ যোৱাত সেই অঞ্চলৰ জনজাতীয় আবাসীৰ সৈতে বিবাদৰ সূত্ৰপাত ঘটিল৷ এনেবোৰ বেমেজালি আঁতৰ কৰিবৰ বাবে ১৮৭৩ চনৰ ইনাৰ লাইন নিয়মাৱলী অনুসৰি ব্ৰিটিছ প্ৰজাকে ধৰি অন্যান্য লোকক ডেপুটি কমিছনাৰে দিয়া বৈধ অনুমতি-পত্ৰ অবিহনে সীমান্ত অঞ্চলত প্ৰৱেশৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱেই বাধা-নিষেধ আৰোপ কৰা হ'ল৷ ব্ৰিটিছৰ শাসন য'লৈকে সম্প্ৰসাৰিত হৈছিল উক্ত অঞ্চলবোৰ ইনাৰ লাইন প্ৰথাৰ অন্তৰ্গত পৰিল৷ অনুৰূপ নিয়ম নাগালেণ্ডতো হ'ল৷ আনহাতে আই.এল.পি.ৰ প্ৰসংগত এনেকৈ এটা অভিযোগ শুনা যায় যে ভাৰতীয়ৰ বাবে জৰুৰী হ'লেও বিদেশী খ্ৰিষ্টান মিছনেৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা-নিষেধ নাছিল৷ তাৰ জৰিয়তে দেশৰ বাকী অংশৰ পৰা ব্ৰিটিছে বিচ্ছিন্ন কৰি ৰখা জনজাতীয় এলেকাত তেনেদৰেই সেই সময়ত ধৰ্ম প্ৰচাৰ কৰিবলৈ সুবিধা আৰু উৎসাহ-উদ্‌গণি দিয়া হৈছিল৷

শেহতীয়া খবৰ অনুসৰি নাগা ষ্টুডেণ্টছ্‌ ফেডাৰেচনে ডিমাপুৰ জিলাখনতো শীঘ্ৰে আই.এল.পি. কাৰ্যকৰীকৰণৰ বাবে নাগালেণ্ড চৰকাৰক হেঁচা প্ৰয়োগ কৰিছে৷ বাহিৰা লোকৰ অবাধ প্ৰৱেশ আৰু অবৈধ প্ৰব্ৰজন ৰোধ কৰাৰ উদ্দেশ্যে বেংগল ইষ্টাৰ্ন ফ্ৰণ্টিয়াৰ ৰেগুলেচন এক্ট ১৮৭৩ অনুসৰি তৎকালে বলবৎ হোৱাকৈ পদক্ষেপ ল'বৰ বাবে ৰাজ্যখনৰ অগ্ৰণী ছাত্ৰ সংগঠনটোৰ তৰফৰ পৰা সজোৰ দাবী উত্থাপিত হৈছে৷ ডিমাপুৰত অনুপ্ৰৱেশকাৰীৰ সংখ্যা বছৰি বৃদ্ধি পোৱাটো মিছা নহয়৷ আনহাতে নাগালেণ্ডৰ ভিতৰত কেৱল ডিমাপুৰতে অনগা লোকে ভূসম্পত্তি ক্রয়ৰ ক্ষেত্ৰত শিথিলতা ৰখা হৈছিল৷ অন্যথা নাগালেণ্ডত মাটিৰ মালিক নগা জনতা৷

দীপমইনাৰ অনুৰোধক্রমে অৰুণদাই আগচিট্‌ সসন্মানে এৰি মোৰ কাষত থিত্‌ ল'লেহি৷ সুবীৰ আনখন খিৰিকীৰ কাষত৷ মাজত মই৷ আই.এল.পি.ৰ টেনচনে অন্যমনষ্ক কৰিলেও সমূহীয়া হাঁহি-ধেমালিৰ মাজেৰেই আমি ধনশিৰি নৈখন পাৰ হৈ আহিলোঁ৷



No comments:

Post a Comment