Wednesday, 2 August 2017

আংগামী নগাৰ বৰভেটি খনমা আৰু আত্মা-আলোড়নকাৰী ঝুক' ভেলী
(ছামাৰ হিল্‌ ট্ৰেকিং এক্সপিডিচন)

৷৷ প্ৰাক্-কথন ৷৷

''মঞ্জিলে' উনকো মিলতী হ্যায়, 
জিনকে স্বপ্নো মে' জান হোতী হ্যায়৷
সিৰ্ফ পংখো ছে কুছ নহী হোতা দোস্তো, 
হৌছলো সে উড়ান হোতী হ্যায়৷''

১৫৬১৮ নং নামনিমুৱা নাহৰলাগুন-গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছেৰে অৰুণাচল প্ৰদেশৰ নাহৰলাগুনৰ পৰা ওভতনি ৰে'ল যাত্ৰা কৰি ৮.১১.২০১৫ তাৰিখৰ পুৱা প্ৰায় ৭.০০ বজাত গুৱাহাটী সোমালোঁহি৷ নমাৰ আগে আগে সকলোকে মাতবোল লগোৱা মুহূৰ্ততে প্ৰত্যেকেই আগ্ৰহ প্ৰকাশ কৰিলে সময়-সুবিধা মিলিলে ভৱিষ্যতৰ কাৰ্যসূচীত চামিল হ'বলৈ৷ তেনেতে জয়ন্তদা (জয়ন্ত শৰ্মা)ই অতৰ্কিতে শুনাই দিলে তেওঁৰ মনত খেলি থকা কথা এষাৰ ''অহা বছৰৰ জুলাইত নাগালেণ্ডৰ ঝুক' ভেলী, নৱেম্বৰত অৰুণাচলৰ মেন-চু-খা৷ খাটাং কথা সময় আহিলে সকলোকে জনোৱা হ'ব ফে'চবুক, হোৱাটছ্এপ্, ই-মেইল নতুবা ফোনকলৰ জৰিয়তে৷'' বেদনাগধুৰ বিদায়বেলাটোত এটা যেন আনন্দদায়ক, উৎসাহজনক ঘোষণা৷

কেঁচা, টুকুৰা খবৰকে মন-কাগজৰ পৃষ্ঠাত তেতিয়াই খোদাই কৰি ডাঠ চিয়াঁহীৰে উজলাই ৰাখিলোঁ৷ দৃঢ়মনে মনস্থ কৰিও থ'লোঁ যে গৃহ-প্ৰৱেশৰ পাছত সন্ধান কৰিব লাগিব পৰৱৰ্তী এই দুই লক্ষ্যস্থানৰ৷ কি, ক'ত, কিয় বিখ্যাত? প্ৰয়োজনীয় সমল সংগ্ৰহেৰে প্ৰথমে প্ৰস্তুতি, তাৰ পাছত যাত্ৰা৷ সেইটোৱেই হৈছে অৱধাৰিত নিয়ম৷ কাৰণ, ভ্ৰমণ কালত পথিকৰ সংগী কোন বুলিলে উত্তৰ এটাই অধ্যয়ন৷ তাকে আধাৰ কৰি এটা দুঃসাহসিক যাত্ৰাৰ অন্তত আন এটাৰ বাবে ওলাওঁতেই দৰকাৰী তথ্য-সম্ভাৰেৰে জুমুঠি একোটা তৈয়াৰ কৰি পেলোৱাটো এক ধৰণৰ অভ্যাস (নে স্বভাৱ)তেই পৰিণত হৈ গৈছে৷
দিন বাগৰিল৷ পঢ়া-শুনা চলি আছে৷ তাৰ মাজতে ২৪.৫.২০১৬ৰ দিনা ই-মেইল এটা আহিল, জয়ন্তদাৰ পৰা৷ বাৰ্তাটোৰ সাৰমৰ্ম এয়ে আছিল যে 'এক্সপ্ল'ৰাৰ এণ্ড এডভেন্‌চাৰ'ৰ প্ৰতিষ্ঠাপক দীপমইনা দুৱৰাই এইবাৰ আমাক গাইড কৰিব৷ পূৰ্বনিৰ্ধাৰিতমতেই নাগালেণ্ডৰ ঝুক' ভেলী আমাৰ এডভেন্‌চাৰ ডেষ্টিনেছন৷ ভিশ্বেমাৰে উঠি ঝাখামাৰে নমা হ'ব৷ ডিমাপুৰৰ পৰা পোনে পোনে খনমালৈ গৈ সেইখন গাঁৱতে প্ৰথম ৰাতিটোৰ কাৰণে আশ্ৰয় লোৱা হ'ব৷ ঘূৰি আহোঁতে ঝুক' ভেলীৰ পৰা চিধাই ঘৰাঘৰি৷ বৰ বেছি চাৰিদিনীয়া ট্ৰেকিং-কেম্পিং৷ এক হ্ৰস্বম্যাদী ভ্ৰমণ-দৰ্শন৷

ৱাঃ! জাঁপ মাৰি উঠিলোঁ মেইলটোত পঠিওৱা আইটিনাৰেৰীসহ পৃষ্ঠাজোৰা কথাখিনি পঢ়িয়েই৷ বিগত বছৰদিয়েক ধৰি ঝুক' ভেলী মোৰ বাবে প্ৰবল অনুসন্ধিৎসাৰ বিষয়৷ তাৰ লগতে আকৌ খনমা! নগাভূমিৰ এইখন বিখ্যাত আংগামী গাঁৱৰ বিষয়ে হোমেন বৰগোহাঞি চাৰৰ ৰচনা এখনত কোন কেতিয়াবাতে পঢ়িছিলোঁ৷ তেতিয়াৰে পৰাই তলে তলে চিন্তা কৰি আছিলোঁ নিজে যাবলৈ, অন্ততঃ এবাৰ চাবলৈ৷ নভবাকৈয়ে হাততচোন সোণালী সুযোগে ধৰা দিলেহি এতিয়া! আমাৰ ঘৰুৱা লাইব্ৰেৰীৰ আলমাৰী খুঁচৰি প্ৰথমেই উলিয়াই আনিলোঁ 'আত্ম দীপো ভব'খন৷ গোগ্ৰাসে পুনৰবাৰ পঢ়িবলৈ ল'লোঁ 'খনমাত এটা দিন'৷ খনমাত কটোৱা দিনটো আমাৰ কাৰণেও কিমানযে স্মৰণীয় আৰু শিক্ষাপ্ৰদ হ'ব পাৰে তাৰ উমান ল'লোঁ লেখকৰ অভিজ্ঞতাপ্ৰসূত বিৱৰণীয়ে মানসপটত জগাই তোলা কল্পচিত্ৰবোৰৰ মাজেৰে৷ কৌতূহলো চৰিব ধৰিলে দুগুণ-তিনিগুণকৈ৷ ব্ৰিটিছৰ বিৰুদ্ধে খনমাবাসীৰ যুঁজ 'বেটেল্ অফ্ খনমা', পৰ্বতৰ শিখৰত মেজৰ দামাণ্ট আৰু আন তিনিজন ভাৰতীয় সহযোদ্ধাৰ সমাধিস্থল, শতবৰ্ষ গৰকা খ্ৰীষ্টান বেপ্টিষ্ট চাৰ্চ, নগা বিদ্ৰোহী নেতা তথা 'উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহৰ পিতামহ' আখ্যায়িত আংগামী জাপফু ফিজোৰ উপৰি নগা স্বাধীনতা আন্দোলনৰ মূল নিৰ্মাতা থেয়াইউ চাখ্ৰেৰ জন্মভূমি, বিভিন্ন বয়সৰ গঞাই নিজহাতে শিল কাটি কাটি নিৰ্মাণ কৰা ওখ-চাপৰ সুদীৰ্ঘ খট্খটি, চৌদিশৰ শান্ত-শীতল তথা সুন্দৰ প্ৰাকৃতিক বনভূমি আৰু অভয়াৰণ্য, আৰু যে কত কি! স্বাধীনমনা নগাৰ ১৯৪৭ চনৰ ১৪ আগষ্টৰ পতাকা উত্তোলনথলী খনমাই যেন আগন্তুক এডভেন্‌চাৰ যাত্ৰাটোৰ প্ৰতি মোৰ প্ৰলোভনৰ মাত্ৰাটো পঢ়া টেবুলতেই অপৰিমিত হাৰত বঢ়াই তুলিলে!

একেদৰে পাত লুটিয়াই গ'লোঁ সৌম্যদ্বীপ দত্তৰ 'অৰণ্যৰ ছাঁ-পোহৰ'৷ 'জুকু উপত্যকাৰ পৰা খনমা গাঁৱলৈ' শীৰ্ষক লেখাটোত সংলগ্ন কৰা গাঁওখনৰ প্ৰৱেশ দ্বাৰ, খলপ কটা খেতিপথাৰ, নেছাৰ কনজাৰভেশ্বন এণ্ড ট্ৰগপান চেংচুৱেৰী, প্ৰাচীন দুৰ্গ, নগাভূমিৰ ৰাজ্যিক চৰাই ইত্যাদিৰ ছবি চাবলৈ পোৱাৰ উপৰি নাগালেণ্ড-মণিপুৰ সীমান্তৰ ঝুক' পুষ্প উপত্যকাৰ শিহৰণকাৰী বৰ্ণনা পঢ়ি উঠি গভীৰ উৎকণ্ঠাৰে আঙুলিৰ মূৰত কেৱল দিনকেইটা গণি ৰ'লোঁ৷

ফোন যোগাযোগৰ মাধ্যমেৰেই ঘপকৈ এদিন দলটো চূড়ান্ত হৈ গ'ল৷ ডিফুৰ পৰা অৰূপ কলিতা, মাধৱ বৰা, যুগান্তজ্যোতি চেলেং, প্ৰবীণ হাজোৱাৰী, সুবীৰ দে', অৰুণ টেৰণ আৰু মই৷ এইবাৰো অৰূপদাৰ জৰিয়তে আৰু সদ্যসমাপ্ত সোৱণশিৰিপৰীয়া যাত্ৰাটোৰ সুবাদতে মোৰ স্থানপ্ৰাপ্তি অনায়াসে সম্ভৱ হ'ল৷ বুদ্ধি কৰি দললৈ মই টানিলোঁ আমাৰ টীম মাৰ্ক' পল'ৰ ভ্ৰমণপিয়াসী লেখক, অগ্ৰজপ্ৰতিম অৰুণদাক৷ সিফালে গুৱাহাটীৰ পৰা আয়োজক জয়ন্তদা, লগত ২০১২ত 'পৰেশ বৰুৱাৰ সন্ধানত' হেৰাই যোৱা ৰাজীৱ ভট্টাচাৰ্য৷ সাতে দুয়ে মুঠতে নজন৷ নিৰ্দিষ্ট উদ্দেশ্যক লৈ ৰাস্তাই ৰাস্তাই খোজ কঢ়াৰ অনুশীলন-অভ্যসনো চলি থাকিল নিতৌ পুৱা-গধূলি৷ কিয়নো পাহাৰীয়া ট্ৰেকিং আৰু কেম্পিঙেই হ'ব এইটো যাত্ৰাত আমাৰ মূল উদ্দেশ্য আৰু আনন্দ লাভৰ প্ৰধান বিষয়৷ গতিকে ফিজিকেল ফিটনেচ  মাষ্ট৷ আগধন নিয়া, যাৱতীয় খবৰৰ আদান-প্ৰদান ইত্যাদিৰ উপৰি মৰ্নিং-ইভিনিং ৱাকৰ সুৰুঙাৰে মাজে মাজে অৰূপদাই সংযোগ ৰক্ষা কৰি থাকিল৷



No comments:

Post a Comment