Tuesday, 8 August 2017

১৩. সত্য-প্ৰশস্তিৰ গান আৰু এটা গ্ৰেণ্ড চেলুট

আমাৰ গাড়ীত মিউজিক্‌ ছীষ্টেম অৰ্থাৎ গান বজোৱা বা শুনাৰ কোনো ব্যৱস্থা নাই৷ চালকে মাজে মাজে নিজমুখেই কিবাকিবি গুণ্‌গুণাই আহিছে৷ একা-বেঁকা বাটছোৱাত তেনেকৈয়ে ড্ৰাইভিঙৰ পূৰা মজা লৈ আছে তেওঁ৷ নগাসকল সংগীতপ্ৰিয় মানুহ৷ আন নহ'লেও প্ৰায় সকলোৱেই গীটাৰখন হ'লে বজাব জানেই৷ যোৰহাটীয়া ছাত্ৰাৱস্থাত গোহাঁই টেকেলাত মেছ কৰি থাকোঁতে ৰঞ্জিত (স্বৰ্গীয়াৰী)ৰ পৰা ময়ো কৰ্ডবোৰ শিকিছিলোঁ৷ অ-আ-ক-খ লৈ থাকোঁতেই ন-শিকাৰুৱে পোনেই মাষ্টাৰ হ'বলৈ প্ৰয়াস কৰাৰ দৰে গানো দুই-এটা তুলিব পৰা হৈছিলোঁ৷ হ'লেও গৈ থৈ একোডাল নহ'লগৈ৷ অনুভৱ অনুভৱেই হৈ থাকিল৷ সেয়েহে জনা মানুহলৈ এতিয়া খুব হিংসা লাগে৷ তাঁৰকেইডালৰ ওপৰত নাচি থকা আঙুলিকেইটাৰ বুলনি দেখিলে কামুৰি দিবৰ মন যায়৷

২০১৩ চনৰ ১২ জানুৱাৰীৰ কথা৷ ডিমাপুৰৰ এগ্ৰি-এক্সপ' গ্ৰাউণ্ড৷ তাত 
গোট খাইছে ৩৬৮ সংখ্যক ইলেক্‌ট্ৰিক গীটাৰবাদক৷ আচৰিত কথা৷ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ইলেক্‌ট্ৰিক গীটাৰবাদকৰ বৃহৎ সমাৱেশ আছিল সেয়া৷ গিনিজ বুক্‌ অফ্‌ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্তি লাভ কৰা সেইটো আছিল নাগালেণ্ড নামৰ ৰাজ্যখনৰ তৃতীয়টো কৃতিত্ব৷ তেনে এক সংগীতমধুৰ ভূভাগৰ ওপৰেৰে সদ্যহতে আমি গতি কৰি আছোঁ৷ গাড়ীত মিউজিক্‌ ছীষ্টেম নাই, মুখত গুণ্‌গুণনি হ'লে আছে৷

নিয়ন্ত্ৰিত গতিশীলতাৰে অল্ট'খন আগুৱাই থকাৰ লগে লগে জীৱন আৰু এড্‌ভেন্‌চাৰ্‌ সম্পৰ্কীয় আলাপে এটা সময়ত আমাৰ আলোচনাত বিশিষ্ট স্থান অধিকাৰ কৰি পেলালে৷ দীপমইনা দুৱৰা বৰ্তমান আমাৰ বাবে খনমা, ঝুক' ভেলী দৰ্শনৰ গাইড-সাথী৷ প্ৰাণৰ আকুল আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁ এইছ.ডি.এফ.চি. বেংকৰ চাকৰি ইস্তফা দিছে৷ তেওঁৰ এই সাহসী পদক্ষেপক মই মনে মনে গ্ৰেণ্ড চেলুট্‌ এটা দিলোঁ৷ আনুষ্ঠানিক পৰিচয়ৰ লগতে সেই বিষয়ে সবিশেষ জানিবলৈকো অতিকৈ আগ্ৰহী হৈ উঠিলোঁ৷

'Jobs fill your pocket, Adventures fill your soul.' Jaime Lyn Beattyৰ বাক্যষাৰিৰ মৰ্মাৰ্থ দীপমইনাই এদিন বুজি পালে৷ নিজৰ মনে ভাল পোৱা, ইচ্ছাই সমৰ্থন কৰা কাম কৰাৰ বাবে সময় উলিয়াবলৈকে চাকৰি বাদ দি দিলে৷ পূৰ্বতে আৰণ্যক বেম্ব' হাউচব'টৰ তেওঁ প্ৰতিষ্ঠাপক আছিল৷ পৰ্যটন ব্যৱসায়ক লক্ষ্য হিচাপে লৈ সোনকালেই নিজাকৈ প্ৰতিষ্ঠা কৰিলে Explorer and Adventure৷ এড্‌ভেন্‌চাৰপ্ৰেমী মানুহৰ সৈতে বন্ধুত্ব গঢ়াৰ লগতে এড্‌ভেন্‌চাৰৰ প্ৰতি মানুহক উৎসাহ যোগোৱাটো তেওঁৰ কাম হৈ পৰিল৷ বন্য জীৱ-জন্তু, বন-বননিৰ অধ্যয়নকাৰী গৱেষক, শিক্ষামূলক ভ্ৰমণৰ শিক্ষাৰ্থী আদিলৈকো যথাসাধ্য সমৰ্থন আগ বঢ়াই গ'ল৷ শেহতীয়াভাৱে দীপমইনা দুৱৰা Okegiga Holiday Pvt. Ltd.ৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া৷ মীৰাটৰ নাইচ মেনেজমেণ্ট কলেজৰ পৰা বাণিজ্যিক প্ৰশাসনত তেওঁ স্নাতকোত্তৰ ডিগ্ৰীধাৰী৷ জৱাহৰ ইনষ্টিটিউট অফ্‌ মাউণ্টেনিয়াৰিং এণ্ড ৱিণ্টাৰ স্পৰ্টছত বেছিক মাউণ্টেনিয়াৰিং ক'ৰ্চ কৰি আহিছে৷ মৰাণহাটত ঘৰ৷ আগতে শিৱসাগৰ কলেজত পঢ়িছিল৷ সম্প্ৰতি বিবাহিত আৰু সন্তানো আছে৷ পৰিয়াল গুৱাহাটীত থাকে৷ আৰু এতিয়া আমাক লগত লৈ নগা পৰ্বতৰ ঘোঁকটত বিচৰণ কৰোৱাত গুৰি ধৰিছে৷ আকৌ এটা চেলুট দিলোঁ মনে মনে৷ George Eliotএ ঠিকেই কৈ গৈছে ঃ 'Adventure is not outside man; it is within.'

বিগত জানুৱাৰী মাহত অৰুণাচল প্ৰদেশৰ দিবাং ভেলী জিলাৰ চীন-ভাৰত সীমান্তৱৰ্তী ভিতৰুৱা আৰু দুৰ্গম স্থান আতুপপ, কায়া পাছলৈ সফলতাৰে কৰি অহা দুঃসাহসিক ট্ৰেকিংটোৰ বিষয়েও সুযোগ পাওঁতেই সুধি পেলালোঁ৷ উত্তৰত দীপমইনাই সুন্দৰকৈ কৈ গ'ল মৰণমুখী যাত্ৰাটো আৰু খৰস্ৰোতা ৰিভাৰ ক্রচিঙৰ মৃত্যুজয়ী কথাবিলাক৷ তেওঁৰ ম'বাইলত তাৰ ভিডিঅ'ও আছিল৷ শিহৰণকাৰী কাৰবাৰ৷ সমুদ্ৰপৃষ্ঠতকৈ ১,২০০ মিটাৰ ওখ সেই ঠাই চিয়াং নদীৰ আগলি অংশত, মেকমোহন লাইনৰ সমীপৰ এক দুৰ্গম অঞ্চলত অৱস্থিত৷ ইদু মিছিমিসকলে আটাইতকৈ বেছি সমীহ কৰা জেগা৷ কোৱা হয় যে সেইফালেৰেই আদি জনজাতিৰ পূৰ্বপুৰুষসকল তাহানিতে অৰুণাচললৈ আহিছিল আৰু স্থায়ী বসতি আৰম্ভ কৰিছিল৷ ইদু মিছিমিসকলে আজিও বিশ্বাস কৰে যে ইহলোকৰ পৰা প্ৰস্থান কৰাৰ আগেয়ে মৃত আত্মাবোৰে সেই ঠাইতে ক্ষন্তেক জিৰণি লয়৷ সীমান্তৰ অন্তিম ভাৰতীয় গাঁও মালিনেৰ পৰা তালৈ ১২০ কিল'মিটাৰ৷ গাঁওখনৰ পৰাই ১২ দিনীয়া জাংগল ট্ৰেইলটো আৰম্ভ হয়৷ বনৰীয়া শস্য-পথাৰ, যিবোৰ প্ৰেতাত্মাই কৰা বুলি ভবা হয়; পানী পৰি থকা এটা বৃহৎ শিল, যাক পূজাৰী চিনৰুৰ চকুপানী বুলি বিশ্বাস কৰা হয়; বৰফাবৃত্ত পৰ্বত শিখৰ, যিবোৰক আত্মাই জিৰণি লৈ থকা থলী বুলি ভবা হয়; ১৮ কিল'মিটাৰ পৰিধিৰ এমপি লে'ক, থলুৱাভাৱে নিৰ্মিত ওলোমা দলঙেৰে পাহাৰীয়া তীব্ৰবেগী নৈ-নিজৰা অতিক্ৰম কৰা, ইত্যাদি ইত্যাদি বিশেষত্বৰে ট্ৰেকটো প্ৰতি মুহূৰ্ততে দুঃসাহস, ৰহস্য আৰু কাহিনীৰে ভৰপূৰ৷ প্ৰশ্ন উঠিল, বাহিৰৰ মানুহ বাদেই, আমি কিমানেনো জানো তাৰ বিষয়ে? অৰুণাচলৰো বিশেষত্ব তাতেই৷ বহু ঠাই এতিয়াও এক্সপ্ল'ৰ হোৱাই নাই৷ আতুপপ পৰ্বতমালা ২০০৬ চনৰ পৰাই চীনে অধিকাৰ কৰি আছে বুলি এঠাইত মই পঢ়িবলৈ পাইছিলোঁ৷

দীপমইনাৰ কথাৰ পাছত আমাৰ ফালৰ পৰাও সংযোজিত হ'ল উত্তৰ-পূবৰ অন্তিম পূবৰ লক্ষ্যৰে লোহিতৰ পাৰেদি যোৱা কিবিথু, প্ৰথম সূৰ্যোদয়ৰ স্থান ডং, চীন-ভাৰত সীমান্তৰ অন্তিম ভাৰতীয় গাঁও কাহো; ভাৰত-ম্যানমাৰ সীমান্তৰ শেষ গাঁও নামপং, ঐতিহাসিক ষ্টিলৱেল পথেৰে ট্ৰেকিং-হাইকিং কৰা ম্যানমাৰৰ লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণ; মধ্য অৰুণাচলত সোৱণশিৰিৰ পাৰে পাৰে লিমেকিং, তামা শ্বুং শ্বুং, য়াং গমনকে সামৰি কষ্টকৰ, সৰহ মানুহ নোযোৱা বা সহজে যাব নোৱাৰা পদযাত্ৰাবোৰৰ উৎফুল্লিত বৰ্ণনা৷

তেতিয়াৰ শ্বাসৰুদ্ধকৰ যাত্ৰাবোৰ আৰু এতিয়া উশাহ নসলোৱাকৈ সত্যালাপৰ জাউৰি৷ ক্ষেত্ৰভিত্তিক তথা চাক্ষুস অভিজ্ঞতাৰ আদান-প্ৰদানে বাহনখনৰ ভিতৰভাগ মুখৰিত কৰি তুলিলে৷ অৰুণদাই যোগ দিলে টাৱাং, লেহ, লাডাখ, পাংগাং-ছ'ৰ সৰস কাহিনী৷ অৰুণাচলযে উৎকৃষ্ট তেৱোঁ স্বীকাৰ কৰিলে৷ অফ্‌-বিট্‌ ভ্ৰমণ-পৰ্যটন আৰু ট্ৰেকিং-হাইকিং-কেম্পিঙৰ প্ৰতি অনুৰক্ত মানুহকেইটা মনে-প্ৰাণে সাঙোৰ খাই মিলি পৰাত পথযাত্ৰাটো অধিক আনন্দদায়ক, অতিশয় প্ৰাণৱন্ত আৰু অতিমাত্ৰাই উপভোগ্য হৈ উঠিল৷ পেটত ভোক লৈ কেঁকুৰিৰ পাছত কেঁকুৰি তল-ওপৰকৈ ঘূৰি থকা সত্ত্বেও কোনো ধৰণৰ অৱসাদে মনটোক প্ৰভাৱিত কৰিবলৈ তিলমাত্ৰও সক্ষম নহ'ল৷ সত্য-প্ৰশস্তিৰ গানে আমদানি কৰা শক্তিৰ সন্মুখত বাটৰ কষ্ট হৈ পৰিল নিষ্প্ৰভ৷ চালকৰ সৈতে মাজে মাজে চলা মিঠা নাগামীজৰ সান-মিহলিৰে অল্ট'ৰ অভ্যন্তৰ হৈ থাকিল উমাল, হাস্যমধুৰ আৰু অধিক ভাল লগা৷ ভাড়ালৈ অনা গাড়ীখনত গান বজোৱাৰ ব্যৱস্থা নথকাটো আমাৰ বাবে মংগলজনকহে হ'ল বুলি পাছত উপলব্ধি হ'ল৷

বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ-ভাৰত আৰু প্ৰতিপক্ষ জাপান উভয়ৰে বাবে ডিমাপুৰ আছিল এক গুৰুত্বপূৰ্ণ থলী৷ ডিমাপুৰৰ পৰা ক'হিমা হৈ ইম্ফললৈকে দ্বিতীয় মহাসমৰৰ সময়তে এইটো ৰাস্তা খোলা হৈছিল৷ বহিঃজগতৰ লগত মণিপুৰৰ একমাত্ৰ সংযোগী স্থলপথ এইটো, যাক মণিপুৰৰ জীৱন-ৰেখা বুলি কোৱা যায়৷ দেশৰ এই ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটোৱে ভাৰত-ম্যানমাৰ সীমান্তৰ মোৰেক সংযোগ কৰিছে৷ অসমৰ নুমলীগড়ত হাইৱে নং ৩৭ৰ পৰা আৰম্ভ হৈছে৷ তাৰে ১০০ কিল'মিটাৰ গৈছে নাগালেণ্ডৰ মাজেৰে৷ সৰ্পিলাকৃতিৰ বাটছোৱাত এতিয়া সেউজ অৰণ্যৰ মাজেৰে অনেক যান-বাহনৰ অনৰ্গল অহা-যোৱা চলি আছে৷ সৰহভাগেই সৰু জোখৰ গাড়ী৷ আলি-কেঁকুৰিবোৰত দেখা পাইছোঁ পথৰ দাঁতিতে গছৰ ডাল, বাঁহৰ চাং, বস্তা, তিৰপালেৰে সাজি লোৱা অস্থায়ী দোকানঘৰ কিছুমান৷ চালিৰ তলৰ চাঙত আম, কঁঠাল, কল, আনাৰস, বাঙি, অমিতা, তিয়ঁহ, গোমধান, বাঁহগাজ, কৰদৈ, নেমুটেঙা, কচু, জাতিলাউ, ৰঙালাউ, লেছেৰা মাহ, ভাতকেৰেলা, স্কোৱাচ আদি ভাগে ভাগে৷ লেতেকুৰ থোকবোৰ ওলোমাই ৰাখিছে৷ তাজা ফলমূল আৰু শাক-পাচলিৰ উপৰি কেঁকোৰা, ঝাড়ু আৰু বিভিন্ন ধৰণৰ ৰং-বিৰঙী ফুলেৰে সুসজ্জিত দোকানবোৰ৷ দোকানীসকল ঘাইকৈ থলুৱা মহিলা৷ সুচল চাই এঠাইত এবাৰ গাড়ীখন ৰাখিবলৈ দি দীপমইনা নামিল৷ আমাৰ বাবে কল, নেমু আদি কিনি ল'লে৷ সুযোগ পাই আমিও নামিলোঁ, চালোঁ সেইবোৰৰ ৰেহৰূপ৷ কেমেৰায়ো সাৰ পাই উঠিল৷


নগাসকল আত্মনিৰ্ভৰশীল মানুহ৷ তেওঁলোক যেনে শকত-আৱত আৰু স্বাস্থ্যৱান, তেনেকৈ পৰিশ্ৰমীও৷ ব্ৰিটিছ সেনাৰ বাৰম্বাৰ আক্ৰমণৰ পাছত অঘৰী হৈ পৰা নগাসকলৰ মৃত্যুৰ সংখ্যা অসাধাৰণ ৰূপত বৃদ্ধি পাইছিল যদিও মজবুত শাৰীৰিক গঠনৰ কাৰণেই তেওঁলোক সম্পূৰ্ণৰূপে নিঃশেষ আৰু নিশ্চিহ্ন হৈ যোৱা নাছিল৷ পাহাৰৰ পাদদেশত থকা সেই মানুহবোৰে চিকাৰ কৰা, মাছ ধৰা, ৰবৰ নিষ্কাষণ, হাতী ধৰা ইত্যাদিৰে তেওঁলোকৰ নিঠৰুৱা অৰ্থনীতি পৰিপূৰণ কৰিবলগীয়া হৈছিল৷ খেতি-বাতি তেওঁলোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৰ্থনৈতিক বৃত্তি৷ আদিমকলীয়া আৰু জুম খেতি বুলি জনাজাত কৃষি পদ্ধতি তেওঁলোকৰ মাজত আজিও আছে৷ কৃষিকৰ্মত প্ৰবৃত্ত এই পাহাৰীয়া গাঁৱলীয়া মানুহবোৰৰ বিলাসিতা তেনেই কম৷ টান কাম কৰোঁতে নগা মানুহে মুখেৰে শব্দ কৰাৰ অভ্যাস এটা আছে৷ কঠিন পৰিশ্ৰমৰ কষ্ট লাঘৱ কৰিবলৈকে কামৰ সময়ত তেনেবোৰ শব্দ উচ্চাৰণ কৰি থাকে, যিটো তেওঁলোকৰ এটা বিশেষ জাতিগত বৈশিষ্ট্য বুলিব পাৰি৷









No comments:

Post a Comment