Tuesday, 8 August 2017

১২. নগা পাহাৰলৈ ব্ৰিটিছৰ আগমন

নগা পাহাৰৰ গভীৰতালৈ ক্ৰমান্বয়ে সোমাই পৰিছোঁ৷ উত্তৰ-পূৰ্বাঞ্চলৰ পাৰ্বত্য অঞ্চলসমূহৰ ভিতৰত ব্ৰিটিছে ১৮৬৬ চনৰ পৰা ১৯০৪ চনৰ সময়ছোৱাত এই নগা পাহাৰ অধিগ্ৰহণ কৰিছিল৷ সশস্ত্ৰ বাহিনী নিয়োগেৰে ১৮৬৬ চনতে নগাসকলৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ আৰম্ভ কৰিছিল যদিও ১৯০৪ চনতহে অঞ্চলটোত সম্পূৰ্ণ দখল সাব্যস্ত কৰিবলৈ সমৰ্থ হৈছিল৷ তাৰ কাৰণ আছিল নগা জনসাধাৰণৰ সেও নমনা মানসিকতা৷ ইংৰাজৰ নগা পাহাৰ দখল সম্পৰ্কে পাঠ্য-পুস্তকত এইদৰে পোৱা যায় 'ইংৰাজসকলে নগাৰাজ্যত পোনপটীয়া শাসন চলাবলৈ ইচ্ছা কৰা নাছিল৷ চুবুৰীয়া মণিপুৰ, কাছাৰ ইত্যাদিৰ লোকৰ সৈতে নগা লোক সংঘৰ্ষত লিপ্ত হৈছিল৷ পৰৱৰ্তী কালত ইংৰাজে নগা পাহাৰত অভিযান চলাই আংগামী ৰাজ্য দখল কৰে৷ ইয়াৰ পাছত লথা আৰু আও নগাসকলক বশ কৰি ১৮৬৬ চনত নগা পাহাৰত ইংৰাজে আধিপত্য বিস্তাৰ কৰিছিল৷ নগাৰাজ্যক ব্ৰিটিছ কোম্পানীৰ পোনপটীয়া শাসনৰ অধীনলৈ তেতিয়াও অনা হোৱা নাছিল৷ ইয়াৰ পাছতো ইংৰাজসকলে নগা পাহাৰত বহুবাৰ অভিযান চলাবলগীয়া হৈছিল৷'

উল্লিখিত সুদীৰ্ঘ কালছোৱাত নগা অধ্যুষিত এলেকাত নগাসকলৰ দ্বাৰা ব্ৰিটিছৰ বিৰুদ্ধে অব্যাহত আছিল বিদ্ৰোহাত্মক, হিংসাত্মক কাৰ্যকলাপ৷ দখলীৰ পাছৰ পৰ্যায়ত ইংৰাজৰ দ্বাৰা বিভিন্ন ধৰণৰ আইন আৰু বিধি প্ৰৱৰ্তন কৰি অঞ্চলসমূহ সংহতকৰণৰ পদক্ষেপ লোৱা হৈছিল৷ এলেকাবোৰৰ সুকীয়া সামাজিক ৰীতি-নীতি, স্বকীয় দস্তুৰ, পৰম্পৰাগত শাসন ব্যৱস্থা আদি প্ৰত্যক্ষ কৰি ব্ৰিটিছ ইণ্ডিয়াৰ মূল প্ৰশাসনীয় ব্যৱস্থাৰ গণ্ডীভুক্ত ততালিকে কৰাটো উচিত নহ'ব বুলি ব্ৰিটিছৰাজে বুজি উঠিছিল৷ গতিকে বেক্‌ৱাৰ্ড, এক্সক্লুডেড, ছেডিউল্‌ড, ট্ৰাইবেল এৰিয়া আদি কেতবোৰ বিশেষ ব্যৱস্থা প্ৰৱৰ্তনেৰে ভৈয়ামৰ পৰা পৃথকে ৰাখি পৰ্যায়ক্রমে প্ৰশাসন যন্ত্ৰৰ অধীনস্থ কৰাৰ পদক্ষেপ ল'লে৷ তেনে বিধি-ব্যৱস্থাৰে অংশবিশেষ হিচাপে ১৮৭৩ চনত প্ৰৱৰ্তন কৰা হৈছিল অন্তৰস্থ সীমাৰেখা বিধি (Inner Line Regulation), যাৰ জৰিয়তে পাহাৰ-ভৈয়ামৰ মাজত এডাল অভ্যন্তৰীণ সীমাৰেখা তৈয়াৰ কৰি বিশেষ বিশেষ পাৰ্বত্য অঞ্চল কিছুমান প্ৰশাসনিক দিশত নিলগাই ৰখা হৈছিল৷ এনে কাৰ্যৰ দ্বাৰা ব্ৰিটিছে উত্তৰ-পূবৰ জনজাতীয় অঞ্চলবিলাককযে কেৱল বিচ্ছিন্ন কৰিয়েই ক্ষান্ত আছিল তেনে নহয়, বৰং অৰ্থনৈতিক আৰু সামাজিক বিকাশ ৰুদ্ধ কৰা আৰু সেই অঞ্চলসমূহৰ জনগণৰ বহিৰ্বিশ্বৰ সৈতে সম্পৰ্কক সম্পূৰ্ণ অৱহেলাৰ এক কৌশলী নীতি অনুসৰণ কৰিছিল বুলি সমালোচনা আজিকোপতিও কাণত পৰে৷

সেই নিৰ্ধাৰিত সীমাৰেখা অতিক্রম কৰিব লাগিলে যিকোনো মানুহেই সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা যাৱতীয় অনুমতি ল'বলগীয়া হৈছিল৷ পাছত তেনেকুৱা অঞ্চলবোৰ সামৰি গঠন কৰা হৈছিল উত্তৰ-পূব সীমান্ত অঞ্চল (North Eastern Frontier Tracts)৷ শাসনৰ বাঘজৰীডাল ৰখা হৈছিল ৰাজনৈতিক বিষয়া বা উপায়ুক্তৰ তত্ত্বাৱধানত৷ উত্তৰ-পূব সম্পৰ্কত ব্ৰিটিছৰ পৰিকল্পনাৰ কিছু ধাৰণা ব্যক্ত কৰি ১৯৪৮ চনৰ নৱেম্বৰ মাহত ভাৰতৰ সেই সময়ৰ গভৰ্নৰ জেনেৰেল চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীলৈ বিদ্ৰোহী নেতা আংগামী জাপফু ফিজোৱে কলিকতাৰ জেলত আবদ্ধ হৈ থকা অৱস্থাৰ পৰাই  লিখা এখন পত্ৰত উল্লেখ কৰিছিল ব্ৰিটিছে উত্তৰ-পূব এজেন্সী নামেৰে পাতিব বিচৰা উপনিৱেশখনৰ কথা, ব্ৰিটিছ-অভিজাত নগা পাহাৰৰ চতুৰ প্ৰশাসকসকলৰ দ্বাৰা বিবৰ্ধিত আন্তঃলাইন নিয়ন্ত্ৰক নীতিৰ ফলাফল হিচাপে পাহাৰী জনগণৰ ভৈয়ামৰ জনগণৰ বিৰুদ্ধে বাঢ়ি অহা বৈৰী ভাবৰ কথা৷ ব্ৰিটিছে প্ৰৱৰ্তন কৰি যোৱা সেই বিচ্ছিন্নতা আৰু তাৰ ফলস্বৰূপে উদ্ভৱ হোৱা বিৰোধী মনোভাবৰ কল্পেই দেশৰ উত্তৰ-পূব খণ্ডত মূৰ দাঙি উঠা সমাধানহীন পৃথকতাবাদী সমস্যাসমূহ কম-বেছি পৰিমাণে আজিও জীয়াই আছে আৰু সেয়া সৰ্বজনবিদিত৷ ব্ৰিটিছৰ আশ্ৰয়ত গছ পুলি হৈ গজি উঠা সেই পৃথকতাবাদেই উত্তৰ-পূবত দেশৰ স্বাধীনতাৰ অৰ্থ কৰি পেলাইছিল ভাৰতৰ পৰা স্বাধীন হোৱা৷

ব্ৰিটিছে নগা জনসাধাৰণক প্ৰথমবাৰ আক্ৰমণ কৰিছিল ১৮৩৯ চনত৷ ব্ৰিটিছ সৈন্য নগা পাহাৰলৈ প্ৰথমবাৰ সোমাইছিল ১৮৭৮ চনত৷ তাৰ পাছতহে নগা সমাজক সভ্যতাই ঢুকি পাইছিল বুলি কোৱা হয়৷ তাৰ আগতে এই মানুহবোৰ জংঘলী, অসভ্য আৰু বৰ্বৰ আছিল বুলি উল্লেখ পোৱা যায়৷ মুণ্ড চিকাৰৰ দৰে ভয়ংকৰ কাণ্ড-কাৰখানা তদানীন্তন কালত নিচেই সুলভ আছিল৷ ঊনবিংশ শতিকাৰ মধ্যভাগত ব্ৰিটিছ চৰকাৰে নগা অধ্যুষিত অঞ্চলত কেইবাটাও সেনা অভিযান চলাইছিল৷ ১৮৮৯ চনত আও নগা বসতিস্থল জয় নকৰালৈকে আঢ়ৈ কুৰি বছৰ ধৰি নগাসকলে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ চলাই আছিল৷ আংগামী নগাসকলৰ আক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে ঊনবিংশ শতিকাৰ শেষাৰ্ধত ব্ৰিটিছে কুকি লোকৰ দ্বাৰা এটি বাহিনী গঠন কৰি তাত এজন ব্ৰিটিছ প্ৰশাসনিক বিষয়া নিয়োগ কৰিছিল৷ ১৮৮১-৮২ চনত প্ৰায় এবছৰ কাল ধৰি চলা এই বিদ্ৰোহৰ কেন্দ্ৰভূমি আছিল উত্তৰ কাছাৰ (এতিয়া ডিমা হাচাও)ৰ মাইবাং চহৰ৷ ব্ৰিটিছ বিষয়া আৰু কুকি বাহিনীৰ উপস্থিতিয়ে স্থানীয় ডিমাচা কছাৰীসকলৰ মনত সংশয়ৰ সৃষ্টি কৰিছিল৷ ১৮৮১ চনত শম্ভুধন ফংলচা নামৰ এজন ডিমাচা লোকৰ নেতৃত্বত বিদ্ৰোহীসকলে চৰকাৰী ঘৰ-দুৱাৰ আক্রমণ কৰে৷ মেজৰ বয়দ নামৰ ব্ৰিটিছ সামৰিক বিষয়াজনে এটা বাহিনী লগত লৈ বিদ্ৰোহীসকলক বিচাৰি মাইবাঙত অভিযান চলায়৷ কিছুদিন আত্মগোপন কৰাৰ পাছত শম্ভুধন বন্দী হয়৷ বন্দী অৱস্থাতেই তেওঁৰ মৃত্যু হয়৷

১৯৩৯-১৯৫০ চনৰ ভিতৰত সমগ্ৰ নগাভূমি ইংৰাজৰ অধীনস্থ হৈ পৰে৷ দ্বিতীয় বিশ্বযুদ্ধত হাজাৰ হাজাৰ নগা লোকে ব্ৰিটিছ আৰু মিত্ৰ শক্তিৰ স্বাৰ্থত সহায় কৰাৰ কাৰণে সুদূৰ ফ্ৰান্সতো যুদ্ধ কৰিছিলগৈ৷ বিশ্বযুদ্ধত যেতিয়া জাপানীয়ে নাগালেণ্ডৰ মাজেদি ভাৰতবৰ্ষ আক্ৰমণ কৰিবলৈ বিচাৰিছিল তেতিয়া নগাসকলৰ চোৰাং খবৰ আৰু জংঘলৰ যুদ্ধৰ সহযোগিতাইহে কহিমা আক্ৰমণ ৰোধ কৰিবলৈ ব্ৰিটিছ বাহিনীক সক্ষম কৰি তুলিছিল৷ তেনেকৈয়ে অসম আৰু ভাৰতৰ আন অংশ যুদ্ধৰ ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পৰিছিল৷ আনহাতে ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ বেলি মাৰ যোৱাৰ সময়লৈ প্ৰায় স্বাধীন আৰু শাসকবিহীন হৈ পৰিছিল নগা পাহাৰৰ বিস্তৃত অঞ্চল৷

অলেখ জনজাতিৰ বাসভূমি উত্তৰ-পূব ভাৰত৷ ব্ৰিটিছ শাসন সূচনা হোৱাৰ পাছৰ পৰাই অঞ্চলটোৰ বিভিন্ন জনজাতিয়ে ঔপনিৱেশ শাসন বিস্তাৰৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছিল৷ বিভিন্ন কাৰণত জনজাতীয় লোকসকলৰ চকুত ব্ৰিটিছ প্ৰশাসন ঘোৰ শত্ৰুত পৰিণত হৈছিল৷ ফলত সংঘটিত হৈছিল জনজাতীয় বিদ্ৰোহ৷ খ্ৰিষ্ট ধৰ্ম প্ৰচাৰৰ দ্বাৰা জনজাতিৰ মাজত ইংৰাজ শাসনৰ অনুকূলেও বতাহ নবলাকৈ থকা নাছিল যদিও খাচি, জয়ন্তীয়া, নগা, ডিমাচা, লুচাই, গাৰো, খামতি, চিংফৌ, আবৰ, অকা, ডফলা, মিছিমি, আপাতানি, কুকি, ৰিয়াং প্ৰভৃতি উত্তৰ-পূবৰ জনজাতিয়ে ব্ৰিটিছৰ বিৰুদ্ধে ঘোৰ বিদ্ৰোহৰ সূচনা কৰিছিল৷ স্বকীয় জনজাতীয় সমাজ আৰু জীৱনধাৰাৰ ওপৰত বাহ্যিক সামৰিক শক্তিৰ আগ্ৰাসন তথা হস্তক্ষেপ, ব্ৰিটিছ প্ৰৱৰ্তিত নতুন প্ৰশাসনিক তথা ভূমি ৰাজস্ব নীতিৰ প্ৰভাৱত পৰম্পৰাগতভাৱে জনজাতীয় লোকসকলে বসবাস কৰা অঞ্চলৰ মাটি, বনজ সম্পদ আদিৰ স্বত্ব অজনজাতীয়ৰ হাতলৈ হস্তান্তৰ হোৱা আদি বিষয়ত ভাৰতৰ জনজাতিসকলৰ অসন্তুষ্টি আৰু ক্ষোভৰ কিছুমান উমৈহতীয়া বৈশিষ্ট্য থাকিলেও উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়াসকলৰ আদৰ্শ আৰু সংগ্ৰামৰ চৰিত্ৰ আছিল বেলেগ৷ বিপৰীতে, ব্ৰিটিছে অসমৰ সকলো জনজাতীয় পাহাৰীয়া অঞ্চলো সাঙুৰি লৈছিল বাবেই অসমৰ সৈতে নগা পাহাৰৰ অধিবাসী নগাসকলৰ গাঢ় সম্পৰ্ক আছিল৷

ভাৰত শাসন আইন, ১৯১৯ৰ ৫২ (ক) (২) উপ-অনুচ্ছেদৰ অধীনত পাহাৰীয়া অঞ্চলসমূহ ঘোষিত হৈছিল পিছ পৰা অঞ্চল হিচাপে৷ নাগা হিল্‌ছ ডিষ্ট্ৰিক্টো আছিল তাৰ মাজত৷ ছাইমন কমিছনে ১৯৩০ চনত দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত ১৯৩৫ চনত পিছ পৰা অঞ্চলসমূহত সুকীয়া আইনী ব্যৱস্থা প্ৰৱৰ্তন কৰিলে৷ নগা পাহাৰ জিলা অন্তৰ্ভুক্ত হ'ল বহিৰ্ভূত এলেকাত৷ ফলত ভাৰতৰ গৱৰ্ণৰ জেনেৰেলৰ প্ৰতিনিধি স্বৰূপে ৰাজ্যপালে এই এলেকাত বিশেষ প্ৰশাসনীয় ব্যৱস্থা গঢ়ি তোলাৰ অধিকাৰ লাভ কৰিলে৷ স্বাধীনতাৰ পৰৱৰ্তী মুহূৰ্ত পৰ্যন্ত এই ব্যৱস্থা অব্যাহত আছিল৷ পাৰ্বত্য অঞ্চলসমূহত সুকীয়া শাসন ব্যৱহাৰ দিহা কৰাৰ উদ্দেশ্যৰে সংবিধানত ষষ্ঠ অনুসূচী সংযোজন হ'ল৷ নগা পাহাৰ আৰু নগা জনজাতীয় এলেকাসমূহো ২০ নং দফাত অন্তৰ্ভুক্ত হ'ল৷  কিন্তু নগাসকলে স্বাধীনতা বিচৰাৰ পৰিপ্ৰেক্ষিতত ষষ্ঠ অনুসূচীৰ ব্যৱস্থাৱলী গ্ৰহণ কৰিবলৈ অমান্তি হ'ল৷ তেওঁলোকে ইংৰাজৰ দখলদাৰিত্ব সহ্য কৰি নাথাকিল৷ দীৰ্ঘদিন ধৰি স্বাধীনতাৰ দাবী কৰি অহাৰ পাছত ভাৰতৰ স্বৰাজ প্ৰাপ্তিৰ আগ দিনাই নিজৰ স্বাধীনতা সদম্ভে ঘোষণা কৰিছিল স্বাধীনচিতীয়া নগা জনগণে৷

সেই স্বাধীনতাৰ গজালি য'ত মেলিছিল, ভাৰত স্বাধীন হোৱাৰ আগদিনাখন অৰ্থাৎ ১৪ আগষ্ট ১৯৪৭ত য'ত নগাৰ পতাকা উৰিছিল, তালৈকে আমি গৈ আছোঁ৷ আন বহুতৰ দৰে কিতাপৰ পাতত পঢ়িহে কথাবোৰ জানিবলৈ পাইছিলোঁ৷ কাৰ্যতঃ এতিয়া কিন্তু সোঁশৰীৰে, নিজে আচল জেগালৈ গৈ আছোঁ৷ স্বাভাৱিকতেই বুকুত দুৰু দুৰুকৈ জাগিব লাগিছে অলেখ উৎকণ্ঠা৷


No comments:

Post a Comment