৩. চিনাকি ডিমাপুৰখন…
ডিমাপুৰখন মোৰ বাবে মুঠেই নতুন নহয়৷ সৰুৰে পৰা
অদ্যপৰ্যন্ত ইয়ালৈ সংখ্যাতীতবাৰ আহ-যাহ চলিছে৷ আমাৰ শৈশৱ-কৈশোৰ কালত গৃহ-চহৰ ডিফুৰ
বজাৰত কিছুমান বস্তু-বাহানি সিমান উন্নতমানৰো নাছিল, উভৈনদীও নাছিল৷ ভাল জাতৰ কিবা
এটা লাগ বুলিলেই সেয়েহে মানুহে চিধাই দৌৰ মাৰিছিল নাতিদূৰৰ ডিমাপুৰলৈ৷
লামডিঙৰ পৰা পুৱাতে অহা তিনিচুকীয়া অভিমুখী মিটাৰগজ পেচেঞ্জাৰ ট্ৰে'নখনত
উঠি দেউতাৰ সৈতে সেই সময়ত আমিও নামিছিলোঁগৈ ডিমাপুৰ স্টেশ্বনত৷ কয়লা ইঞ্জিনৰ
পৰা উৰি অহা কয়লাৰ টুকুৰা চকুত লৈ দলদলি, ধনশিৰি, ৰঙাপাহাৰ, ৰঙাপাহাৰ ক্ৰছিং পাৰ
হোৱাৰ দৃশ্য আজিও মনত পৰে৷ কিছুমান ডেকা আকৌ ৰে'লখনৰ ওপৰত উঠি গৈছিল৷ চলন্ত
ডবাবোৰৰ ওপৰেৰে খোজ কাঢ়িবও পাৰিছিল সিহঁতে৷ মনটোৱে লক্লকাইছিল, তেনেকৈ যাবলৈ৷
বীৰত্বৰ কামটো কৰা পিছে নহ'লগৈ৷ আজিও স্পষ্টকৈ মনত আছে, ডিমাপুৰৰ গুৰবচন ৰেডিঅ'জত
দুই বেণ্ডৰ ফিলিপ্ছ টাইগাৰ ৰেডিঅ' কিনা; ফিয়েষ্টা পপুলাৰ ৰেকৰ্ড প্লে'য়াৰ কিনা,
এল.পি. আৰু ই.পি. ৰেকৰ্ড আৰু অন্যান্য বয়-বস্তু কিনাৰ মুহূৰ্তবোৰ৷ তদুপৰি পূৰ্বতে
অসম ৰাজ্যিক পৰিৱহণ নিগমৰ বাছত গোলাঘাট, যোৰহাটলৈ যাওঁতে বাছখন ডিমাপুৰ হৈয়ে
গৈছিল৷ ক'হিমা ৰ'দ আৰু গোলাঘাট ৰ'দৰ সংযোগস্থলতেই হোটেল এখনৰ আগত ৰৈছিল৷ গতিকে
ডিমাপুৰ মোৰ চকুৰ চিনাকি৷ এতিয়াও গৈ থকা হয়৷
স্টেশ্বনৰ বাহিৰত আমি ৰৈ থকা অৱস্থানৰ পৰাই চৌদিশে
এবাৰ দৃষ্টি নিগৰালোঁ৷ নাগালেণ্ডৰ মাটিত আজিৰ তাৰিখতো একমাত্ৰ ৰে'লৱে স্টেশ্বনটো
এইটোৱেই, অৰ্থাৎ ডিমাপুৰেই৷ ৰাজ্যখনৰ অভ্যন্তৰত ব্ৰডগজ ৰে'লপথৰ দৈৰ্ঘ ১২.৮৪
কিল'মিটাৰ মাত্ৰ৷ গুৱাহাটী, ডিব্ৰুগড়, কলকাতা, নতুন দিল্লী, চণ্ডীগড়, অমৃতসৰ,
কন্যাকুমাৰী, বেংগালুৰু, চেন্নাইৰ সৈতে এই ৰে'লপথটোৱেই ডিমাপুৰক সংযুক্ত কৰিছে৷
অন্যহাতে, ৩৬৫.৩০ কিল'মিটাৰজোৰা ৰাষ্ট্ৰীয় ঘাইপথ আৰু ১,০৯৪.৫০ কিল'মিটাৰ ব্যাপ্তিৰ
ৰাজ্যিক পথেৰে নগাৰাজ্যৰ বাহিৰ-ভিতৰৰ সৰু-বৰ বিভিন্ন স্থানৰ মাজত যোগাযোগ বৰ্তাই ৰখা
হৈছে৷ ডিমাপুৰত এয়াৰপ'ৰ্ট এটাও আছে৷ ৰাজ্যখনৰ এই একমাত্ৰ বিমানঘাটিটো সমুদ্ৰপৃষ্ঠৰ
পৰা ৪৮৭ ফুট উচ্চতাত অৱস্থিত৷ কলকাতা, দিল্লী আৰু ডিব্ৰুগড়ৰ পৰা তালৈ নিয়মীয়াকৈ
বিমান যাতায়াত চলে৷ তালৈ টাউনৰ পৰা দূৰত্ব প্ৰায় ৭ কিল'মিটাৰ৷ ৩ মাইলৰ পৰা
বাঁওহাতে ফাটি যোৱা বিমান বন্দৰ সংযোগী পথটো বেয়া বুলি দুৰ্নাম আছে৷ ডিমাপুৰত
আৰম্ভ হোৱা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথটো মাঞ্জা, ডবকাৰে আহি নগাঁৱৰ সমীপত ৩৭ নং
ৰাষ্ট্ৰীয় ঘাইপথ চুইছে৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ডিমাপুৰৰ পৰা ক'হিমা, মাও গে'ট
হৈ মণিপুৰ ৰাজ্যৰ ৰাজধানী ইম্ফল, ভাৰত-ম্যানমাৰ সীমান্তৰ মোৰেলৈ যায়৷ ইম্ফললৈ
দূৰত্ব ২১৬ কিল'মিটাৰ৷ উক্ত পথটোৰেই ক্ষন্তেক পাছতে আমিও গতি কৰিম৷ ৰাজধানী
ক'হিমালৈ ইয়াৰ পৰা ৭২ কিল'মিটাৰ হ'ব৷ আমি পিছে এতিয়া ক'হিমা নাপামগৈ৷
স্থলপথ, ৰে'লপথ আৰু আকাশীপথ তিনিওফালৰ পৰাই
ডিমাপুৰ হৈছে নাগালেণ্ডৰ প্ৰধান প্ৰৱেশদ্বাৰ৷ নাগালেণ্ডখন পাৰ্বত্য ৰাজ্য যদিও
ডিমাপুৰ ঠাইটুকুৰা প্ৰায় সমতল৷ প্ৰাচীন কছাৰী ৰাজ্যৰ ৰাজধানী আৰু কলা-সংস্কৃতিৰ
প্ৰাণকেন্দ্ৰ আছিল এইখন ঠাই৷ পুৰণি ঐতিহ্যৰে মণ্ডিত জেগা৷ পৰৱৰ্তী কালত হৈ পৰিল
ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক ব্যস্ত ব্যৱসায়িক কেন্দ্ৰস্থল, 'কমাৰ্চিয়েল কেপিটেল অফ্
নাগালেণ্ড' বুলি যাক অভিহিত কৰা হয়৷ মানুহ, ঘৰ আৰু গাড়ীৰ সংখ্যা এতিয়া আগতকৈ
ভাবিব নোৱাৰা ধৰণে বাঢ়িল৷ নাগালেণ্ডৰ শেহতীয়া পিয়ল অনুসৰি ডিমাপুৰ জিলাতে
জনসংখ্যা সৰ্বাধিক, ৩,৭৯,৭৬৯জন৷
উল্লেখ্য যে পুৰণি কালত পশ্চিমৰ নগাসকলে ভৈয়ামলৈ কপাহ, আদা, জলকীয়া
আৰু পূবৰ নগাসকলে নিমখ আনিছিল৷ ঘূৰি যাওঁতে ভৈয়ামৰ পৰা লৈ গৈছিল চাউল, হাঁহ-কুকুৰা
আদি৷ ভৈয়ামৰ লগত বেহা-বেপাৰৰ প্ৰতি নগাসকলৰ এই আগ্ৰহ লক্ষ্য কৰিয়ে নগাৰাজ্যৰ সৰ্বপ্ৰথম ব্ৰিটিছ ৰাজনৈতিক প্ৰতিনিধি কেপ্টেইন জন
বাট্লাৰে ব্ৰিটিছ চৰকাৰক ডিমাপুৰত এখন হাট বহুৱাবলৈ পৰামৰ্শ দিছিল৷ কালক্রমত সেই
ডিমাপুৰ হাটেই মোট সলাই বৃহদাকাৰ ল'লে৷ চহৰৰ মূল ব্যৱসায়িক এলেকা হংকং মাৰ্কেট(!),
হাজী পাৰ্ক, নিউ মাৰ্কেট, চাৰ্কুলাৰ ৰ'দলৈ এতিয়াও আমাৰ গৈয়েই থকা হয়৷ তাহানিৰ
ডিমাপুৰ আৰু আজিৰ ডিমাপুৰখনৰ চকুৰ সন্মুখত দেখা ৰূপটোৰ মাজত স্বাভাৱিকতে বিৰাট
পাৰ্থক্য লক্ষ্য কৰোঁ৷
ৰে'লৱে স্টেশ্বনৰ পাৰ্কিঙৰ
পৰা ওলায়েই বাৰ্মা কেম্প৷ তাতে নুমলীগড়ৰ পৰা আহি থকা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটো৷ সেই
ৰাস্তা ধৰি ক'হিমা অভিমুখে আমাৰ গাড়ী দুখনৰ চকা ধীৰে ধীৰে ঘূৰিব লাগিল৷ চিটত গাটো এৰি
দি ডিমাপুৰ চহৰখনৰ এইটো ফালৰ শেহতীয়া ৰূপ দৰ্শন কৰি যাব ধৰিলোঁ৷ চকুৰ আগেদি নগা-অনগা
সকলো লোকেই ব্যস্ততাৰে ইফাল-সিফাল কৰিব লাগিছে৷ অন্যহাতে, তুলনামূলকভাৱে ক'বলৈ গ'লে, দোকান-ঘৰবোৰ
ওখ-ডাঙৰ হৈছে, গাড়ী-ঘোঁৰাবোৰ নতুন জাতৰ হৈছে ঠিকেই, পিছে ৰাস্তাবোৰৰ অৱস্থা
আজিৰ তাৰিখতকৈ আগতেই ভাল আছিল৷
No comments:
Post a Comment