১৪. খ্ৰিষ্টান মিছনেৰীৰ প্ৰভাৱ…
অতীজত নগাসকলে এজন সৰ্বশক্তিমান সৃষ্টিকৰ্তাত আস্থা ৰখাৰ উপৰি শিল, গছ, পানী আদিৰো আৰাধনা কৰিছিল হেনো৷ জাতিৰ ফালৰ পৰা নেগ্ৰিটো আৰু মংগোলয়ড সঁচ থকা নগা লোকসকলৰ আদিম বা কৌলিক ধৰ্মত দেৱ-দেৱী, দেও-ভূত, পূজা-পাতল, বলি-বিধান আনকি নৰবলি, নৰমুণ্ড চিকাৰৰ ব্যৱস্থাও আছিল৷ আত্মাৰ পৰৱৰ্তী অস্তিত্বত তেওঁলোকে বিশ্বাস কৰিছিল৷ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাণিজ্যিক অনুসন্ধানৰ সুৰুঙাৰে উপনিৱেশ স্থাপনকাৰী ব্ৰিটিছ সাম্ৰাজ্যবাদী শক্তিৰ অনুমোদনত শিক্ষা প্ৰচাৰৰ দায়িত্ববাহীৰ অচিলাৰে ঊনবিংশ শতিকাত খ্ৰিষ্টান ধৰ্মীয় মিছনেৰীৰ অনুপ্ৰৱেশ ঘটিল৷ ফলস্বৰূপে এসময়ৰ পৰম্পৰাবাহী নগাসকলৰ সৰহভাগেই এদিন খ্ৰিষ্টান ধৰ্মক আঁকোৱালি ল'লে৷ খ্ৰিষ্ট ধৰ্মৰ বহুল প্ৰচাৰ আৰু ব্ৰিটিছৰ একাধিপত্য ৰাজনৈতিক আগ্ৰাসনে দেৱ-দেৱী, দেও-ভূতৰ প্ৰতি বিশ্বাস কমালেও নগাসকলৰ মাজত প্ৰচলিত পান-ভোজন, উৎসৱ-পৰৱ, নৃত্য-গীতৰ চৰ্চাকে ধৰি সাংস্কৃতিক বৈশিষ্ট্যসমূহ থাউকতে ম্লান কৰিব পৰা নাছিল৷ পৰ্যায়ক্ৰমে সেইবোৰলৈকো পৰিৱৰ্তন আহিল৷
নগাসকলৰ ধৰ্মীয় দিশটোলৈ যদি গভীৰভাৱে চোৱা যায়, নগাভূমিৰ অন্তৰ্গত প্ৰায়বোৰ ঠাইতে সেই সেই ঠাইত বসতি কৰা প্ৰায় প্ৰতিটো গোষ্ঠী-উপগোষ্ঠীৰে সুকীয়া সুকীয়া উপাসনাস্থলী অৰ্থাৎ গিৰ্জা আজিও সহজে চকুত পৰে৷ ডিমাপুৰৰ চাৰ্কুলাৰ ৰ'দৰ ডান্কান্ বস্তিৰ সুবৃহৎ আও বেপ্টিষ্ট চাৰ্চ, ক'হিমা ৰ'দৰ চুমি বেপ্টিষ্ট চাৰ্চ আদি আমি দেখা উদাহৰণ৷ অৰ্থাৎ, ধৰ্ম একে হ'লেও ফৈদৰ টান নগাসকলৰ মাজত অতি বেছি৷ আকৌ, ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক নগা লোকেই খ্ৰিষ্টান যদিও বেপ্টিষ্ট, কেথলিক, পেণ্টিকষ্টেল, ৰিভাইভেলিষ্ট হিচাপে তেওঁলোক বহুধাবিভক্ত৷
শেহতীয়াভাৱে প্ৰাপ্ত খবৰ মতে নাগামিজ-ইংলিছ 'হলী বাইবেল' গ্ৰন্থ প্ৰকাশ পাইছে৷ এইটো ঠিক যে মূল ইংৰাজীত লিখা বাইবেলখন তাৰ বহু আগতেই অশেষ কষ্ট স্বীকাৰ কৰি আও, লথা, চেমা আদি নৃগোষ্ঠীয় দোৱানলৈ অনুবাদ কৰি নগা পাহাৰৰ জনজাতীয়সকলৰ বাবে বোধগম্য কৰি থৈ গ'ল অতীতৰ বহিৰাগত খ্ৰিষ্টান মিছনেৰীসকলেই৷ তেওঁলোকৰ প্ৰচেষ্টাতে ইংৰাজীৰ উপৰি নিজস্ব দোৱানত বাইবেল আৰু অন্যান্য ধৰ্মীয় পুথি-পাঁজি নগা লোকে পঢ়িব আৰু হৃদয়ংগম কৰিব পৰা হ'ল৷ লিখা-পঢ়া কৰা, চাফ-চিকুণ হৈ থকা, বেমাৰ-আজাৰত ঔষধ-পাতি ব্যৱহাৰ কৰা, সমাজৰ কাম কৰাকে ধৰি উন্নত ধৰণৰ জীৱন পদ্ধতিৰ বিষয়ে সুস্থ ধাৰণা এনেকৈয়ে ক্রমান্বয়ে বিয়পি পৰিল মানুহখিনিৰ মাজত৷ অৱশ্যে ইংৰাজী শিক্ষা আৰু আধুনিক সভ্যতাৰ আগ্ৰাসন আহি পৰাৰ লগে লগে সুন্দৰ-শ্যামল নগা পাহাৰৰ নিবাসী নগাসকলৰ অনেক পুৰাতন প্ৰথা-পৰম্পৰা ক্রমে ক্রমে বিলুপ্তিৰ দিশে ধাৱমান হ'বলৈ ধৰাটো সত্য৷ শিক্ষা-দীক্ষা, ধৰ্ম-সংস্কৃতি, চিন্তা-চৰ্চা সকলোতে আজিৰ তাৰিখত খ্ৰিষ্টীয় প্ৰভাৱ-প্ৰাদূৰ্ভাৱ সুস্পষ্ট আৰু সক্রিয়৷ তেওঁলোকৰ জীৱন-প্ৰৱাহ আগুৱাই গৈছে খ্ৰিষ্টান-বিশ্বৰ সমানে সমানে৷ মূল সংস্কৃতিৰ পৰা নগাসকল যেন ক্রমাৎ বিচ্ছিন্ন হৈ পৰিছে৷ নগৰ-চহৰবোৰৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নাগৰিক জীৱনৰ সৈতে চিনা-পৰিচয় ঘটিছে৷ প্ৰাচীন পৰম্পৰা আঁতৰি গৈছে৷ আন্তঃ ফৈদ যুঁজ-বাগৰ, মূৰ কটা উৎসৱ, যুদ্ধ নৃত্য, কৃষি নৃত্য, বিবাহ উৎসৱৰ নৃত্যানুষ্ঠান আদিৰ অতীতৰূপী আয়োজন আৰু আড়ম্বৰ সাম্প্ৰতিক কালত ক্ষীণ হৈ পৰিছে৷
নগাসকলৰ মাজত গোষ্ঠীগত সামূহিক আত্মচেতনাবোধ অতিশয় শক্তিশালী৷ অনেকবোৰ ভাগ-বিভাগ সম্বলিত নগাসকলৰ প্ৰতিটো শাখাৰে দোৱান বা উপভাষা, জীৱন নিৰ্বাহৰ শৈলী, পৰম্পৰা, আচাৰ-আচৰণ বেলেগ বেলেগ৷ এটা গোটৰ দোৱান আন এটা গোটে নাজানে বা নুবুজে৷ এনে অসাধাৰণ ভাষিক বৈচিত্ৰ্য তিব্বতবৰ্মীয় মূলৰ নগা কৃষ্টি-সংস্কৃতিৰ অন্যতম বিস্ময়৷ গোষ্ঠীগত ৰাজনৈতিক-সাংস্কৃতিক-অৰ্থনৈতিক আদৰ্শৰ ক্ষেত্ৰতো এই প্ৰদেশখনত বিচিত্ৰতা আৰু বিভিন্নতা দেখা যায়৷ খোৱা-বোৱা, ৰীতি-নীতি, সাজপাৰ, সমাজ ব্যৱস্থাৰ ক্ষেত্ৰত নগাসকলৰ আন কাৰো সৈতে মিল নাই বুলি কথা এষাৰ আছে৷ ভিন্ন নৃগোষ্ঠীয় দলবোৰৰ মাজত পৰম্পৰাগত দিশটোত অমিল থকাটো স্বাভাৱিক কথা৷ অৱশ্যে বৰ্তমান দিন-প্ৰতিদিনে পৰশ পোৱা আধুনিকতাৰ ধামখুমীয়াত পূৰ্বৰ ধাৰণাটোৰ হীনডেঢ়িক লৈ আমাৰ মনত প্ৰশ্নবোধক উদয় নোহোৱাকৈও থকা নাই৷ সাম্প্ৰতিক কালত সামাজিক সংমিশ্ৰণ ঘটাৰ উপৰি আধুনিক শিক্ষাৰ প্ৰসাৰ, পাশ্চাত্যকৰণ, সংস্কৃতিকৰণ, নগৰীকৰণ, উদ্যোগীকৰণ, গোলকীকৰণ, যাতায়াতৰ পৰিৱৰ্তন আদিয়ে স্বৰূপ সলাইছে যদিও সামাজিক আদৰ্শ আৰু জনগোষ্ঠীয় বৈশিষ্ট্যসমূহ তেওঁলোকৰ মাজৰে এচামে কম-বেছি পৰিমাণে হ'লেও বজাই চলাৰ প্ৰয়াস নকৰাও নহয়৷
সংস্কৃতি হেৰালে সকলো হেৰায়৷ তাৰেই গুৰুত্ব উপলব্ধি কৰি স্বকীয় কৃষ্টি-সংস্কৃতিৰ পুনৰুদ্ধাৰ আৰু সংৰক্ষণৰ দিশত জাগৰণ অনাৰ লক্ষ্যৰে চৰকাৰী তথা ৰাজহুৱা পৃষ্ঠপোষকতাত নগা পাহাৰৰ নগা জনসাধাৰণে কেতবোৰ সচেতন আৰু সুদূৰপ্ৰসাৰী পদক্ষেপ লৈ অহা পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গৈছে৷ 'হৰ্নবিল ফেষ্টিভেল' সেই দিশটোৰ এক প্ৰকৃষ্ট উদাহৰণ বুলি ক'ব পাৰি৷ বিগত ২০০০ চনৰ ডিচেম্বৰ মাহৰ পৰা বৃহৎ ৰূপত নিয়মীয়াকৈ কেইবাদিনো ধৰি অনুষ্ঠিত কৰি অহা হৈছে এই সমাৰোহটি৷ হৰ্নবিল উৎসৱৰ থলী কিছামা হেৰিটেজ ভিলেজৰ ফালেদিয়েই কাইলৈ আমি গমন কৰিম নাগালেণ্ড-মণিপুৰ সীমান্তলৈ৷ এইবাৰ আমি বাছি লোৱা ভ্ৰমণথলী মূলতঃ আংগামী নগা বসতিপ্ৰধান এলেকা৷ নগা আৰু ব্ৰিটিছৰ মাজত লগা শেষ যুদ্ধথলী খনমা গাঁওখনো আংগামী বসতিপ্ৰধান অঞ্চলতে অৱস্থিত৷ আংগামীসকলক যুদ্ধত পৰাস্ত কৰিহে ইংৰাজসকলে নগা পাহাৰ নিজৰ দখললৈ নিছিল৷ আংগামী অধ্যুষিত সেইখন খনমালৈকে আমি গৈ আছোঁ৷ আগ্ৰহ আৰু আনন্দই মনটোক আগলৈ টানি নি আছে৷ মোৰ সৈতে থকা আংগামী জোলোঙাখনলৈ অজানিতে চকু গ'ল আৰু হাতেৰে মৰমৰ মোহাৰ এটা মাৰিলোঁ৷ শহুৰ-দেউতাৰ সৈতে ক’হিমালৈ যাওঁতে মোনাটো উপহাৰস্বৰূপে পাইছিলোঁ৷
জাতি হিচাপে নগা এক ঠিকেই৷ সেয়ে হ'লেও নগা পৰ্বতৰ সৰ্বত্ৰ শক্তিশালী ৰূপত বিৰাজমান তেওঁলোকৰ ফৈদ-চেতনা৷ ইয়াকে কেন্দ্ৰ কৰি বিৰাজ কৰে পাৰস্পৰিক বৈৰিতা৷ এটা ফৈদে আনটোৰ কৰ্তৃত্ব স্বীকাৰ নকৰে৷ এজন নগাই আনজন নগাক বিশ্বাস কৰে ঠিকেই, কিন্তু বিশ্বাস বেছিকৈ কৰে নিজৰ ফৈদকহে৷ একে নগা হ'লেও নাগালেণ্ডৰ নগাই মণিপুৰৰ নগাক কয় 'কাচ্চা নাগা'৷ এনেবোৰ দৃষ্টিকোণৰ পৰাই তেওঁলোকৰ স্বাধীনতাৰ সমূহীয়া লক্ষ্যতো এদিন পৰস্পৰ বিৰোধী মনোভাবে গা কৰি উঠিছিল৷ জাত-পাতৰ বিবেচনাত খণ্ড-বিখণ্ড হৈ পৰিছিল অদমনীয় নগাশক্তি৷ নগাই নগাক শাসন কৰিব বুলি ভবা হৈছিল৷ পিছে স্বগোষ্ঠীৰ মাজতে আহি পৰিল অজস্ৰ খাম-খেয়ালি৷ নিজৰ মানুহৰ হাততে নিজৰ মানুহৰ হত্যালীলা চলিব লাগিল৷ স্বাধীনচিতীয়া আৰু যুঁজাৰু মনোবৃত্তিৰ নগা জাতিক বিশেষকৈ জাতিগত মনোমালিন্যই ভাঙি-ছিঙি থান্বান্ কৰি পেলালে৷ নগাসকলৰ মাজৰ জাত-পাতৰ এই মায়াজাল বিদ্ৰোহী দমনাৰ্থে ব্যৱহাৰকৰণত প্ৰধান ভূমিকা লোৱা বুলি নতুন দিল্লী মহল আৰু ভাৰতীয় সৈন্যবাহিনীৰ চোৰাংচোৱাৰ বিৰুদ্ধে সততে অভিযোগ শুনা যায়৷ নগাসকলৰ সংগ্ৰামী ইতিহাস জনা মানুহ মাত্ৰেই এয়া জানে৷ নগাসকলৰ মাজত প্ৰচলিত অনৈক্যকে সাৰথি কৰি ভাৰত ত্যাগৰ পূৰ্বে বুদ্ধিমানী ব্ৰিটিছে হুমকি, প্ৰলোভন, ভাবুকি, বল প্ৰয়োগেৰে নগাসকলক কালক্ৰমত জয় কৰিছিল৷ এহাতে বন্দুক আৰু এহাতে ক্ৰছ লৈ শাসন চলাই গৈছিল উপনিৱেশকাৰী, চতুৰ ইংৰাজ শাসকে৷
No comments:
Post a Comment