৪. ডিমাচা ঐতিহ্যৰে
মণ্ডিত ডিমাবাং হালালী…
বহুতে ক'ব খোজে, ৰাজকীয় ঐতিহ্যৰে পূৰ্ণ ডিমাপুৰৰ
পুৰণি নামটো হিড়িম্বাপুৰ৷ এক উৎপত্তিমূলক দৈৱিক সূত্ৰৰ অৱতাৰণা কৰি অতীতৰ কছাৰীসকলে
নিজকে দ্বিতীয় পাণ্ডৱ ভীম আৰু মানৱলৈ ৰূপান্তৰিত হোৱা ৰাক্ষসী হিড়িম্বাৰ সন্তান বুলি
দাবী কৰিছিল৷ তেওঁলোক ঘটোৎকচৰ বংশধৰ বুলিও বহুতে ক'ব বিচাৰে৷ হিড়িম্বাৰ নাম অনুসৰি
ৰাজ্যখন হিড়িম্বা বা হেড়ম্ব ৰাজ্য আৰু ৰাজধানীখন হেনো হিড়িম্বাপুৰ হ'ল৷ ৰজাজনে হিড়িম্বাধিপতি
বা হেড়েম্বেশ্বৰ বুলি পৰিচয় দিবলৈ ল'লে৷ হিড়িম্বাপুৰৰ পৰা ডিম্বাপুৰ আৰু ডিম্বাপুৰৰ
পৰা ডিমাপুৰ হৈছে৷ এয়া পণ্ডিত-বিশেষজ্ঞৰ মত৷ ইতিহাসে সোঁৱৰায়, আমি ক্ষন্তেক সময়ৰ পূৰ্বে
উপস্থিত হোৱা আৰু এতিয়া শিলগুটিয়ে দাঁত নিকটাই থকা পথেৰে ভ্ৰমি থকা ডিমাপুৰ নগৰখন চতুৰ্থ
কছাৰী ৰজা চক্রধ্বজৰ দিনতে সজা৷ আনহাতে কছাৰী নামটোৰ কেনেকৈ উৎপত্তি হ'ল সেইটো ডাঠি
কোৱাটো টান৷ 'কাছাড়েৰ ইতিবৃত্ত'ৰ লেখক উপেন্দ্ৰ চন্দ্ৰ গুহৰ মতে ষোড়শ শতিকাত সুদীৰ্ঘ
যুদ্ধৰ অন্তত কোঁচসকলক পৰাভূত কৰি কোঁচ-অৰি বা কছাৰী নামটো পাইছিল৷
বৃহৎ মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত কছাৰীসকল অসমৰ অতি
প্ৰাচীন অধিবাসী যদিও নিৰ্ভৰযোগ্য ঐতিহাসিক সম্বলৰ অভাৱত অতীতৰ বহু কথাই আজিও তল পৰি
থাকিল৷ উত্তৰ-পূব ভাৰতৰ বিভিন্ন স্থানত বিভিন্ন নামেৰে জনাজাত এই লোকসকলে ব্ৰহ্মপুত্ৰ
উপত্যকাত নিজকে বড়ো, বড়ো ফিচা, বডোচা বুলি পৰিচয় দিছিল৷ ডিমাপুৰলৈ অহাৰ পাছতহে উক্ত
জনসমষ্টি ডিমাচা নামে জনাজাত হয়৷ ডিমাচা শব্দটো ডিমা ফিচাৰ পৰা উদ্ভূত৷ ডিমা মানে ডাঙৰ
নৈ, ফিচা মানে সন্তান৷ মানে ডাঙৰ নৈৰ সন্তান৷ ডিমাপুৰৰ ওচৰেৰে বৈ যোৱা বৃহৎ নদী ধনশিৰিৰ
দাঁতি-কাষৰীয়া অঞ্চলত বসতি কৰা কালতে মানুহখিনিয়ে এই নামটো পাইছিল৷ ডিমাচা ভাষাত ধনশিৰি
নদীৰ নাম হৈছে ডিমা৷ এচামৰ মতে ‘ডি’ মানে পানী, ‘মা’ মানে ডাঙৰ, ‘পুৰ’ মানে নগৰ৷ সেয়ে ডিমাপুৰ৷ এইটো
ডিমাচা ভাষাৰ শব্দ৷ ডিমাচা কছাৰী লোক-কথাত ডিমাপুৰক ডিমাবাং হালালী বুলি উল্লেখ কৰা
হৈছে৷ আহোম যুগৰ বুৰঞ্জী পুথিসমূহত ইয়াত বসবাসকাৰী লোকসমষ্টিক তিমাচা বোলা হৈছে৷ তিমাচা
শব্দটো নিশ্চিতভাৱে ডিমাচাৰে অপভ্ৰংশ বুলি ভবা হয়৷ মন কৰিবলগীয়া যে এতিয়া ডিমা হাচাও
নাম লোৱা অসমৰ অন্যতম পাৰ্বত্য জিলা উত্তৰ কাছাৰৰ কছাৰীসকলেও নিজকে ডিমাচা বোলে৷
ত্ৰয়োদশ শতিকাৰ আগভাগত সম্ৰাট চ্যুকাফাৰ নেতৃত্বত
আহোমসকলে যেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত পদাৰ্পণ কৰিছিল, সেই সময়ত দক্ষিণ পাৰে দিখৌৰ
পৰা কলঙলৈকে সাম্ৰাজ্য বিস্তাৰেৰে কছাৰীসকলেই আছিল সকলোতকৈ শক্তিশালী আৰু সুসংগঠিত
জনজাতি৷ ১০৮৬ চনত কছাৰীসকলে ডিমাপুৰত ৰাজধানী পাতে৷ ডিমাপুৰত তেওঁলোকে প্ৰায় ৪৫০ বছৰ
ধৰি ৰাজত্ব কৰিছিল৷ কছাৰীসকলৰ প্ৰকৃত শক্তিৰ উমান পাই স্বৰ্গদেউ চ্যুকাফাই তেওঁলোকৰ
লগত যুদ্ধ-বিগ্ৰহত লিপ্ত হোৱাৰ পৰা কৌশলেৰে বিৰত আছিল৷ বুৰঞ্জীয়ে কয়, ১৪৯০ চনত স্বৰ্গদেউ
চুহান্ফাৰ দিনত ধনশিৰি নৈৰ পাৰত কছাৰী আৰু আহোমৰ মাজত এখন যুঁজ লাগিছিল৷ সেই যুঁজত
পৰাজিত হৈ আহোমে কছাৰী ৰজালৈ এজনী ছোৱালী আগ বঢ়াই মিত্ৰতা স্থাপন কৰিবলৈ বাধ্য হৈছিল৷
ইয়াৰ ত্ৰিশ বছৰৰ পাছত স্বৰ্গদেউ চুহুংমুঙৰ শাসন কালত দেৰগাঁও আৰু মৰঙীত দুবাৰকৈ বুদ্ধিৰণ
হয়৷ তেতিয়া বিনাযুদ্ধে ধনশিৰি নদী পৰ্যন্ত অঞ্চল আহোমে হস্তগত কৰে আৰু কছাৰীসকলৰ সীমা
পিছুৱাই ঠেলি নিয়ে৷ ১৫২৬ চনত ধনশিৰি নৈৰ ওচৰে-পাজৰে দুয়ো পক্ষৰ মাজত পুনৰ যুদ্ধ লাগিছিল৷
কাঠকটীয়াত হোৱা প্ৰথমখন ৰণত কছাৰীসকল জয়ী হয়৷ মৰঙীত হোৱা দ্বিতীয়খন ৰণত কিন্তু তেওঁলোক
বেয়াকৈ পৰাজিত হয়৷ চুহুংমুং ৰজাৰ শাসন কালতে ১৫৩১ চনত দুয়োটা দলৰ মাজত আকৌ যুঁজৰ সূত্ৰপাত
হয়৷ আহোমৰ বিপক্ষে হোৱা উক্ত ৰণত কছাৰী পৰাভূত হ'ল৷ ধনশিৰি নৈয়েদি উজাই আহি আহোমে কছাৰী
ৰাজ্যৰ ৰাজধানী ডিমাপুৰ অধিকাৰ কৰি পেলালে৷ কছাৰী ৰজা খোণ্কাৰাই ভায়েক দেত্চাক আহোমৰ
বিপক্ষে যুদ্ধলৈ প্ৰেৰণ কৰি ৰাজধানী এৰি ভয়তে পলাই গ'ল৷ আহোমে তেতিয়া দেত্চুং নামৰ
কছাৰী ৰাজকোঁৱৰ এজনক কৰতলীয়া ৰজা হিচাপে ৰাজপাটত বহুৱালে৷ কিছুদিন ভালেৰে কৰ-কাটল দি
থকাৰ পাছত ১৫৩৬ চনত দেত্চুঙে পৰাধীনতাৰ শৃংখলৰ পৰা মুক্তি বিচাৰি বিদ্ৰোহ আচৰণ কৰাত
আহোমৰ সৈতে বিবাদ লাগিল৷ পুনৰবাৰ ধনশিৰিৰে আগুৱাই আহিল আহোম সেনা৷ ডিমাপুৰ আক্রমণ কৰি
ধ্বংসলীলা আৰম্ভ কৰি দিলে৷ দেত্চুঙক ধৰি আনি শিৰচ্ছেদ কৰা হ'ল৷ জয়লাভ সাব্যস্ত কৰি
আহোম সৈন্যই কছাৰী ৰাজধানী ডিমাপুৰ সম্পূৰ্ণৰূপে অধিকাৰ কৰি ল'লে৷ আহোমৰ বিৰুদ্ধে এই
বিৰাট বিপৰ্যয়ৰ পাছতে কছাৰীসকলে ডিমাপুৰ আৰু ধনশিৰি উপত্যকা এৰি পলায়ন কৰিবলৈ বাধ্য
হ'ল৷ দক্ষিণলৈ ভটিয়াই ডিমা হাচাওৰ মাহুৰ নৈৰ পাৰৰ মাইবাঙত আশ্ৰয় ল'লেগৈ আৰু তাতে নতুনকৈ
ৰাজধানী পাতিলে৷
অতীতত ডিমাপুৰৰ পূব, উত্তৰ আৰু পশ্চিম এই তিনিটা সীমা ইটাৰ প্ৰাচীৰে ঘেৰি আছিল৷
ইউৰোপীয় লেখক গ্ৰাঞ্জে ১৮৩৯ চনত তথ্যসহ আগ বঢ়োৱা টোকাত এই সম্পৰ্কে উল্লেখ আছে৷ উক্ত
প্ৰাচীৰৰ দৈৰ্ঘ আছিল প্ৰায় ২ মাইল৷ ৪ ফুট বহল আৰু ১৬ ফুট ওখ বেৰৰ বাহিৰে বাহিৰে খন্দা
হৈছিল ১৬ ফুট বহল আৰু ১২ ফুট গভীৰ খাৱৈ৷ ডিমাপুৰৰ দক্ষিণ দিশেৰে বৈছিল ধনশিৰি নৈখন৷
এতিয়াও বৈ আছে৷ আমি যাওঁতে পাই যাম৷ শত্ৰুৰ প্ৰৱেশত প্ৰাকৃতিকভাৱেই এই নৈখনে যথেষ্ট
প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল৷ কোনো কোনো গৱেষকৰ মতে ডিমাপুৰৰ দক্ষিণেও এখন ইটাৰ দেৱাল আছিল যিখন কালক্রমত
ধনশিৰি নৈয়ে খহাই নিয়ে৷ ইটা ব্যৱহাৰৰ প্ৰাচুৰ্যলৈ চাই ডিমাচা কছাৰীসকলৰ এই নগৰখনক তাহানিতে
'ইটাৰ নগৰী' বুলি জনা গৈছিল৷ আহোম বুৰঞ্জীৰ পৃষ্ঠাবিশেষতো ডিমাপুৰক চে-ডিন-চি-পেন অৰ্থাৎ
পোৰা মাটিৰ নগৰ আৰু চে-ডিমা অৰ্থাৎ ডিমাচাৰ নগৰ বুলি উল্লেখ কৰা হৈছে৷ ৰাজধানী চহৰখনৰ
ইটাৰ কামবোৰ ইমানেই মজবুত আছিল যে ভালেকেইটা ভূঁইকঁপৰ জোকাৰণিৰ পাছতো সেইবোৰ নভগাকৈ
ৰৈছিল৷ সেই সময়ত সচৰাচৰ কাঠ-বাঁহ আৰু বোকামাটি লেপা বেৰৰ ঘৰ সজা আহোমসকলে ডিমাচা কছাৰীসকলৰ
দৰে শিল আৰু ইটাৰ প্ৰয়োগ নাজানিছিল৷ এইটো মন কৰিবলগীয়া যে আহোম ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ
ৰজা, ‘পূব ভাৰতৰ শিৱাজী’ আখ্যায়িত স্বৰ্গদেউ ৰুদ্ৰসিংহ
(১৬৯৬-১৭১৪)ই ৰংপুৰ নগৰ সাজিবৰ বাবে সুদূৰ বংগৰ পৰাহে কাৰিকৰ অনাইছিল৷ গতিকে শিল আৰু
ইটা ব্যৱহাৰৰ ক্ষেত্ৰত ডিমাচাসকল আগৰণুৱা আছিল বুলি প্ৰতীয়মান হয়৷
ৰাজধানী ডিমাপুৰৰ পূব প্ৰান্তত ইটাৰে সজ্জিত জোঙা
চূড়াৰে সৈতে দুখন দুৱাৰযুক্ত এখন সুউচ্চ আৰু সুদৃঢ় তোৰণ আছিল৷ ইয়াৰ চাৰিওকাষে ইটাৰে
সজা ৮ চুকীয়া প্ৰকাণ্ড প্ৰকাণ্ড গম্বুজ আছিল৷ প্ৰধান চূড়াটোলৈকে তোৰণখনত ইটাৰে কেতবোৰ
ভুৱা খিৰিকীও সজা হৈছিল৷ সূৰ্যমুখী ফুল কটা দৰজাৰ ধেনুভিৰীয়া ওপৰ অংশটোৰ লগতে এই খিৰিকীবোৰ
আছিল চালে চকুৰোৱা৷ আনহাতে তোৰণৰ কাষত হাঁহ, কুকুৰা, হাতী, হৰিণা, মৌৰা চৰাই, লতা আদি
নানা ৰকমৰ চিত্ৰ-ভাস্কৰ্য খোদিত ওপৰভাগেৰে সৈতে গড়ে প্ৰায় ১২ ফুট ওখ আৰু ৫ ফুট ঘেৰৰ
১৭টা বগা শৈলনিৰ্মিত স্তম্ভ আছিল৷ দুশাৰীকৈ স্থাপিত এই স্তম্ভসমূহ ডিমাপুৰৰ শাসকসকলৰ
স্মৃতিত সজা৷ ইংৰাজী 'ভি' বৰ্ণৰ আকৃতিত সংস্থাপিত অৰ্ধবৃত্তাকৃতিৰ শিলৰ খুঁটাও পোৱা
গৈছে৷ ডক্টৰ ফ্ৰান্সিচ হেমিল্টনৰ মতে এই স্তম্ভসমূহে ডিমাচা কছাৰীৰ ১৭টা সম্ভ্ৰান্ত
ৰাজকুলক প্ৰতিনিধিত্ব কৰে৷ এইছ. কে. বৰপূজাৰীয়ে 'হিষ্টৰী অৱ ডিমাচা'ত লিখি থৈ যোৱাৰ
উপৰি অন্য কেতবোৰ পণ্ডিতৰ বিচাৰ অনুসৰি ডিমাচা ৰজাসকলে বিভিন্ন গোষ্ঠীৰ সৈতে যুঁজ-বাগৰত
হোৱা বিজয়ৰ চিনস্বৰূপে বা বিশেষ ঘটনাৰ স্মৃতিচিহ্ন হিচাপে এই স্তম্ভসমূহ সাজিছিল৷ স্তম্ভবোৰ
মৃত্যুদণ্ড দিয়া ঠাই বুলিও কিছুমানে ক'ব খোজে৷ কছাৰীসকলৰ 'ভি' আকৃতিৰ স্তম্ভসজ্জাৰ
সৈতে আংগামী নগাসকলৰ গৃহ নিৰ্মাণ কাৰ্যত লগোৱা খুঁটাৰ অৱস্থানৰ সাদৃশ্য আছে বুলি ডক্টৰ
এইচ. বাৰেই 'গেজেটিয়াৰ অফ্ ইণ্ডিয়া'ত উল্লেখ কৰি গৈছে৷ কছাৰীসকলৰ আকৰ্ষণীয় শিল্প পৰম্পৰাৰ
ওপৰত বংগদেশৰ গৃহ নিৰ্মাণ প্ৰণালীৰ সুস্পষ্ট প্ৰভাৱ থকা বুলিও কোনো কোনোৱে মন্তব্য
কৰে৷ ডিমাপুৰৰ সবাতোকৈ ডাঙৰ স্মাৰকটোৰ উচ্চতা আছিল ১৭ ফুট আৰু পৰিধি আছিল ২৪ ফুট৷ এইটো
সজা হৈছিল কছাৰীসকলৰ বিশিষ্ট শাসক মকৰধ্বজৰ সোঁৱৰণত, যাৰ শাসন কালত ডিমাপুৰে কীৰ্তিৰ
তুংগত বিচৰণ কৰিছিল৷ সেই কালছোৱাতে যেনি-তেনি ভালেমান পুখুৰীও খন্দা হৈছিল৷ উল্লেখযোগ্য
যে তাৰে দুটা আছিল প্ৰায় ৩০০ বৰ্গগজ আয়তনৰ৷ ৰাজপ্ৰাসাদ থকা গোটেই অঞ্চলটোৰ তলভাগ ইটাৰে
গাঁঠি ওপৰত মাটি দি সজা এটা গড়েৰে আবৃত্ত কৰি থোৱা হৈছিল৷ ধনশিৰিৰ পাৰলৈকে বিস্তৃত
উক্ত গড়টোৰ দৈৰ্ঘ আছিল প্ৰায় ৪ কিল'মিটাৰ৷
roi asu apunale. moi agate yeat parhi ajori hoi lo
ReplyDelete