Tuesday, 8 August 2017

১৯. হেৰাই যোৱাৰ আনন্দ

খনমা গে'ট পাওঁ পাওঁ অৱস্থানতে সোঁহাতে মাইল প'ষ্ট এটা এৰি আহিছোঁ৷ চলন্ত অৱস্থাতে গাড়ীৰ পৰা দেখিছিলোঁ, খুঁটাটোত লিখা আছে, খনমালৈ দূৰত্ব ১ কিল'মিটাৰ৷ ক'হিমালৈ (উভতি) ১৫ কিল'মিটাৰ৷ পেৰেনলৈ ৮০ কিল'মিটাৰ৷ গে'টখনৰ ওচৰতো আছে কেইখনমান ফলক আৰু স্মাৰক-শিলা৷ অলপ আগলৈ আন এটা ভিউ পইণ্টো আছে৷ আৰু কিছু আগ বাঢ়িলত বাওঁহাতে কাঁড় চিনৰ আকৃতিৰ হালধীয়া আৰ.চি.চি. স্তম্ভ এটা পালোঁ৷ ক'লা ৰঙেৰে স্তম্ভটোৰ ওপৰত দূৰৰ পৰাই পঢ়িব পৰাকৈ লিখা আছে Welcome to Khonoma, First green village of Asia৷ তাৰ তলত লিখি ৰখা হৈছে এটা সুন্দৰ বাৰ্তা Give girls the wings to fly, not the pain to cry৷ হয়, এতিয়া আৰু ছোৱালীবোৰক আগৰ দৰে বান্ধি থোৱাৰ বা হেঁচা মাৰি ৰখাৰ দিন নাই৷ আজিকালিৰ ছোৱালীহঁত মুক্ত ডেউকাৰ গৰাকী৷ আমাৰ কন্যাটিকো কোৱা হৈছে... প্ৰতিভা তোমাৰ, সমৰ্থন আমাৰ৷ বেদনাৰ বিননি নহয়, আপোন মনে কিমানলৈ উৰে উৰকচোন সিহঁত৷ দেৱালত খোদিত বাক্যটো মোৰ বৰ ভাল লাগিল৷

আমি আহি থকা পকা ৰাস্তাটো পাক মাৰি আগলৈ গৈ পাহাৰত নেদেখা হ'ল৷ সেইখিনিতে শিলগুটি দিয়া ৰাস্তা এটা সোঁফালে তললৈ নামি গৈছে৷ ভাবলেশহীন চেঙেলীয়া চালকজনে আমি উঠি অহা তেওঁৰ অল্ট'খন পকী পথটোৰে পোনে পোনে লৈ গ'লগৈ৷ গৈ গৈ পৰ্বতৰ বক্ষত আঁতৰৰ পৰাই দেখি থকা ঘৰ কিছুমান আৰু গিৰ্জা এটাৰ পাছফাল ওলালোঁ৷ এনেকৈ ভালেমান দূৰ যোৱাৰ পাছতহে চেতনা আহিল যে ইমানখিনি আগুৱালোঁ, অথচ খনমা পোৱা নাই কিয়! জয়ন্তদাহঁতৰ ছুম'খন গ'ল কেনি? সুধিবলৈকো কোনো নাই৷ ফোন যে কৰিম, নে'টৱৰ্কো নাই৷ সৌভাগ্যক্রমে জনশূন্য বাটটোৰ কাষত আকস্মিকভাৱে মানুহ এজনক পাই গ'লোঁ৷ আমাৰ ড্ৰাইভাৰে তৎমুহূৰ্ততে গাড়ীখন ৰখালে৷ খিৰিকীৰে ডিঙিটো উলিয়ালে৷ সুধিলে ''য়েল্ল' কালাৰ নিচ্‌না ছুম' এক্‌টা আগে যায় থাকিছেনা?'' আগন্তুকেও নাগামীজতে উত্তৰ দিলে ''হোই, অলপ আগেত যাইছেত'৷'' ৰক্ষা যেনিবা, খবৰটো পালোঁ৷ কৃতজ্ঞতাসূচক চাৱনি এটা অচিনাকি লোকজনলৈ নিক্ষেপ কৰি চালকে আইনা উঠাই দিলে৷ গাড়ীখনৰ স্পীডো তৎমুহূৰ্ততে তুলনামূলকভাৱে বৃদ্ধি কৰি পেলালে৷ ছুম'খনক সোনকালে লগ ধৰিব লাগে৷ দৃষ্টিসীমাৰ ভিতৰত ৰাখিব লাগে৷ কিন্তু কিয়?

ছুম'খন নাপাওঁহে নাপাওঁ৷ জংঘলৰ মাজে মাজে অকাই-পকাই আগলৈ গৈ আছোঁ৷ এসময়ত এছোৱা খুব বেয়া ৰাস্তা পালোঁগৈ৷ সেইখিনিতে ৰোৱা হ'ল৷ আটায়ে কথাটো এবাৰ দকৈ ভাবি চালোঁ৷ অথনি দেখা কাঁড় চিন দিয়া ফলকখনৰ পৰা ইমান পৰে প্ৰায় ৫ কিল'মিটাৰমানেই আগুৱাই আহিলোঁ আমি৷ অথচ খনমা নাপাওঁহে নাপাওঁ দেখোন! কথাটো কি? তেনেকুৱাতে দীপমইনাৰ মনটোৱে চেবালে৷ আৰু তেতিয়াহে সম্বিৎ ফিৰি আহিল যে নহয়, আমাক পৰুৱাই পালে! ৰাস্তা ভুল হ'ল আমাৰ৷ অথনি পোৱা শিলগুটি দিয়া বাটটোৰে নোসোমাই ভুলতে চিধাচিধি গুচি অহা হ'ল৷ তাৰ পাছত আৰু খনমা এইফালে ক'ত পাওঁ? গৈ থাকিলে জুলুকি ওলামগৈ৷ ছেঃ! পণ্ডশ্ৰম৷ উপলব্ধি হোৱাৰ পাছত তুৰন্তে গাড়ীখন ঘূৰাই লোৱা হ'ল৷ ভুল খবৰ দিয়া মানুহটোলৈ আমাৰ ড্ৰাইভাৰজনৰ খুব খং উঠিল৷ ভাগ্য ভাল যে ঘূৰি আহোঁতে সেইজনক দেখা পোৱা নগ'ল৷ নহ'লে কথা হয়তো বিষমেই হ'লহেঁতেন৷ ভুল বাৰ্তা দিয়াৰ অপৰাধত গৰু-পিটন খালেহেঁতেন সি৷ ''সামনে পালেনা দুই বক্সিং লাগাব তাকে৷'' চালকৰ গোজৰণি এসময়ত মাৰ গ'ল যেনিবা৷

দীপমইনাই আমাৰ বাবে বন্দৱস্ত কৰা হোটেলখনৰ সৈতে ফোন যোগাযোগৰ নিৰন্তৰ চেষ্টা চলাই থাকিল৷ জংঘলৰ মাজতে এপাকত ৰিং হ'ল৷ সিফালৰ পৰা খৰধৰকৈ জনালে যে আচল ৰাস্তাটো এৰি আমি বহু দূৰ বাট আগুৱাই গুচি গৈছোঁ৷ তেতিয়ালৈ আমিও ভুলটো বুজি উঠিছোঁৱেই৷ উভতি আহি আহি হালধীয়া স্তম্ভটো পালোঁহি৷ কাঁড় চিনেৰে পৰিষ্কাৰভাৱে নিৰ্দেশ দিয়েই থোৱা হৈছে খনমালৈ কেনি যাব লাগে৷ অন্যমনষ্কতা কিম্বা উলহৰ মাদলি হৈ আমিহে মন নকৰিলোঁ৷ ইফালে ড্ৰাইভাৰজনেও ধৰিব নোৱাৰিলে৷ এইবাটে তেওঁ নতুন বুলি তেতিয়াহে জানিব পাৰিলোঁ৷ আনহাতে খনমা গে'টতো এইটো স্পষ্টকৈ লিখা আছিল যে তাৰ পৰা খনমালৈ মাত্ৰ ১ কিল'মিটাৰহে৷ সি যি কি নহওক, আকস্মিকভাৱে ঘটি যোৱা খেলিমেলিটো মোৰ হ'লে অকণো বেয়া নালাগিল৷ ৰাস্তা চিনি নোপোৱাৰ দোষতে ওপৰঞ্চি কেইকিল'মিটাৰমান আগুৱাই ফুৰি অহাৰ সুযোগ এটা আচম্বিতে পাই গ'লোঁ৷ যাত্ৰাপথটো উপভোগ কৰিবলৈ পালোঁ৷ নহ'লে ক'তনো মিলে? শিলগুটি দিয়া ৰাস্তাটোৰে আমাক সোমাই আহিবলৈ সিফালৰ পৰা দীপমইনাৰ চিনাকি হোটেল মেনেজাৰজনে ফোনত বুজালে৷ বটাই থকা ধৰণেই অল্ট'খনৰ চকা খনমা অভিমুখে ধীৰে ধীৰে চলি গৈ থাকিল৷

ছুম'খনৰ যাত্ৰী আমাৰ বন্ধুমখাই ইতিমধ্যে আগে-ভাগে খনমাত পদাৰ্পণ কৰিলেই৷ ঐতিহাসিক ঠাইটুকুৰাত দীপমইনাৰ লগত অহা আমি তিনিয়েহে প্ৰথম খোজ পেলাম বুলি চুপে-চাপে ভাবি আছিলোঁ৷ মিছা হ'ল৷ এঠাইত ৰৈ তেওঁলোকে পাহাৰৰ ওপৰৰ পৰা আমালৈ চাই আছে, হাত জোকাৰিছে, টিটকাৰিও মাৰিছে বাট ভুল কৰি দেৰিকৈ উপস্থিত হোৱাৰ বাবে৷ উপায় নাই, উপলুঙা হজম কৰিবলগীয়া হৈছে আমি৷ সিহঁত ফাৰ্ষ্ট হ'ল, আমি লাষ্ট৷

ল'ৱাৰ চাৰ্কুলাৰ ৰ'দেৰে আমাৰ গাড়ী গহীন ভাবত আগুৱাইছে৷ আগলৈ যাওঁতে দেখিলোঁ, কেঁচা মাটিৰ ৰাস্তা এটা ওপৰলৈ উঠি গৈছে৷ অল্ট'খন সেইফালেই যাব লাগিব তাৰ মানে! ঠাইখিনিৰ অৱস্থা তথৈবচ৷ বৰষুণৰ ফলত বাটটো তেনেই বোকাময় আৰু পিছল হৈ পৰিছে৷ কেইদিনমান ধৰি ইয়াত বৰষুণ দি আছে৷ তেনেকুৱাতে গছৰ ডাল-পাতৰ ফাঁকেৰে ৰিণিকি ৰিণিকি দেখা পাই থকা, খনমাত আমি থাকিবলগীয়া ঠাইডোখৰলৈ আঙুলিয়ালে দীপমইনাই৷ ''সৌ তাতে আমাৰ থকা হ'ব৷'' আটায়ে গাড়ীৰ পৰা নামি তালৈ খোজ লোৱাৰে সিদ্ধান্ত কৰি পেলালোঁ৷ দূৰত্ব বৰ বেছি নহয়৷ চালকজনে বয়-বস্তুসহ গাড়ীখন ওপৰলৈ তুলি নিব৷ অৰুণদাক অলপমান চিন্তা কৰা যেন লাগিল৷ পেটত ভোক থাকিলেও মনে মনে মোৰ কিন্তু ভালেই লাগিল এই ভাবি যে ভুলক্রমে হ'লেও পশ্চিমফালৰ পৰা খনমাখন চাই আহিবগৈ পাৰিলোঁ৷ এটা অতিৰিক্ত চফৰ৷ হেৰাই যোৱাৰ আনন্দও আকৌ এবাৰ লভিলোঁ, খনমালৈ আহি৷ ছুম'ত আগে-ভাগে আহি পোৱাসকলৰ সেইকণ সৌভাগ্য নহ'ল৷



No comments:

Post a Comment