১৬. ভাৰতীয় সেনাৰ আগমন…
কোৱা হয়, ব্ৰিটিছৰ বিৰুদ্ধে আমাৰ ৰাষ্ট্ৰপিতা মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত বিয়াল্লিশৰ গণ আন্দোলনে সঁচা অৰ্থত চুব পৰা নাছিল নগা পাহাৰক৷ স্বাধীনতা সংগ্ৰামে ভাৰতবৰ্ষৰ অন্য চুক-কোণত যি ধৰণৰ মুক্তিদায়িনী শক্তিৰ উন্মেষ ঘটাইছিল, সীমান্তবাসী অন্যান্য জনজাতীয় অঞ্চলসমূহৰ দৰেই নগা অধ্যুষিত অঞ্চলবোৰকো স্পৰ্শ কৰিব পৰা নাছিল৷ স্বৰাজ প্ৰাপ্তিৰ ভৰপক সময়তো নগাসকলৰ মাজত তেওঁলোকৰ আত্মনিয়ন্ত্ৰণৰ দাবীহে জোৰদাৰ হৈ উঠিছিল৷ ভাৰত ৰাষ্ট্ৰৰ অংশ হ'ব নিবিচৰা নগা পাহাৰত দেশব্যাপী চলা 'আজাদী'ৰ কোনো বতাহেই কাৰ্যতঃ বলা নাছিল৷ সম্ভাৱনীয় ভাৰতীয় দখলদাৰিত্বৰ পৰা নগা জাতি আৰু মাটিৰ মুক্তিৰ দাবীত খনমাৰ সন্তান জাপ্ফু ফিজোৰ আহ্বানত নগাসকলৰ একাংশই নাগা নেছনেল কাউন্সিল (এন.এন.চি.)ৰ বেনাৰত এক সশস্ত্ৰ বিপ্লৱ সূচনা কৰিবলৈহে তৎপৰ হৈ পৰিছিল৷ তাৰেই পৰিপ্ৰেক্ষিতত ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে ফিজোৰ নেতৃত্বত নগাসকলৰ ৰাষ্ট্ৰীয় পৰিষদে ভাৰতীয় সংবিধানৰ গণ্ডীৰ বাহিৰত 'স্বাধীন নগাৰাজ্য'ৰ ঘোষণা কৰি পেলায়৷ তাৰ পূৰ্বে ১৯ জুলাইত দিল্লীৰ ভাংগী বস্তিত গান্ধীজীক সাক্ষাৎ কৰা হৈছিল৷ নগাসকলৰ মাজৰে উদাৰ মনোভাবাপন্ন একাংশই নগা বসতিপ্ৰধান সকলো এলেকাৰ একত্ৰীকৰণৰ দাবী তুলিছিল৷ পিছদিনা অৰ্থাৎ ১৫ আগষ্টৰ দিনা ভাৰতৰ অংগ হৈয়ে নগা পাহাৰে লাভ কৰিলে ভাৰতীয় স্বাধীনতা৷ অৰ্থাৎ ভাৰতৰ অধীন ভূখণ্ড৷ নগাই বিচৰা ধৰণৰ স্বতন্ত্ৰতা নাপালে৷ স্বাধীন ভাৰতবৰ্ষৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে সেইটো হ'বলৈ নিদিলে৷ কথাবোৰ আমাৰ জন্মৰো আগৰ৷ পাছত পঢ়ি-শুনিহে পোৱা৷ কিছুমান কথা বুজিবলৈ এতিয়াওচোন টানেই লাগে৷ সি যি কি নহওক, নগা পাহাৰৰ আবৰ্তত ঘূৰি ফুৰি সদ্যহতে ২০১১ চনমানতে পঢ়া, হোমেন বৰগোহাঞি ছাৰে লিখা, 'নেহৰুৱে যদি টেবুল ভুকুৱাই কথা নক'লেহেঁতেন' শিৰোনামৰ লেখাটোৰ পেৰেগ্ৰাফ কেইটামান ফট্ফটীয়াকৈ মনলৈ আহিছে, চলমান গাড়ীখনৰ গতিটোৰ সমানে সমানে৷
প্ৰকৃতপক্ষে ১৯৫১ চনতেই নগা সমস্যা সম্পৰ্কে তদানীন্তন প্ৰধান মন্ত্ৰীজনাক অৱগত কৰা হৈছিল৷ সেই সময়ত এন.এন.চি.ৰ অন্যতম প্ৰধান ব্যক্তি ফিজোক জেলৰ পৰা খালাচ দিয়া হৈছিল৷ ডিচেম্বৰ মাহত জৱাহৰলাল নেহৰু গুৱাহাটীলৈ আহোঁতে ফিজোৰ নেতৃত্বত সংগঠনৰ ৫জনীয়া সঁজাতী দল এটাই ব্ৰহ্মপুত্ৰৰ বুকুত ভাপনাও এখনত অসমৰ তেতিয়াৰ মুখ্য মন্ত্ৰী বিষ্ণুৰাম মেধি আৰু জনজাতীয় দপ্তৰৰ সচিবৰ উপস্থিতিত নেহৰুক সাক্ষাৎ কৰিছিল৷ নগাসকলৰ প্ৰতি সম্পূৰ্ণৰূপে সহানুভূতিশীল থাকিও নেহৰুৱে তেওঁলোকৰ পৃথক স্বাধীন ৰাষ্ট্ৰ গঠন সম্পৰ্কত সন্মতি জনোৱা নাছিল৷ তেওঁ স্পষ্টকৈ কৈ দিছিল যে ভাৰত আৰু বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতিত নগাসকলৰ স্বাধীনতাৰ 'অদ্ভুত দাবী' এক মুহূৰ্তৰ বাবেও বিবেচনা কৰা নহ'ব৷ তেওঁ আশ্বাস দিছিল যে একমাত্ৰ স্বাধীনতাৰ বাহিৰে নগাসকলৰ আন সকলো ন্যায্য দাবী ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰত বিবেচনা কৰা হ'ব৷
জৱাহৰলাল নেহৰুৱে যেনেকৈ একমাত্ৰ স্বাধীনতাৰ বাহিৰে নগাসকলৰ আন যিকোনো দাবী আলোচনা কৰিবলৈ ৰাজী আছিল, নগাসকলেও ঠিক তেনেকৈ একমাত্ৰ স্বাধীনতাৰ বাহিৰে আন কোনো কথাই আলোচনা কৰিবলৈ ৰাজী নাছিল৷ নিজৰ সংকল্পৰ দৃঢ়তা প্ৰকাশ কৰিবলৈকে তেওঁলোকে ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত ঘোষণা কৰিলে৷ আনফালে, আলোচনাৰ বাটো মুকলি কৰি ৰাখিলে৷ সেই বছৰৰে ১১ মাৰ্চত নগা সঁজাতী দল এটাই দিল্লীত নেহৰুক দেখা কৰিলেগৈ৷ দীঘলীয়া আলোচনা চলিল৷ নেহৰুৱে বুজাবলৈ যত্ন কৰিলে যে নগাসকলৰ স্বাধীনতা আৰু সাৰ্বভৌমত্বৰ দাবী মানি লোৱাটো কোনো ৰকমেই সম্ভৱ নহয়৷ ইফালে নগা নেতৃত্বও নাছোড়বান্দা৷ দ্ব্যৰ্থহীন ভাষাৰে তেওঁলোকেও নেহৰুক কৈ দিলে যে স্বাধীনতাৰ দাবীৰ পৰা চুলি এডালমানো লৰচৰ কৰাটো তেওঁলোকৰ পক্ষেও সম্ভৱ নহয়৷ নেহৰুৰ বুজনি অগ্ৰাহ্য কৰি নগাসকলে একেটা কথাতে আঁকোৰগোজ হৈ লাগি থকাত প্ৰধান মন্ত্ৰীজনৰ ধৈৰ্যচ্যুতি ঘটিল৷ তেতিয়ালৈকে নগাসকলক ঘনিষ্ঠভাৱে জানিবলৈ সুযোগ নোপােৱা, নগা মনস্তত্ত্বৰ সৈতে ভালদৰে পৰিচয় নোহোৱা নেহৰুৱে খঙতে সন্মুখৰ টেবুলত প্ৰচণ্ড জোৰে এটা ভুকু মাৰি কৈ উঠিল... 'Whether heaven falls or India goes to pieces and blood runs red in the country, I don’t care. Whether I am here or any other body comes in, I don’t care. Nagas will never be allowed to become independent.'
নগা নেতৃত্বও পিছে দমি নগ'ল৷ নেহৰুৰ মুখৰ ওপৰতে তেওঁলোকেও কৈ দিলে... 'Well, Pandit Nehru, you seem to know even more than God about our future. Goodbye.' প্ৰধান মন্ত্ৰীজনৰ সংযমহীনতাই নগাসকলক আগতকৈ বেছি জেদী, আগতকৈ বেছি ভাৰতবিদ্বেষী কৰি তুলিলে৷ 'ইণ্ডিপিটি'ৰ প্ৰতি সমূহ নগা সৰ্বসময় জাগ্ৰত হৈ উঠিল৷
তাৰ পাছত ১৯৫৩ চনৰ ৩০ মাৰ্চ৷ জৱাহৰলাল নেহৰু ক'হিমালৈ গৈছিল৷ লগত সেই সময়ৰ ব্ৰহ্মদেশৰ প্ৰধান মন্ত্ৰী থাকিন নু৷ লগতে টি. এন. কৌল, বি. এন. মল্লিক আৰু অসমৰ মুখ্য মন্ত্ৰী বিষ্ণু ৰাম মেধি৷ নেহৰু-দুহিতা ইন্দিৰাও আছিল লগত৷ ইম্ফলৰ পৰা ক’হিমালৈ অহা দলটোক আদৰণি জনাবৰ বাবে নগাসকলে নগা পাহাৰৰ প্ৰাণকেন্দ্ৰ ক'হিমাত এখন বিশাল ৰাজহুৱা সভাৰ আয়োজন কৰিলে৷ এক উদ্দীপনাময় সম্বৰ্ধনাৰ অৰ্থে মানুহবোৰ যথাস্থানত সমৱেত হ'লহি৷ তেওঁলোকে এইটোও ঠিৰাং কৰিলে যে অসংখ্য নগাৰ উপস্থিতিত তেওঁলোকে মনে-প্ৰাণে বিচৰা স্বাধীনতাৰ দাবী সম্বলিত স্মাৰক-পত্ৰ এখন নেহৰুক হাতে হাতে দিব৷ নেহৰুৰ সৈতে মুকলিমূৰীয়াভাৱে কথা পাতিব৷ পিছে সেইটো সম্ভৱ নহ'ল৷ সেই সময়ৰ নগা পাহাৰৰ ডেপুটি কমিছনাৰ আছিল সত্যেন বৰকটকী৷ নেহৰুৰ আগতীয়া অনুমতি নোলোৱাকৈয়ে বৰচাহাবে হুকুম জাৰি কৰিলে যে নগাসকলে কেৱল নেহৰুৰ বক্তৃতাহে শুনিব পাৰিব, লিখিত হওক মৌখিকভাৱে হওক, তেওঁৰ আগত কোনো দাবী উত্থাপন কৰিব নোৱাৰিব৷ কথা শুনি একে কোবেই জাঙুৰ খাই উঠিল নগা জনগণ৷ তেওঁলোকে নেহৰুৰ কথা শুনিব আৰু নিজৰ ঘৰত পায়ো দেশৰ প্ৰধান মন্ত্ৰীৰ আগত এষাৰ মনৰ কথা বেকত কৰিব নোৱাৰিব, এইটো কেনে ধৰণৰ বিবেচনা? ডি.চি.ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি তালফাল লগালে৷ নেহৰুৱে বক্তৃতা দিবলৈ থিয় হ'বলৈ নাপালেই, তাৰ আগতেই মানুহবোৰে সভাস্থলী ত্যাগ কৰি গুচি গ'ল৷ নেহৰু ক্ষুণ্ণ হ’ল৷ ঘটনাটোৰ বাবে সমস্ত দোষ জাপিলে অসমৰ মুখ্য মন্ত্ৰী বিষ্ণুৰাম মেধিৰ ওপৰত৷ নেহৰুৱে খং জাৰিলে মেধিৰ ওপৰত৷ মেধিয়ে হোৰ তুলিলে বৰকটকীক বৰ্খাস্ত কৰি৷ কিন্তু যি ক্ষতি হ'ব লগা আছিল সি হৈয়েই গ'ল৷
ক’হিমাৰ সভাত অশান্তি আৰু বেমেজালি সৃষ্টি কৰাৰ সন্দেহত এন.এন.চি.ৰ সম্পাদক টি. চাখ্ৰেৰ ঘৰত অসম পুলিচ বাহিনীৰ তালাচী চলিল৷ সশস্ত্ৰ পুলিচে নগা গাঁৱত সোমাই প্ৰথমে গাঁওবাসীৰ হাতত থকা বন্দুকবোৰ জব্দ কৰিলে৷ ভালেকেইজনক সন্দেহজনকভাৱে গ্ৰেপ্তাৰ কৰিলে৷ এপ্ৰিল মাহৰ আগভাগত এন.এন.চি.ৰ মুখপত্ৰ 'নগা হেৰাল্ড' নিষিদ্ধ কৰিলে৷ ইয়াৰ পাছতে কাউন্সিলৰ প্ৰায় সকলো গুৰুত্বপূৰ্ণ নেতাই আত্মগোপন কৰে আৰু তেনেকৈয়ে প্ৰস্তুতি আৰম্ভ হয় অন্তহীন বিদ্ৰোহৰ৷ এই ঘটনাটোৱে নগাসকলক ঠেলি পঠিয়ালে সুদীৰ্ঘ সশস্ত্ৰ আন্দোলনৰ পথলৈ৷ সেই অধ্যায় নজনা মানুহ চাগৈ উত্তৰ-পূবত নাই৷ চাওঁতে চাওঁতেই এদিন খৰতকীয়া হৈ পৰিল নগা বিদ্ৰোহৰ গতি৷ দ্ৰুতভাৱে শোচনীয় হৈ পৰিল নগা পাহাৰৰ পৰিস্থিতি৷ সেইখনেই এই নগা পাহাৰ য'ত আমি এতিয়া আৰোহণ কৰি আছোঁহি৷ অৱশ্যে সেই দিন আৰু এই দিনৰ পৰিষ্কাৰ তফাৎ আছে৷
নেহৰুৱে কৈছিল… ‘পূব অসমৰ নগা অঞ্চলটো ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে নিজৰ ভৰিত থিয় হোৱাৰ পক্ষে অত্যন্ত ক্ষুদ্ৰ৷’ তেওঁ আৰু কৈছিল… ‘ভাৰতৰ কেৱল উত্তৰ-পূৰ্বাঞ্চলেই নহয়, উত্তৰ-পশ্চিম আৰু মধ্যম খণ্ডৰ জনজাতি অঞ্চলবোৰৰ প্ৰতি মই বিশেষভাৱে আগ্ৰহান্বিত৷' আই.এল.পি. সংক্ৰান্তত কৈছিল... 'দেশৰ অন্যান্য অংশৰ যিবিলাক মানুহ নিজৰ সুবিধাৰ বাবে তেওঁলোকক শোষণ কৰিবলৈ তালৈ যাব পাৰে, সেই মানুহবিলাকৰ দ্বাৰা তেওঁলোকক গ্ৰাস হোৱাটো মই নিবিচাৰোঁ৷’ ভাৰতীয় ইউনিয়নৰ সংবিধানৰ ভিতৰতেই নগাসকলৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ সম্ভৱতঃ সকলোখিনি কৰিব পৰা যায় বুলি নগা নেতাসকলক তেওঁ আশ্বাস দিছিল আৰু সাধু মনোভাবত কাম কৰিবলৈ উপদেশ দিছিল৷ ইফালে নতুন দিল্লীৰ হৈ কাম কৰিবলৈ অসম চৰকাৰক ক্ষমতা দিয়া হৈছিল, যিটো তেতিয়াৰ নেতাসকলে অত্যন্ত বেয়া পাইছিল৷ সিয়েই বিক্ষোভৰ জুইত ঘিউ ঢালিছিল আৰু তেওঁলোক অসমবিদ্বেষী হৈ পৰিছিল৷
১৯৫৪ চনৰ ৪ জুলাইত নগাসকলে চুপ্ৰিম ক'ৰ্ট প্ৰতিষ্ঠা কৰিলে৷ উল্লেখ্য যে ১৯৫৪ চনতেই উত্তৰ-পূব সীমান্ত অঞ্চল (নেফা)ৰ বালিপাৰা ডিভিজনত অন্তৰ্ভুক্ত কৰা টুৱেনচাং সীমান্ত এলেকাটো গঠন কৰা হৈছিল৷ ১৯৫৬ৰ জানুৱাৰীৰ ১৪ তাৰিখে নগাসকলৰ সংবিধান (Yehzabo) গৃহীত হ'ল৷ ২২ মাৰ্চ তাৰিখৰ পৰা ফেডাৰেল চৰকাৰ আৰম্ভ হ'ল৷ নগা সমাজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ভাৰত চৰকাৰে ১৯৫৭ চনৰ ১ ডিচেম্বৰত ইতিপূৰ্বে গঠিত এই অঞ্চলটো নেফাৰ পৰা কাটি নি নাগা হিল্ছ ডিষ্টিক্টত সংযুক্ত কৰি নাগা হিল্ছ টুৱেনচাং এৰিয়া (এন.এইছ.টি.এ.) গঠন কৰিছিল৷ স্বাধীনতাকামী নগাক উক্ত ব্যৱস্থাই মুঠেই সন্তুষ্টি প্ৰদান কৰিব নোৱাৰিলে৷ আত্মনিয়ন্ত্ৰণৰ দাবীত প্ৰতিজ্ঞাবদ্ধ নগাসকল ক্ষান্ত নহ'ল৷ ইয়াৰ পাছৰ পৰ্যায়ত ভাৰত চৰকাৰৰ সৈতে নগাৰ অসহযোগিতা আৰু হিংসাত্মক কাৰ্যকলাপ প্ৰকাশ্যে বৃদ্ধি পাই আহিল৷ ফলস্বৰূপে চৰকাৰেও তেওঁলোকৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা ল'বলৈ বাধ্য হয়৷

আত্মনিয়ন্ত্ৰণৰ অধিকাৰ বিচৰা জনগণৰ তালিকালৈ লক্ষ্য কৰিলে প্ৰথমতেই নাম আহে নগা পাহাৰৰ৷ তাৰ পাছতহে লুচাই পাহাৰ অৰ্থাৎ মিজোৰাম, মণিপুৰ, অসমৰ৷ ফিজো, চাখ্ৰে, অটেমৰ মুক্তিপিয়াসী নগা জাতিয়ে ভাৰত ৰাষ্ট্ৰযন্ত্ৰক জনোৱা মুকলি প্ৰত্যাহ্বানৰ পৰিপ্ৰেক্ষিতত নগা পাহাৰলৈ প্ৰথমবাৰ ভাৰতীয় সেনা আহিছিল ১৯৫৬ চনৰ জানুৱাৰী মাহত৷ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু আৰু সেনাপ্ৰধান জেনেৰেল কৃষ্ণস্বামী থিমায়াৰ মাজত তাকে লৈ অনেক উচ্চ-বাচ্যও চলিছিল৷ অৱশেষত ভাৰতীয় সেনাৰ প্ৰৱেশ ঘটিল নগাভূমিত৷ ঠায়ে ঠায়ে কোঠ মাৰি ৰ'লহি৷ আছাম ৰাইফল্ছৰ ছাউনীক কেন্দ্ৰ কৰি নগা পাহাৰৰ বুকুত গঢ়ি উঠিল কেইবাখনো চহৰ৷ নগা পাহাৰৰ ভালেমান চহৰৰ সৃষ্টিৰ আঁৰৰ কথাবোৰ তেনেকুৱাই৷
১৯৬০ চনত নগা বিদ্ৰোহীসকলৰ সৈতে হোৱা ভাৰত চৰকাৰৰ চুক্তি অনুসৰি নাগা হিল্ছ টুৱেনচাং এৰিয়াক ভাৰত যুক্তৰাষ্ট্ৰৰ অন্তৰ্গত এখন স্বতন্ত্ৰ ৰাজ্যৰূপে সাংবিধানিক স্বীকৃতি দিয়াৰ সিদ্ধান্ত লোৱা হয়৷ সেইমৰ্মে ১৯৬১ চনত উক্ত অঞ্চলটোক 'নাগালেণ্ড' নামকৰণ কৰি স্বায়ত্তশাসনৰ অধিকাৰ দিয়া হয়৷ ইয়াৰ পাছত, ১৯৬৩ চনৰ ১ ডিচেম্বৰৰ পৰা নাগালেণ্ডে ভাৰতৰ ষোড়শতম ৰাজ্য হিচাপে পূৰ্ণৰাজ্যৰ মৰ্যাদা লাভ কৰে৷ বহুধাবিভক্ত নগাসকলক লৈ নগাৰাজ্যৰ সৃষ্টি হ'ল৷ পিছে আত্মসন্মানী নগাসকল পুৰণি দাবীৰ পৰা সমূলি আঁতৰি নগ'ল৷
১৯৬৪ চনত নিৰ্বাচনৰ জৰিয়তে নাগালেণ্ডত গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা হয়৷ তাৰ পাছতো নগাভূমিৰ চুকে-কোণে বিদ্ৰোহাত্মক কাৰ্যকলাপ সংঘটিত নোহোৱাকৈ থকা নাই৷ দীৰ্ঘদিনীয়া সশস্ত্ৰ সংগ্ৰামে শাম নকটাৰ পৰিণতিকল্পে ৰাজ্যখনৰ ঠায়ে ঠায়ে ৰক্তাক্ত সংঘৰ্ষ অব্যাহত থকাৰ বাতৰি আজিও পোৱা যায়৷ অৱশ্যে আগতকৈ বহুখিনি কমিল৷ বিচ্ছিন্নতাবাদী উগ্ৰ সন্ত্ৰাসবাদৰ ফলস্বৰূপে নগাৰাজ্যৰ জীৱন-যাত্ৰা, সমাজ, অৰ্থনীতি ইত্যাদি কেনেদৰে বিপৰ্যস্ত হৈছে ভূ ৰখা মানুহ মাত্ৰেই সেয়া জানে৷ আনহাতে ভিতৰুৱা অঞ্চলত, নগা বিদ্ৰোহ সূত্ৰপাত হোৱা খনমা নামৰ ঠাইটুকুৰাত আজিৰ তাৰিখত কিনো ঘটি আছে, তাকে চাবলৈ-জানিবলৈ পোনতেই আমি যাত্ৰা কৰি আছোঁ আংগামীৰ বৰভেটিলৈ৷
No comments:
Post a Comment