Tuesday, 15 August 2017

২৫. পদব্ৰজে খনমা দৰ্শন-২

শৈলনিৰ্মিত দেৱাল এখন৷ তাতে এখন কাঠৰ দুৱাৰ৷ দুপতীয়া দুৱাৰখনত তলা এটা ওলমি আছে৷ আমি তাৰ সন্মুখত ৰৈ আছোঁ৷ দৰজাৰ ওপৰত ক'লা ফলক এখন৷ পঢ়িব ধৰিলোঁ... The fiercest of battles were fought between the British and the Nagas between 1850-79 in this Semoma Fort of Khonoma. This fort was described as one of the strongest of the Northeast by Maj. John Butler of the British Army. মেজৰ জন বাটলাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম শক্তিশালী বুলি কৈ যোৱা দুৰ্গ এইটো৷ বাওঁহাতলৈ ডাঙৰ পকী ফলক এখন৷ তাৰ দাঁতিৰেই ওপৰলৈ উঠা-নমা কৰা খটখটি আছে৷ আমি উঠি গ'লোঁ৷ আমাৰ লগত অহা Neizo Zhotsoই জনালে যে এইটো এটা পুৰণি দুৰ্গ৷ সংৰক্ষণৰ লক্ষ্যৰে পাছত দুৰ্গটোৰ আধুনিকীকৰণ কৰা হৈছে৷ 

ওপৰৰ পৰা নামি অহাৰ পাছত সকলোৰে ধ্যান পকী ফলকখনত ন্যস্ত হ'ল৷ ঘটনা আৰু কৰ্ম বৰ্ষ অনুপাতে লিখি থোৱা আছে৷ ১৮২৫ চনত দুৰ্গটো সম্পূৰ্ণ কৰি তোলা হৈছিল৷ ১৮৫০ত প্ৰথম এংল'-খনমা যুঁজখন এই দুৰ্গৰ পৰাই চলিছিল৷ ১৮৭৯ত ব্ৰিটিছৰ লগত খনমাবাসীৰ দ্বিতীয় ৰণ লাগে৷ দুৰ্গটো তেতিয়া প্ৰথমবাৰৰ বাবে ধ্বংসপ্ৰাপ্ত হয়৷ কিন্তু পাছৰ বছৰতে ইয়াক নতুনকৈ সাজি উলিয়ায়৷ ১৯০৬ চনত ব্ৰিটিছ চৰকাৰে দুৰ্গটোৰ দ্বিতীয়বাৰৰ বাবে ক্ষতিসাধন কৰে৷ ১৯১৯ত পুনৰ্নিৰ্মাণ হৈ উঠে৷ ১৯৫৬ চনত ইণ্ডো-নাগা সংঘৰ্ষৰ সময়ত আকৌ ক্ষতিগ্ৰস্ত হয়৷ ১৯৯০ চনত পুনৰায় তৈয়াৰ কৰি পেলোৱা হয়৷ আংগামী নগাৰ কল্পনা কৰিব নোৱাৰা সেই প্ৰচণ্ড কায়িক, মানসিক শক্তিৰ বিষয়ে ভাবি তবধ মানিলোঁ৷ আকৌ চিন্তা কৰিলোঁ, এতিয়া আমি দেখা পোৱা আৰ.চি.চি. নিৰ্মাণ কাৰ্যৰ কাৰণে প্ৰয়োজন হোৱা শিল, বালি, লো, চিমেণ্ট ইত্যাদিবোৰো ইয়ালৈ কঢ়িয়াই অনাটোও কি, মুখৰ কথানে?

দুৰ্গৰ ওপৰৰ পৰা তলৰ দৃশ্যাৱলী সুন্দৰকৈ দেখা যায়৷ আমাৰ সন্মুখত পুৰণি ঘৰ কিছুমান৷ শুদা ভৰি আৰু হাতত বেতৰ লাখুটি লোৱা বুঢ়ী এজনী এফালৰ পৰা আহি তাৰে ঘৰ এটাত সোমাই গ'ল৷ বাকী কোনো মানুহকেই এতিয়ালৈ দেখিবলৈ পোৱা নাই৷ শান্ত-সমাহিত পৰিৱেশ৷ মূৰৰ ওপৰত মেঘাচ্ছন্ন আকাশ৷ পুৰণা ঘৰবোৰৰ মাজত আৰ.চি.চি. বিল্ডিং এটাও জিলিকিব ধৰিছে৷ ডাৱৰৰ আঁৰে আঁৰে টেলিকমৰ টাৱাৰ কেইটামানে গৰ্বিত ভাবত নিজৰ অস্তিত্ব জাহিৰ কৰি আছে৷ Neizoএ এইবাৰ আমাক কাষতে থকা পুৰণি মৰং ঘৰ এটাত সুমুৱালেগৈ৷ ইয়াৰ পৰা এফালে পোনে পোনে তললৈ আমি আশ্ৰয় লোৱা Dovipie Innখন দেখা পাইছোঁ৷ তাৰ সিপাৰে উপত্যকা৷ তাৰ মানে আমাৰ হোটেলখন খনমাৰ একেবাৰে এমূৰে অাছে৷ দিশটোহে ধৰিব পৰা নাই৷ সেউজীয়া ভেলীটোৱে সেইখিনিতে ৰোমান Y আখৰৰ অনুৰূপ আকৃতি গঢ়িছে৷

অলপ দূৰলৈকে দীপমইনাও আহিছিল আমাৰ সৈতে৷ কেতিয়ানো অন্তৰ্ধান হ'ল গমকে নাপালোঁ৷ ইফালে দুৰ্গ দৰ্শন কৰিয়েই অৰুণদা অতিথিশালালৈ উভতিল৷ খনমাৰ ষ্টেপসোপা বগোৱাটো মুখৰ কথা নহয়৷ উলম্বভাৱে একে লেথাৰিয়ে উঠি উঠি তেওঁৰ বোধ কৰোঁ ভাগৰ লাগিল৷ কাইলৈ আকৌ ঝুক' ভেলীলৈ ৬-৭ ঘণ্টাজোৰা ট্ৰেকিঙৰ কথা আছে৷ খোজৰ বিকল্প নাই৷ গতিকে শক্তি সঞ্চয় কৰি ৰাখিব লাগিব৷ এইবোৰকে ভাবি-চিন্তি চাগৈ দাদা উলটি গ'লগৈ৷ দীপমইনাও নোহোৱা হ'ল৷ আমি বাকীবোৰে নিজৰ উদ্দেশ্যত গাইডক অনুসৰণ কৰি আগ বাঢ়ি থাকিলোঁ৷

কি বিশেষ বস্তুনো আছে মৰং ঘৰটোত? সোমাই গ'লোঁ৷ বাৰাণ্ডাত চাৰিফালে চাৰিডাল কাঠ পৰা আছে৷ মাজত জুহাল৷ বাটটোৰ বাওঁফালে এদ'মমান শুকান খৰি৷ কাঠৰ বেৰাত দুখন ঢাল সজাই ৰখা হৈছে৷ এখন গোলাকাৰ৷ জ্যামিতিক বিভাজনৰ সহজ প্ৰয়োগেৰে থাউকতে উলিয়াই পেলালোঁ যে ঢালখনৰ এক অষ্টমাংশ নাই৷ কেতিয়াবাই ভাগিল৷ হ'লেও সংৰক্ষণ কৰি ৰাখিছে৷ আনখন ঢাল দীঘলীয়া৷ পুৰণি ফটোত নগা যোদ্ধাই তেনেকুৱা ঢাল লৈ থকা দেখা পোৱা যায়৷ কিমান পুৰণি হ'ব পাৰে বাৰু এইবোৰ? ব্ৰিটিছৰ সৈতে যুঁজ দিয়া দিনৰে হয়৷ দীঘলীয়া ঢালখনলৈ আঙুলিয়াই Neizo উৎসাহেৰে ক'লে, ''এলিফেণ্ট চামৰা লাগা আছেত' ইটো৷ টাচ্চ কৰি কিনা চাবিনা৷'' চুই চালোঁ৷ সঁচাই, ইমান টান আৰু ডাঠ! আচৰিত হোৱা দেখি সি আকৌ ক'লে, ''বুলেট ভি পাছ নহবলে আছে৷'' বন্দুকৰ গুলীয়েও ভেদ কৰিব নোৱাৰা নগা যোদ্ধাৰ ৰক্ষাকবচ৷ আজিকালিৰ বুলেটপ্ৰুফেও কিজানি পাত্তা নাপাব৷ ''কিমান ওজন হ'ব বাৰু এইখনৰ? দাঙি ফুৰিবলৈ মানুহটোও কম বলী হ'ব লাগিবনে? আংগামী মানুহ সঁচাই শকত-মস্ত আছিল দেই৷ পূ্ৰ্বপুৰুষৰ তুলনাত এই Neizoটোহে দেখোন কিবা চেৰেলা পৰিল৷ এক গতা মাৰিলে সৌফালে পৰিবগৈ৷'' তাৰ ফালে চাই কোনােবাই কৈ থকা কথাবোৰ সি বুজি পালে৷ হ'লেও একো নাই৷ দোস্তি ইতিমধ্যে হৈয়ে গৈছে আমাৰ৷ গতিকে হাঁহিলে মাথো৷ দীপমইনাৰ হকে সেৱা আগ বঢ়োৱা ই এতিয়া আমাৰ সকলোৰে মৰমৰ গাইড৷ তাৰ ইচ্ছাৰ ওপৰতে নিৰ্ভৰ কৰিছে আমাৰ দীৰ্ঘদিনীয়া আকাংক্ষা ভালকৈ পূৰণ হোৱা-নোহোৱাটো৷

''This way...'' এইবুলি হাতত লৈ থকা ছাতিটোৰে নিৰ্দেশ দি চিৰি এটাৰ কাষতে ওপৰত থকা ঘৰ এটালৈ Neizoএ আমাক উঠাই নিলে৷ দীঘলীয়াকৈ কোঠাটো৷ কেইগৰাকীমান আংগামী মহিলাই কঁকালত লগোৱা শালত একান্তমনে কাপোৰ বৈ আছে৷ নিজৰ দোৱানত গাইডৰ সৈতে তেওঁলোকে কিবাকিবি পাতিলে৷ মুঠ কথা, এইটোকে বোধ হয় জনালে যে বাহিৰৰ পৰা এইসকল টুৰিষ্ট আহিছে তহঁতক চাবলৈ৷ ইফালে তেওঁলোকৰ কামত যাতে কোনো ব্যাঘাত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কোনেও আমনি নকৰিলোঁ৷ অলপ পৰ ৰৈ নীৰৱে তেওঁলোকৰ কাম-কাজ চালোঁ আৰু খট্‌খটিৰে নামি আকৌ মূল ফুটপাথডোখৰ পালোঁহি৷ মহিলাৰ সমবায় বোৱা-কটা কেন্দ্ৰ সেইটো৷ আংগামীসকল কৰ্মী মানুহ৷ এক তথ্য অনুসৰি ১,৯৪৩ জনসংখ্যাৰ খনমাত কৰ্মীৰ সংখ্যা ১,২২৭৷ তাৰে ভিতৰত মূল কৰ্মী ৮৮০, আংশিক কৰ্মী ৩৪৭৷ কৰ্মী মানুহৰ নমুনা আমি নিজেই দেখিলোঁ৷ কৰ্মব্যস্ত হেতুকেই গাঁওখন নিমাত-নিজান৷ অলপ আগতে মনলৈ অহা প্ৰশ্নটোৰ উত্তৰ এতিয়া নিজে নিজেই পাই গ'লোঁ৷ বহিবলৈ য'তে-ত'তে ঠাই ইমানবোৰ আছে, অথচ কেনিও কাকো আড্ডা পিটি থকা এই পৰ্যন্ত চকুত পৰা নাই৷ ডেকা-চেঙেলীয়া কিছুমান গোট খাই কেৰমব'ৰ্ড খেলি থকাও দেখা নাই৷ আমাৰ ফালে হ'লে তেনে দৃশ্য সুলভ৷

খনমাৰ সামাজিক প্ৰগতিৰ এটা ৰূপ হৈছে কৰ্ম আৰু সংৰক্ষণ৷ এই গাঁৱলৈ অহা যিকোনো লোকেই ইয়াৰ মানুহখিনিক বিভিন্ন কামত জড়িত হৈ থকা দেখিবলৈ পায়৷ তাৰে কিছুমান নতুন চিন্তাযুক্ত, কিছুমান আওপুৰণি৷ ভাৰতৰ ভিতৰত বোধ হয় খনমাই একমাত্ৰ সক্ৰিয় গাঁও যৰ বাসিন্দাই বিশ্ব নাগৰিক হিচাপে নিজৰ পৰিচয় বেলেগ ধৰণে দাঙি ধৰি আহিছে৷ প্ৰতি বছৰে ১ ছেপ্টেম্বৰৰ দিনটোত এই গাঁওখনৰ জন্মদিন উদ্‌যাপন কৰা হয়৷ পৰম্পৰা পালনৰ নিমিত্তে দূৰত থকা খনমাবাসী আপোন ঠাইখনলৈ আহে৷ অথবা বিশ্বৰ যতেই নাথাকক কিয়, তাতেই গাঁৱৰ জন্মতিথি যথাৰীতি পালন কৰে৷ নিজৰ বা সন্তানৰ জন্মদিন বছৰি ধুমধামেৰে পতা আমাৰ মানুহবোৰৰ কাৰণে এইটো শুনিবলৈ বৰ আজব ধৰণৰ কথাই হ'ব চাগৈ৷

ক্ষন্তেক বিৰতিৰ পাছত আকৌ বগাব ধৰিলোঁ আমি৷ কিছু আগলৈ এটা চৌবাচ্চা৷ ভালেকেইডাল পাইপ আহিছে, গৈছে৷ ওচৰলৈ গৈ চালোঁ৷ পানীৰে ভৰ্তি৷ সেই পানী পৰ্বতৰ ওপৰলৈ ক'ৰ পৰা টানি অনা হৈছে? উৎসটো তলত আছে৷ চৌবাচ্চাৰ ওপৰত টিনপাত লগোৱা হৈছে৷ কাষৰে-পাজৰে ফুল কিছুমান ফুলি আছে৷ ওপৰঞ্চি পানীভাগ এডাল চুটি পাইপেৰে নিৰ্গত হৈ এফালে পৰি আছে৷ লেতেৰা অকণো কেনিও নাই৷ পৰ্বতত অৱস্থিত যদিও গাঁওখনত পানীৰ আকাল নহয় যেন ধাৰণা হ'ল মোৰ৷ জল পৰিবহণ ব্যৱস্থাপনাটো সক্ৰিয় আৰু ভাল যেন লাগিল৷ আমাৰ ভৈয়ামৰ নগৰ-চহৰতে পৰিষ্কাৰ খোৱাপানী এটুপিৰ বাবে আজিও হামৰাও কাঢ়িবলগীয়া অৱস্থা হয়৷ তথাকথিত মিনাৰেল ৱাটাৰৰ বটলে ছানি ধৰিলে গোটেইখন৷ তাকে চাই খনমাখন পানী যোগানত আগ বঢ়াহেচোন৷

চৌবাচ্চাৰ কাষেৰে ঠেক চিৰি৷ সেইটােদি উঠি আছোঁ৷ গছ এজোপাত ফল কিছুমান ওলমি আছে৷ সেউজীয়া বৰণ৷ ধৰিব নোৱাৰিলোঁ কি ফল৷ দেখাত কমলা টেঙাৰ দৰে৷ আমাৰ মুখৰ আগত ষ্টেপৰ সোঁহাতে শিলৰ ৰিটেইনিং ৱাল এখন৷ ক্ৰছ অঁকা মাৰ্বলৰ ফলক এখন তাত লগোৱা আছে৷ ফুলৰ তোৰা এটাও থৈ দিয়া হৈছে৷ কাৰোবাৰ কবৰ যেন অনুমান হ'ল মোৰ৷ নগাসকলে মানুহৰ মৃত্যু ঘটিলে চৌহদৰ ভিতৰতে সমাধিস্থ কৰে৷ ক'হিমাত ডেভিদহঁতৰ ঘৰলৈ যাওঁতে দেখিছিলোঁ, সিহঁতৰ প্ৰয়াত আংগামী মাকজনীৰ কবৰটো, ঘৰৰ পৰা দেখি থকাকৈ, তললৈ, বাৰীৰ একোণত৷ ডিফুতো মোৰ বাল্যবন্ধু আচুমৰ কবৰটো, বাৰীৰ ভিতৰতে দিয়া হৈছে৷ আচ্ছেং-আখাহঁতৰ মৰমৰ ছোৱালীজনীৰ কবৰটোও ঘৰৰ পদূলিমুখতে৷ খনমা গাঁৱত আমি তেনেকুৱা ভালেমান সমাধি দেখা পালোঁ৷ এই মানুহখিনিয়ে আত্মাৰ পৰৱৰ্তী অস্তিত্বত বিশ্বাস কৰে৷ এতিয়া প্ৰায় সকলোৱেই খ্ৰিষ্টধৰ্মী৷ প্ৰভু যিশুৰ বাণী তেওঁলোকে কায়-মনো-বাক্যে অনুসৰণ কৰে৷

এখোপ এখোপকৈ ঊধ্বমুখী গতিৰে ক্ৰমান্বয়ে খনমাৰ শীৰ্ষলৈ আৰোহণ চলি আছে৷ সভা-সমিতি আৰু খেল-ধেমালি পতা স্থান এডোখৰ পালোঁগৈ৷ ২০০৬ চনত ইয়াক নিৰ্মাণ কৰা হৈছিল৷ সমতলৰ অভাৱত পৰ্বতবাসীয়ে বুদ্ধি খটুৱাই ঘৰৰ ওপৰতে সমানকৈ যৎপৰোনাস্তি মুকলি ঠাই উলিয়াবলগীয়া হয়৷ একাষে সৌৰশক্তিৰে প্ৰজ্জ্বলিত লাইটো আছে৷ গাঁৱৰ সমূহীয়া কিবাকিবিবোৰ ইয়াতে পতা হয়৷ আন একাষে খট্‌খটি আছে৷ সেইফালেৰে উঠি গৈ ওপৰ পালোঁ৷ অৰূপদা, জয়ন্তদা, মাধৱদা, প্ৰবীণ, চেলেংহঁতো ওপৰত ৰ'লহি৷ এই স্থানৰ পৰা খনমাৰ আন এটা ফাল দেখা গৈছে৷ অপূৰ্ব দৃশ্যাৱলী৷ তলত খলপ কাটি কৰা খেতিপথাৰ৷ ধানগছেৰে সেউজীয়া হৈ আছে৷ আংগামীয়ে ঝুম খেতি নকৰে৷ এইদৰেহে কৰে৷ মূল ১৭টা নগা নৃগোষ্ঠীৰ ভিতৰত এনে খেতি কৰা গোষ্ঠীৰ সংখ্যা হৈছে ২৷ তাৰে অন্যতম আংগামীসকল৷ এই পদ্ধতি অনুসৰণ কৰাৰ ফলত তেওঁলোকে একেডোখৰ মাটিতে প্ৰতি বছৰে ধানৰ খেতি কৰিব পাৰে৷ গতিকে ঝুম খেতিৰ ওপৰত তেওঁলোক তুলনামূলকভাৱে কম নিৰ্ভৰশীল৷ Terraced wet-rice cultivation নগা পাহাৰৰ বিশেষ সৌন্দৰ্য৷ চাবলৈ ভাল লাগে৷ আমি আটায়ে ওচৰা-উচৰিকৈ ৰৈ সেইবোৰ চোৱাত ধৰিলোঁ৷



No comments:

Post a Comment